বিশ্ব উচ্চ ৰক্তচাপ দিৱস: নীৰৱ ঘাতকক প্ৰতিৰোধ কৰিব কেনেকৈ ?
বিশ্ব স্বাস্থ্য় সংস্থাৰ তথ্য় মতে, বিশ্বজুৰি প্ৰায় ১৪ বিলিয়ন লোক উচ্চ ৰক্তচাপত আক্ৰান্ত । ইটিভি ভাৰতৰ নয়ন কুমাৰ শৰ্মাৰ প্ৰতিবেদন...

Published : May 17, 2026 at 1:44 PM IST
গুৱাহাটী : প্ৰতি বছৰে ১৭ মে’ত পালন কৰা হয় ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ । সময়ে সময়ে ৰক্তচাপ জোখা আৰু ইয়াৰ স্বাভাৱিক মাত্ৰা জনাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য় সংস্থাই এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । ২০২৬ চনৰ এই দিৱসৰ বিষয়বস্তু হৈছে "একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা: নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা, নীৰৱ ঘাতকক পৰাস্ত কৰক ।”
বিশ্বজুৰি উচ্চ ৰক্তচাপ অকাল মৃত্যুৰ প্ৰধান প্ৰতিৰোধযোগ্য কাৰণ হৈয়েই আছে । বিশ্বজুৰি প্ৰায় ১৪ বিলিয়ন লোক উচ্চ ৰক্তচাপত আক্ৰান্ত । ফলপ্ৰসূ আৰু সুলভ চিকিৎসা উপলব্ধ হোৱাৰ পিছতো বহু লোকে নিজৰ অৱস্থাৰ বিষয়ে জ্ঞাত নহয় । উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি চাৰিজন লোকৰ ভিতৰত প্ৰায় এজনৰহে ৰক্তচাপ পৰ্যাপ্তভাৱে নিয়ন্ত্ৰণ কৰা হয় । এই উচ্চ ৰক্তচাপ কাৰণ,লক্ষণ তথা জটিলতা সন্দৰ্ভত ইটিভি ভাৰতক ব্য়াখ্য়া কৰিলে মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে ।

ৰক্তচাপ কিমান হ’ব লাগে?
- স্বাভাৱিক ৰক্তচাপ – ১২০/৮০ মিলিমিটাৰকৈ কম
- উচ্চ ৰক্তচাপ – ১২০/৮০ৰ পৰা ১২৯/৭৯ মিঃমিঃ
- উচ্চ ৰক্তচাপৰ পৰ্যায় ১ – ১৩০/৮০ৰ পৰা ১৩৯/৮৯ মিঃমিঃ
- উচ্চ ৰক্তচাপৰ পৰ্যায় ২ – ১৪০/৯০ মিলিমিটাৰ বা তাতকৈ অধিক
- উচ্চ ৰক্তচাপৰ সংকট – যদি আপোনাৰ ৰক্তচাপ ১৮০/১২০ মিলিমিটাৰতকৈ বেছি হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।
লক্ষণসমূহ কি কি ?
- মূৰৰ বিষ হ'ব পাৰে
- কম-বেছি পৰিমাণে মূৰ ঘূৰাই
- বুকুখন ধপ্ ধপ্ কৰে
- মনঃসংযোগত ব্যাঘাত জন্মে
- ক্লান্তি বা ভাগৰুৱা অনুভৱ হয়
- সামান্য কাম কৰিলেও হেফাই-ফেফাই থাকে
- মাংসপেশী দুৰ্বল হয়
- জটিল হ'লে নাকেৰে তেজ ওলায়
- বুকুৰ বিষ অনুভৱ হয়
- ভৰি ফুলিব পাৰে

ৰক্তচাপৰ কাৰণসমূহ :
- অত্যধিক মানসিক চাপ বা টেনচন
- জীৱন-যাপন বা লাইফ ষ্টাইল
- প্রয়োজনতকৈ বেছি নিমখ খালে ছ'ডিয়ামৰ পৰিমাণ বাঢ়িলে ৰক্তচাপো বৃদ্ধি পায়
- নিশা উজাগৰে থাকি কাম কৰা
- নিয়মীয়াকৈ নিচা, মাদক দ্ৰব্য সেৱন
- শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি
- তেজত ক'লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি
- বেছিকৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ পাছত যদি কঠোৰ পৰিশ্ৰম নকৰে
- পিতৃ-মাতৃৰ লগতে যদি পৰিয়ালৰ কোনো সদস্যৰ ৰক্তচাপৰ সমস্যা থাকে
- গৰ্ভাৱস্থাত কেতিয়াবা কিছুমান মহিলাৰ ৰক্তচাপ বৃদ্ধি হয়
- শৰীৰৰ অতিৰিক্ত ওজন
- ধূম্ৰপানৰ বাবে হ'ব পাৰে ৰক্তচাপ
- বয়স বৃদ্ধিৰ লগে লগে হ'ব পাৰে
- অত্যধিক কফি পানৰ বাবে
- পটাছিয়ামযুক্ত খাদ্য কম পৰিমাণে খোৱা
- ক্ৰ'ণিক কিডনী বা বৃক্ক ৰোগ
- থাইৰয়ডৰ বাবেও এনে হয়
হৃদযন্ত্ৰৰ সৈতে উচ্চ ৰক্তচাপৰ সম্পৰ্ক :
উচ্চ ৰক্তচাপ হৃদযন্ত্ৰৰ সমস্যাৰ অন্যতম কাৰক বুলি কোৱা হয় । অতি কমসংখ্যক লোকেহে জ্ঞাত যে ৰক্তচাপ নিয়ন্ত্ৰণত বৃক্কয়ো সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বৃক্কই শৰীৰত প্ৰাকৃতিক ফিল্টাৰ হিচাপে কাম কৰি তৰল পদাৰ্থক সুষম মাত্ৰাত ধৰি ৰাখে । ইয়াৰ ফলত শৰীৰত ছ’ডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে,নিমখ বেছিকৈ খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা বেছি হোৱাৰ আংশকা থাকে ।
অস্বাস্থ্যকৰ খাদ্যৰে সম্পৰ্ক :
উচ্চ ৰক্তচাপৰ অন্যতম বৃহৎ কাৰণ হ’ল অস্বাস্থ্যকৰ খাদ্য । বেছি নিমখযুক্ত খাদ্য় সেৱন কৰিলে ক্ষতি হয় । কাৰণ নিমখৰ প্ৰভাৱ শৰীৰত পানী ধৰি ৰাখে । সেয়েহে ধমনীত তেজৰ পৰিমাণ বৃদ্ধি পায় আৰু তেজৰ ওপৰত চাপ পৰে। অত্যধিক সংসাধিত খাদ্য আৰু ফাষ্ট ফুড খালে ৰক্তচাপ বৃদ্ধিৰ আশংকা থাকে।
শাৰীৰিক কাৰ্যকলাপৰ অভাৱ :
কাম কৰাৰ পৰিৱৰ্তে বেছিভাগ সময় বহি থাকিলে উচ্চ ৰক্তচাপ বৃদ্ধি পায় । দিনটো সক্ৰিয় হৈ নাথাকিলে হৃদযন্ত্ৰই শৰীৰৰ মাজেৰে তেজ চলাচল কৰিবলৈ অধিক কষ্ট কৰিব লগাৰ ফলত ধমনী বেৰত অধিক চাপ পৰে । লাহে লাহে ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ জঠৰ হৈ উঠে আৰু উচ্চ ৰক্তচাপ হোৱাৰ আশংকা বৃদ্ধি পায়।
মেদবহুলতা আৰু উচ্চ ক'লেষ্টেৰল :
অতিৰিক্ত ওজনে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীত অতিৰিক্ত চাপ বৃদ্ধি পায় । যিমানেই শৰীৰৰ ওজন বাঢ়ে সিমানেই শৰীৰে অক্সিজেন আৰু পুষ্টিকৰ উপাদান যোগান ধৰিবলৈ অধিক তেজ চলাচল কৰিব লাগিব । এই অতিৰিক্ত তেজৰ প্ৰবাহে ধমনীৰ বেৰত চাপ বৃদ্ধি কৰে। পেটত থকা চৰ্বিয়ে ৰক্তবাহী নলীৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ পাম্প কৰিবলৈ অসুবিধা হয় ।
মানসিক চাপৰ সৈতে সম্পৰ্ক :
দীৰ্ঘদিনীয়া মানসিক চাপে আপোনাৰ ৰক্তচাপত নীৰৱে প্ৰভাৱ পেলাব পাৰে । মানসিক চাপত শৰীৰে এড্ৰিনেলিন আৰু কৰ্টিছলৰ দৰে হৰম’ন উৎপন্ন কৰাৰ ফলত হৃদস্পন্দন সাময়িকভাৱে বৃদ্ধি পায় আৰু ৰক্তবাহী নলী সংকুচিত হৈ পৰে ।
ধঁপাত সেৱন মানেই বিপদ :
ধূমপান বা ধঁপাত সেৱন কৰিলে ৰক্তচাপ বৃদ্ধি পায় আৰু শেষত ৰক্তবাহী নলীৰ ক্ষতিসাধন হয় । তদুপৰি তেজত অক্সিজেন হ্ৰাস পোৱাৰ ফলত হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয় । হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত আৰু ৰক্তচাপ হ্ৰাস কৰিবলৈ ধঁপাত ত্যাগ কৰাটো প্ৰয়োজনীয়।
বৃক্কৰ ৰোগ বৃদ্ধি কৰিব পাৰে :
বৃক্কই শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ আৰু অলাগতিয়াল পদাৰ্থ আঁতৰাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । বৃক্কৰ ক্ষতি বা বিকল হ’লে এই ভাৰসাম্যত ব্য়াঘাত জন্মে আৰু ৰক্তচাপ বৃদ্ধি পায়। উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ বৃক্কৰ স্বাস্থ্য বৰ্তাই ৰাখিবই লাগিব ।
পৰিয়ালৰ ইতিহাস :
বংশগত জিনৰ বাবে পৰিয়ালত উচ্চ ৰক্তচাপ হোৱাৰ আশংকা থাকে । সেইবাবে কাৰোবাৰ পৰিয়ালত এনে সমস্য়া থাকিলে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।
মৰ্নিং হাইপাৰটেনচন :
সাধাৰণতে টোপনিৰ সময়ত ৰক্তচাপ কমি যায়; কিন্তু আমি পুৱা সাৰ পালে শৰীৰে কিছুমান বিশেষ হৰম’ন নিঃসৰণ কৰি দৈনন্দিন কাম-কাজৰ বাবে প্ৰস্তুতি চলায় । এই হৰম’নবোৰে ৰক্তচাপ সামান্য বৃদ্ধি কৰে । কেতিয়াবা, এই বৃদ্ধি অতি দ্ৰুত, অত্যধিক বা আনকি বিপদজনক হ’ব পাৰে । এই অৱস্থাক মৰ্নিং হাইপাৰটেনচন বোলা হয়।
পৰিত্ৰাণৰ বাবে কি কি কৰিব ?
উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰি ডাঃ মানৱেন্দ্ৰ নায়কে এইদৰে পৰামৰ্শ আগবঢ়ায় :
- যিমান সম্ভৱ টেনচন বা চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত ৷
- চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰিব লাগে ৷
- নিজৰ ইচ্ছানুসৰি ফাৰ্মাচীৰ পৰা ঔষধ আনি খোৱা অনুচিত ।
- নিয়মীয়াকৈ নিৰ্দিষ্ট দূৰত্ব খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। নিয়মিত শাৰীৰিক ব্যায়ামে হৃদযন্ত্ৰৰ শক্তি বজাই ৰাখে আৰু তেজৰ সোঁত বৃদ্ধি কৰে, যাৰ ফলত শৰীৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহজ হৈ পৰে ।
- সদায় সতেজ শাক-পাচলি, ফল-মূল খোৱা উচিত ।
- কফি, মাদক দ্রব্য যিমান সম্ভৱ নিয়ন্ত্ৰণ কৰিব লাগে ।
- নির্দিষ্ট জোখতকৈ নিমখ বেছি খাব নালাগে ৷
- খাচী, পঠা ছাগলী, গাহৰি আদিৰ মাংস কম খাব লাগে ৷
- শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিবই লাগিব ৷
- নিয়মীয়াকৈ ব্যায়াম কৰা উচিত ৷ নিয়মিত শাৰীৰিক ব্যায়ামে হৃদযন্ত্ৰৰ শক্তি বজাই ৰাখে আৰু তেজৰ সোঁত বৃদ্ধি কৰে, যাৰ ফলত শৰীৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহজ হৈ পৰে।
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
লগতে পঢ়ক:চৰণ মন্দিৰ-চৰণ স্পৰ্শ: ডায়েবেটিছৰ বিৰুদ্ধে এগৰাকী চিকিৎসকৰ নীৰৱ অভিযান
কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অমোঘ অস্ত্ৰ মানসিক শক্তি আৰু আত্মবিশ্বাস

