বায়ু প্ৰদূষণ যেতিয়া প্ৰাণঘাতী ৰোগৰ উৎস হয়
চৌদিশে কেৱল প্ৰদূষণেই প্ৰদূষণ । বায়ু প্ৰদূষণৰ বাবে হ'ব পাৰে বহুধৰণৰ ৰোগ ৷

Published : June 5, 2026 at 5:31 PM IST
নয়ন কুমাৰ শৰ্মা
আজি বিশ্ব পৰিৱেশ দিৱস । প্ৰতি বছৰে ৫ জুনত বিশ্বৰ প্ৰতিখন দেশতেই এই দিৱস পালন কৰা হয় । বিশ্ব পৰিৱেশ দিৱস ২০২৬ আজাৰবাইজানে আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে । প্ৰদূষিত ধৰিত্ৰীত আজি জীৱকুলৰ অস্তিত্ব সংকটাপন্ন । কাৰণ চৌদিশে কেৱল প্ৰদূষণেই প্ৰদূষণ । আনকি উশাহ ল'বলৈকে নাপায় নিৰ্মল বায়ু ।
স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰদূষণমুক্ত পৰিৱেশৰ প্ৰয়োজন যদিও আজি তেনে পৰিৱেশ কোনোৱেই কল্পনা কৰিব নোৱাৰে । চাৰিওফালে প্ৰদূষণ । প্ৰদূষিত পৰিৱেশ বুলি কোৱাৰ লগে লগে সাধাৰণতে বায়ু প্ৰদূষণৰ কথাই সকলোৰে মনলৈ আহে । কাৰণ এনে প্ৰদূষণৰ বাবে উশাহৰ সময়ত শৰীৰত প্ৰদূষকে সহজে প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে । এসময়ত এটম বোমাৰ বাবে হিৰোশ্বিমা আৰু নাগাছাকিত তেজস্ক্ৰিয় ৰশ্মিৰ বিকিৰণৰ ফলত বায়ুৰ যি প্ৰদূষণ হৈছিল সেই কথা ভাবিলে আজিও বহুতৰে বুকুখন কঁপি উঠে । কাৰণ সেই সময়ত স্বাস্থ্যৰক্ষা কৰাটো সকলোৰে বাবে প্ৰত্যাহ্বান হৈ পৰিছিল ।

বিশ্বজুৰি লাখ লাখ অকাল মৃত্যুৰ এটা প্ৰধান কাৰণ হৈ পৰিছে বায়ু প্ৰদূষণ । বায়ু প্ৰদূষণে এতিয়া কেৱল হাওঁফাওঁৰ সমস্যা সৃষ্টি কৰাই নহয়, ইয়াৰ উপৰি প্ৰায় ৯০% মৃত্যুৰ কাৰণ অসংক্ৰামক ৰোগ যেনে হৃদৰোগ, ষ্ট্ৰোক, দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৃষ্টিৰ কাৰক হৈ পৰিছে ।
বায়ু প্ৰদূষণ কি ?
বায়ু প্ৰদূষণ বুলি ক'লে বায়ুমণ্ডলত ধূলি, গেছ, কুঁৱলী, দুৰ্গন্ধ, ধোঁৱা বা বাষ্প আদিৰ অধিক পৰিমানৰ কথাকে বুজা যায় । এটা বা ততোধিক দূষক পদাৰ্থ যিয়ে মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পৰা পৰিমাণ আৰু সময়সীমাৰ অত্য়াধিক উপস্থিতিকে বুজায় । এই প্ৰদূষকবোৰে শৰীৰৰ কোষবোৰত প্ৰদাহ, অক্সিডেটিভ চাপ, ইমিউন’চাপ্ৰেচ আৰু মিউটেজেনিচিটিৰ সৃষ্টি হয় । ফলত হাওঁফাওঁ, হৃদযন্ত্ৰ, মস্তিস্কৰ লগতে অন্যান্য অংগত প্ৰভাৱ পৰে আৰু শেষত ৰোগৰ সৃষ্টি হয় ।
বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে কি কি ৰোগ হয় ?
বায়ু প্ৰদূষণ সৰ্বকাৰণ মৃত্যুৰ লগতে নিৰ্দিষ্ট ৰোগৰ বাবেও এক বিপদ । বায়ু প্ৰদূষণৰ বাবে ষ্ট্ৰোক, ইস্কেমিক হৃদৰোগ, ক্ৰ'ণিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ, হাওঁফাওঁৰ কৰ্কট ৰোগ, নিউমোনিয়া আৰু ছানিপৰা ৰোগ,বায়ু প্ৰদূষণৰ সংস্পৰ্শৰ সৈতে গৰ্ভাৱস্থাৰ বিৰূপ ফলাফল ( জন্মৰ সময়ত কম ওজন), অন্যান্য কৰ্কট ৰোগ, ডায়েবেটিছ আৰু স্নায়ুজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।

বায়ু প্ৰদূষক কি কি ?
যদিও স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বহুতো বিষাক্ত পদাৰ্থ আছে, জনস্বাস্থ্যৰ চিন্তাৰ আটাইতকৈ শক্তিশালী প্ৰমাণ পোৱা প্ৰদূষকসমূহৰ ভিতৰত কণা পদাৰ্থ (PM), কাৰ্বন মনোক্সাইড (CO), অ’জন (O 3 ), নাইট্ৰজেন ডাই অক্সাইড (NO 2 ) আৰু ছালফাৰ ডাই অক্সাইড (SO 2 ) আদি অন্য়তম । মিহি কণাবোৰ স্বাস্থ্যজনিত বিপদৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ উৎস । কিয়নো এই অতি সৰু কণাবোৰে হাওঁফাওঁৰ গভীৰতালৈ সোমাই তেজৰ সোঁতত প্ৰৱেশ কৰি অংগসমূহলৈ গৈ কলা আৰু কোষৰ প্ৰণালীবদ্ধ ক্ষতি কৰিব পাৰে।
শ্বাস-প্ৰশ্বাসজনিত ৰোগ :
বায়ু প্ৰদূষণৰ ফলত যিবোৰ ৰোগ বা সমস্য়াই গা কৰি উঠে সেইবোৰৰ ভিতৰত অন্য়তম হৈছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ । সাধাৰণতে ধোঁৱা,ধূলি,বিভিন্ন ধৰণৰ ৰাসায়নিক আদি উশাহত হাঁওফাঁওত প্ৰৱেশ কৰে । বায়ু প্ৰদূষণত পি এম ২.৫ , অ’জন, নাইট্ৰজেন অক্সাইড আদি কণা থাকে । ইয়াৰে আটাইতকৈ বিপজ্জনক হৈছে পি এম ২.৫ । ই ইমান সৰু যে ই আমাৰ হাওঁফাওঁৰ একেবাৰে ভিতৰত প্ৰৱেশ কৰে ।
তেজৰ সোঁতত প্ৰৱেশ কৰিব পাৰে । এবাৰ উশাহ ল’লে আমাৰ কোষৰ প্ৰদাহ, ক্ষতি আৰু ডিএনএ ক্ষতি কৰে । সময়ৰ লগে লগে ইয়াৰ ফলত কোষৰ পৰিৱৰ্তন হ’ব পাৰে, যাৰ ফলত কেন্সাৰ হ’ব পাৰে । বিশ্ব স্বাস্থ্য সংস্থাই বাহিৰৰ বায়ু প্ৰদূষণ আৰু মিহি কণাক গ্ৰুপ ১ কাৰ্চিনোজেন বুলি ঘোষণা কৰিছে, অৰ্থাৎ ধঁপাত আৰু এছবেষ্টছৰ দৰেই বিপজ্জনক। এইবোৰৰ বাবে হাওঁফাওঁৰ কৰ্কটৰ পৰা আৰম্ভ কৰি চিঅ'পিডি, হাঁপানী, ব্ৰংকাইটিছ আদি ৰোগে গা কৰি উঠে বুলি কয় জ্য়েষ্ঠ হাওঁফাওঁ,ইন্টাৰনেল ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ ডাঃ ব্ৰজেন্দ্ৰ লহকৰে ।
ডাঃ ব্ৰজেন্দ্ৰ লহকৰে কয় যে ভাৰত আৰু অন্যান্য ঠাইত শেহতীয়া অধ্যয়নত গৱেষকসকলে লাভ কৰা তথ্য় মতে, ধূমপান নকৰিলেও পূৰ্বতকৈ অধিক লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে । দীৰ্ঘদিন প্ৰদূষিত বায়ুৰ সংস্পৰ্শত থকাটো দিনটোত কেইবাটাও চিগাৰেট সেৱনৰ দৰেই ক্ষতিকাৰক হোৱাৰ আশংকা থাকে । শিশু আৰু বয়স্কৰ হাওঁফাওঁ সাধাৰণতে দুৰ্বল হোৱা বাবে যদিহে এই বয়সৰ লোকসকল অধিক সময় প্ৰদূষিত বায়ু উশাহত সেৱন কৰা বাবে অধিক বিপদত পৰাৰ আশংকা ঘণীভূত হয় ।
ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্য়তম কাৰণ । প্ৰায় ৮৫% সকলো ৰোগীৰ বাবে ই দায়ী । আনকি প্ৰত্য়ক্ষভাৱে ধূমপান নকৰিলেও আনে যদি বায়ুমণ্ডলত ধোঁৱা এৰি দিয়ে তেতিয়াও সেই প্ৰদূষিত বায়ু হ'ব পাৰে ৰোগৰ কাৰক । ভাৰতত পুৰুষৰ ক্ষেত্ৰত হাওঁফাওঁৰ কৰ্কট ৰোগ দ্বিতীয় আৰু পুৰুষ আৰু মহিলা উভয়ৰে চতুৰ্থ কৰ্কট ৰোগ হৈয়েই আছে ।
বায়ু প্ৰদূষণৰ লগত জড়িত আন এক ৰোগ হৈছে ব্ৰংকাইটিছ । বায়ুপথত প্ৰদাহ হ’লে এই ৰোগ হয় । বায়ুত থকা বিভিন্ন পদাৰ্থ যেনে ধোঁৱা, ধূলি বা ৰাসায়নিক ধোঁৱাৰ সংস্পৰ্শলৈ আহিলেই হ’ব পাৰে এইবিধ ৰোগ । এই ৰোগত কাহ, উশাহত কষ্ট, বুকুৰ বিষ, মিউজিকেল ছাউণ্ড বা শব্দ হোৱা আদি অনুভৱ হোৱাটোৱে হৈছে লক্ষণ ।
বায়ুপথ সংকীৰ্ণ হৈ ফুলি উঠিলে আৰু অতিৰিক্ত শ্লেষ্মা উৎপন্ন হোৱা ৰোগবিধেই হৈছে হাঁপানী । এই ৰোগৰ লক্ষণ হৈছে উশাহ-নিশাহ লোৱাত অসুবিধা আৰু কাহ,উশাহ লোৱাত কষ্ট অনুভৱ । বায়ু প্ৰদূষণৰ লগতে ঠাণ্ডা বতৰ বা পৰাগ ৰেণু আদি পৰিৱেশৰ কাৰকৰ ফলত হাঁপানী হয় । ক্ৰ'ণিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চিঅ'পিডি হৈছে হাওঁফাওঁৰ ৰোগ । এই ৰোগত উশাহ-নিশাহ লোৱাত কষ্ট হয় । বতাহত থকা ক্ষতিকাৰক কণা যেনে চিগাৰেটৰ ধোঁৱা বা কাৰখানাৰ নিৰ্গমনৰ ৰাসায়ণিক বা ধোঁৱাৰ দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ অহাৰ ফলত চিঅ’পি ডি হয় ।
পি এম ২.৫ কি ?
পিএমৰ অৰ্থ হ'ল কণাযুক্ত পদাৰ্থ । বায়ুত পোৱা কঠিন কণা আৰু তৰল টোপালৰ মিশ্ৰণৰ । কিছুমান কণা যেনে ধূলি, মলি, ধোঁৱা, খালী চকুৰে দেখা পোৱাকৈ ডাঙৰ বা ক’লা । আন কিছুমান ইমান সৰু যে ইলেক্ট্ৰন মাইক্ৰ'স্ক'প ব্যৱহাৰ কৰিহে ধৰা পেলাব পাৰি । পি এম ২.৫ হৈছে মিহি শ্বাস-প্ৰশ্বাসযোগ্য কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ'মিটাৰ আৰু তাতকৈ সৰু। মানুহৰ গড় চুলিৰ ব্যাস প্ৰায় ৭০ মাইক্ৰ’মিটাৰ যাৰ ফলত ই আটাইতকৈ ডাঙৰ মিহি কণাতকৈ ৩০ গুণ ডাঙৰ ।
এই কণাবোৰ বহু আকাৰ আৰু আকৃতিৰ আৰু শ শ বিভিন্ন ৰাসায়নিক পদাৰ্থৰে গঠিত হ’ব পাৰে । কিছুমান কোনো উৎসৰ পৰা পোনপটীয়াকৈ নিৰ্গত হয়, যেনে নিৰ্মাণ স্থান, পকী পথ, পথাৰ, ধোঁৱা বা জুই। ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে ৰাসায়নিক পদাৰ্থৰ জটিল বিক্ৰিয়াৰ ফলত বায়ুমণ্ডলত বেছিভাগ কণা গঠন হয়, যিবোৰ বিদ্যুৎ কেন্দ্ৰ, উদ্যোগ আৰু অটোম’বাইলৰ পৰা নিৰ্গত প্ৰদূষক ।
ড্ৰাই আই হোৱাৰ আশংকা :
বায়ু প্ৰদূষণ আজি গুৰুতৰ সমস্যা হৈ পৰিছে । ই আমাৰ স্বাস্থ্যৰ বহু দিশত বিৰূপ প্ৰভাৱ পেলাইছে। চকুৰ ওপৰতো ইয়াৰ প্ৰভাৱ মনকৰিবলগীয়া । এই সন্দৰ্ভত ব্য়াখ্য়া কৰি জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাঃ দীপক ভূঞাই কয়," আমাৰ চকু দুটা শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ । প্ৰদূষণে প্ৰত্যক্ষভাৱে ইয়াৰ ওপৰত প্ৰভাৱ পেলায় । ধূলি, ধোঁৱা আৰু বিষাক্ত গেছৰ বাবে চকুৰ বিষ, খজুৱতি, ৰঙা পৰা, শুকান হোৱা বা ড্ৰাই আই আৰু এলাৰ্জি আদিৰ সমস্য়াই গা কৰি উঠে । ৰাসায়নিক আদিৰ বাবে এলাৰ্জি হয় । লেতেৰা হাত বা আঙুলিৰে চকু স্পৰ্শ কৰিলেও এলাৰ্জি,খজুৱতি আদিয়ে গা কৰি উঠে ।"
জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞগৰাকীয়ে পুনৰ কয় যে বায়ু প্ৰদূষণে শুস্ক নেত্ৰ ৰোগ বৃদ্ধি কৰাৰ আশংকা থাকে । কণা পদাৰ্থৰ দৰে প্ৰদূষক , অ'জন আৰু নাইট্ৰজেন ডাই অক্সাইডে চকুৰ সুৰক্ষামূলক চকুলোৰ ফিল্মক ক্ষতিগ্ৰস্ত কৰে । ফলত চকুৰ পৃষ্ঠত তীব্ৰ প্ৰদাহ হয় আৰু চকুলোৰ বাষ্পীভৱন ত্বৰান্বিত কৰে । গেছীয় প্ৰদূষকে চকুলোৰ ফিল্মৰ সুক্ষ্ম লিপিড (তেল) স্তৰটোৰ ক্ষতিসাধন কৰে ।
ডাঃ দীপক ভূঞাই কয়,"ইয়াৰ ফলত চকুপানীবোৰ খৰকৈ বাষ্পীভৱন হয় । এই কাৰণে শুস্ক নেত্ৰ ৰোগ হোৱাৰ ফলত জ্বলা-পোৰা অনুভৱ হয় । চকুৰ পৃষ্ঠত বিষাক্ত কণাবোৰ থিতাপি লোৱাৰ ফলত প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু চকুলোত চাইট’কাইন বৃদ্ধি পায় । পৰিৱেশ আক্ৰমণকাৰীয়ে প্ৰত্যক্ষভাৱে কৰ্ণিয়াৰ স্নায়ু সক্ৰিয় কৰে । "
এই সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব সেই বিষয়েও ব্য়াখ্য়া কৰিলে ডাঃ দীপক ভূঞাই । এই পৰামৰ্শ-
- সদায় ছানগ্লাছ পিন্ধিব লাগে
- ছানগ্লাছে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিক বাধা দিয়ে
- পৰিষ্কাৰ পানীৰে চকু ধুব লাগে
- প্ৰদূষিত পৰিৱেশত কনটেক্ট লেন্স পিন্ধোতে সাৱধান হোৱা উচিত
- চকু স্পৰ্শ কৰাৰ আগতে চাবোনেৰে হাত ভালদৰে ধুব লাগে
- ডাক্তৰৰ পৰামৰ্শ মতে আই ড্ৰপ ব্য়ৱহাৰ কৰিব লাগে
স্নায়ৱিক সমস্য়াই গা কৰিব পাৰে :
বায়ু প্ৰদূষণৰ সৈতে আছে স্নায়ুৰ ৰোগৰ সম্পৰ্ক । এই সন্দৰ্ভত ব্য়াখ্য়া কৰি প্ৰাগজ্য়োতিষ চিকিৎসা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ তথা জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্য়ই কয় যে বায়ু প্ৰদূষণৰ বাবে স্নায়ৱিক সমস্য়া গা কৰি উঠে । সাধাৰণতে প্ৰদূষণৰ সৈতে স্নায়ুৰ পোনপটীয়া সম্পৰ্ক থাকিব পাৰে বুলি ভবা নাযায়; কিন্তু আপুনি জানিলে আচৰিত নহৈ নোৱাৰে যে বায়ু প্ৰদূষণ আৰু স্নায়ু ৰোগৰ মাজতো আছে সম্পৰ্ক । স্নায়ুজনিত সমস্য়াৰ বাবে মস্তিস্ক, মেৰুদণ্ড আৰু শৰীৰৰ আন্তঃসংযোগী স্নায়ুৰ মাধ্য়মক প্ৰভাৱিত কৰা বহুতো ৰোগৰ সৃষ্টি কৰে । সাধাৰণতে এইবোৰ কাৰণত পাহৰণিৰ ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে । পাহৰণিৰ ৰোগ বুলি ক'লে এলঝেইমাৰৰ ৰোগ, পাৰ্কিনছন ৰোগ, অটিষ্টিক স্পেকট্ৰম ডিছঅৰ্ডাৰ, উদ্বেগ, হতাশা, স্নায়ুৰ প্ৰদাহ হোৱাৰ আশংকা থাকে ।
সূক্ষ্ম কণাযুক্ত পদাৰ্থ , নাইট্ৰজেন ডাই অক্সাইড আৰু অন্যান্য বিষাক্ত পদাৰ্থই স্নায়ুপ্ৰদাহ, অক্সিডেটিভ চাপ আৰু তেজ-মস্তিস্কৰ বাধাৰ ক্ষতিৰ সূচনা কৰে বুলি উল্লেখ কৰি ডাঃ বসন্ত কুমাৰ বৈশ্য়ই কয় যে দীৰ্ঘদিনীয়া প্ৰদূষিত বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত এলঝেইমাৰ ৰোগ, পাৰ্কিনছন ৰোগ, জ্ঞানশক্তিৰ অৱনতি আৰু অটিজিম আৰু এডিএইচডিৰ আশংকা জড়িত হৈ আছে । শ্বাসত গ্ৰহণ কৰা প্ৰদূষকৰ বাবে নিউৰ’টক্সিক ধাতু আৰু বিটা-এমাইল’ইড প্ৰ’টিন মগজুত প্ৰৱেশ কৰি জ্ঞানশক্তিৰ অৱনতি আৰু স্মৃতিশক্তি হেৰুৱাৰ গতি ত্বৰান্বিত হয় । তদুপৰি যাতায়ত সম্পৰ্কীয় প্ৰদূষণ আৰু কণাযুক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে স্নায়ুপ্ৰদাহৰ সৃষ্টি হয় যিয়ে ড’পামিনাৰ্জিক নিউৰন-মটৰ নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ কোষবোৰৰ ক্ষতি কৰে ।
প্ৰদূষিত বায়ুৰ বাবে হৃদৰোগ কিয় হয় ?
বায়ু প্ৰদূষণো হৃদৰোগৰ অন্য়তম কাৰণ । এই সন্দৰ্ভত জ্য়েষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ জ্য়োতি প্ৰসাদ কলিতাই কয় যে কণাবোৰ হাওঁফাওঁত প্ৰৱেশ কৰি প্ৰদাহৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে ধমনীসমূহৰ আৱৰণৰ ক্ষতি হ’ব পাৰে । প্ৰদূষকে হৃদস্পন্দন আৰু ছন্দৰ পৰিৱৰ্তন ঘটাব পাৰে, যাৰ ফলত এৰিথমিয়া বা হৃদযন্ত্ৰ বন্ধ হৈ যাব পাৰে । দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ফলত এথেৰ’স্কলেৰ’ছিছ বা ধমনী কঠিন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।
ইয়াৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক, ধমনী কঠিন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । প্ৰদূষিত বায়ুত থকা ক্ষতিকাৰক কণিকাবোৰে ৰক্তবাহী নলীৰ ক্ষতি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে । হৃদযন্ত্ৰৰ ৰোগৰ পৰম্পৰাগত বিপদজনক কাৰকসমূহ হৈছে লিংগ, বয়স বৃদ্ধি, ৰক্তচাপ বৃদ্ধি, উচ্চ ক'লেষ্টেৰলআৰু ধূমপান । ইয়াৰ উপৰি অন্যান্য বিপদজনক কাৰক যেনে ডায়েবেটিছ আৰু বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাটোৱে হৃদযন্ত্ৰৰ ৰোগৰ বিকাশত অৰিহণা যোগোৱা দেখা গৈছে । বায়ু প্ৰদূষণে বৰ্তমানৰ হৃদযন্ত্ৰৰ ৰোগ আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰে আৰু ৰোগৰ বিকাশত অৰিহণা যোগাব পাৰে বুলি কয় জ্য়েষ্ঠ হৃদৰোগ বিশেষজ্ঞগৰাকীয়ে ।
কৰ্কট ৰোগৰ আংকা :
কৰ্কট ৰোগ হৈছে বায়ু প্ৰদূষণৰ অন্যতম ফলত হোৱা অন্য়তম ৰোগ । জীৱাশ্ম ইন্ধন জ্বলোৱাৰ পৰা নিৰ্গত হোৱা বায়ুত থকা কাৰ্চিনোজেনিক কণিকাৰ সংস্পৰ্শলৈ অহাৰ ফলত ইয়াৰ সৃষ্টি হয়।
পৰিৱেশৰ সৈতেও আছে গেষ্ট্ৰাইটিছৰ সম্পৰ্ক :
ইৰিটেবল বাৱেল চিনড্ৰম, ক্ৰ’ন’ছ ডিজিজ, আলচাৰেটিভ কলাইটিছ আদি হোৱাৰ আশংকা থাকে ।
পৰিৱেশ আৰু যকৃতৰ ৰোগ :
বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ফলত বিপাকীয় বিসংগতিৰ বিসংগতিৰ সৈতে জড়িত চৰ্বিযুক্ত যকৃতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।
ছালৰ ৰোগৰ আশংকা :
বায়ু প্ৰদূষণৰ সৈতে ছালৰ বিভিন্ন ৰোগৰ সম্পৰ্ক আছে, যেনে একজিমা, চ’ৰিয়াচিছ আদি হয় ।
বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ :
ভাৰতৰ পৰিবেশ ২০২৬ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ জনসংখ্যাৰ মাত্ৰ ১৫ শতাংশ অৰ্থাৎ প্ৰায় ২০ কোটি লোকহে ধাৰাবাহিকভাৱে বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত বাস কৰে । বাকী ৮৫ শতাংশ, ১২ বিলিয়নতকৈ অধিক লোকে যিকোনো জুখিব পৰা নিৰীক্ষণ পৰিসৰৰ বাহিৰত বায়ু উশাহ লয় ।
বৰ্তমান ভাৰতে ২৯৪খন চহৰত ৫৬২টা অবিৰত বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ আৰু ৪১৯খন চহৰ আৰু নগৰত ৯৬৬টা হাতৰ দ্বাৰা নিৰীক্ষণ কেন্দ্ৰ চলাই আছে। কিন্তু নিৰীক্ষণ নেটৱৰ্ক মূলতঃ বৃহৎ মহানগৰ অঞ্চলত কেন্দ্ৰীভূত হৈ আছে ।
লগতে পঢ়ক:বৰবিহ ! কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ?

