ETV Bharat / health

চাইকেলৰ পেডেলতে আছে সুস্বাস্থ্য়ৰ চাবিকাঠি

আজি 'বিশ্ব চাইকেল দিৱস' । নিয়মীয়াকৈ চাইকেল চলালে শৰীৰ-মনৰ কেনে উপকাৰ হয় সেয়া জানিবলৈ পঢ়ক...

World Bicycle Day: Know about health benefits of regular cycling habits
চাইকেলৰ পেডেলতে আছে সুস্বাস্থ্য়ৰ চাবিকাঠি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 2:04 PM IST

5 Min Read
Choose ETV Bharat

আজি 'বিশ্ব চাইকেল দিৱস' । ২০১৮ ৰ পৰা এই দিৱস পালন কৰি অহা হৈছে । চাইকেলখন হৈছে সৰ্বোত্তম পৰিৱেশ অনুকূল যাতায়তৰ মাধ্য়ম । এই চাইকেলখন পৰিবহণ, পৰিৱেশ পৰিচালনা আৰু স্বাস্থ্যৰ বাবে এক সৰল, সুলভ, নিৰ্ভৰযোগ্য আৰু পাৰিপাৰ্শ্বিকভাৱে উপযুক্ত বহনক্ষম মাধ্য়ম । কোনো এগৰাকী ব্য়ক্তিয়ে যদি নিয়মীয়াকৈ চাইকেল চলায় তেতিয়া তেওঁৰ শৰীৰ সুস্থ হৈ থকাৰ লগতে প্ৰতিৰোধ হয় বহু ৰোগ ।

শৰীৰক সুস্থ কৰি ৰাখিবলৈ চাইকেল চলোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি গণ্য় কৰা হয় । চাইকেল চলালে দিনটোৰ ভিতৰত সুকীয়াকৈ ব্যায়াম কৰাৰ প্ৰয়োজন নাথাকে । তদুপৰি চাইকেল চলোৱাৰ লগে লগে শৰীৰটোৱে লাভ কৰে এনে এক শক্তি যিয়ে দিনটোৰ বাবে সতেজ আৰু কৰ্মক্ষম হৈ থকাত মহৌষধৰ দৰে কাম কৰে । বিশ্ব স্বাস্থ্য সংস্থাও চাইকেল চলোৱাৰ পৰা লাভ কৰা উপকাৰিতা সম্পৰ্কে ব্য়াখ্য়া কৰিছে ।

প্ৰতি বছৰে ৩ জুনত বিশ্ব চাইকেল দিৱস পালন কৰা হয় । চাইকেল চলোৱাৰ ফলত পৰিেশৰ কোনো ক্ষতি নহয় । বৰং শৰীৰৰহে উপকাৰ সাধন কৰে । আজিকালি বহুতে সুস্থ হৈ থাকিবলৈ চাইকেল চলায়ে ঘূৰি ফুৰে । নিয়মীয়াকৈ চাইকেল চলালে শৰীৰ সুস্থ হৈ থকাৰ লগতে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি , ওজন নিয়ন্ত্ৰণৰ উপৰি মানসিক চাপমুক্ত হোৱাত সহায় কৰে ।

World Bicycle Day: Know about health benefits of regular cycling habits
চাইকেলৰ পেডেলতে আছে সুস্বাস্থ্য়ৰ চাবিকাঠি (ETV Bharat)

হৃদযন্ত্ৰ কাৰ্যক্ষম কৰে :

নিয়মীয়াকৈ চাইকেল চলালে হৃদযন্ত্ৰ অধিক কাৰ্যক্ষম হয় । চাইকেল চলালে তেজ পাম্প হোৱাত সহায় কৰে । সময়ৰ লগে লগে ই সহনশীলতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে । তদুপৰি জিৰণিৰ সময়ত হৃদস্পন্দন কম কৰিব পাৰে । ৰক্তচাপ স্বাভাৱিক হোৱা বাবে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে । হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় । সহজ ভাষাত ক’বলৈ গ’লে আপোনাৰ শৰীৰে প্ৰয়োজনীয় ঠাইত অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে চাইকেল চালনাত ।

ভৰিৰ পেশী কাৰ্যক্ষম হয় :

চাইকেল চলালে পেডেল মৰাৰ সময়ত কোৱাড্ৰিচেপছ, হেমষ্ট্ৰিংছ আৰু গ্লুটছকে ধৰি প্ৰধান পেশীৰ ব্য়ায়াম হয় । ব্যক্তিগত পেশীক পৃথক কৰা কিছুমান ধৰণৰ ব্যায়ামৰ দৰে নহয় । অভিজ্ঞ চাইকেল আৰোহীসকলে পেশী কাৰ্যক্ষম কৰে বাবে বাবে ভৰি দুখনশক্তিশালী হৈ পৰে ।

বিপাকীয় স্বাস্থ্য উপকাৰিতা :

চাইকেল চলালে বিপাকীয় উপকাৰো আছে । বহুতে ব্যায়াম কৰে মূলতঃ ওজন হ্ৰাসৰ বাবে । চাইকেল চলোৱাটোৱে নিশ্চিতভাৱে কেলৰি ব্য়য় কৰে যদিও ইয়াৰ প্ৰকৃত সুবিধা নিহিত হৈ আছে স্থায়িত্বত । যিহেতু চাইকেল চলোৱাটো ব্যায়ামৰ তুলনাত বিনোদনৰ দৰে অনুভৱ হ’ব পাৰে, গতিকে মানুহে প্ৰায়ে ইয়াক সপ্তাহৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি বৰ্তাই ৰাখে ।

টোপনি ভাল হয় :

বিশ্বৰ কিছুমান ব্যস্ত কাৰ্যবাহী, উদ্যোগী, সৃষ্টিশীল পেছাদাৰীয়ে চাইকেল চলোৱাক চিন্তাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ কাৰণ আছে । শৰীৰ যেতিয়া গতিৰ ছন্দময় আৰ্হিত থিতাপি লয় তেতিয়া মনটোৱে প্ৰায়ে অনুসৰণ কৰে । যিখন পৃথিৱীত বহু লোকে প্ৰতিদিনে আঠৰ পৰা দহ ঘণ্টা স্ক্ৰীণৰ সন্মুখত বহি থাকে, সেইখন পৃথিৱীত এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে । বহু দিশত চাইকেল চলোৱাৰ ফলত ইতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ব্যায়াম কৰিলে টোপনিত সহায় কৰে । ভাল টোপনিয়ে আপোনাক অধিক শক্তি প্ৰদান কৰে । অধিক শক্তিৰ ফলত সক্ৰিয় হৈ থকাটো সহজ হয় ।

ওজন বহন নকৰা এৰোবিক ব্যায়াম:

চাইকেল চলোৱাটো হৈছে ওজন বহন নকৰা এৰোবিক ব্যায়াম । এনেধৰণৰ ব্য়ায়ামে আঁঠু আৰু নিতম্বৰ ওপৰত চাপ হ্ৰাস কৰে ।

ডায়েবেটিছ ৰোগীৰ বাবে...

ডায়েবেটিছত আক্ৰান্তসকলৰ বাবেও নিয়মীকৈ চাইকেল চলোৱাটো উপকাৰী । কাৰণ চাইকেল চলালে ইনছুলিনৰ সংবেদনশীলতা বৃদ্ধি পায় । তদুপৰি এনে ব্য়ায়ামে টাইপ ২ ডায়েবেটিছ হোৱাৰ আশংকা হ্ৰাস কৰে ।

হাওঁফাওঁৰ বাবেও উপকাৰী :

চাইকেল চলালে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায় । চাইকেল চলোৱাৰ সময়ত হাওঁফাওঁৱে অক্সিজেন গ্ৰহণৰ বাবে যথেষ্ট কষ্ট কৰে বাবে হৃদযন্ত্ৰ-শ্বাস-প্ৰশ্বাসজনিত সহনশীলতা গঢ়ি তোলে ।

মানসিক চাপ হ্ৰাস কৰে:

নিয়মীয়াকৈ চাইকেল চলোৱাৰ ফলত মানসিক চাপ হ্ৰাস পায় । কাৰণ শাৰীৰিক পৰিশ্ৰম কৰিলে মানসিক প্ৰশান্তি লাভ কৰা এণ্ড’ৰ্ফিন নিঃসৰণ কৰে । লগতে কৰ্টিছলৰ মাত্ৰা কমাই অধিক শিথিল অনুভৱ কৰাত সহায় কৰে বাবে চাইকেল নিয়মীয়াকৈ চলাব লাগে ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:বৰবিহ ! কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ?

ধঁপাত সেৱনে আপোনাৰ জীৱনলৈ কিদৰে ভয়াবহ বিপদ মাতিব পাৰে ?

দেশত প্ৰাপ্তবয়স্কৰ মাজত বৃদ্ধি পাইছে মেদবহুলতা-শৰ্কৰা: স্বাস্থ্য মন্ত্ৰণালয়ৰ সমীক্ষাত উদ্বেগ

হিটষ্ট্ৰ’কৰ এইকেইটা গুৰুতৰ লক্ষণৰ বিষয়ে জানি লওক... পৰিত্ৰাণ পাব কেনেকৈ ?