শীতকালত খুব মূৰৰ বিষ হয় নেকি ? জানক ইয়াৰ কাৰণ তথা প্ৰতিকাৰ
শীতকালত বহু লোকেই মূৰৰ বিষত ভোগে, সাধাৰণ যেন লগা এই সমস্যা নিয়মিত হ’লে দৈনন্দিন জীৱনত খুবেই অশান্তিৰ সৃষ্টি হয়, শীতকালত মূৰৰ বিষৰ প্ৰধান কাৰণ কি-

Published : January 3, 2026 at 12:02 PM IST
শীতকালত বহু লোকেই মূৰৰ বিষত ভোগে ৷ এই সমস্যা সামান্য যেন লাগিলেও নিয়মিত হ’লে দৈনন্দিন জীৱনত ই অসুবিধা সৃষ্টি কৰে ৷ বিশেষকৈ ঠাণ্ডা বতাহ, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু জীৱনশৈলীৰ বাবে শীতকালত মূৰৰ বিষ অধিক দেখা যায় ৷ শীতকালত মূৰৰ বিষৰ প্ৰধান কাৰণসমূহ হৈছে-
পানীৰ অভাৱ
শীতকালত শৰীৰত পানীৰ অভাৱ সহজে হয় ৷ ঠাণ্ডা লাগিলেও পিয়াহ কম অনুভৱ হোৱাত বহুতে পৰ্যাপ্ত পৰিমাণে পানী নাখায় ৷ ইয়াৰ ফলত ডিহাইড্ৰেশ্বন হয় আৰু মূৰৰ বিষ দেখা দিব পাৰে ৷
ঠাণ্ডা বতাহ
ঠাণ্ডা বতাহ আৰু তাপমাত্রাৰ হঠাৎ পৰিৱৰ্তনে ছাইনাছ (sinus)ৰ সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত কপাল বা মূৰৰ আগফালে বিষ অনুভৱ হয় ৷
সূৰ্যৰ পোহৰ
শীতকালত সূৰ্যৰ পোহৰ কম পোৱা যায় ৷ ইয়াৰ বাবে কিছুমান লোকৰ মুড পৰিৱৰ্তন হয় আৰু মানসিক চাপ বৃদ্ধি পায়, যাৰ প্ৰভাৱ মূৰৰ বিষ হিচাপে প্ৰকাশ পায় ৷ ইয়াৰ উপৰি, শীতকালত গৰম কাপোৰ নপিন্ধিলে বা দীঘল সময় ঠাণ্ডাত থাকিলে মূৰৰ ৰক্তনালীত সংকোচন ঘটে, যাৰ ফলতো বিষ অনুভৱ হ’ব পাৰে ৷
শীতকালত স্থায়ী মূৰৰ বিষৰ কাৰণ কি ?
চিকিৎসক ডাঃ আদিত্য গুপ্তাই কয় যে, যে শীতকালত উষ্ণতা কমি যায় আৰু ৰক্তবাহী নলী সংকুচিত হয়, যাৰ ফলত মূৰত চাপ বৃদ্ধি পায় আৰু বিষ হ’ব পাৰে ৷ মূৰ বা কাণত প্ৰত্যক্ষভাৱে ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ আহিলেও মূৰৰ বিষ আৰু বেছি হ’ব পাৰে ৷ শীতকালত সূৰ্যৰ ৰশ্মিৰ গ্ৰহণ নকৰাৰ বাবে শৰীৰত ভিটামিন ডিৰ অভাৱ হ’ব পাৰে, যিটো মূৰৰ বিষ হিচাপে প্ৰকাশ পাব পাৰে ৷
ইয়াৰ উপৰিও পানী কমকৈ খোৱাৰ ফলত ডিহাইড্ৰেচন হয়, যিটো মূৰৰ বিষৰ প্ৰধান কাৰণ ৷ বন্ধ কোঠাত হিটাৰ বা ব্ল’ৱাৰৰ অত্যধিক ব্যৱহাৰে বায়ুৰ আৰ্দ্ৰতা হ্ৰাস কৰে, যাৰ ফলত মূৰটো গধুৰ হৈ পৰে ৷ চাইনাছৰ সমস্যা, চৰ্দি, নাক বন্ধ হোৱা আদিয়েও শীতকালত মূৰৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে ৷ দেৰিলৈ শুই থকা, দৈনন্দিন কাম-কাজ বেয়া হোৱা, মানসিক চাপেও এই ঋতুত স্থায়ী মূৰৰ বিষত অৰিহণা যোগাব পাৰে ৷
মূৰৰ বিষ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?
শীতকালত মূৰৰ বিষ দূৰ কৰিবলৈ শৰীৰক গৰম আৰু হাইড্ৰেট কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ ঠাণ্ডাতো প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী খাব লাগে ৷ ঠাণ্ডা বতাহৰ পৰা মূৰ আৰু কাণ ৰক্ষা কৰিবলৈ টুপী বা গামোচা পিন্ধিব লাগে ৷ প্ৰতিদিনে অলপ সময় ৰ’দত বহি থাকিলে উপকাৰ হয় ৷
ইয়াৰ ফলত শৰীৰত ভিটামিন ডি পোৱা যায় ৷ লঘু ব্যায়াম আৰু ষ্ট্ৰেচিং কৰিলে তেজৰ সোঁত উন্নত হয়, যাৰ ফলত মূৰৰ বিষ কমিব পাৰে ৷ বন্ধ কোঠাত সঠিক বায়ু চলাচল বজাই ৰাখক আৰু হিটাৰৰ ব্যৱহাৰ সীমিত কৰক ৷ পৰ্যাপ্ত টোপনি লওক আৰু ৰাতি দেৰিলৈকে শুই থকাৰ পৰা বিৰত থাকক ৷ চাইনাছ বা চৰ্দিৰ সমস্যা থাকিলে ভাপ ল’লেও সকাহ পোৱা যায় ৷
গুৰুত্বপূৰ্ণ
- মূৰৰ বিষ বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ লওক ৷
- চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষনাশক ঔষধ গ্ৰহণ নকৰিব ৷
- মানসিক চাপ কমোৱাৰ চেষ্টা কৰক ৷
- অত্যধিক কেফেইন সেৱন নকৰিব ৷
এই সমস্যাৰ পৰা সমাধান লাভৰ উপায়
চিকিৎসক ডাঃ আদিত্য গুপ্তাই কয় যে, এই সমস্যাৰ পৰা বাচিবলৈ কিছুমান সৰল উপায় গ্ৰহণ কৰিব পাৰি ৷ নিয়মিত পৰ্যাপ্ত পানী খোৱা, গৰম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা আৰু ঠাণ্ডাৰ পৰা নিজকে সুৰক্ষিত ৰখা অত্যন্ত প্ৰয়োজনীয় ৷ লগতে, পৰ্যাপ্ত টোপনি যোৱা আৰু দীঘল সময় ম'বাইল বা স্ক্ৰীনৰ সন্মুখত নথকাৰ চেষ্টা কৰিব লাগে ৷ চাইনাছৰ সমস্যা থাকিলে নাক-মূৰ গৰম পানীৰ ভাপ লোৱাটো অত্যন্ত সহায়ক ৷
মূলতে ক’বলৈ গ’লে, শীতকালত হোৱা মূৰৰ বিষ সাধাৰণতে জীৱনশৈলী আৰু পৰিৱেশজনিত কাৰণৰ ফল ৷ সজাগতা আৰু সঠিক যত্ন ল’লে এই সমস্যাৰ পৰা বহু পৰিমাণে ৰক্ষা পাব পাৰি ৷ যদি মূৰৰ বিষ অত্যধিক বা দীঘল সময় ধৰি থাকে, তেন্তে অভিভাৱক বা চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷
লগতে পঢ়ক

