ETV Bharat / health

ভিটামিন 'চি' কিয় বেছিকৈ খাব নালাগে ?

কিমান খোৱা উচিত ভিটামিন 'বি'যুক্ত খাদ্য় ? চহৰত বাস কৰা লোকৰ ভিটামিন 'ডি'ৰ অভাৱ কিয় ?

Why shouldn't vitamin be consumed in excess?
ভিটামিন কিয় বেছি খাব নালাগে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 2:00 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াকৈ উপযুক্ত পুষ্টিকৰ খাদ্য় গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷ সুস্থ শৰীৰৰ বৃদ্ধিৰ বাবে ভিটামিনৰ লগতে খনিজ পদাৰ্থ আদিৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ সাধাৰণতে আমি যিবোৰ খাদ্য় গ্ৰহণ কৰো সেইবোৰৰ পৰাই শৰীৰে লাভ কৰিব পাৰে ভিটামিন আৰু খনিজ পদাৰ্থ ।

এইবোৰ উপাদানৰ অভাৱ হ'লেই শৰীৰত বিভিন্ন ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে । আনহাতে শৰীৰে যদি ভিটামিন আদি বেছিকৈও লাভ কৰে তেতিয়াও বিপদ ঘণীভূত হোৱাৰ আশংকা থাকে । আমি কেনে খাদ্য়ৰ পৰা এইবোৰ লাভ কৰিব পাৰো আৰু ভিটামিন আদি কিয় বেছিকৈ খাব নালাগে সেই সন্দৰ্ভত ইটিভি ভাৰতক সবিশেষ ব্য়াখ্য়া কৰিলে জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে

ভিটামিন 'চি' কিয় বেছি খাব নালাগে ?

ভিটামিন 'চি' কিয় জধে-মধে খাব নালাগে সেই বিষয়ে ব্য়াখ্য়া কৰি জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞগৰাকীয়ে কয়," 'চি' ভিটামিনে আমাৰ দেহত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে । যিসমূহ খাদ্য আমি নিয়মীয়াকৈ গ্ৰহণ কৰো সেইসমূহতে এইবিধ ভিটামিন থাকে । যেনে -যেনে কমলা, নেমু, আমলখি,বিলাহী আৰু সেউজীয়া শাক-পাচলিৰ জৰিয়তে ভিটামিন 'চি' আহৰণ কৰিব পাৰি ।"

ভিটামিন 'চি' সন্দৰ্ভত জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কৰ ব্য়াখ্য়া (ETV Bharat Assam)

ডাঃ নায়কে পুনৰ কয়, "বেমাৰ হ'লেই যে ভিটামিন 'চি' আমি ফাৰ্মাচীৰ পৰা কিনি আনিম তেনে হ'ব নালাগে । যিবোৰ খাদ্য়ৰ পৰা আমি এইবোৰ ভিটামিন লাভ কৰিব পাৰো সেইবোৰহে পৰাপক্ষত ব্য়ৱহাৰ কৰা উচিত । মানুহে ভিটামিন 'চি'ৰ ওপৰত নিৰ্ভৰশীল হোৱা অনুচিত । কোনোৱে আন্দাজত এইবিধ ভিটামিন খাব নালাগে । যদিও এণ্টিঅক্সিডেণ্ট হিচাপে উপকাৰী,তথাপি ইয়াৰ অপব্য়ৱহাৰ কৰিব নালাগে । নেমু টেঙাৰ চৰ্বত এগিলাছ খালেও উপকাৰ পোৱা যায় । যিহেতু এইবোৰ ৰাসায়নিক পদাৰ্থ ,এইবোৰৰ অপব্য়ৱহাৰ কৰা অনুচিত । তেতিয়াহে বেছি উপকাৰ পোৱা যায় ।"

"সাধাৰণতে শৰীৰত ভিটামিন 'চি'ৰ অভাৱ নঘটে । ইয়াৰ অভাৱত নিউৰোপেথী হোৱাৰ আশংকা থাকে । শৰীৰৰ পেশাবোৰ দুৰ্বল হ'ব পাৰে । ডায়েবেটিছত আক্ৰান্তৰ এইবিধ ভিটামিনৰ অভাৱ ঘটিব পাৰে । " এইদৰে ডাঃ নায়কে কয় । বৰ্তমান সময়ত সজাগতাৰ অভাৱত বহুলোকে অধিক ভিটামিন 'চি' গ্ৰহণ কৰা দেখা যায়। ভিটামিন ' চি ' অতিমাত্ৰাত গ্ৰহণ কৰিলে শৰীৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ কয় ।

শৰীৰ সুস্থ আৰু সক্রিয় কৰি ৰাখিবলৈ ভিটামিনৰ ভূমিকা কি ? বিশেষকৈ ভিটামিন 'বি', 'চি' আৰু 'ডি' ভূমিকা কেনেধৰণৰ এই সন্দৰ্ভত ব্য়াখ্য়া কৰি জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয়," শৰীৰ সুস্থ আৰু সক্ৰিয় কৰি ৰাখিবলৈ ভিটামিনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ । শৰীৰৰ বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, চকুৰ দৃষ্টি সুস্থ ৰখা, হাড় মজবুত কৰা আদি বিভিন্ন কামত ভিটামিনে সহায় কৰে । বিশেষকৈ ভিটামিন 'বি' আৰু ভিটামিন 'ডি'ৰ অভাৱত মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে ।

জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়ক (ETV Bharat Assam)

ভিটামিন 'বি'ৰ প্ৰয়োজন কিয় ?

শৰীৰ সুস্থ হৈ থাকিবলৈ ভিটামিন 'বি' অতি প্ৰয়োজনীয় । 'বি' ভিটামিনে আমাৰ শৰীৰক খাদ্যৰ পৰা শক্তি উৎপন্ন কৰা, মগজু আৰু স্নায়ুতন্ত্ৰ সুস্থ ৰখা, ৰক্তকণিকা তৈয়াৰ কৰা আদি কামত সহায় কৰে; কিন্তু বৰ্তমান সময়ত দৈনন্দিন জীৱনত অপুষ্টিকৰ খাদ্যাভ্যাস, অতিমাত্ৰা জাংক ফুড গ্ৰহণ বা কিছুমান শাৰীৰিক সমস্যাৰ বাবে বহু লোকৰ দেহত ভিটামিন 'বি'ৰ অভাৱত হয় । শৰীৰত ভিটামিন বিভিন্ন কাৰণত কমিব পাৰে । ইয়াৰে ভিতৰত মুখ্য কাৰণ কেইটামান হ'ল

  • খাদ্যৰ অভ্যাস
  • জধে মধে গেছৰ দৰৱ গ্ৰহণ
  • ডায়েবেটিছৰ কিছুমান ঔষধ বেছিদিন গ্ৰহণ কৰা
  • অতিমাত্ৰাত মদ্যপানৰ ফলত শৰীৰে এইবিধ শোষণ কৰিব নোৱাৰে ।

চহৰত বসবাস কৰাৰ ভিটামিন 'ডি'ৰ অভাৱ :

ভিটামিন 'ডি'ৰ প্ৰয়োজন সন্দৰ্ভত ডাঃ নায়কে কয়," হাড় আৰু দাঁত মজবুত কৰাৰ ক্ষেত্ৰত এইবিধ ভিটামিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মানৱ শৰীৰত কেলচিয়াম আৰু ফছফৰাছ শোষণত সহায় কৰাৰ বাবেই ভিটামিন 'ডি'ক 'ছানছাইন ভিটামিন' বুলিও কোৱা হয়; কিন্তু বৰ্তমান সময়ত বহু লোককে এইবিধ ভিটামিনৰ অভাৱৰ সমস্যাত ভোগা দেখা যায় । বিশেষকৈ যিসকললোক চহৰত বসবাস কৰে তেওঁলোকৰ সমস্যাটো বেছিকৈ হোৱা দেখা যায় ।"

ডাঃ নায়কে পুনৰ কয় যে ভিটামিন 'ডি'ৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আমাৰ শৰীৰত প্ৰচুৰ পৰিমাণে ৰ'দ লাগিব লাগে । সূৰ্যৰ কিৰণ আমাৰ ছালত পৰাৰ ফলত এইবিধ ভিটামিন উৎপন্ন হয়। সেয়েহে সূৰ্যৰ পোহৰ হৈছে ভিটামিন ‘ডি’-ৰ অন্যতম প্ৰাকৃতিক উৎস ।

উল্লেখ্য যে আমি গ্ৰহণ কৰা প্ৰতিবিধ খাদ্যতে ভিটামিন পোৱা যায়; কিন্তু খাদ্য প্ৰস্তুত কৰাৰ সময়ত বেছি তেলত ভজা বাবে ভিটামিন বহু পৰিমানে হ্ৰাস পায় । সেয়ে খাদ্য প্ৰস্তুত কৰাৰ সময়ত জিভাৰ জুতিত গুৰুত্ব নিদি পৰিপুষ্টিত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞগৰাকীয়ে কয় ।

লগতে পঢ়ক:কৰ্কট ৰোধ প্ৰতিৰোধত ভিটামিন চি-ৰ ভূমিকা কি ? গৱেষণাই কি কয়...

নিয়মীয়াকৈ জামু খালে প্ৰতিৰোধ হয় ৰোগ, শৰীৰে লাভ কৰে পুষ্টি

কোনবোৰ খাদ্য় খালে প্ৰতিৰোধ কৰিব পাৰি বয়সৰ চাপ ?