খালী পেটত কিয় খেজুৰ খাব লাগে ? জানি লওক এইকেইটা উপকাৰ
দিনটোৰ ভিতৰত এটা খেজুৰ খালে পুষ্টি লাভ কৰিব ।

Published : July 11, 2026 at 2:02 PM IST
খেজুৰ শৰীৰৰ বাবে উপকাৰী । দিনটোৰ ভিতৰত এটা খেজুৰ খালে শৰীৰে পুষ্টি লাভ কৰিব পাৰে । কম-বেছি পৰিমাণে প্রায়ভাগ লোকেই খেজুৰ খায় । বিশেষকৈ গৰমৰ দিনত খুবেই উপকাৰ পোৱা যায় ।
এইবিধ ফলত প্ৰচুৰ পৰিমাণে শক্তি বা কেলৰিৰ উপৰি এমিনো এচিড, শৰ্কৰা, খনিজ পদার্থ, ভিটামিন আদি প্ৰায়ভাগ উপাদানেই পোৱা যায় । দীর্ঘসময় উপবাসে থাকিলে খালী পেটত খেজুৰ খালে শৰীৰে তৎক্ষণাত শক্তি লাভ কৰিব পাৰে । সাধাৰণতে দীর্ঘসময় ধৰি একো নোখোৱাকৈ থাকিলে গ্লুক'জৰ অভাব হ'ব পাৰে । নিয়মীয়াকৈ খেজুৰ খালে গ্লুক'জৰ পৰিমাণ স্বাভাৱিক হৈ থাকে ।

১০০ গ্রাম খেজুৰত কেলৰি ২৭৭, ফাইবাৰ ৭ গ্রাম, প্ৰ'টিন ২ গ্রাম, পটাছিয়াম ২০ শতাংশ, মেগনেছিয়াম ১৪ শতাংশ, মেংগানিজ ১৫ শতাংশ, আয়ৰণ ৫ শতাংশ, ভিটামিন বি১২, ১২ শতাংশ পোৱা যায় ।

জানি লওক কেনে উপকাৰ পোৱা যায় ?
- খেজুৰত কোনো ধৰণৰ ক'লেষ্টেৰল আৰু অতিৰিক্ত পৰিমাণে চৰ্বি নাথাকে । সেয়েহে নিয়মীয়াকৈ খেজুৰ খালে চর্বিজাতীয় খাদ্য গ্ৰহণৰ প্রবণতা নাথাকিব
- খেজুৰত থকা বিভিন্ন উপাদানে পেশী গঠনত সহায় কৰে । কাৰণ ইয়াত প্র'টিন পোৱা যায়
- খেজুৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ১, বি১, বি২, বি৩, বি৫ আদিৰ উপৰি ভিটামিন 'ডি' পোৱা যায় ।
- খেজুৰত বেছিকৈ আয়ৰণ থাকে বাবে হৃদপিণ্ডৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে
- ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে । তদুপৰি মেগনেছিয়াম,দস্তা আদিৰ দৰে খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ হাড় গঠনত কেলছিয়ামৰ ভূমিকা গুৰুত্বপূৰ্ণ
- এইবিধ শুকান ফলত পেটৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদান পোৱা যায় । ইয়াত থকা বিটা কেৰোটিন, লুটিন আৰু জিএক্সান্থিন হৈছে ফ্লেভাৰ এণ্টিঅক্সিডেণ্ট যিয়ে ফ্ৰীৰেডিকেল প্ৰতিৰোধ কৰে
- খেজুৰে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাতসৰাত সহায় কৰে । ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য প্রতিৰোধ কৰে
- নিয়মীয়াকৈ খেজুৰ খালে ডায়েৰীয়া আদিৰ পৰাও হাত সাৰিব পাৰি
- যকৃতৰ সংক্ৰমণ প্ৰতিৰোধত খেজুৰ তুলনাবিহীন । চর্দি,জ্বৰ আদিত খেজুৰ প্ৰতিৰোধক
- ইয়াত থকা আয়ৰণ আৰু খনিজ পদার্থই এনিমিয়া বা ৰক্তাল্পতা প্ৰতিৰোধ কৰে
- স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খেজুৰ খাব লাগে । মস্তিষ্কৰ চিন্তা-ভাবনাৰ শক্তি বৃদ্ধি কৰে
- হৃদৰোগৰ ক্ষেত্ৰতো খেজুৰ উপকাৰী বুলি কোৱা হয় । কোষৰ বাবে পটাছিয়াম অতি প্ৰয়োজনীয় ৷ খেজুৰত এইবিধ উপাদান প্ৰচুৰ পৰিমাণে থাকে বাবে পেট, হৃদযন্ত্ৰ, ৰক্তচাপত থকা তৰল পদাৰ্থ নিয়ন্ত্ৰণত অৰিহণা যোগায়
- ইয়াত থকা শক্তি তথা বিভিন্ন উপাদানে কর্মশক্তি বৃদ্ধি কৰে । নিয়মীয়াকৈ এটা বা দুটা খালে দৈনন্দিন কার্য পৰিচালনাৰ বাবে শৰীৰে শক্তি লাভ কৰিলে মনটো সতেজ হয়
- এইবিধ শুকান ফলত এণ্টিঅক্সিডেণ্ট ভঁৰাল বুলি ক'ব পাৰি । কেৰোটিনয়ডে হৃদযন্ত্র সুস্থ কৰি ৰখাত সহায় কৰাৰ উপৰি দৃষ্টিশক্তি স্বাভাৱিক কৰে
- গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে । বিশেষকৈ শেষৰ সপ্তাহকেইটাত যদি নিয়মীয়াকৈ খেজুৰ খায়, তেতিয়াহ'লে প্ৰসৱৰ সময়ত বিশেষ সমস্যাৰ সৃষ্টি নহয় । অর্থাৎ প্রসবজনিত সমস্যাই সহজে গা কৰি উঠিব নোৱাৰে । দীর্ঘসময় প্রসব বেদনাত ছটফটাবলগীয়া নহয়
- অৱশ্যে ডায়েবেটিছ আদি অনিয়ন্ত্রিত হৈ থাকিলে নিয়মীয়াকৈ খেজুৰ খোৱাৰ পূর্বে চিকিৎসক অথবা পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত
সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
লগতে পঢ়ক:ডালচেনিৰ আছে বহুকেইটা গুণ: জানিলে আপুনিও আচৰিত হ'ব

