ETV Bharat / health

ডায়েবেটিছত আক্রান্তই কিয় বেছিকৈ খাব লাগে শাক-পাচলি ?

তেজত শৰ্কৰা বৃদ্ধি বা হ্ৰাস হোৱাৰ ক্ষেত্ৰত আহাৰৰ ভুমিকা গুৰুত্বপূৰ্ণ । সেয়েহে দৈনন্দিন খাদ্য় তালিকা প্ৰস্তুত কৰোতে সাৱধান হওক ।

Why should patient suffering from diabetes eat  vegetables ?
ডায়েবেটিছত আক্রান্তই কিয় বেছিকৈ খাব লাগে শাক-পাচলি ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 7:25 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ডায়েবেটিছত আক্রান্তই খাদ্য় গ্ৰহণৰ ক্ষেত্ৰত সদায় সতৰ্কতা অৱলম্বন কৰিব লাগিব । দৈনন্দিন খাদ্য় তালিকাত কি কি অন্তৰ্ভুক্ত কৰিব লাগিব সেই বিষয়ে ভালদৰে জানিলে ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় হয় । সাধাৰণতে ভাৰতীয় খাদ্য সম্ভাৰত শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয় । প্রায়ভাগ ৰাজ্যৰ লোকেই প্ৰচুৰ পৰিমাণে শাক-পাচলি খায় ।

অঞ্চলভেদে শাক-পাচলিৰ উৎপাদন বেলেগ বেলেগ হয় । কোনোবা ঠাইত যদি লাইশাক, পালেং, বিলাহী, গাজৰ বেছি উৎপাদন হয়, আনটো অঞ্চলত আকৌ জিকা, ভেন্দি, ওলকবি, বন্ধাকবি, ফুলকবি, মূলা আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে যি ঠাইত যিবিধ শাক-পাচলি বেছিকৈ উৎপন্ন হয় সেই ঠাইৰ লোকে দৈনন্দিন খাদ্য তালিকাত সেয়া অন্তৰ্ভুক্ত কৰাটো স্বাভাৱিক কথা । তথাপি সুষম আহাৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে নিতৌ এক নিৰ্দিষ্ট পৰিমাণৰ শাক-পাচলি খোৱা উচিত।

খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিলে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে । এনে ৰোগীৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত শাক-পাচলিয়ে সহায় কৰে । শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেই নহয়, বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি কোৱা হয় । সুস্থ লোকে এনে ধৰণৰ খাদ্য গ্রহণ কৰিলেও ডায়েবেটিছ আক্রান্তই নিতৌ কিমান খাব লাগে সেয়াহে চৰ্চাৰ বিষয় । এনে ৰোগীয়ে নিয়মীয়াকৈ শাক-পাচলি খালে কেনেদৰে উপকৃত হ'ব পাৰে সেই বিষয়েও জানি থোৱাটো ভাল ।

এণ্টি-অক্সিডেণ্টৰ ভুমিকা :

শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিনৰ পৰা আৰম্ভ কৰি খনিজ পদার্থ থাকে । তদুপৰি এণ্টি-অক্সিডেণ্ট আদিও উপলব্ধ । এইবোৰৰ উপৰি কেৰ'টিনয়েড যৌগ আৰু বিভিন্ন ধৰণৰ ডায়েটাৰী ফাইবাৰ থাকে । এণ্টি-অক্সিডেণ্ট শৰীৰৰ বাবে খুবেই উপকাৰী বুলি কোৱা হয় । সাধাৰণতে শৰীৰৰ আভ্যন্তৰীণ বিভিন্ন কাৰ্যকলাপৰ ফলত ফ্রীৰেডিকেল বা ক্ষতিকাৰক উপাদান উৎপন্ন হৈ থাকে । এই ক্ষতিকাৰক পদার্থসমূহ ধ্বংস কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে এণ্টি-অক্সিডেণ্টৰ খুবেই প্রয়োজন ।

নিয়মীয়াকৈ শাক-পাচলি খাব লাগে ?

ডায়েবেটিছত আক্রান্ত লোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যিহেতু কম থাকে, সেইবাবে শৰীৰত ক্ষতিকাৰক পদার্থ বৃদ্ধি হ'লে বিভিন্ন ৰোগে গা কৰি উঠিবলৈ সুযোগ লাভ কৰে । তদুপৰি, অংগ-প্রত্যংগসমূহেও সঠিকভাবে কাম কৰিব নোৱাৰে । এনে ধৰণৰ ক্ষতিকাৰক পদার্থসমূহৰ বাবে বয়সজনিত স্নায়ুক্ষয় ৰোগ বা নিউৰ'ডিজেনেৰেটিভ ডিজিজ সোনকালে আৰম্ভ হয় । যিহেতু স্নায়ুৰোগ, হৃদৰোগ, কিডনী আদিৰ সৈতে ডায়েবেটিছত আক্রান্ত ৰোগীৰ সম্পর্ক আছে, সেয়েহে শৰীৰত উৎপন্ন হোৱা দূষিত পদাৰ্থৰ বিৰুদ্ধে যুঁজ দিবলৈ নিয়মীয়াকৈ শাক-পাচলি খোৱা উচিত ।

ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে :

শাক-পাচলিয়ে ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, সেইবাবে টাইপ-২ ডায়েবেটিক আক্ৰমণৰ পৰা বহু পৰিমাণে ৰক্ষা পোৱাটো সম্ভৱ । কিছুমান ফলত চলিচাইলেট নামৰ এবিধ উপকাৰী পদার্থ পোৱা যায়, যিয়ে প্রদাহ হ্রাস কৰে । সেইবাবে পৰোক্ষভাৱে হ'লেও ডায়েবোটছত আক্ৰান্তৰ বাবে শাক-পাচলি তেনেই উপকাৰী ।

কেতিয়াবা ক্ৰ'ণিক ইনফ্লেমেচন বা প্রদাহৰ বাবে হৃদৰোগ (ক'লেষ্টেৰল অকলেই দায়ী নহয়) হোৱা দেখা যায় । শাক-পাচলি, ফল-মূলৰ দ্বাৰা এনে প্রদাহ প্রশমিত কৰাটো সম্ভৱ ।

ফাইবাৰযুক্ত শাক-পাচলি খালে শৰ্কৰা নিয়ন্ত্রণ হয়।

লগতে পঢ়ক:শৰীৰ সুস্থ ৰাখিবলৈ নিতৌ কোনবোৰ খাদ্য গ্ৰহণ কৰিব ?

থাইৰয়ডৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব ? জানি লওক উপায়

এফএছএছএআয়ে নিষিদ্ধ কৰিলে ফল-মূল পকাবলৈ ব্য়ৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)