ETV Bharat / health

কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ?

অসমত ৩ কোটি জনসংখ্যাৰ প্ৰায় ২০-২৫ লাখেই ডায়েবেটিছত আক্রান্ত । ৩০-৪০ লাখ হৈছে প্ৰিডায়েবেটিক ।

Why is the number of people affected by diabetes increasing rapidly? Expert explains causes
কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ? (IANS,Getty Images and ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 12:27 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: ডায়েবেটিছত আক্রান্তৰ সংখ্যা ভাৰতৰ লগতে অসমতো দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি পাইছে । সকলোৱে এই ৰোগৰ বিষয়ে কম-বেছি পৰিমাণে জ্ঞাত হোৱাৰ পিচতো এনে ৰোগীৰ সংখ্য়া কিয় বৃদ্ধি পাবলৈ ধৰিছে ? ইয়াৰ সৈতে মানসিক উদ্বেগৰ সম্পৰ্ক আছে নেকি ? খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে নেকি ? এই সন্দৰ্ভত ব্য়াখ্য়া কৰিছে মেডিচিন বিভাগৰ ডায়েবেটিছ ৰোগ বিশেষজ্ঞ ডাঃ অমৰ্ত্য ভূঞাই।

কিয় দ্ৰুত হাৰত বৃদ্ধি পাইছে ?

বৰ্তমান সময়ত ভাৰতবৰ্ষকে ধৰি অসমত দ্ৰুত হাৰত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা । এই সন্দৰ্ভত চিকিৎসক ভূঞাই কয়, "অসমৰ প্ৰায় ৩ কোটি জনসংখ্যাৰ ভিতৰত প্ৰায় ২০-২৫ লাখ লোক ডায়েবেটিছত আক্রান্ত । তদুপৰি ৩০-৪০ লাখ লোক ডায়েবেটিছ হোৱাৰ সম্ভাৱনা (প্ৰিডায়েবেটিক) থকা লোক । ইয়াৰ মূল কাৰণ হৈছে আধুনিক জীৱনশৈলীৰ লগতে শাৰীৰিক ব্যায়াম নকৰা আদি । লগতে বৰ্তমান সময়ত জাংক ফুড খোৱাৰ অভ্যাস গঢ়ি উঠিছে । এইবোৰ কাৰণতে এই ৰোগত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ।"

তদুপৰি বংশগত কাৰণটো ডায়েবেটিছ হ'ব পাৰে অৰ্থাৎ পিতৃ-মাতৃৰ যদি ডায়েবেটিছ থাকে তেন্তে সন্তানৰো হোৱাৰ আশংকা আছে বুলি চিকিৎসকগৰাকীয়ে কয় ।

কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ? (IANS,Getty Images and ETV Bharat)

এই ৰোগ কিয় হয় ?

এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, "আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাকে ডায়েবেটিছ বা মধুমেহ বুলি কোৱা হয় । ডায়েবেটিছৰ কেইবাটাও প্ৰকাৰ আছে- ইয়াৰে ভিতৰত টাইপ ১, টাইপ ২ ডায়েবেটিছ, লাডা(Lada) আৰু মোদী ( MODY), জেষ্টেচনেল ডায়েবেটিছ অৰ্থাৎ গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ, লগতে অন্যান্য ৰোগৰ বাবে হোৱা ডায়েবেটিছ যেনে হৰম’ন সমস্যাৰ বাবে হোৱা আৰু অগ্নাশয়ৰ ডায়েবেটিছ আদি ।"

যেতিয়া এগৰাকী ব্য়ক্তি ডায়েবেটিছত আক্রান্ত হয় তেতিয়া ডায়েবেটিছৰ প্ৰকাৰ জনাটো খুবেই প্ৰয়োজন । কাৰণ প্ৰতিবিধ ডায়েবেটিছৰ চিকিৎসা ধৰণো বেলেগ বেলেগ বুলি কয় ডাঃ অমৰ্ত্য ভূঞাই ।

টাইপ ১ ডায়েবেটিছ :

শৰীৰৰ যিদৰে যকৃত আছে তেনেদৰে অগ্নাশয়ো আছে । অগ্নাশয়ৰ বিভিন্ন কোষবোৰে বিটা কোষত ইনচছুলিন প্ৰস্তুত কৰে । ইনছুলিনে আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । টাইপ ১ ডায়েবেটিছত সেই বিটা কোষ সম্পূৰ্ণৰূপে ধ্বংস কৰে । যাৰ ফলত শৰীৰে ইনছুলিন উৎপন্ন কৰিব নোৱাৰে । এই ক্ষেত্ৰত ৰোগীগৰাকীক ইনছুলিন প্ৰদান কৰিবলগীয়া হয় । এইটো হৈছে নিজৰ শৰীৰে নিজকে আক্রমণ কৰা ৰোগ ।

টাইপ ২ ডায়েবেটিছ :

ডাঃ অমৰ্ত্য ভূঞাই কয় যে এই প্ৰকাৰৰ ডায়েবেটিছত আক্রান্তৰ সংখ্যা বৰ্তমান সময়ত বেছিকৈ দেখা গৈছে । এই প্ৰকাৰৰ ডায়েবেটিছত অগ্নাশয়টো ঠিকেই থাকে অৰ্থাৎ ইনছুলিন ঠিক মতেই উৎপন্ন কৰে; কিন্তু সেই ইনছুলিনে আমাৰ শৰীৰৰ কোষবোৰত ঠিক মতে কাম কৰিব নোৱাৰে । অৰ্থাৎ ইনছুলিনৰ সংবেদনশীলতা ইমান নাথাকে ।

সেয়ে এই প্ৰকাৰৰ ডায়েবেটিছত প্ৰথম অৱস্থাত ইনছুলিনে ঠিক মতে কাম কৰিব নোৱাৰে বাবে অগ্নাশয়ে বেছি ইনছুলিন উৎপন্ন কৰে । যাৰ ফলত এটা পৰ্যায়ত 'হাইপাৰইনছুলিনেমিয়া' হয় আৰু সময়ৰ লগে লগে অগ্নাশয়ৰ সেই কোষবোৰ ধ্বংস হৈ যায় । যাৰ ফলত শৰীৰত ইনছুলিনৰ অভাৱ হয় ।

অন্যান্য কাৰণ :

এই ৰোগ হোৱাৰ আন কাৰণো আছে বুলি উল্লেখ কৰি ডাঃ ভূঞাই কয় যে আন কিছুমান কাৰণ যেনে ক্ৰ'ণিক পেনক্ৰিয়েটাইটিছৰ লগতে থাইৰয়ড, উচ্চ ৰক্তচাপ, হৰম'নৰ সমস্যাৰ বাবেও এই ৰোগ হ'ব পাৰে । আনহাতে কিছুমান দৰৱ যেনে ষ্টেৰয়ড আদি দীৰ্ঘদিন ব্যৱহাৰ কৰিলেও এই ৰোগ হোৱাৰ আশংকা থাকে ।

লাডা ডায়েবেটিছ কি ?

৩০ বছৰ বয়সৰ পূৰ্বে হোৱা ডায়েবেটিছক টাইপ ১ ডায়েবেটিছ আৰু ৩০ বা ৪০ বছৰ বয়সৰ পাছত হোৱা ডায়েবেটিছক টাইপ ২ ডায়েবেটিচ বুলি কোৱা হয় । লাডা ডায়েবেটিচ ৩০-৪০ বছৰ বয়সৰ পাছত হ'ব পাৰে । ৩০-৪০ বছৰ বয়সৰ পাছত টাইপ ১ৰ দৰে অগ্নাশয়োৰ কোষবোৰ ধ্বংস কৰি দিয়ে ।

মোদী ডায়েবেটিছ:

এয়া হৈছে কম বয়সতে হোৱা ডায়েবেটিছ । এইবিধ ডায়েবেটিছ হ'লে টাইপ ২ ডায়েবেটিছৰ দৰে আচৰণ কৰিব পাৰে।

খাদ্যাভ্যাসৰ বাবে ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে নেকি ?

এই প্ৰসংগত ডাঃ ভূঞাই কয় যে খাদ্যাভ্যাসৰ বাবে টাইপ ২ ডায়েবেটিছ হ'ব পাৰে । আধুনিক জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত জাংক ফুড, ফাষ্ট ফুডৰ প্ৰতি মানুহৰ আকৰ্ষণ বহু বাঢ়ি গৈছে । লগতে সময়ৰ লগে লগে মানুহৰ শৰীৰিক পৰিশ্ৰম বহু কম হৈছে । এইবোৰ কাৰণতেই এনে ৰোগত আক্রান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ।

আক্রান্তই ভাত খাব নে ৰুটি ?

ডায়েবেটিছত আক্রান্তৰ বাবে ৰুটি বেছি উপকাৰী; কিন্তু এইটো নহয় যে ভাতখোৱাত সম্পূৰ্ণৰূপে বাধা আছে । যদিহে ৰুটি খালে গেছ আদিৰ সমস্যা হয় তেন্তে ভাত খাব পাৰে; কিন্তু ভাতৰ পৰিমাণ সদায় জোখৰ মতে হ'ব লাগে । ১০০-১৫০ গ্ৰাম ভাতৰ লগতে চালাড খাব লাগে। আনহাতে ৰুটিৰ ক্ষেত্ৰতো দুখনতকৈ অধিক হ'ব নালাগে । লগতে ৰুটি সদায় ৰঙা আটাৰ খাব লাগে ।

মানসিক চাপ আৰু ডায়েবেটিছৰ সম্পৰ্ক :

মানসিক চাপৰ বাবেও ডায়েবেটিছ হ'ব পাৰে বুলি উল্লেখ কৰি ডাঃ অমৰ্ত্য ভূঞাই কয়," মানসিক চাপ আমাৰ জীৱনশৈলীৰে এটা অংগ । এগৰাকী ব্যক্তি দীৰ্ঘদিন ধৰি মানসিক চাপত থাকিলে আমাৰ শৰীৰত নিগেটিভ হৰম'নৰ মাত্ৰা বৃদ্ধি পায় । সেইবোৰ পৰ্যায় ক্ৰমে বৃদ্ধি হৈ এসময়ত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাব পাৰে । গতিকে মানসিক চাপৰ পৰা যিমান পাৰি নিজকে আঁতৰাই ৰাখিব লাগে । আনহাতে যদিহে এনেকুৱা এটা অৱস্থালৈ গতি কৰা যায় তেতিয়া নিজকে মানসিক চাপ মুক্তৰ দিশে লৈ যাব লাগে ।"

কোনবোৰ বিষয়ত গুৰুত্ব দিব ?

দিনটোৰ অন্তত আধা ঘণ্টা সময় এজন মানুহে শৰীৰৰ চৰ্চা কৰিব লাগে । এনেকুৱা কৰাৰ ফলত ষ্ট্ৰেছ হৰম'ন বহুখিনি হ্ৰাস পায় । ইয়াৰ ফলত ডায়েবেটিছ বা অন্যান্য ৰোগৰ পৰা উপশম হোৱাত সহায় হ'ব।

ইয়াৰোপৰি দৈনন্দিন জীৱনত আমি যি খাদ্য গ্ৰহণ কৰো সেইটোও যদি নিয়ন্ত্ৰণ কৰো অৰ্থাৎ জাংক ফুড আদি যদি গ্ৰহণ নকৰো তেতিয়াও বহুখিনি উপশম হ'ব ।

লগতে ধ্যান কৰাটো অতি প্ৰয়োজন । ধ্যান কৰাৰ ফলত বহু ৰোগৰ পৰাই উপশম হোৱাত সহায় হয়।

লগতে পঢ়ক:শৰীৰ সুস্থ ৰাখিবলৈ নিতৌ কোনবোৰ খাদ্য গ্ৰহণ কৰিব ?

খাদ্য়াভ্য়াস-পৰিৱৰ্তিত জীৱনশৈলীয়ে শিশুৰ টাইপ ২ মধুমেহ কেনেদৰে বৃদ্ধি কৰিছে ?

ডায়েবেটিছ সম্পৰ্কে ইটিভি ভাৰতৰ ৰাষ্ট্ৰীয় সজাগতামূলক অভিযান