ETV Bharat / health

কিয় মানৱ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগে, প্ৰতিকাৰ কি ?

আমাৰ বৃক্ক ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত ? দৈনিক কিমান পৰিমাণৰ পানী খাব লাগে ? জনালে জনালে বৃক্ক ৰোগ বিশেষজ্ঞই ।

Why do kidney diseases occur and how can their treatment be improved
কিয় মানৱ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 3, 2026 at 5:48 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: আধুনিক জীৱনশৈলীয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে দৈনন্দিন জীৱনত । বিশেষকৈ আধুনিক জীৱনশৈলীয়ে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । শৰীৰৰ অন্যান্য অংগসমূহৰ সমান্তৰালভাৱে আধুনিক জীৱনশৈলীয়ে ব্যাপক প্ৰভাৱ পেলাইছে মানৱ শৰীৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ বৃক্কত । খাদ্যশৈলীৰ বাবেই সাধাৰণতে বিভিন্ন ক্ষেত্ৰত বৃক্কৰ ৰোগৰ উদ্ভৱ হোৱা দেখা গৈছে ।

বৃক্ক ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি ? কেনেকৈ বৃক্ক শক্তিশালী তথা ৰোগ প্ৰতিৰোধী কৰি ৰাখিব পাৰি ? এই সন্দৰ্ভত আমি কথা পাতিছিলোঁ বৃক্ক ৰোগ বিশেষজ্ঞ ডাঃ তনু ৰেখা হাজৰিকাৰ সৈতে । বিশিষ্ট চিকিৎসকগৰাকীয়ে এই সন্দৰ্ভত জনালে বিশদভাৱে । তনু ৰেখা হাজৰিকাই কয়, "আমাৰ খাদ্যৰ ওপৰত আমাৰ বৃক্ক দুটা বিশেষকৈ নিৰ্ভৰশীল । আমি যিয়ে খাদ্য গ্ৰহণ নকৰোঁ কিয়, সেইয়া বৃক্কৰ দ্বাৰা পৰিশোধন হয় ।"

কিয় মানৱ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগে ? (ETV Bharat Assam)

লগতে তেওঁ কয়,"বৰ্তমানৰ প্ৰজন্মই সহজে উপলব্ধ যিবোৰ খাদ্য অৰ্থাৎ জাংক ফুড আদিৰ প্ৰতি বেছি আকৃষ্ট হোৱা পৰিলক্ষিত হয় । আনহাতে সময়ৰ অভাৱৰ বাবে অনলাইন মাধ্যমৰ জড়িতেও খাদ্য অৰ্ডাৰ কৰাও দেখা যায় । কিন্তু এনেদৰে খাদ্য গ্ৰহণ কৰাৰ যিটো অভ্যাস সেইটো আমাৰ স্বাস্থ্যৰ বাবে খুৱেই হানিকাৰক । আনহাতে চিপচ, বাৰ্গাৰ, পিজ্জা আদিত কাৰ্বহাইড্ৰেট যথেষ্ট পৰিমাণে থাকে যিটো আমাৰ বৃক্কৰ বাবে উপযোগী নহয় । লগতে কাৰ্বনেটেডযুক্ত পানীয়বোৰো আমাৰ বৃক্কৰ বাবে উপযোগী নহয় ।"

আমাৰ বৃক্ক ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত:

  1. আমি সদায় সুষম আহাৰ গ্ৰহণ কৰিব লাগে
  2. যথেষ্ট পৰিমানে ফল খাব লাগে
  3. মাছ-মাংসৰ পৰা লাভ কৰা প্ৰটিনতকৈ বেছি বুট, ৰাজমা, মটৰ, বিন আদিৰ দৰে শাক-পাচলিৰ পৰা লাভ কৰা প্ৰটিনযুক্ত খাদ্য বেছিকৈ গ্ৰহণ কৰিব লাগে ।
  4. নিমখ যথেষ্ট কম পৰিমাণে খাব লাগে
  5. চেনীৰ পৰিমাণো কমকৈ খাব লাগে, কাৰণ ডায়েবেটিচৰ ফলত আমাৰ শৰীৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হয় ।
  6. প্ৰচুৰ পৰিমাণে পানী খাব লাগে

আমি দৈনিক কিমান পৰিমাণৰ পানী খাব লাগে:

ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বৰ্তমান সময়ত বহুতৰে ক্ষেত্ৰত পানী খোৱাৰ যি পৰিমাণ সেইয়া যথেষ্ট পৰিমাণে কম হোৱা পৰিলক্ষিত হয় । যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হোৱা পৰিলক্ষিত হয় । স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে দৈনিক আমি ২-৩ লিটাৰ পানী বা নূন্যতম ৮-১০ গিলাচ পানী খাব লাগে । ডেৰৰ পৰা দুই লিটাৰ প্ৰস্ৰাৱ কৰাটো অতি প্ৰয়োজন ।

দীৰ্ঘসময় ধৰি প্ৰস্ৰাৱ ৰখাই থকাটো কিমান গ্ৰহণযোগ্য:

দীৰ্ঘসময় ধৰি প্ৰস্ৰাৱ ৰখাই থকাটো ভাল কথা নহয় । ই আমাৰ বৃক্কত প্ৰভাৱ পেলাই । সেইয়ে পৰাপক্ষত প্ৰস্ৰাৱ ৰখাই থ'ব নালাগে ।

লগতে পঢ়ক: পুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা অনুভৱ হয় নেকি ? ইয়াৰ কাৰণ কি ?

নিউয়ৰ্ক ফেশ্বন উইকলৈ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত