ETV Bharat / health

যৌন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যকোষ মুকলি

২০১০ চনৰ পৰা সংগৃহীত তথ্য়ৰ ওপৰত ভিত্তি কৰি মুকলি কৰা হৈছে এই তথ্য় ।

SEXUALLY TRANSMITTED INFECTIONS
যৌন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যকোষ মুকলি (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 5:11 PM IST

3 Min Read
Choose ETV Bharat

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে যৌন সংক্ৰামক ৰোগ (এছটিআই)ৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত এক নতুন বিশ্বব্যাপী তথ্যকোষ মুকলি কৰিছে । ২০১০ চনৰ পৰা সংগৃহীত তথ্য়ৰ ওপৰত ভিত্তি কৰি বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্যকোষ মুকলি কৰে ।

কম আৰু মধ্যম আয়ৰ দেশসমূহৰ পৰা একত্ৰিত, মানক আৰু গুণগত মান নিশ্চিত যৌন সংক্ৰামক ৰোগ প্ৰাদুৰ্ভাৱৰ তথ্যৰ ওপৰত ভিত্তি কৰিয়েই এই তথ্য়কোষ প্ৰকাশ কৰা হৈছে । এনে ৰোগৰ সৈতে জড়িত নিৰ্ভৰযোগ্য দেশ আৰু জনসংখ্যা-নিৰ্দিষ্ট তথ্য লাভৰ ক্ষেত্ৰত দীৰ্ঘদিনধৰি প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে । বিভিন্ন উৎসৰ পৰা প্ৰকাশিত আৰু অপ্ৰকাশিত প্ৰমাণ দুয়োটাকে একে একত্ৰিত কৰা হৈছে ।

উল্লেখ্য় যে বৰ্তমান এই তথ্যকোষ সংগ্ৰহ কৰোতে পাঁচটা এনেৰোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । ক্ল’মাইডিয়া, গনোৰিয়া, হাৰপিছ ছিমপ্লেক্স ভাইৰাছ টাইপ ২, চিফিলিছ আৰু ট্ৰাইক’ম’নিয়াছিছ অন্তৰ্ভুক্ত কৰা হৈছে যদিও পৰৱৰ্তী সময়ত এই ৰোগৰ তথ্য় সংগ্ৰহৰ সংখ্য়াৰ সম্প্ৰসাৰণ আৰু বিকশিত হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য় যে ২০২৬ৰ জুনলৈকে ইয়াত ৭৬৬টা অধ্যয়ন আৰু ২৪৫৩টা প্ৰাদুৰ্ভাৱৰ তথ্য সন্নিবিষ্ট কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এইচআইভি, টিবি, হেপাটাইটিছ আৰু এছটিআই বিভাগৰ সঞ্চালিকা ডাঃ টেৰেজা কাছায়েভাই কয়," বিভিন্ন জনসংখ্যা আৰু পৰিৱেশত যৌন সংক্ৰমণৰ বোজা বুজি পোৱাৰ ক্ষেত্ৰত এই তথ্য়কোষ আমাৰ ক্ষমতাৰ প্ৰথমটো ডাঙৰ পদক্ষেপ বুলিয়ে ক'ব পাৰি । আমি দেশ আৰু অংশীদাৰসকলক লক্ষ্য নিৰ্ধাৰণ কৰাত সহায়ৰহাত আগবঢ়াবলৈ এই তথ্যসমূহ মুকলিকৈ সুলভ কৰিছো । তদুপৰি এছটিআইৰ বিশ্বব্যাপী প্ৰভাৱ হ্ৰাস কৰাৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ প্ৰয়োজনীয় প্ৰমাণেৰে উপস্থাপন কৰিছো ।”

তথ্যসমূহ গৰ্ভৱতী মহিলা, কিশোৰী, মূল জনসংখ্যা, যৌনকৰ্মী় আৰু এছটিআই ক্লিনিকত উপস্থিত থকাসকলৰ মাজত ঘৰুৱা জৰীপ আৰু অধ্যয়নকে ধৰি বহুতো পৰিৱেশ আৰু জনসংখ্যাৰ পৰা সংগ্ৰহ কৰা হৈছে । তদুপৰি লগতে কেছ-কণ্ট্ৰল অধ্যয়নৰ ভিত্তিতো এই তথ্য আহৰণ কৰা হৈছে । গুণগত মান নিশ্চিত কৰিবলৈ তথ্যকোষত অন্তৰ্ভুক্ত কৰা তথ্যসমূহ স্পষ্টভাৱে নিৰ্ধাৰিত জনসংখ্যাৰ গোট, পৰ্যাপ্ত পদ্ধতিগত বিৱৰণ, ২০১০ বা তাৰ পিছত সংগ্ৰহ কৰা বেছিভাগ নমুনা । এয়া কমেও ১০০ টা নমুনাৰ আকাৰৰ অধ্যয়নৰ পৰা লোৱা হৈছে ।

এই তথ্য়কোষৰ জৰিয়তে সাধাৰণ আৰু অধিক বিপদজনক জনসংখ্যা উভয়ৰে মাজত এছটিআই মহামাৰীবিজ্ঞানৰ বিষয়ে বুজি পোৱাত সহয়ক হ'ব । নতুন অধ্যয়নসমূহ প্ৰকাশ আৰু পৰ্যালোচনা কৰাৰ লগে লগে তথ্য়কোষত শেহতীয়া প্ৰমাণসমূহ প্ৰতিফলিত কৰিবলৈ আপডেট কৰা হ’ব ।তদুপৰি জনস্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰাসংগিক হৈ থকাটো নিশ্চিত কৰিবলৈ অতিৰিক্ত এছটিআইসমূহ সামৰি ল’বলৈ পৰিসৰ সম্প্ৰসাৰিত কৰা হ’ব ।

নীতি নিৰ্ধাৰক, ৰাষ্ট্ৰীয় কাৰ্যসূচী, গৱেষক, উদ্যোগ, সম্প্ৰদায় সংস্থা আৰু এছটিআইৰ সৈতে জড়িত উন্নত তথ্য বিচৰা পুঁজি প্ৰদানকাৰী সংস্থাসমূহৰ উদ্দেশ্য এই তথ্য়কোষ মুকলি কৰা হৈছে ।

উৎস:

https://data.who.int/dashboards/sti-prevalence-atlas/overview

সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:বিশ্ব জুন'টিক দিৱস: ক’ভিড-১৯, জলাতংক, বাৰ্ড ফ্লুৰ মাজত আছে সাদৃশ্য়

পিতৃয়ে মদ্যপান কৰিলে ভ্ৰুণৰ বিকাশ-শাৰীৰিক গঠনত হ'ব পাৰে বিসংগতি