ETV Bharat / health

শিশুৰ বৃক্কত হোৱা পাথৰ; এইকেইটা লক্ষণ নকৰিব আওকান

জন্মগত বিসংগতি, বংশগত কাৰক, জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস, ভিটামিনৰ অভাৱৰ বাবে হয় এই ৰোগ...

children kidney stones
শিশুৰ বৃক্কত হোৱা পাথৰ (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : August 2, 2026 at 3:57 PM IST

6 Min Read
Choose ETV Bharat

কিছু বছৰ আগলৈকে বৃক্ক (কিডনী)ৰ পাথৰ কেৱল বয়স্ক লোকৰ ৰোগ বুলি ভবা হৈছিল যদিও আজিকালি শিশু আৰু প্ৰাপ্তবয়স্ক উভয়েই আক্ৰান্ত হৈছে । জন্মগত বিসংগতি, বংশগত কাৰক, জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস, ভিটামিনৰ অভাৱ আৰু দুৰ্বল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এনে সমস্যাই গা কৰি উঠে ।

যদিও শিশু আৰু প্ৰাপ্তবয়স্কৰ বৃক্কৰ পাথৰ মূলতঃ একে,তথাপি বিশেষজ্ঞসকলে কয় যে শিশুৰ এই অৱস্থা নিৰ্ণয় কৰাটো সামান্য় কঠিন হ’ব পাৰে । শিশুৱে প্ৰায়ে বিষৰ স্থান আৰু কাৰণ নিৰ্ণয় কৰিব নোৱাৰে । সেইবাবে নিৰ্ণয় কৰোতে সমস্য়াৰ সৃষ্টি হয় । শিশুৰ বৃক্কত পাথৰ হোৱাৰ লক্ষণ কি আৰু ইয়াৰ ফলত কেনে জটিলতাৰ সৃষ্টি হ'ব পাৰে ?

শিশুৰ বৃক্কত হোৱা পাথৰৰ লক্ষণ:

  • পিঠি, কাষ, পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ
  • প্ৰস্ৰাৱত গোলাপী, ৰঙা বা বাদামী ৰঙৰ তেজ ওলায়
  • সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা
  • প্ৰস্ৰাৱ কৰোতে বিষ অনুভৱ হয়
  • প্ৰস্ৰাৱ কৰিব নোৱাৰা বা অতি কম প্ৰস্ৰাৱ
  • ধোঁৱা বৰণ বা দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱ হয়
  • সৰু ল’ৰা-ছোৱালী খিংখিঙীয়া হ'ব পাৰে
children kidney stones
শিশুৰ বৃক্কত হোৱা পাথৰ (GETTY IMAGES/ETV Bharat)

নেশ্য়নেল কিডনী ফাউণ্ডেচনৰ মতে, যদি কোনো শিশুৱে এই লক্ষণসমূহৰ এটাও অনুভৱ কৰে, তেন্তে তেওঁলোকে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত । এই লক্ষণসমূহ বৃক্কত পাথৰ বা অধিক গুৰুতৰ অৱস্থাৰ বাবে হ’ব পাৰে । বৃক্কৰ পাথৰৰ বিষ অলপ সময় বা মাজে মাজে হোৱা দেখা যায় । বিষৰ লগতে শিশুৱে তলত দিয়া জটিলতাও অনুভৱ কৰিব পাৰে।

  • বমি বমি ভাব
  • বমি হোৱা
  • আন লক্ষণসমূহ হ’ল...
  • জ্বৰ
  • ঠাণ্ডা অনুভৱ হোৱা

জটিলতাঃ

বিশেষজ্ঞসকলে কয় যে বৃক্কত পাথৰ হ’লে আন জটিলতাও হ’ব পাৰে । মেডলাইন প্লাছৰ মতে, এই পাথৰবোৰে প্ৰস্ৰাৱৰ নলী বন্ধ কৰাৰ ফলত পিছলৈ প্ৰস্ৰাৱৰ প্ৰবাহ আৰু হাইড্ৰ’নেফ্ৰ’ছিছ (বৃক্ক ফুলা) হোৱাৰ আশংকা থাকে । এই অৱস্থাই অৱশেষত বৃক্কৰ ক্ষতি কৰিব পাৰে । বিশেষজ্ঞসকলে কয় যে যদি মূত্ৰাশয়ত প্ৰস্ৰাৱ দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকে তেন্তে ইয়াৰ ফলত চিষ্টাইটিছ (এটা দীৰ্ঘদিনীয়া সংক্ৰমণ) হ’ব পাৰে । তদুপৰি প্ৰস্ৰাৱ নলী সংকুচিত হ’লে আন অংগৰ সৈতে সংযুক্ত ফিষ্টুলা সৃষ্টি হোৱাৰ আশংকাও থাকে ।

এই ৰোগৰ কাৰণ :

বিশেষজ্ঞসকলে কয় যে জন্মগত বৃক্কৰ বিসংগতি, জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস, ভিটামিনৰ অভাৱ আদি বিভিন্ন কাৰণত বৃক্কৰ পাথৰ হ’ব পাৰে । অধিক জানক...

children kidney stones
শিশুৰ বৃক্কত হোৱা পাথৰ; এইকেইটা লক্ষণ নকৰিব আওকান (GETTY IMAGES/ETV Bharat)

বংশগত:

বিশেষজ্ঞসকলে কয় যে কিছুমান মানুহৰ ক্ষেত্ৰত বংশগত কাৰণত প্ৰস্ৰাৱত চিষ্টিনৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ ফলত পাথৰ সৃষ্টি হ’ব পাৰে ।

প্ৰস্ৰাৱ ধৰি ৰখা:

বিশেষজ্ঞসকলে কয় যে কিছুমান মানুহে বিভিন্ন কাৰণত দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰাখে । এইদৰে প্ৰস্ৰাৱ ধৰি ৰাখিলে সংক্ৰমণ হ’ব পাৰে । এই অভ্যাসৰ ফলত শৰীৰত নিমখ জমা হয় বুলিও তেওঁলোকে সকীয়াই দিয়ে। এই দুয়োটাৰ ফলত বৃক্কত পাথৰ হ’ব পাৰে।

ডিহাইড্ৰেচন:

শিশুৱে প্ৰায়ে নিজৰ কামত নিমগ্ন হ'লে পানী খাবলৈ পাহৰি যায় । ইয়াৰ ফলত ডিহাইড্ৰেচন (শৰীৰত পানীৰ অভাৱ) হ’ব পাৰে । ইয়াৰ ফলত প্ৰস্ৰাৱ ঘনীভূত হৈ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি:

বিশেষজ্ঞসকলে কয় যে পশুৰ প্ৰ'টিনত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে বাবে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায় আৰু প্ৰস্ৰাৱ অধিক এচিডিক হয়। ফলত ইউৰিক এচিড দ্ৰৱীভূত হ’ব নোৱাৰে আৰু ই স্ফটিকীয় হৈ বিষাক্ত পাথৰ সৃষ্টি কৰিব পাৰে।

অত্যধিক নিমখ খোৱা:

আজিকালি জাংক ফুডৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে ।বিশেষজ্ঞসকলৰ মতে এই খাদ্যসমূহত অধিক পৰিমাণে ছডিয়াম (নিমখ) থাকে । ছডিয়ামে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হ’ব পাৰে ।

মূত্ৰনলী সংকীৰ্ণ হোৱা :

বিশেষজ্ঞসকলে কয় যে জন্মতে কিছুমান লোকৰ মূত্ৰনলী সংকীৰ্ণ হয়। আন কিছুমানৰ মতে বৃক্ক আৰু প্ৰস্ৰাৱৰ সংযোগস্থলত বন্ধ হোৱাৰ ফলত প্ৰস্ৰাৱৰ প্ৰবাহত বাধাৰ সৃষ্টি হয় । ফলত সময়ৰ লগে লগে প্ৰস্ৰাৱ জমা হৈ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় আৰু সেয়েহে পাথৰ সৃষ্টি হ’ব পাৰে ।

মেদবহুলতা :

বিশেষজ্ঞসকলে কয় যে মেদবহুলতাৰ ফলত ইনছুলিন প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয় আৰু প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে ।

ঔষধঃ

পূৰ্বৰ কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে গ্লুকোকৰ্টিক’ইড, এন্টাচিড, এচিটাজ’লামাইড আদি ঔষধেও পাথৰ সৃষ্টি কৰিব পাৰে।

মেৰুদণ্ডৰ সমস্যা:

বিশেষজ্ঞসকলে কয় যে যেতিয়া শিশুৰ জন্মতে মেৰুদণ্ডৰ সমস্যা (যেনে স্পাইনা বিফিডা বা স্পাইনেল ডিছৰাফিজম) হয়, তেতিয়া মূত্ৰাশয় নিয়ন্ত্ৰণ কৰা স্নায়ুবোৰে সঠিকভাৱে কাম নকৰে। ফলত মূত্ৰাশয় সম্পূৰ্ণ খালী নহ’ব পাৰে । তদুপৰি প্ৰস্ৰাৱ বন্ধ হৈ থাকিলেও পাথৰ সৃষ্টি হ’ব পাৰে ।

ভিটামিন 'এ'ৰ অভাৱ:

ভিটামিন 'এ'ৰ অভাৱত মূত্ৰাশয়ত পাথৰ সৃষ্টি হয় । বিশেষজ্ঞসকলে কয় যে এনে অৱস্থাত মূত্ৰাশয়ৰ ভিতৰৰ আৱৰণ পাতল হৈ পৰে। যদি এই আৱৰণৰ এটা টুকুৰা আবদ্ধ হৈ পৰে, তেন্তে ইয়াৰ চাৰিওফালে আৱৰ্জনা জমা হোৱাৰ ফলত পাথৰ হয় ।

খাদ্যৰ পৰিৱৰ্তন:

হাৰ্ভাৰ্ড হেল্থ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত অধিক পানী আৰু তৰল পদাৰ্থ খোৱাৰ পৰামৰ্শ আগবঢ়াইছে । বিশেষজ্ঞসকলে শীতল পানীয় পৰিহাৰ কৰাৰো পৰামৰ্শ দিয়ে । বৃক্কত পাথৰ হোৱাৰ আশংকা বেছি থকা শিশুৱে বিলাহী, কবি আদি খাদ্য কমকৈ খাব লাগে ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

নিদ্ৰাহীনতাঃ শৰীৰ-মনৰ পৰা দেশৰ অৰ্থনীতিলৈ প্ৰত্য়াহ্বান

বৰ্ষা ঋতুত ইউটিআই; দীৰ্ঘ সময় প্ৰস্ৰাৱ নকৰিলে হ'ব পাৰে বিপদ