ডায়েবেটিছত আক্ৰান্তৰ খাদ্য তালিকা কেনে হ'ব লাগে ? কি কয় ডায়েবেটোল'জিষ্টে
ডায়েবেটিছত আক্ৰান্তই আলু দেখিলেই শংকিত হয় কিয় ? ভাত নে ৰুটি খাব ?

Published : April 12, 2026 at 7:42 PM IST
গুৱাহাটী: ডায়েবেটিছত আক্ৰান্ত বুলি জ্ঞাত হোৱাৰ পিচতেই প্ৰায়ভাগ ৰোগীয়েই দুশ্চিন্তাত ভূগিব ধৰে । এই ৰোগ হোৱা মানে মুখখন চম্ভালিব লাগিব । কাৰণ চকুৰ সন্মুখত দেখা বা থালত দিয়া সকলো খাদ্য় খালে হ'ব বিপদ । মানে শৰ্কৰা বৃদ্ধিৰ আশংকা । সেইবাবে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পিচত খাদ্য় গ্ৰহণৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত ।
এনে ৰোগীয়ে আলু দেখিলেই শংকিত হয় । বহুতে আকৌ ভাত কমকৈ খায় । নিশা ভাতৰ পৰিৱৰ্তে খায় ৰুটি । ফল-মূল খাব পাৰি বাবে বেছিকৈ খায় । ইয়াৰ বিপৰীতে শাক-পাচলি কম পৰিমানে গ্ৰহণ কৰিছে । এনে ৰোগীয়ে দৰাচলতে কেনে খাদ্য় আৰু কিমান পৰিমানে খাব লাগে ? এই সন্দৰ্ভত ইটিভি ভাৰতক সবিশেষ জনালে ডায়েবেটোল'জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে ।
ডায়েবেটিছ ৰোগীসকলে চিকিৎসকৰ ওচৰলৈ আহিলেই প্ৰথমতে ৰোগীয়ে কেনে খাদ্য় গ্ৰহণ কৰিছে বা দীৰ্ঘদিনৰ পৰা আহাৰ গ্ৰহণ কৰাৰ পদ্ধতিৰ বিষয়ে খৰচি মাৰি জানিব লাগে বুলি কয় ডাঃ নাছিমুৰ ৰিয়াজে ।
ডায়েবেটোল'জিষ্টগৰাকীয়ে পুনৰ কয় যে ৰোগীয়ে সদায় এটা প্ৰশ্ন বেছিকৈ কৰে আৰু সেইটো হৈছে কি খাদ্য তেওঁলোকে খাব ? চিকিৎসকগৰাকীয়ে উল্লেখ কৰা অনুসৰি বহু বছৰ ধৰি ডায়েবেটিছত আক্রান্ত হৈ থকা ৰোগী যেতিয়া চিকিৎসকৰ ওচৰলৈ আহে, তেতিয়া তেওঁলোকেও এই প্ৰশ্ন কৰে । বহুতে আকৌ কেনে খাদ্য় খাব লাগে তাৰ ওপৰত গুৰুত্বই প্ৰদান নকৰে ।
খাদ্যক লৈ ৰোগী সদায় চিন্তিত কিয় ?
ডায়েবেটিছত আক্ৰান্ত ৰোগীসকলে কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে বুলি প্ৰশ্ন কৰাত ডাঃ ৰিয়াজে কয়, "ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট খাদ্যৰ তালিকা নাথাকে । তেওঁলোকৰ খাদ্যত প্ৰ'টিন, চৰ্বিৰ লগতে কাৰ্বোহাইড্ৰেটো থাকিব লাগে । অৱশ্যে সৰল কাৰ্বোহাইড্ৰেটৰ সলনি জটিল কাৰ্বোহাইড্ৰেট হ'ব লাগে । সৰল কাৰ্বোহাইড্ৰেট সহজে আৰু দ্ৰুতভাৱে শৰীৰত মিহলি হৈ তেজৰ গ্লুকোজৰ স্তৰ তৎক্ষণাৎ বৃদ্ধি হয় । সেয়ে ৰোগীগৰাকীয়ে জটিল কাৰ্বোহাইড্ৰেট গ্ৰহণ কৰিব লাগে । জটিল কাৰ্বোহাইড্ৰেট হজম কৰিবলৈ শৰীৰে কষ্ট কৰিব লাগে ।"

উচ্চতা হিচাপত কেলৰি গ্ৰহণ কৰিব লাগে :
লগতে চিকিৎসকগৰাকীয়ে কয়, "সকলো মানুহৰে উচ্চতাৰ হিচাপত ওজন থাকে । এগৰাকী ডায়েবেটিছত আক্ৰান্তই তেওঁৰ উচ্চতা হিচাপত কেলৰি গ্ৰহণ কৰিব লাগে । তেনেদৰে ৰোগীগৰাকীয়ে প্ৰ'টিন, চৰ্বিৰ লগতে কাৰ্বোহাইড্ৰেট মিহলাই তেওঁৰ খাদ্যৰ তালিকাখন প্ৰস্তুত কৰি ল'ব পাৰে ।"
ভাত খাব নে ৰুটি খাব ?
ডায়েবেটোল'জিষ্ট ডাঃ ৰিয়াজে কয়, "কিছুমান অভ্য়াস আমি সহজে পৰিৱৰ্তন কৰিব নোৱাৰো । হাৰিয়ানা, দিল্লী আদি ৰাজ্য়ৰ মানুহে ৰুটি খায় । সেইবোৰ ৰাজ্য়তো ইমান ডায়েবেটিছত আক্ৰান্তৰ সংখ্য়া বাঢ়িছে জানো ? খাদ্যৰ তালিকাত ৰোগীগৰাকীয়ে ভাত খাব নে ৰুটি খাব এই সন্দৰ্ভতো বহুতেই প্ৰশ্ন কৰে । বহুতে এইটো ধাৰণা কৰি লয় যে ডায়েবেটিছত আক্ৰান্তই ভাত খাব নোৱাৰে; কিন্তু এয়া শুদ্ধ নহয় । এনে ৰোগীয়ে তেওঁৰ শৰীৰৰ প্ৰয়োজন অনুসৰি ভাত খাব পাৰে । অৱশ্যে ভাত প্ৰচাৰ কুকাৰত বনোৱাৰ পৰিৱৰ্তে চচপেন বা কেৰাহীত ৰান্ধিব লাগে । চাউলৰ ক্ষেত্ৰত ব্ৰাউন ৰাইচ বা উখোৱা চাউলটো খালে ভাল ।"
মাটিৰ তলৰ বস্তু খাব নোৱাৰে নেকি ?
ডায়েবেটিছত আক্ৰান্তৰ ক্ষেত্ৰত মাটিৰ তলৰ পাচলি বা আলুৰ খোৱাৰ ক্ষেত্ৰত প্ৰশ্ন কৰে । এনে ৰোগীয়ে মাটিৰ তলৰ পাচলি খোৱাত কোনো বাধা নাথাকে । আনকি তেওঁলোকে আলুও খাব পাৰে । কেৱল আলু খালে সেইটো উতলাই পানীখিনি পেলাই দিব লাগে আৰু মিক্স তৰকাৰী, মাছ, মাংসৰ জোলত মিহলাই খাব পাৰে । সাধাৰণতে আমি যেতিয়া ভাত খাওঁ, আমাৰ কাঁহীখনত ৭০-৮০ শতাংশ ভাত থাকে । দাইল, পাচলি আদি কম থাকে । ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ২৫-৩০ শতাংশহে কাৰ্বোহাইড্ৰেট হ'ব লাগে । ৩০-৫০ শতাংশহে প্ৰ'টিন হ'ব লাগে আৰু ২০-২৫ শতাংশ চালাড খাব লাগে । লগতে ফাষ্টফুডো সমানে ক্ষতিকাৰক । ফাষ্টফুডৰ সলনি ঘৰুৱা খাদ্য গ্ৰহণ কৰিব লাগে । প্ৰচুৰ পৰিমানে শাক-পাচলি খাব লাগে ।"
লগতে পঢ়ক: নীৰৱ ঘাতক ! মানসিক চিন্তা আৰু ডায়েবেটিছৰ আছে নে সম্পৰ্ক ?

