ETV Bharat / health

সুস্থ শৰীৰৰ বাবে কেনেধৰণৰ তেল খাদ্যত ব্যৱহাৰ কৰিব ?

অতিৰিক্ত তেল খালেই বিপদ ! সেয়েহে সংপৃক্ত চৰ্বিৰ তুলনাত অসংপৃক্ত চৰ্বি থকা তেল বেছিকৈ ব্যৱহাৰ কৰিব লাগে ।

What kind of oil should be used in food for a healthy body?
সুস্থ শৰীৰৰ বাবে কেনেধৰণৰ তেল খাদ্যত ব্যৱহাৰ কৰিব লাগে ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 12:32 PM IST

5 Min Read
Choose ETV Bharat

দিপাঞ্জলী শৰ্মা

গুৱাহাটী: খাদ্য় প্ৰস্তুত কৰোতে ৰন্ধন তেল ব্যৱহাৰ কৰা হয় । যিহেতু শৰীৰ সুস্থ কৰি ৰাখিবলৈ চৰ্বিৰ প্ৰয়োজন, সেয়েহে খাদ্য় প্ৰস্তুত কৰোতে তেল ব্য়ৱহাৰ কৰিবই লাগিব । পিছে আমি নিতৌ ব্য়ৱহাৰ কৰা সকলো তেলেই স্বাস্থ্য সন্মত নে ?

এগৰাকী সুস্থ ব্য়ক্তিয়ে সদায় কিমান পৰিমাণৰ তেল খাব লাগে সেয়া বহুতেই জ্ঞাত নহয় । অতিৰিক্ত তেল খোৱাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে । সেইবাবে আমি খাদ্য় প্ৰস্তুত কৰোতে কেনেধৰণৰ তেল ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে সকলোৱে জানিব লাগে । তেলত সংপৃক্ত চৰ্বি আৰু অসংপৃক্ত চৰ্বি থাকে । এনে চৰ্বিয়ে আমাৰ শৰীৰৰ কেনেধৰণৰ প্ৰভাৱ পেলাই সেই বিষয়ে ইটিভি ভাৰতক ব্যাখ্যা কৰিলে হৃদৰোগ বিশেষজ্ঞ ডাঃ বিবেক থাপাই ।

সুস্থ শৰীৰৰ বাবে কেনেধৰণৰ তেল খাদ্যত ব্যৱহাৰ কৰিব লাগে ? (ETV Bharat)

বৰ্তমান সময়ত পৰিৱৰ্তিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰোকৰ আশংকা । অত্যধিক তেল, ফাষ্টফুড, মেদবহুলতা, ধূমপান, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আদি ইয়াৰ অন্যতম কাৰক ।

তেলে হৃদযন্ত্ৰত কেনে প্ৰভাৱ পেলায় ?

খাদ্যত ব্যৱহাৰ হোৱা তেলেও আমাৰ হৃদযন্ত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ এই সন্দৰ্ভত হৃদৰোগ বিশেষজ্ঞ ডাঃ থাপাই কয়,"আমি খাদ্য় প্ৰস্তুত কৰোতে যি তেল ব্যৱহাৰ কৰো তাত সাধাৰণতে সংপৃক্ত আৰু অসংপৃক্ত চৰ্বি থাকে । বজাৰত যিহেতু বৰ্তমান বিভিন্ন ধৰণৰ তেল উপলব্ধ সেই সকলোবোৰ তেলতে সংপৃক্ত আৰু অসংপৃক্ত চৰ্বিৰ মাত্ৰা বেলেগ বেলেগ ধৰণে থাকে । নিজকে সুস্থ কৰি ৰখাৰ লগতে তেলৰ দ্বাৰা যাতে আমাৰ হৃদযন্ত্ৰত কোনো প্ৰভাৱ নপৰে তাৰ বাবে সদায় খাদ্য প্ৰস্তুত কৰোতে সংপৃক্ত চৰ্বিৰ তুলনাত অসংপৃক্ত চৰ্বি থকা তেল বেছিকৈ ব্যৱহাৰ কৰিব লাগে ।"

কেনে তেল ব্য়ৱহাৰ কৰিব ?

নিতৌ কেনেধৰণৰ তেল ব্য়ৱহাৰ কৰিব লাগে সেইবিষয়েও উল্লেখ কৰি ডাঃ থাপাই কয়, "এইক্ষেত্ৰত ছানফ্লাৱাৰ, অলিভ অইল, বাদামৰ তেল, ৰাইচ ব্ৰেণ্ড তেল ব্যৱহাৰৰ কৰিব পাৰে । এইসমূহ তেলত অসংপৃক্ত চৰ্বিৰ মাত্ৰ বেছি থাকে । আনহাতে অন্য তেল যেনে পাম অইল, নাৰিকলৰ তেলত প্ৰায় ৫০ % ৰ পৰা ৯০ % সংপৃক্ত চৰ্বি থাকে । যিহেতু সংপৃক্ত চৰ্বি আমাৰ শৰীৰৰ বাবে উপযোগী নহয়, সেই বাবে যিমান পাৰে সিমান এই তেল সেৱন কৰিব নালাগে ।"

সংপৃক্ত-অসংপৃক্ত চৰ্বি :

অসংপৃক্ত চৰ্বি হৈছে এক স্বাস্থ্যকৰ চৰ্বি । এই চৰ্বিয়ে যি সাধাৰণতে কোঠাৰ উষ্ণতাত তৰল অৱস্থাত থাকে । ইয়াৰ অণুসমূহত এক বা একাধিক দ্বি-বন্ধনী থাকে । এই চৰ্বিয়ে শৰীৰৰ বেয়া ক’লেষ্টৰেল অৰ্থাৎ এলডিএল হ্ৰাস কৰাত সহায় কৰে । হৃদযন্ত্ৰ সুস্থ ৰখাতো এই অসংপৃক্ত চৰ্বিয়ে সহায় কৰে । অসংপৃক্ত চৰ্বিৰ উৎস হৈছে জলফাই তেল, সূৰ্যমুখী তেল আৰু অন্যান্য উদ্ভিদজাত তেল, বাদাম আৰু বীজ যেনে - কাজু, বাদাম, তেলাল মাছ আদি ।

সংপৃক্ত চৰ্বি হৈছে এক প্ৰকাৰৰ খাদ্যপ্ৰাণ চৰ্বি । এই চৰ্বিৰ অণুসমূহত কাৰ্বনৰ মাজত কোনো দ্বি-বন্ধনী নাথাকে। সাধাৰণ উষ্ণতাত এইবোৰ টান বা কঠিন অৱস্থাত থাকে । ইয়াৰ উদাহৰণ হৈছে মাখন, গাখীৰ আৰু পনীৰ, ঘী, ডালডা, নাৰিকল তেল আৰু ছাগলীৰ মাংসৰ চৰ্বি আদি ।

Cardiologist Dr Vivek Thapa
হৃদৰোগ বিশেষজ্ঞ ডাঃ বিবেক থাপা (ETV Bharat)

সঠিক পৰিমাণত ৰখাটো গুৰুত্বপূৰ্ণ :

খাদ্য় প্ৰস্তুত কৰোতে তেল সঠিক পৰিমাণত ৰখাটো শৰীৰৰ বাবে উপকাৰী । সাধাৰণতে, কম তেলেৰে ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে বেছি উপকাৰী বুলি গণ্য কৰা হয় । অতিৰিক্ত তেল খোৱাৰ পৰিৱৰ্তে কম পৰিমাণে ৰন্ধন তেল ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী । সৰিয়হৰ তেল, জলফাই তেল আদি স্বাস্থ্য সন্মত বুলি গণ্য কৰা হয় ।

ফাষ্টফুডে হৃদযন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলাই ?

বৰ্তমান সময়ত প্ৰায় ৮০% লোকেই ফাষ্টফুডৰ প্ৰতি আসক্ত । এনে বহু লোক আছে যিয়ে দৈনিক ফাষ্টফুডে গ্ৰহণ কৰে । ফাষ্টফুডে আমাৰ হৃদযন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলাই এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, "ফাষ্টফুডত কেলৰিৰ মাত্ৰা বহু পৰিমাণে থাকে আৰু প্ৰ'টিনৰ মাত্ৰা কম থাকে । কেলৰিৰ মাত্ৰা বেছি হোৱা বাবে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি হয় । সমান্তৰালভাৱে এনেধৰণৰ খাদ্যত তেলৰ মাত্ৰা বেছি থাকে যিয়ে আমাৰ হৃদযন্ত্ৰত প্ৰভাৱ পেলায় ।"

ষ্ট্ৰোক বৃদ্ধি পোৱাৰ কাৰণ :

আধুনিক জীৱনশৈলীজনিত ৰোগৰ ভিতৰত অন্য়তম হৈছে ষ্ট্ৰোক । ষ্ট্ৰোক বৃদ্ধি পোৱাৰ কাৰণৰ বিষয়ে উল্লেখ কৰি ডাঃ থাপাই কয়-

  • ডায়েবেটিছ, উচ্চ ৰক্তচাপ
  • অত্যাধিক ধুমপান
  • আধুনিক জীৱনশৈলী
  • মানসিক দুঃচিন্তা
  • খাদ্য় সঠিক পৰিমাণে গ্ৰহণ কৰিব লাগে
  • দৈনিক শৰীৰ চৰ্চা কৰিব লাগে

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:কিয় কম বয়সতে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সমস্যা ? জানি লওক লক্ষণসমূহ

আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

নিদ্ৰাহীনতাঃ শৰীৰ-মনৰ পৰা দেশৰ অৰ্থনীতিলৈ প্ৰত্য়াহ্বান