ETV Bharat / health

শৰীৰ সুস্থ ৰাখিবলৈ নিতৌ কোনবোৰ খাদ্য গ্ৰহণ কৰিব ?

আমাৰ দৈনন্দিন খাদ্য় তালিকাত কেনে খাদ্য় অন্তৰ্ভুক্ত কৰিব লাগে ? কি কয় বিশেষজ্ঞ চিকিৎসকে ...

What kind of food should be consumed to keep the body healthy?
শৰীৰ সুস্থ ৰাখিবলৈ কেনে খাদ্য গ্ৰহণ কৰিব ? (ETV Bharat,IANS,Unsplash,Freepik)
author img

By ETV Bharat Assamese Team

Published : April 21, 2026 at 12:01 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : সাম্প্ৰতিক সময়ত প্ৰায়ভাগ মানুহে কোনো নহয় কোনো ৰোগত আক্ৰান্ত হোৱা দেখা যায় । কোনোবাই শাৰীৰিক সমস্যাত ভুগিছে, আন কিছুমানে মানসিক চাপ আৰু উদ্বেগৰ মাজত জীৱন অতিবাহিত কৰিছে । আধুনিক জীৱন-শৈলীৰ প্ৰভাৱত মানুহৰ খাদ্যাভ্যাস আৰু জীৱনধাৰাত পৰিবর্তন হোৱাৰ ফলত বিভিন্ন ৰোগ বৃদ্ধি পাইছে । সুস্থ শৰীৰ অবিহনে সুস্থ মন সম্ভৱ নহয় । সুস্থ শৰীৰৰ বাবে কেনে খাদ্য গ্ৰহণ কৰিব লাগে সেই বিষয়ে ব্য়াখ্য়া কৰিলে হৃদ শল্য বিশেষজ্ঞ ডাঃ বিকাশ ৰাই দাসে

বেমাৰৰ মাজতে সকলোৱে কাম কৰিবলগীয়া হৈছে । কাম নকৰিলে খাবলৈ নাপাব; কিন্তু কেৱল খাই বৈ থকাটোৱে জীৱন জানো ? দৈনন্দিন জীৱনত এটা সুস্থ শৰীৰৰো প্ৰয়োজন । কাৰণ শৰীৰ সুস্থ হৈ নাথাকিলে মনটো ভালে নাথাকে । দিনটোৰ ভিতৰত যিমান খাওঁ সেইবোৰৰ আটাইখিনি আমাৰ শৰীৰৰ বাবে উপকাৰ জানো ?

এই সন্দৰ্ভত হৃদ শল্য বিশেষজ্ঞগদৰাকীয়ে কয়, "আজিকালি হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ ৰোগ, ডায়েবেটিছ আদি বেছিকৈ হোৱা দেখা যায় । আগতে বয়স্ক লোকৰ এনেধৰণৰ ৰোগ বেছিকৈ হৈছিল । এতিয়া কম বয়সৰ ল'ৰা-ছোৱালীৰো হৈছে । এইবোৰৰ ক্ষেত্ৰত আন কাৰকৰ লগতে খাদ্যও সমানেই দায়ী । কাৰণ আমি সদায় যিবোৰ খাদ্য কম পৰিমানে খাব লাগে সেয়া বেছিকৈ গ্ৰহণ কৰি আছো । আমাৰ বাৰীৰ পিছফালে থকা শাক-পাচলি আৰু ফল-মূল নাখাই বিদেশী খাদ্যবোৰ খোৱাতহে গুৰুত্ব আৰোপ কৰিছো । এই মানসিকতা পৰিহাৰ কৰি থলুৱা খাদ্য গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব । "

কিছুমান খাদ্য পৰিহাৰ বা কমাই খাব লাগে :

ডাঃ বিকাশ ৰাই দাসে পুনৰ কয় যে খোৱা প্ৰায়ভাগ খাদ্যৰ ওপৰতে বহুটো ৰোগৰ কাৰণ নিৰ্ভৰ কৰে । সেয়েহে কিছুমান খাদ্য আমি পৰিহাৰ কৰি চলিব লাগে বা কমাই খোৱা উচিত । আমি কি খাদ্য গ্ৰহণ কৰিছো সেইটো অতি গুৰুত্বপূৰ্ণ বিষয় । আমি গ্ৰহণ কৰা খাদ্যৰ ওপৰতে শৰীৰৰ পাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ খনিজ দ্ৰব্য বা ভিটামিন, শৰীৰৰ বাবে প্ৰয়োজন সেইবোৰ খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে ।"

What kind of food should be consumed to keep the body healthy?
শৰীৰ সুস্থ ৰাখিবলৈ নিতৌ কেনে খাদ্য গ্ৰহণ কৰিব ? (ETV Bharat,IANS,Unsplash,Freepik)

এবাৰতে নাখায় কম পৰিমাণত ভাগ কৰি খাব লাগে :

হৃদ শল্য বিশেষজ্ঞগদৰাকীয়ে কয় যে যেতিয়া আমি খাদ্য গ্ৰহণ কৰো তেতিয়া একেলগে বহু খাদ্য খাব নালাগে । একেখিনি খাদ্য এবাৰতে নাখায় কম পৰিমানে কেইবাবাৰো ভাগ কৰি খাব লাগে । তেতিয়া শৰীৰত প্ৰয়োজনীয় উপাদান সময় মতে শৰীৰটোৱে লাভ কৰিব । সতেজ পাচলি, ফল-মূল আদি বেছিকৈ খাব লাগে ।

থলুৱা ফল-মূল বেছিকৈ খাওক :

থলুৱা যিবোৰ ফল-মূল পোৱা যায় যেনে-আম, কঁঠাল, লেতেকু, পনিয়ল, বগৰী, মধুৰিআম আদিও আমাৰ শৰীৰৰ বাবে উপকাৰী । এইসমূহ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ লগতে খনিজ দ্ৰব্যও থাকে। লগতে শাক-পাচলি, ফলমূল আদিত পটাচিয়াম যথেষ্ট থাকে বাবে শৰীৰৰ বাবে উপকাৰী ।

প্ৰ'টিনযুক্ত খাদ্য বেছিকৈ খাব নে ?

বিশেষজ্ঞগদৰাকীয়ে কয় যে বহুত লোকক দেখা যায় যে তেওঁলোকে মাছ-মাংস আদিৰ দৰে প্ৰ'টিনযুক্ত খাদ্য সদায় খায় । এনে প্ৰ'টিনযুক্ত খাদ্য এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে । যিমান পাৰে নিৰামিষ খাদ্য গ্ৰহণ কৰিব পাৰিলে ভাল ।

ছ'ডিয়ামযুক্ত খাদ্য কম পৰিমাণে খাওক :

আমি সদায় নিমখ বা ছ'ডিয়ামযুক্ত খাদ্য সদায় কম পৰিমাণে খাব লাগে । নিমখ যদি বেছিকৈ খাও তেতিয়া উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ আশংকা থাকে । মাছ মাংস সদায় খোৱা মানে ভাল খাদ্য বুলি গণ্য কৰা অনুচিত ।

চৰ্বিযুক্ত খাদ্য় কমকৈ খোৱা উচিত :

চৰ্বিযুক্ত যিবোৰ অহাৰ যেনে ঘি, মাখন আদি কমকৈ খাব লাগে । এইসমূহত ক'লেষ্টেৰলৰ মাত্ৰা বেছি থাকে । ক'লেষ্টেৰলৰ আমাৰ শৰীৰত দুটাই উৎস-এটা হৈছে লিভাৰ আৰু আনটো খাদ্য । আমি তেল বা চৰ্বিযুক্ত আহাৰ কমাই খোৱা উচিত । লগতে জাংক ফুড আদি কম পৰিমাণে গ্ৰহণ কৰিব লাগে । এনে খাদ্য বেছিকৈ খোৱা মানেই শৰীৰত প্ৰচুৰ পৰিমাণে চৰ্বি মজুত হোৱা । বেছি চৰ্বি জমা হোৱাৰ ফলত হৃদৰোগৰ পৰা আৰম্ভ কৰি আন বহুতো ৰোগে খোপনি পুতিবলৈ সুযোগ পায় । ফাষ্টফুড আদি খাদ্য অধিক চৰ্বিযুক্ত।

শাৰীৰিক পৰিশ্ৰম কৰিবই লাগিব :

খাদ্যৰ সমান্তৰালভাৱে শাৰীৰিক পৰিশ্ৰম, ব্যায়াম আদি কৰিলেও আমাৰ শৰীৰটো সুস্থ হৈ থকাৰ লগতে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি । সুস্থ শৰীৰৰ বাবে নিতৌ কায়িক শ্ৰমৰ প্ৰয়োজন । কাৰণ আমি সদায় যিবোৰ খাদ্য গ্ৰহণ কৰিছো সেইবোৰৰ পৰা লাভ কৰা শক্তি বা কেলৰি ব্যয় সঠিক ভাৱে হ'ব লাগে । আজিকালি মানুহৰ কায়িক শ্ৰম নাই বুলিয়ে ক'ব পাৰি । সেইবাবেই বিভিন্ন ধৰণৰ ৰোগে গা কৰি উঠিছে । মনত ৰখা উচিত খাদ্য গ্ৰহণ আৰু কায়িক শ্ৰমৰ মাজত ভাৰসাম্য ৰক্ষা হ'লেহে সুস্বাস্থৰ গৰাকী হোৱাটো সম্ভৱ ।

যিমান প্ৰয়োজন সিমান খাদ্যহে খাওক :

আমি সকলোৱে নিয়মিয়াকৈ উপযুক্ত খাদ্য গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত । যিমান প্ৰয়োজন সিমান খাদ্যহে গ্ৰহণ কৰিব লাগে । বেছি পৰিমনে খাদ্য গ্ৰহণ কৰা মানে নিজৰ বিপদ নিজেই মাতি অনাৰ দৰে হয় ।

লগতে পঢ়ক:থাইৰয়ডৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব ? জানি লওক উপায়

দাঁতৰ আলুৰ বেক্টেৰিয়াই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে নেকি ? কি কয় বিশেষজ্ঞই

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)