ETV Bharat / health

বেছিকৈ চকলেট খালে শিশুটিৰ দাঁতত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে ?

বেছিকৈ চকলেট খালে দাঁতৰ এনামেলৰ ক্ষতি হয় ।

WHAT KIND OF EFFECT CAN EATING A LOT OF CHOCOLATE
সোৱাদে বিপদো মাতিব পাৰে... (Getty Images)
author img

By ETV Bharat Assamese Team

Published : March 11, 2026 at 1:43 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আপোনাৰ শিশুটিয়ে চকলেট খায় ভাল পাই নেকি ? অধিক চকলেট খোৱাৰ ফলত শিশুটিৰো হ'ব পাৰে দাঁতৰ বিভিন্ন সমস্যা । এই সন্দৰ্ভত সবিশেষ জনালে দন্ত চিকিৎসক পংকজ শৰ্মাই ।

প্ৰতিগৰাকী শিশুৰে চকলেট প্রিয় । বয়স্কসকলেও শিশুসকলক মৰমতে চকলেট খাবলৈ দিয়ে । পিছে এবাৰো ভাবি নাচায় যে অধিক চকলেট খোৱাৰ ফলত শিশুৰ বিশেষকৈ দাঁতত প্ৰভাৱ পেলায় । চকলেটসমূহ যিহেতু আঠাজাতীয়, সেয়ে চকলেট খোৱাৰ পাছত দাঁতত লাগি থাকে । দাঁতত চকলেট লাগি থকাৰ ফলত মুখৰ ভিতৰত থকা লালতিসমূহ অম্লজাতীয় হয় ।

দন্ত চিকিৎসক পংকজ শৰ্মা (ETV Bharat Assam)

এই সন্দৰ্ভত ডাঃ পংকজ শৰ্মাই কয়, "আমাৰ মুখত কিছুমান বেক্টেৰিয়া থাকে যিসমূহে আমাৰ হজমকে ধৰি বিভিন্ন কাৰণত উপকাৰী বেক্টেৰিয়া বুলি গণ্য় কৰা হয়; কিন্তু চকলেট বা মিঠাজাতীয় খাদ্য় দাঁতত লাগি থকা বাবে সেইবোৰৰ কিছুমান চৰিত্ৰগত পৰিবৰ্তন ঘটি আমাৰ দাঁতত লাগি ধৰে । যাৰ ফলত দাঁতৰ বেক্টেৰিয়াবোৰে এনামেল অৰ্থাৎ দাঁতৰ ওপৰৰ স্তৰত ক্ষতি সাধন বা ক্ষয় কৰে । ইয়াক আমি কেভিটি বুলি কওঁ ।"

শিশুসকলে যেতিয়া বেছিকৈ চকলেট খাই তেতিয়া দাঁতৰ এনামেলত ক্ষতি কৰে বুলি উল্লেখ কৰি বিশেষজ্ঞগৰাকীয়ে কয়, "এনামেলত ক্ষতি হ'লে ই নিজে নিজে ঠিক নহয় । প্ৰথম অৱস্থাত এই ক্ষতিৰ ইমান প্ৰভাৱ নপৰে বা বিষ অনুভৱ নহয় । যাৰ বাবে অভিভাৱকেও গুৰুত্ব নিদিয়ে; কিন্তু লাহে লাহে যেতিয়া এই বস্তুবোৰ বাঢ়ি গৈ থাকে তেতিয়া দাঁতত বিষ অনুভৱ হয় । দাঁতটো ক্ষয় হৈ থকাৰ ফলত এসময়ত শিশুটিৰ দাঁতটো সময়তকৈ আগত উঠাই দিবলগীয়াও হ'ব পাৰে ।"

শিশুৰ দাঁতটো উঠালে কি প্ৰভাৱ পৰে ?

এই সন্দৰ্ভত বিশেষজ্ঞগৰাকীয়ে কয়,"সময়তকৈ আগতে শিশুৰ দাঁতটো উঠাই দিয়াৰ ফলত দাঁতৰ গঠনত বা যিটো স্থায়ীকৈ দাঁত আহিব লাগে সেইটো সঠিক স্থানত নাহিব পাৰে বা পলমকৈ আহিব পাৰে। সেয়ে যেতিয়ালৈকে শিশুৰ গাখীৰ খোৱা দাঁত থাকে তেতিয়ালৈকে দাঁতকেইটা সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকলে এইক্ষেত্ৰত গুৰুত্ব দিব লাগে । এই বিষ যদি শিশুৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া হয় তেন্তে শিশুটিৰ মানসিক উৎকৰ্ষ সাধনত অসুবিধা সৃষ্টি হ'ব পাৰে ।"

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

  • শিশুটিক চকলেট দিয়াৰ পৰিমাণ যিমান পাৰে কম কৰা উচিত ।
  • চকলেট খোৱাৰ পাছত ভালদৰে মুখখন পৰিষ্কাৰ কৰিব দিব লাগে ।
  • শিশুটিক প্ৰথম জন্মদিনৰ পৰাই অৰ্থাৎ এবছৰ পৰাই ব্ৰাছ কৰিবলৈ দিব লাগে । শিশুসকলৰ বাবে কিছুমান বিশেষ টুথপেষ্ট থাকে সেইবোৰৰ পৰা ব্ৰাছ কৰাব লাগে ।
  • প্ৰায় ৬ বছৰলৈ শিশুটিক ব্ৰাছ কৰোৱাত অভিভাৱকে সহায় কৰিব লাগে ।
  • শিশুটোৰ মুখ আৰু দাঁতৰ পৰিচ্ছন্নতাত দৰাচলতে অভিভাৱকে জন্মৰ পৰাই গুৰুত্ব দিব লাগে ।
  • শিশুটিৰ দাঁত ওলোৱাৰ পূৰ্বে দাঁত ওলোৱা ঠাই দোখৰ যাক গামপেড বুলি কোৱা হয়, সেইখিনি শিশুটিক যিকোনো খাদ্য খুওৱাৰ পাছত কপাহেৰে চাফা কৰিব লাগে।
  • চকলেটৰ পৰিৱৰ্তে শিশুটিক ফল-মূল বা অন্য পুষ্টিকৰ খাদ্য প্ৰদান কৰিব লাগে ।

লগতে পঢ়ক:এগৰাকী ৰোগীৰ কেতিয়া প্ৰয়োজন হয় ডায়েলাইচিছৰ ?

কণীৰ পৰাও হ'ব পাৰে টাইফয়েড : জনালে বিশিষ্ট চিকিৎসকে