ETV Bharat / health

প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে আমাৰ শৰীৰত কেনে পৰিৱৰ্তন দেখা দিব পাৰে জানেনে ?

যদি আপুনি প্ৰতিদিনে ৩ লিটাৰকৈ পানী খায় তেন্তে আপোনাৰ শৰীৰত কেনেধৰণৰ পৰিৱৰ্তনে দেখা দিব পাৰে ? জানো আহক-

DRINK 3 LITRES WATER DAILY
প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে আমাৰ শৰীৰত কেনে পৰিৱৰ্তন দেখা দিব পাৰে জানেনে ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : December 8, 2025 at 5:16 PM IST

3 Min Read
Choose ETV Bharat

আমাৰ জীৱনৰ বাবে পানী অতি প্ৰয়োজনীয় আৰু মূল্যৱান ৷ আমি আমাৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ ৷ যদিও বেছিভাগ মানুহেই ঠাণ্ডা পানী খায়, কিন্তু গৰম পানী খোৱাৰো যে বহু উপকাৰিতা আছে, ইয়াৰ বিষয়ে হয়তো বহুতে নাজানে ৷ পানী আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ ৷ ই শৰীৰ হাইড্ৰেট কৰি ছাল, পাচনতন্ত্ৰ, চুলি আদি সকলোৰে উপকাৰ সাধন কৰে ৷ পানীয়েই প্রাণীৰ প্রাণ ৷ মানুহৰ শৰীৰৰ ৬০–৭০ শতাংশ পানীৰেই গঠিত ৷ শৰীৰৰ সকলো অংগ–প্রত্যংগ, ইয়াৰ কার্যকলাপ আৰু প্রতিটো কোষ জীয়াই থাকিবলৈ পানীৰ নিতান্তই প্রয়োজন ৷

এই সন্দৰ্ভত পুষ্টিবিদ বেনিকা জৈনে সামাজিক মাধ্যমত সবিশেষ জনাইছে ৷ তেওঁ কৈছে যদি আপুনি প্ৰতিদিনে ৩ লিটাৰকৈ অন্তত এক মাহ পানী খাই তেন্তে স্বাস্থ্যই বহু সুফল লাভ কৰিব ৷ ইয়াৰ ফলত শৰীৰে কি কি উপকাৰ লাভ কৰিব সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল-

প্ৰথম সপ্তাহ: প্ৰথম সপ্তাহত আপুনি বাৰে বাৰে টয়লেট যাব লাগিব পাৰে ৷ কাৰণ বৃক্কই শৰীৰত জমা থকা বেয়া পদাৰ্থ বাহিৰ কৰা আৰম্ভ কৰে ৷ কিছুদিন পাছত প্ৰস্ৰাৱ পাতল হয় ৷ এই সময়ত শৰীৰে অতিৰিক্ত নিমখ বাহিৰ উলিয়াই দিয়ে যাৰ ফলত শৰীৰ ফুলা কম অনুভৱ হয় ৷ শৰীৰৰ ভিতৰৰ পৰিষ্কাৰৰ কাম আৰম্ভ হোৱাৰ ই প্ৰথম প্ৰক্ৰিয়া ৷

দ্বিতীয় সপ্তাহ: ছালত পৰিৱৰ্তন দেখিব ৷ পানীয়ে ছালৰ কোষবোৰ হাইড্ৰেট কৰে ৷ যাৰ ফলত মুখ উজ্বল হৈ উঠে ৷ ছাল কোমল আৰু ধুনীয়া হৈ উঠে ৷ ইয়াৰোপৰি পাচন তন্ত্ৰ উন্নত হয় ৷ মল বৃহদান্ত্ৰৰ মাজেৰে সহজে পাৰ হয়, কোষ্ঠকাঠিন্য কমি যায় ৷ এই সপ্তাহত বহুতৰ খাদ্যৰ প্ৰতি আকৰ্ষণ কমে ৷

তৃতীয় সপ্তাহ: মনোযোগ ভাল হয় ৷ তেজৰ ডাঙৰ অংশ পানীৰ দ্বাৰা নিৰ্মিত ৷ এনে অৱস্থাত পানী খালে তেজৰ চলাচল ভাল হয় আৰু মগজুলৈ অক্সিজেন যায় ৷ ইয়াৰ ফলত মানসিক স্বাস্থ্য উন্নত হয় ৷ ইয়াৰোপৰি পানীয়ে মাংসপেশীক আৰাম প্ৰদান কৰে ৷ মাংসপেশীৰ বিষ কম হয় ৷

চতুৰ্থ সপ্তাহ: চুলি আৰু নখৰ পৰিৱৰ্তন দেখিব ৷ চুলি আৰু নখ ধুনীয়া হৈ পৰে ৷ ইয়াৰোপৰি ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, হৃদৰোগ উন্নত কৰে ৷ পৰ্যাপ্ত পৰিমাণৰ পানী খালে আমাৰ সমগ্ৰ শৰীৰটোৱে সুফল লাভ কৰে ৷

মুঠতে পানী আমাৰ শৰীৰৰ বাবে ভাল ৷ চুলিৰ স্বাস্থ্যৰ পৰা শৰীৰলৈ, ই বিভিন্ন উপকাৰ সাধন কৰে ৷ কিন্তু আপোনাৰ যদি কিডনীৰ সমস্যা বা আন কোনো সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল ৷

মাত্ৰ এটা সৰু অভ্যাস

প্ৰতিদিনে ৩ লিটাৰ পানীয়ে ৷ আপোনাৰ ছালক উজ্বল, চুলিক মজবুত, পেটক পৰিষ্কাৰ, মনক শান্ত আৰু শৰীৰক ৰোগৰ পৰা দূৰত ৰখাত সহায় কৰিব ৷ পানী কোনো দামী চিৰাপ বা মেজিক পিল নহয়, কিন্তু ই আমাৰ শৰীৰৰ বাবে কোনো ঔষধতকৈ কমো নহয় ৷

আজিৰ পৰা আৰম্ভ কৰক – এবটল পানী সদায় ওচৰত ৰাখক আৰু নিজকে প্ৰতিদিনে এই উপহাৰ দিয়ক ৷ কাৰণ, যিমান পানী খাব, সিমানেই আপুনি সুস্থ আৰু সবল হ’ব ৷

উৎস

https://www.healthline.com/nutrition/3-liters-of-water

লগতে পঢ়ক

  1. ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খোৱাৰ অভ্যাস কৰক - Drinking Hot Water at night
  2. পুৱা খালী পেটত পানী খোৱাৰ এই উপকাৰিতা জানি আচৰিত হৈ পৰিব ...
  3. শীতকালত কমকৈ পানী খায় নেকি ? হ’ব পাৰে এই সমস্যা