এথলেটিক হাৰ্ট চিণ্ড্ৰম বিপদৰ আগজাননী নেকি ? অতি সক্ৰিয় লোকৰ কিয় বেছি হয় ?
নিয়মীয়া শাৰীৰিক অনুশীলনৰ ফলত হোৱা এই সমস্য়াৰ বিষয়ে জানিবলৈ পঢ়ক...

Published : June 28, 2026 at 4:40 PM IST
সাধাৰণতে হৃদৰোগৰ কোনো লক্ষণৰ কথা কোৱাৰ লগে লগে প্ৰায়ভাগ লোকেই শংকিত হয় । হোৱাটো স্বাভাৱিক কথাও, কাৰণ আজিকালি হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্য়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । পিছে আমি আজি এনে এবিধ হৃদৰোগৰ বিষয়ে ব্য়াখ্য়া কৰিবলৈ ওলাইছো যাৰ লক্ষণ এথলেটিকৰ মাজত বেছিকৈ ফুটি উঠে ।
এথলেটিক হাৰ্ট চিণ্ড্ৰমৰ বিষয়ে হয়তো বহু লোকেই জ্ঞাত নহয় । আনকি ক্ৰীড়াৰ সৈতে জড়িতসকলৰো বেছি ভাগেই নাজানে এই লক্ষণৰ বিষয়ে । সচৰাসচৰ নিয়মীয়া আৰু দীর্ঘদিনীয়া অধিক শাৰীৰিক অনুশীলনৰ ফলত হোৱা হৃদপিণ্ডৰ স্বাভাৱিক শাৰীৰিক পৰিৱৰ্তন । এয়া কোনো ৰোগ নহয়, বৰং খেলা-ধূলা বা এৰোবিক ব্যায়ামৰ দৰে হৃদপিণ্ডৰ আকাৰ সামান্য বৃদ্ধি পোৱা আৰু ধীৰগতিৰ স্পন্দনৰ (ব্র্যাডিকার্ডিয়া) দৰে হোৱা পৰিৱৰ্তন ।
এথলেটিক হাৰ্ট চিণ্ড্ৰমক 'এথলীটৰ হৃদযন্ত্ৰ' বুলিও কোৱা হয় । এই সমস্য়াক নিয়মীয়া আৰু তীব্ৰ শাৰীৰিক প্ৰশিক্ষণৰ প্ৰতি স্বাভাৱিক হৃদযন্ত্ৰৰ প্ৰতিক্ৰিয়া বুলি কোৱা হয় । ই কোনো ৰোগ নহয়, বৰঞ্চ তীব্ৰ সহনশীলতা বা প্ৰশিক্ষণৰ বাবে হৃদযন্ত্ৰৰ আকাৰ আৰু কাৰ্যক্ষমতাৰ ইতিবাচক পৰিৱৰ্তন ।
এই বিষয়ে ব্য়াখ্য়া কৰি মুম্বাইৰ চাইফি হাস্পতালৰ ইণ্টাৰভেন্সনেল হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰুচিত শ্বাহে কয়, "এথলীট হৃদযন্ত্ৰ প্ৰায় ১-২ শতাংশ প্ৰতিযোগিতামূলক খেলুৱৈৰ ক্ষেত্ৰত দেখা পোৱা এক অৱস্থা আৰু ই দীৰ্ঘদিনীয়া,গধুৰ শাৰীৰিক প্ৰশিক্ষণৰ ফল ।"
প্ৰশিক্ষণ আৰু ব্যায়ামৰ ফলত সাধাৰণতে কংকালৰ পেশীবোৰ ডাঙৰ আৰু ডাঠ হৈ পৰে । এনে ব্য়ায়ামৰ ফলত তেনেকৈ হৃদযন্ত্ৰৰ পেশীবোৰো ডাঙৰ আৰু ডাঠ হোৱাৰ সম্ভাৱনা থাকে । যেতিয়া কোনো ব্যক্তিয়ে গধুৰ ব্যায়াম কৰে তেতিয়া শৰীৰৰ অক্সিজেনৰ বেছি প্ৰয়োজন হয় । অক্সিজেন যোগান ধৰিবলৈ প্ৰয়োজনীয় তেজৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় । প্ৰতিযোগিতামূলক খেলুৱৈসকলৰ কঠোৰ প্ৰশিক্ষণৰ সময়ত প্ৰায়ে এই সমস্য়াই গা কৰি উঠে । এই বৰ্ধিত চাহিদাৰ প্ৰতি সঁহাৰি জনাই হৃদযন্ত্ৰই অধিক জোৰেৰে তেজ পাম্প কৰিবলগীয়া হয়, ফলত পেশীবোৰ ডাঙৰ হয়আৰু সময়ৰ লগে লগে ডাঠ হৈ পৰে । এই অৱস্থাক এথলীটৰ হৃদযন্ত্ৰ বা শাৰীৰিক হৃদযন্ত্ৰৰ হাইপাৰট্ৰফি বুলি কোৱা হয় ।
ডাঃ ৰুচিত শ্বাহৰ মতে, যেতিয়া হৃদযন্ত্ৰৰ পেশী ঘন হয় (বিশেষকৈ বাওঁ নিলয়ত) তেতিয়া এই অৱস্থাক বাওঁ নিলয় হাইপাৰট্ৰফি বুলি কোৱা হয় । মূলতঃ হৃদযন্ত্ৰই (বিশেষকৈ বাওঁ নিলয়ে) শৰীৰত অক্সিজেনযুক্ত তেজ পাম্প কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয় । বেৰবোৰ ডাঠ হোৱাৰ লগে লগে নিলয়ৰ আভ্যন্তৰীণ গহ্বৰৰ আকাৰ হ্ৰাস পায় । ইয়াৰ ফলত বাওঁ নিলয়ৰ তেজ ভৰোৱাৰ ক্ষমতা কিছু হ্ৰাস পাব পাৰে; কিন্তু এথলীট হৃদযন্ত্ৰসাধাৰণতে কোনো নেতিবাচক অৱস্থা নহয় । সুস্থ লোকৰ ক্ষেত্ৰত ই কোনো ৰোগ বা গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নকৰে ।
কণ্ডিচনেড হৃদস্পন্দন এজন খেলুৱৈৰ হৃদস্পন্দনৰ অন্যতম বৈশিষ্ট্য । ধাৰাবাহিক প্ৰশিক্ষণৰ ফলত ইয়াৰ আৰম্ভ হোৱাৰ ফলত হৃদযন্ত্ৰই অধিক কাৰ্যক্ষমভাৱে কাম কৰিবলগীয়া হয় । এথলীটৰ হৃদপিণ্ড থকা লোকসকলে সাধাৰণতে কোনো লক্ষণ বা গুৰুতৰ সতৰ্কবাণীৰ লক্ষণ দেখা নাপায় । তদুপৰি এই অৱস্থাৰ বাবে কোনো নিৰ্দিষ্ট চিকিৎসাৰ প্ৰয়োজন নহয়।
এথলীট হৃদযন্ত্ৰ-হাইপাৰট্ৰফিৰ পাৰ্থক্য :
ডাঃ ৰুচিত শ্বাহে কয় যে ‘এথলীটৰ হাৰ্ট’ আৰু 'হৃদযন্ত্ৰৰ হাইপাৰট্ৰফি'ৰ মাজত পাৰ্থক্য় আছে । এই দুয়োটা অৱস্থাতে হৃদযন্ত্ৰৰ পেশী ঘন হয়। এথলীটৰ হৃদযন্ত্ৰ হৈছে এক সুস্থ, প্ৰাকৃতিক অভিযোজন । আনহাতে হৃদযন্ত্ৰৰ হাইপাৰট্ৰফি হৈছে এক জিনীয় ৰোগ যিয়ে হঠাৎ মৃত্যুৰ কাৰণ হ’ব পাৰে । হৃদযন্ত্ৰৰ পেশী ডাঠ হৈ বাওঁ নিলয়ৰ গহ্বৰ সংকীৰ্ণ হৈ পৰা এক গুৰুতৰ ৰোগ হ’ল হৃদযন্ত্ৰৰ হাইপাৰট্ৰফি । এই অত্যধিক ঘন হোৱাৰ ফলত বাওঁ নিলয়ৰ বাহিৰলৈ যোৱা পথটোও বন্ধ হৈ যাব পাৰে । হৃদযন্ত্ৰৰ হাইপাৰট্ৰফি থকা খেলুৱৈসকলৰ হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুৰ আশংকা থাকে । আনহাতে এথলীট হাৰ্ট ৰোগী খেলুৱৈসকলৰ এনে নহয়।
ডাঃ ৰুচিত শ্বাহে পুনৰ কয় যে এথলীট হৃদযন্ত্ৰ আৰু কাৰ্ডিঅ’মাইঅ’পেথীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে । কাৰণ দুয়োটা অৱস্থাৰে হৃদযন্ত্ৰৰ পেশী ঘন হোৱাৰ দৰে লক্ষণ আছে; কিন্তু কাৰ্ডিঅ’মাইঅ’পেথী জিনীয় বা ৰোগজনিত ৰোগ । আনহাতে খেলুৱৈৰ হৃদযন্ত্ৰ গধুৰ ব্যায়ামৰ প্ৰতি স্বাভাৱিক শাৰীৰিক অভিযোজন ।
- এজন খেলুৱৈৰ হৃদযন্ত্ৰত বাওঁ নিলয়ৰ গহ্বৰটো প্ৰায়ে বৃদ্ধি পায় । হৃদযন্ত্ৰই অধিক তেজ পাম্প কৰিবৰ বাবে এনে হয় । ইয়াৰ বিপৰীতে হাইপাৰট্ৰফিক কাৰ্ডিঅ’মাইঅ’পেথীত গহ্বৰ স্বাভাৱিকতকৈ বহু সৰু হয় ।
- এথলীট হৃদযন্ত্ৰ থকা লোকৰ ডায়েষ্টোলিক হৃদযন্ত্ৰৰ কাম প্ৰায়ে স্বাভাৱিক হৈ থাকে। কাৰ্ডিঅ’মাইঅ’পেথী প্ৰায়ে ডায়েষ্টোলিক ডিছফংচন (হৃদযন্ত্ৰৰ পেশী কঠিন হোৱা আৰু শিথিল হ’ব নোৱাৰা)ৰ সৈতে দেখা দিয়ে।
- এথলীট হৃদযন্ত্ৰত ব্যায়ামৰ সময়ত হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা বৃদ্ধি পায় । আনহাতে ডিলাইটেড কাৰ্ডিঅ’মাইঅ’পেথীত সাধাৰণতে ব্যায়ামৰ সময়ত এই ক্ষমতা বৃদ্ধি নহয়।
- যেতিয়া ইকোকাৰ্ডিঅ'গ্ৰাফীয়ে স্পষ্ট নিদান প্ৰদান নকৰে,তেতিয়া কাৰ্ডিয়েক মেগনেটিক ৰেজোনেন্স ইমেজিংক গোল্ড ষ্টেণ্ডাৰ্ড হিচাপে ব্যৱহাৰ কৰা হয় । এই পৰীক্ষাৰ দ্বাৰা সঠিকভাৱে নিৰ্ণয় কৰিব পাৰি যে হৃদযন্ত্ৰৰ বৃদ্ধি কোনো খেলুৱৈৰ প্ৰশিক্ষণৰ ফল নে কোনো ৰোগ ।
- যদি খেলুৱৈজনে কেইসপ্তাহমান বা কেইমাহমানৰ বাবে ব্যায়াম বন্ধ কৰে (ডিকণ্ডিচনিং) তেন্তে খেলুৱৈৰ হৃদযন্ত্ৰৰ ফলত হোৱা বৃদ্ধি পোৱা পেশীবোৰ স্বাভাৱিক আকাৰলৈ ঘূৰি আহিব পাৰে। কাৰ্ডিঅ’মাইঅ’পেথীৰ ক্ষেত্ৰত এনে নহয় ।
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
লগতে পঢ়ক:গৰ্ভধাৰণৰ পিচত পেটৰ তলৰ অংশত বিষ-ৰক্তস্ৰাৱ হৈছে নেকি? কোনো ৰোগৰ লক্ষণ নেকি?

