সামাজিক মাধ্যমত ভাইৰেল হেয়াৰ ক্লিপেৰে মাইগ্ৰেইনৰ চিকিৎসা...কি কয় বিশেষজ্ঞই ?
ছ’চিয়েল মিডিয়াত মাইগ্ৰেইনৰ বিষ কমোৱাৰ এক অদ্ভুত পদ্ধতিয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে য’ত ক্লিপেৰে মাইগ্ৰেইনৰ বিষ নাইকিয়া কৰিব পাৰি বুলি এই পদ্ধতিত দাবী কৰা হৈছে-

Published : January 16, 2026 at 6:12 PM IST
বিগত কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত মাইগ্ৰেইনৰ বিষ কমোৱাৰ এক অদ্ভুত পদ্ধতিয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ ভ্ৰূত বা চেলাউৰিত হেয়াৰ ক্লিপ বা কাপোৰৰ ক্লিপ লগাই মূৰৰ বিষ মিনিটৰ ভিতৰতে নাইকিয়া কৰিব পাৰি বুলি এই পদ্ধতিত দাবী কৰা হৈছে ৷ বহু লোকেই ইয়াক তৎক্ষণাত সকাহ দিয়াৰ এক সহজ উপায় বুলি দাবী কৰিছে ৷ এতিয়া প্ৰশ্ন হয়, এই চৰ্চিত পদ্ধতিয়ে সঁচাকৈয়ে মূৰৰ বিষৰ পৰা তৎক্ষণাত পৰিত্ৰাণ দিয়ে নে ?
কি এই ‘মাইগ্ৰেইন হেক’ ?
এই ভাইৰেল ধাৰণাত মানুহে ভ্ৰূৰ মাজৰ বা ওপৰৰ অংশত থকা স্নায়ুত মৃদু চাপ প্ৰয়োগ কৰিবলৈ ক্লিপ ব্যৱহাৰ কৰে ৷ দাবী কৰা হয় যে, ইয়াৰ ফলত মাইগ্ৰেইনৰ তীব্ৰ বিষ কমি যায় ৷ কিন্তু স্নায়ু বিশেষজ্ঞসকলৰ মতে, এই পদ্ধতিৰ পক্ষে কোনো শক্তিশালী বৈজ্ঞানিক প্ৰমাণ নাই ৷ মাইগ্ৰেইন এটা জটিল স্নায়ুজনিত সমস্যা, যি মগজুৰ স্নায়ু আৰু ৰাসায়নিক পদাৰ্থৰ অসামঞ্জস্যৰ সৈতে জড়িত ৷ কেৱল বাহ্যিকভাৱে চাপ প্ৰয়োগ কৰি এই অন্তৰ্নিহিত কাৰণ দূৰ কৰিব নোৱাৰি ৷
তেন্তে এই পদ্ধতিৰে একাংশই কেনেকৈ সকাহ পায় ?
চিকিৎসকসকলৰ মতে, কিছুমান ক্ষেত্ৰত সাময়িক সকাহ পোৱাৰ কেইটামান সম্ভাৱ্য কাৰণ থাকিব পাৰে ৷ চেলাউৰিত চাপ দিয়াৰ ফলত বিক্ষিপ্ততা সৃষ্টি হয়, অৰ্থাৎ মনোযোগ বিষৰ পৰা আঁতৰাই পেলায় ৷ তদুপৰি, ই একুপ্ৰেচাৰ পইণ্টৰ দৰে কাম কৰিব পাৰে বা প্লেচেব’ ইফেক্ট হ’ব পাৰে অৰ্থাৎ মগজুৱে বিশ্বাস কৰে যে এই পদ্ধতিয়ে সকাহ দিব ৷ কিন্তু এই সকাহ ক্ষণস্থায়ী, স্থায়ী নিৰাময় নহয় ৷
হ'ব পাৰে বিপদ
স্নায়ু বিশেষজ্ঞসকলে এই পদ্ধতি ব্যৱহাৰত সতৰ্কতা অৱলম্বন কৰাৰ বাবে কঠোৰ পৰামৰ্শ দিয়ে ৷ বেছি টানকৈ ক্লিপ লগালে ছালৰ ক্ষতি হ’ব পাৰে, স্নায়ুৰ ওপৰত অত্যধিক চাপ পৰিব পাৰে ৷ কিছুমান ক্ষেত্ৰত মূৰ ঘূৰোৱা, অস্বস্তি বা অজ্ঞান হৈ পৰাৰো সম্ভাৱনা থাকে ৷ সেয়ে ইয়াক অত্যধিক মূৰৰ বিষৰ চিকিৎসা বুলি ধৰি লোৱাটো বিপদজনক হ’ব পাৰে ৷
মাইগ্ৰেইনৰ বাবে উত্তম তথা সুৰক্ষিত পন্থা কি ?
বিশেষজ্ঞৰ মতে, মাইগ্ৰেইন নিয়ন্ত্ৰণ কৰিবলৈ জীৱনশৈলীৰ সঠিক পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ ৷ অত্যধিক কেফেইন, ফাষ্ট ফুড আদি ট্ৰিগাৰ ফুড পৰিহাৰ কৰা উচিত ৷ পৰ্যাপ্ত নিদ্ৰা গ্ৰহণ, মানসিক চাপ নিয়ন্ত্ৰণ কৰা আৰু নিয়মিতভাৱে চিকিৎসকে দিয়া ঔষধ গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷ মাইগ্ৰেইন বেছি গুৰুতৰ হ’লে স্নায়ু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাই হৈছে উত্তম পথ ৷
শেষত ক'ব পাৰি যে, চেলাউৰিত ক্লিপ লগোৱা ‘মাইগ্ৰেইন হেক’ কোনো নিশ্চিত বা বৈজ্ঞানিকভাৱে স্বীকৃত নিৰাময় পদ্ধতি নহয় ৷ কিছুমানক ই সাময়িক সকাহ দিয়ে যদিও মাইগ্ৰেইনৰ দৰে গুৰুতৰ স্নায়ুজনিত সমস্যাৰ চিকিৎসাৰ বিকল্প হিচাপে ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি ৷ সঠিক চিকিৎসা, চিকিৎসকৰ পৰামৰ্শ আৰু সুস্থ জীৱনশৈলীৰ জৰিয়তে মাইগ্ৰেইন নিয়ন্ত্ৰণ কৰাই হৈছে সৰ্বোত্তম সমাধান ৷
লগতে পঢ়ক

