ETV Bharat / health

খাদ্য়াভ্য়াস-পৰিৱৰ্তিত জীৱনশৈলীয়ে শিশুৰ টাইপ ২ মধুমেহ কেনেদৰে বৃদ্ধি কৰিছে ?

আজিকালি মেদবহুলতা বা শৰীৰৰ অতিৰিক্ত চৰ্বি শিশুৰ টাইপ ২ মধুমেহৰ অন্যতম কাৰণ হৈ পৰিছে ।

Paediatric Type 2 diabetes is on the rise in Gen Alpha and teens
খাদ্য়াভ্য়াস-জীৱনশৈলীয়ে শিশুৰ টাইপ ২ মধুমেহ কেনেদৰে বৃদ্ধি কৰিছে ? (Getty Images)
author img

By ETV Bharat Assamese Team

Published : April 21, 2026 at 2:31 PM IST

6 Min Read
Choose ETV Bharat

মধুমেহ ৰোগত আক্ৰান্ত লোকৰ সংখ্য়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । অতি সম্প্ৰতি এই ৰোগত শিশুসকলো আক্ৰান্ত হৈছে । দীৰ্ঘদিন ধৰি মধুমেহক কেৱল প্ৰাপ্তবয়স্ক লোকক আক্ৰান্ত কৰা ৰোগ বুলি গণ্য কৰা হৈছিল যদিও সেয়া আৰু সঁচা নহয় । এতিয়া শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজতো এই ৰোগ বিয়পাত চিকিৎসকো উদ্বিগ্ন হৈ পৰিছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ।

এই ৰোগত আক্ৰান্ত হোৱাৰ ক্ৰমবৰ্ধমান ধাৰাৰ ক্ষেত্ৰত কেবল সাধাৰণ লোকেই নহয় চিকিৎসকসকলৰো চিন্তাৰ বিষয় হৈ পৰিছে । আজিকালি শিশুৰ মাজত এনে ৰোগীৰ সংখ্য়া বৃদ্ধি পোৱাৰ কাৰণৰ লগতে কিয় অধিক শিশুৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হৈছে বুলি চিকিৎসক প্ৰশ্ন কৰা হৈছিল ।

এই সন্দৰ্ভত কলকাতাৰ ঢকুৰীয়াৰ মণিপাল হাস্পতালৰ এণ্ডোক্ৰিনোল'জিষ্ট ডাঃ সোহাম তাৰাফদাৰে কয় যে আগতে চিকিৎসকে শিশুৰ ডায়েবেটিছৰ কথা কওতে সাধাৰণতে টাইপ ১ মধুমেহৰ কথা কৈছিল; কিন্তু আজি শিশুৰ মাজত টাইপ ২ মধুমেহ ৰোগীৰ সংখ্য়াও দ্ৰুতগতিত বৃদ্ধি পাইছে । বিশেষকৈ যোৱা এটা বা দুটা দশকত এই পৰিৱৰ্তন লক্ষ্যণীয় হোৱা বুলি কয় বিশেষজ্ঞগৰাকীয়ে ।

ডাঃ তাৰাফদাৰৰ মতে, এতিয়া টাইপ ২ মধুমেহ ৰোগীৰ সংখ্যা কেৱল প্ৰাপ্তবয়স্কৰ মাজতে নহয়, কিশোৰ-কিশোৰী আৰু সৰু সৰু ল’ৰা-ছোৱালীৰ মাজতো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ।

জুভেনাইল ডায়েবেটিছ :

টাইপ ১ মধুমেহক 'জুভেনাইল ডায়েবেটিছ' বুলিও কোৱা হয় । এই ৰোগবিধ সাধাৰণতে শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত হোৱা দেখা যায় । যেতিয়া এনে অৱস্থাৰ সৃষ্টি হয় তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলতে অগ্নাশয়ৰ বিটা কোষক আক্ৰমণ কৰি ধ্বংস কৰে । শৰীৰত এই কোষবোৰে ইনছুলিন নিঃসৰণ কৰে । এই কোষবোৰ এবাৰ ক্ষতিগ্ৰস্ত হ’লে শৰীৰে পুনৰাই সঠিকভাৱে ইনছুলিন নিঃসৰণ কৰিব নোৱাৰে । সাধাৰণতে পাৰিবাৰিক ইতিহাসে টাইপ ১ মধুমেহত তেনেই সাধাৰণ ভূমিকা পালন কৰা দেখা যায় ।

অৱশ্য়ে টাইপ ২ মধুমেহৰ ক্ষেত্ৰত বিষয়টো অলপ সুকীয়া । এইবিধ মধুমেহ বংশগত আৰু জীৱনশৈলী দুয়োটাৰে সৈতে জড়িত । ডাঃ তাৰাফদাৰে কয় যে আজিকালি মেদবহুলতা বা শৰীৰৰ অতিৰিক্ত চৰ্বি শিশুৰ টাইপ ২ মধুমেহৰ অন্যতম কাৰণ হৈ পৰিছে ।

জীৱনশৈলীৰ পৰিৱৰ্তন :

এই বিষয়ে ব্য়াখ্য়া আগবঢ়ালে বাত আৰু কাৰ্ডিঅ’ডায়েবেটিছৰ প্ৰতি বিশেষ আগ্ৰহ থকা মেডিচিন বিশেষজ্ঞ, কনচালটেণ্ট ফিজিচিয়া ডাঃ অৰুণ কেডিয়াই । এই ৰোগৰ মূল কাৰণৰ বিষয়ে উল্লেখ কৰি ডাঃ কেডিয়াই কয়," ইয়াৰ মূল কাৰণটোৱেই হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন । আগতে পৰিয়ালবোৰৰ প্ৰায়ে চাৰিৰ পৰা ছয়টা সন্তান জন্ম হৈছিল । তেওঁলোকে একেলগে খেলিছিল, দৌৰিছিল আৰু বাহিৰত বহু সময় কটায়ছিল । শিশুসকলে নিয়মিতভাৱে মুকলি খেলপথাৰত খেলিছিল । আজিৰ শিশুৱে বাহিৰত খেলা-ধূলা কৰা দেখিবলৈ পোৱা নাযায় । বহুতো ঠাইত খেলপথাৰ নিজেই নোহোৱা হৈছে ।"

ডাঃ অৰুণ কেডিয়াই পুনৰ কয়," আজিকালি পিতৃ-মাতৃয়েও কম বয়সতেই সন্তানৰ হাতত ম'বাইল ফোন হাতত তুলি দিছে । আগতে শিশুসকলৰ বিনোদনৰ উৎস আছিল খেলা-ধূলা আৰু বন্ধু-বান্ধৱী । এতিয়া টেলিভিছন আৰু ম'বাইলতেই সময় অতিবাহিত কৰে । শিশুসকল এতিয়া ডিজিটেল বিশ্বতেই ঘূৰি ফুৰে । ফলত শাৰীৰিক পৰিশ্ৰম হ্ৰাস পোৱাৰ লগতে শৰীৰত চৰ্বি জমা হ'বলৈ ধৰিছে । এইবোৰেই সময়ত মধুমেহ হোৱাৰ ক্ষেত্ৰত কাৰক হৈ পৰে । সেইবাবে এতিয়া ১৪ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰো টাইপ ২ মধুমেহ হোৱা দেখা যায় ।"

ইয়াৰ কাৰণ কি ?

বিশেষজ্ঞসকলৰ মতে, শিশুৰ খাদ্যাভ্যাস আৰু দৈনন্দিন জীৱনৰ ডাঙৰ পৰিৱৰ্তনে এই ৰোগৰ বৃদ্ধি কৰিছে:

  • আজিৰ শিশুসকলে আগৰ প্ৰজন্মতকৈ বেছি পৰিমানে ফাষ্ট ফুড, শৰ্কৰাযুক্ত জলপান আৰু তেলযুক্ত খাদ্য় গ্ৰহণ কৰে ।
  • শৰ্কৰাযুক্ত পানীয় আৰু ঠাণ্ডা পানীয়ও তেনেই সাধাৰণ হৈ পৰিছে ।
  • বহু শিশুৱে এতিয়া অধিক শৈক্ষিক চাপ আৰু প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ ফলত প্ৰায়ে মানসিক চাপৰ সৃষ্টি হয় । শাৰীৰিক কাৰ্যকলাপৰ বাবে তেওঁলোকৰ সময়েই নাপায় ।
  • বাহিৰত খেলাতকৈ শিশুৱে পঢ়া-শুনা, ঘৰৰ ভিতৰতেই বেছি সময় অতিবাহিত কৰে ।
  • শিশুৰ মেদবহুলতা বৃদ্ধি পোৱাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা প্ৰত্যক্ষভাৱে বৃদ্ধি পায়।
  • যিসকল শিশুৰ পাৰিবাৰিক ইতিহাসত ডায়েবেটিছ আছে বা যিসকলৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাইছে তেওঁলোকৰ অতিৰিক্ত মনোযোগৰ প্ৰয়োজন ।
  • নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে প্ৰায়ে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ডাঃ তাৰাফদাৰে কয় যে যেতিয়া শৰীৰত অত্যধিক চৰ্বি জমা হ'লে ইনছুলিনে সঠিকভাৱে কাম নকৰে । এই অৱস্থাক ইনছুলিন ৰেজিষ্টেন্স বুলি কোৱা হয় । যেতিয়া ইনছুলিন প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে তেতিয়া শৰীৰে তেজৰ শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ কৰিবলৈ যুঁজ দিবলগীয়া হয় । ফলত টাইপ ২ মধুমেহৰ আশংকা বৃদ্ধি পায় । পেটৰ চাৰিওফালে চৰ্বি জমা হোৱা (পেটৰ চৰ্বি) আৰু যকৃতত চৰ্বি জমা হোৱাটো ভৱিষ্যতৰ স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া সতৰ্কবাণী হিচাপে গণ্য কৰা হয় ।

শিশুৰ টাইপ ২ মধুমেহ প্ৰতিৰোধৰ বাবে অভিভাৱকে কি কৰিব পাৰে:

  • শিশুৰ চেনি, মিঠাই, ঠাণ্ডা পানীয়, ভজা খাদ্য আদিৰ পৰিমাণ কমাব লাগে ।
  • উচ্চকাৰ্বযুক্ত খাদ্য যেনে চাউল,ৰুটি মধ্যমীয়াকৈ ৰাখিব লাগে ।
  • ফল-মূল, শাক-পাচলি, প্ৰ'টিন সমৃদ্ধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰক।
  • শিশুৱে প্ৰতিদিনে কমেও ৩০ মিনিটৰ পৰা এঘণ্টা সময় বাহিৰত খেলা-ধূলা কৰা, সাঁতোৰ, নাচ বা ব্যায়াম কৰা আদি কামবোৰ কৰিব লাগে । সপ্তাহত কমেও পাঁচ দিন এই ৰুটিন বজাই ৰাখক ।
  • সৰুৰে পৰা সজাগতা সৃষ্টি কৰক। শিশুৰ মাজত সুস্থ জীৱনশৈলীৰ অভ্যাসক উৎসাহিত কৰাটোৱেই হ’ব পাৰে এই ক্ৰমবৰ্ধমান স্বাস্থ্যজনিত সমস্যাটো প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায় ।

তথ্যসূত্ৰ:

লগতে পঢ়ক:থাইৰয়ডৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব ? জানি লওক উপায়

এফএছএছএআয়ে নিষিদ্ধ কৰিলে ফল-মূল পকাবলৈ ব্য়ৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড