ETV Bharat / health

ভৰিৰ জিনজিননি খুব বেছি হয় নেকি ? তেন্তে হৈ যাওক সাৱধান!

ডায়েবেটিছ সম্পৰ্কীয় এই অৱস্থা, ইয়াৰ ভয়াৱহতা, আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক-

Tingling in Feet? Don't Ignore It! Diabetic Neuropathy Warning Signs
ভৰিৰ জিনজিননি খুব বেছি হয় নেকি ? তেন্তে হৈ যাওক সাৱধান! (Getty Images)
author img

By ETV Bharat Health Team

Published : December 18, 2025 at 5:02 PM IST

6 Min Read
Choose ETV Bharat

ডায়েবেটিছত অনিয়ন্ত্ৰিত তেজৰ চুগাৰৰ মাত্ৰা অতি বিপদজনক হ’ব পাৰে ৷ হৃদযন্ত্ৰৰ পৰা আৰম্ভ কৰি বৃক্কলৈকে সকলোতে ইয়াৰ প্ৰভাৱ পৰে ৷ কিছুমান ৰোগীয়ে ভৰি জিনজিনাই থকা আৰু অজ্ঞানতাও অনুভৱ কৰে যদিও মানুহে ইয়াক প্ৰায়ে আওকাণ কৰে ৷ এই সমস্যাক আওকাণ কৰাটো বিপদজনক হ’ব পাৰে ৷ চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ডায়েবেটিক নিউৰ’পেথী বুলি কোৱা হয় ৷ ডায়েবেটিছ সম্পৰ্কীয় এই অৱস্থা, ইয়াৰ ভয়াৱহতা, আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক-

ডায়েবেটিক নিউৰ’পেথী হ’ল এনে এক অৱস্থা য’ত স্নায়ু দুৰ্বল হৈ পৰে ৷ হাত-ভৰিত ইয়াৰ প্ৰভাৱ দেখা যায় ৷ সময়মতে চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় ৷ শেহতীয়াকৈ নয়ডাৰ ছেক্টৰ ৭১ৰ কৈলাছ হাস্পতালত একেধৰণৰ ৰোগী ধৰা পৰিছে ৷ দক্ষিণ চুডানৰ প্ৰাক্তন গৱৰ্ণৰ সন্মানীয় জুমা আলী মালু নুৰেনে ডায়েবেটিছ আৰু আঁঠুৰ তীব্ৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়খনলৈ আহিছিল ৷ এই অৱস্থাবোৰে ইতিমধ্যে তেওঁৰ সামগ্ৰিক স্বাস্থ্য আৰু দৈনন্দিন কাম-কাজত গুৰুতৰ প্ৰভাৱ পেলাইছিল ৷ তদন্তত তেওঁৰ ডায়েবেটিক নিউৰ’পেথী হোৱা বুলি জানিব পৰা গৈছে ৷

খোজ কঢ়াটোও কঠিন হৈ পৰে

ডায়েবেটোল'জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে কৈছে যে, ডায়েবেটিক নিউৰ’পেথিয়ে এজন ব্যক্তিৰ খোজ কঢ়াৰ ক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত কৰে ৷ চুডানৰ পৰা অহা ৰোগীজনো এই সমস্যাত ভুগিছিল ৷ ডায়েবেটিক নিউৰ’পেথীয়ে তেওঁৰ ভৰিৰ স্নায়ু দুৰ্বল কৰি তুলিছিল ৷ অৱশ্যে ইয়াতেই তেওঁৰ চিকিৎসা কৰা হৈছিল ৷ ঔষধ আৰু পুষ্টিৰ যত্নৰ পিছত এতিয়া তেওঁ সুস্থ হৈ উঠিছে ৷ চিকিৎসকৰ সৈতে সমন্বয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে ৰোগীজনৰ অৱস্থা সমাধান কৰা হয় ৷

ডাঃ নাছিমুৰ ৰিয়াজে কয় যে, ডায়েবেটিছ ৰোগীয়ে সদায় নিজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব লাগে ৷ কাৰণ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ নকৰিলে ই স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে ৷ ই যকৃত, হৃদযন্ত্ৰ, বৃক্ক, আৰু চকুৰ ক্ষতি কৰে ৷ ডায়েবেটিছ ৰোগত ডায়েবেটিক নিউৰ’পেথীও হ’ব পাৰে ৷ তৎকালীন চিকিৎসা নকৰিলে গতিশীলতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

ডায়েবেটিক নিউৰ’পেথী কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

  • চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক ৷
  • সময়মতে ঔষধ খাব লাগে ৷
  • খাদ্যৰ যত্ন লওক ৷
  • ভৰি জিনজিনাই থকা সমস্যাক আওকাণ নকৰিব ৷

কি কি সাৱধানতা অৱলম্বন কৰিব ?

  • ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে ভৰি দুখন কেৱল 'ডায়েবেটিক ফুট'ৰ বাবেই নহয়, বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰিবলৈ প্ৰতিটো ক্ষণতে সতর্কতা অৱলম্বন কৰিব লাগে ৷ যদিহে ৰোগীয়ে আৰম্ভণিৰে পৰা সতর্কতা অৱলম্বন কৰে তেতিয়াহ'লে ভৰিৰ সংক্ৰমণ বা ঘা সততে হোৱাৰ সুৰুঙা নাথাকে ৷
  • এনে ৰোগীয়ে সদায় ভৰি দুখন ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ কিছুমান ৰোগীয়ে শোৱাৰ আগে আগে ভৰি দুখন ভালদৰে ধোৱে যদিও দিনটোৰ বেছিভাগ সময় লেতেৰা কৰি ৰাখে ৷ ইয়াৰ ফলত সংক্রমণ বৃদ্ধিৰ আশংকা থাকে ৷ এই বিষয়টোত বহুতেই গুৰুত্ব প্ৰদান নকৰাৰ ফলত পৰৱৰ্তী সময়ত জটিল ৰূপ লয় ৷
  • ভৰি দুখন সদায় ভালদৰে নিৰীক্ষণ কৰিলেও জটিল সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷ এই কাম নিজেও কৰিব পাৰি ৷ আইনাত ভৰি দুখন চালে গোৰোহা অথবা ভৰিৰ পতাত কোনো ক্ষতৰ সৃষ্টি হ'লে সেই বিষয়ে জনাত সহজ হয় ৷ এনে কৰিলে ক্ষতৰ বাবে সৃষ্টি হোৱা ঘা আদি প্ৰতিৰোধ কৰিব পাৰি ৷
  • 'ডায়েবেটিক ফুট' নহ'লেও যিমান সম্ভৱ সিমান ভৰি দুখন শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে ৷ কাৰণ শুকান কৰি ৰাখিলে সহজে ফাংগেল বা ছত্রাক সংক্রমণ হোৱাৰ আশংকা নাথাকে ৷ বহুতে ভৰি পৰিষ্কাৰ কৰি ৰাখে যদিও বেছি সময় তিতি থকাৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰি উঠে ৷
  • সদায় কপাহী মোজা পৰিধান কৰিব লাগে ৷ অৱশ্যে এনে মোজা পৰিধান কৰোতে এটা কথা লক্ষ্য কৰিব লাগে যাতে মোজাত কোনো ধৰণৰ ইলাষ্টিক নাথাকে ৷ কাৰণ ইলাষ্টিক থাকিলে ভৰি দুখন চেপি ধৰিলে ৰক্ত সঞ্চালনত
  • ব্যাঘাত জন্মিব পাৰে ৷ তদুপৰি চিন্থেটিক মোজা পিন্ধেলে ভৰি দুখন অনবৰতে ঘাম ওলাই থাকিলে সমস্যাই জটিল ৰূপ ধাৰণ কৰিব ৷ বিশেষকৈ গৰমৰ দিনত সকলোৱে সতৰ্ক হ'বই লাগিব ৷
  • পিন্ধা জোতা বা চেণ্ডেলজোৰ কোমল হোৱাটো বাঞ্চনীয় ৷ যিমানেই টান হ'ব সিমানেই ঘঁহনি খাই যা আদি হোৱাৰ আশংকা থাকে ৷ ঘঁহনি খোৱাৰ লগে লগে ইয়াত ঘা হোৱাৰ আশংকা থাকে ৷ আজিকালি এনেধৰণৰ জোতা,চেণ্ডেল বজাৰত উপলব্ধ হৈছে ৷
  • জোতা কিনোতে সদায় পিন্ধাৰ সময়ত ভৰিৰ আঙুলিত যাতে কোনো চাপ নপৰে সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ কাৰণ এনে কৰিলে ৰক্তসঞ্চালনত ব্য়াঘাত জন্মে ৷
  • নখ কটাৰ সময়তো সাৱধান হ'ব লাগিব ৷ সদায় ভৰিৰ নখ চিধাকৈ কাটিব লাগে ৷ বহুতে নখ ঘূৰণীয়াকৈ কাটে ৷ মনত ৰখিব এনেদৰে কটাৰ ফলত যদি আঙুলীৰ পৰা তেজ ওলাই তেতিয়াহ'লে এই ঘাঁ শুকোৱাত সমস্য়াৰ সৃষ্টি হোৱাৰ আশংকা থাকে ৷ পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰি উঠাৰ আশংকা থাকে ৷

ৰোগীয়ে কি কি কৰিব নালাগে ?

সকলোকে কোৱা হয় অমুকটো কৰিব লাগে,তেতিয়া ৰোগৰ পৰা হাত সাৰিব পাৰি বা পৰিত্ৰাণ পোৱাটো সম্ভৱ;কিন্তু আমি সকলোৱে এইটোও জানিব লাগে কি কি কৰিব নালাগে ৷

  • সাধাৰণতে ঠাণ্ডাৰ দিনত গধূলি পৰত প্ৰায়ভাগ লোকেই গৰম পানীৰে ভৰি ধোৱে ৷ খুব আৰাম পোৱা যায় ৷ পিছে আপুনি যদি ডায়েবেটিছত আক্ৰন্ত তেতিয়া গৰম পানীৰে ভৰি ধুব পাৰিব নে ? এনে ৰোগীয়ে বেছি গৰম পানীত ভৰি জুবুৰিয়াই ধোব নালাগে ৷ পৰাপক্ষত ভৰি কুহুমীয়া পানীৰে ধোলাটোৱেই মংগলজনক ৷ তেতিয়া ছালখনে সহজে আঘাত পেৱাৰ সম্ভাৱনা নাথাকে ৷
  • ৰোগীয়ে কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে ৷ কিয়নো খালী ভৰিৰে খোজ কাঢ়িলে যিকোনো সময়তেই
  • আঘাত পোৱাৰ আশংকা থাকে ৷ খালী ভৰিৰে খোজ কাঢ়িলে উজুতি খোৱা বা গজাল আদিয়ে বিন্ধিলে নতুবা কিহবাই কাটিলে তেজ ওলোৱাৰ পিচত সেয়া উপশম লাভ কৰোঁতে জটিলতাই গা কৰি উঠে ৷
  • কেতিয়াও খালী ভৰিৰে তপত বালি আদিৰ ওপৰত বেছি সময় খোজ নাকাঢ়িব ৷ কিয়নো ছালৰ আঘাত হ'ব পাৰে ৷
  • জোতা পিন্ধিলে জোতাযোৰত যাতে গজাল নাথাকে সেইটো ভালদৰে চাব লাগে ৷
  • ৰোগীয়ে টান জোতা পিন্ধিব নালাগে ৷

লগতে পঢ়ক

  1. ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি এইসমূহ ৰোগতো লাভদায়ক চজিনা... জনালে বিশেষজ্ঞই
  2. ডায়েবেটিছ ৰোগীয়ে কিয় জানিব লাগে গ্লাইচেমিক সূচকাংক ?
  3. ডায়েবেটিছৰ সৈতে মানসিক চাপৰ কোনো সম্পৰ্ক আছে নেকি ?