ETV Bharat / health

শৰীৰত এইবোৰ লক্ষণে দেখা দিলে হ’ব পাৰে বৃক্কত পাথৰ

৩০ আৰু ৫০ বছৰৰ লোকৰ বৃক্কত সাধাৰণতে পাথৰ অধিক হয় । জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে এই সমস্যা...

CAUSES OF KIDNEY STONES
শৰীৰত এইবোৰ লক্ষণে দেখা দিলে হ’ব পাৰে বৃক্কত পাথৰ (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : March 18, 2026 at 7:19 PM IST

5 Min Read
Choose ETV Bharat

আধুনিক জীৱনশৈলীজনিত যিবোৰ ৰোগে গা কৰি উঠিছে সেইবোৰৰ প্ৰায়ভাগৰ ক্ষেত্ৰতে অন্য়তম কাৰক হিচাপে চিহ্নিত হৈছে খাদ্য়াভাস । খাদ্যাভ্যাসে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে । বিশেষকৈ খাদ্য়াভাসৰ কাৰণে বৃক্কৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ইয়াৰ মূল কাৰণ হৈছে প্ৰচুৰ পৰিমানে পানী সেৱন নকৰা আৰু অধিক নিমখযুক্ত খাদ্য খোৱা । আজিকালি বেছিভাগ লোকৰেই এই সমস্য়া ।

আধুনিক জীৱনশৈলীজনিত সমস্যাবোৰৰ ভিতৰত কিডনী বা বৃক্কত পাথৰ হোৱাটো এক চিন্তনীয় বিষয়; কিন্তু অৱস্থাটো গুৰুতৰ হোৱাৰ পূৰ্বেই আমাৰ শৰীৰে প্ৰায়ে সতৰ্কবাণী দিয়ে । এই সন্দৰ্ভত সবিশেষ ব্য়াখ্য়া কৰিলে ডাঃ সুমন লতাই । চিকিৎসকগৰাকীয়ে বৃক্কৰ পাথৰ প্ৰাৰম্ভিক অৱস্থাত কেনেকৈ চিনাক্ত কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰিছে । ডাঃ সুমন লতা দিল্লীৰ দ্বাৰকাৰ মণিপাল হাস্পতালৰ নেফ্ৰ’লজিষ্ট আৰু কিডনী ট্ৰেন্সপ্লেণ্ট বিশেষজ্ঞ ।

ডাঃ সুমন লতাৰ মতে, সাধাৰণতে ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ লোকৰ বৃক্কত পাথৰ হোৱা দেখা যায়;কিন্তু জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে এতিয়া কম বয়সীয়াসকলৰ মাজতো এই সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । পূৰ্বে পুৰুষৰ ক্ষেত্ৰত এই সমস্য়া বেছিকৈ দেখা গৈছিল । অৱশ্য়ে শেহতীয়াকৈ মহিলাৰ ক্ষেত্ৰতো এই সমস্যা বৃদ্ধি হৈছে । পুৰুষ-মহিলাৰ ক্ষেত্ৰত থকা এই ব্যৱধান হ্ৰাস পাই আহিছে । শিশুৰ ক্ষেত্ৰত কম দেখা যায় যদিও জিনীয় কাৰক, বিপাকীয় সমস্য়া, ডিহাইড্ৰেচন (অৰ্থাৎ কম পানী খোৱা) আদিৰ ফলত এনেধৰণৰ সমস্য়াৰ সৃষ্টি হ’ব পাৰে বুলি ডাঃ সুমন লতাই কয় ।

কঁকালৰ বিষ অস্বাভাৱিক নহয় :

বৃক্কত পাথৰ হোৱাৰ সাধাৰণ লক্ষণ হ’ল বিষ; কিন্তু এই বিষ স্বাভাৱিক পেশীৰ বিষৰ দৰে নহয় । ই হঠাতে আৰম্ভ হয় আৰু বূদ্ধি পায় । সাধাৰণতে পিঠিৰ তলৰ অংশৰ এফালে বা পিঠিৰ ফালে এই বিষ হয় । এই বিষ লাহে লাহে তললৈ, তলপেট আৰু উৰুলৈ বিয়পিব পাৰে । কোনো কোনো লোকৰ এই বিষ মাজে মাজে হয়, আন কিছুমানৰ আকৌ ক্ষেত্ৰত স্থায়ী হয় । কঁকালৰ তলৰ অংশ আৰু কাষত এনে অস্বাভাৱিক বিষ হোৱাটো কিডনীৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে । বিষৰ তীব্ৰতা পাথৰৰ আকাৰৰ ওপৰত নহয়, বৃক্কৰ ভিতৰত ইয়াৰ অৱস্থান আৰু গতিৰ ওপৰত নিৰ্ভৰ কৰে ।

বৃক্কৰ প্ৰধান কাম হ’ল তেজ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বৰ্জ্য় পদাৰ্থ আঁতৰোৱা । যেতিয়া কোনো পাথৰে প্ৰস্ৰাৱ নলী বন্ধ কৰে তেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ আশংকা থাকে ।

কেনে লক্ষণে দেখা দিয়ে ?

  • জ্বলা-পোৰা আৰু বিষ: প্ৰস্ৰাৱ কৰাৰ সময়ত তীব্ৰ জ্বলা-পোৰা বা বিষ অনুভৱ হয় ।
  • তেজ: যদি আপোনাৰ প্ৰস্ৰাৱ ৰঙা, গোলাপী বা বাদামী ৰঙৰ হয়, তেন্তে ই আপোনাৰ শৰীৰৰ ভিতৰত আঘাতৰ লক্ষণ হ’ব পাৰে । এনে হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।
  • দুৰ্গন্ধ আৰু ধোৱাবৰণীয়া: যদি প্ৰস্ৰাৱ সাধাৰণতকৈ ডাঠ হয়, ধোৱা বৰণৰ দৰে দেখা যায় আৰু দুৰ্গন্ধ ওলায়, তেতিয়া এয়া সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।
  • টোপাল টোপাল প্ৰস্ৰাৱ : প্ৰস্ৰাৱ কৰাৰ প্ৰবল ইচ্ছা থাকিলেও প্ৰস্ৰাৱ কৰিবলৈ চেষ্টা কৰিলে মাত্ৰ কেইটোপালমানহে ওলাই আহে ।
  • গেষ্ট্ৰাইটিছৰ সমস্যা: বৃক্কৰ সমস্যা স্নায়ুতন্ত্ৰৰ জৰিয়তে পাচনতন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত । বৃক্কত পাথৰ হোৱা বহু লোকে বমি আৰু ওকালিভাৱ অনুভৱ কৰে । ইয়াৰ ফলত ভোক নলগাও হ’ব পাৰে । পেট ফুলা আৰু কোষ্ঠকাঠিন্যও হ’ব পাৰে । হঠাৎ ওজন কমি যোৱাটোও বৃক্কৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লক্ষণ বুলি কোৱা হয় ।

এই জটিলতাবোৰো দেখা দিয়ে:

  • শৰীৰত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে জ্বৰ আৰু ঠাণ্ডা হ’ব পাৰে ।
  • সাধাৰণতে বৃক্কৰ পাথৰৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে শৰীৰৰ উত্তাৰ বেছি হয় ।
  • ইয়াৰ লগে লগে পেটৰ তীব্ৰ বিষও হ’ব পাৰে। বহুতে বৃক্কৰ বিষক সাধাৰণ কঁকালৰ বিষ বুলি ভুল কৰি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বিষনাশক ঔষধ(পেইনকিলাৰ) খায় ।

আপুনি বৃক্কৰ পাথৰ প্ৰতিৰোধ কৰিব কেনেকৈ ?

  • প্ৰচুৰ পৰিমাণে পানী খাব লাগে: দৈনিক কমেও ২.৫ৰ পৰা ৩ লিটাৰ পানী খালে প্ৰস্ৰাৱ পাতল হৈ পৰে আৰু পাথৰ গঠন ৰোধ কৰাত সহায় কৰে ।
  • খাদ্যৰ পৰিৱৰ্তন: নিমখ আৰু সংসাধিত খাদ্যৰ পৰিমাণ কম কৰক । নেমু আৰু কমলাৰ দৰে ছাইট্ৰাছ ফল খাব লাগে । অক্সলেট সমৃদ্ধ খাদ্য যেনে কচু আৰু বাদামৰ পৰিমাণ সীমিত কৰিব লাগে ।
  • শাৰীৰিক ক্ৰিয়া-কলাপঃ স্বাভাৱিক ওজন বৰ্তাই ৰখা আৰু নিয়মিতভাৱে ব্যায়াম কৰিব লাগে ।

কোনো লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম । আগতীয়াকৈ ধৰা পৰিলে ভৱিষ্যতে হোৱা জটিলতা ৰোধ কৰাত সহায়ক হ’ব ।

(সতৰ্কীকৰণ: এই সাধাৰণ তথ্য কেৱল পঢ়াৰ উদ্দেশ্যে দিয়া হৈছে। এই তথ্যৰ বৈজ্ঞানিক বৈধতাৰ সন্দৰ্ভত ইটিভি ভাৰতে কোনো দাবী কৰা নাই। অধিক বিৱৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক:এগৰাকী ৰোগীৰ কেতিয়া প্ৰয়োজন হয় ডায়েলাইচিছৰ ?

২০-২৫ বছৰৰ লোকৰ ক্ষেত্ৰত এই দুটা কাৰণত বাঢ়িছে বৃক্কৰ ৰোগ, জানক ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ