ETV Bharat / health

ডায়েবেটিছত আক্ৰান্তই ভৰিৰ যতন নল'লে হ'ব পাৰে এই বিপদ-বিশেষজ্ঞ

ডায়েবেটিছত আক্রান্ত হ'লে ভৰি দুখনৰ ক্ষেত্ৰত কি কি সমস্যাই গা কৰি উঠিব পাৰে, ইয়াৰ লক্ষণসমূহ কি কি, এই সন্দৰ্ভত জনালে ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাসে-

DIABETIC FOOT CARE
ডায়েবেটিছত আক্ৰান্তই ভৰিৰ যতন নল'লে হ'ব পাৰে এই বিপদ-বিশেষজ্ঞ (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : November 22, 2025 at 11:43 AM IST

4 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি অভাৱনীয় হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ আক্রান্ত ৰোগীৰ সংখ্যা ৷ এই ৰোগীসকলৰ ভিতৰত এটা অন্যতম সমস্যা হৈছে ভৰিৰ সমস্যা অৰ্থাৎ ‘ডায়েবেটিক ফুট' ৷ বিশ্বৰ ডায়েবেটিছত আক্ৰান্ত লোকৰ ভিতৰত ৬.৩ শতাংশই ভৰিৰ সমস্যাত ভুগি আছে ৷ আনহাতে, বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন ভৰি হেৰুৱাবলগীয়া হয় ৷ দুৰ্ঘটনাজনিত কাৰণৰ উপৰি ডায়েবেটিছত আক্রান্ত হোৱা বাবে জটিলতাৰ সৃষ্টি হ'লে কেতিয়াবা ভৰি এখন অথবা দুয়োখনেই কাটিবলগীয়া হয় ৷ সমগ্র বিশ্বতেই যিমান সংখ্যক লোকে ভৰি হেৰুৱাবলগীয়া হয় তাৰ ভিতৰত এক চতুর্থাংশ ডায়েবেটিছত আক্রান্ত ৰোগী ৷ তেন্তে আহক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাসৰ পৰা আমি জানো যে, ডায়েবেটিছত আক্রান্ত হ'লে ভৰি দুখনৰ ক্ষেত্ৰত কি কি সমস্যাই গা কৰি উঠিব পাৰে ? তথা ইয়াৰ লক্ষণসমূহ কি কি ?

কিন্তু এই ক্ষেত্ৰত সচেতনতাৰ অভাৱত

একাংশই ৰোগীজনে ভৰি দুখনৰ যতন সম্পৰ্কে বিশেষ গুৰুত্ব দিয়া দেখা নাযায় ৷ ডায়েবেটিছত আক্রান্ত লোকৰ ভিতৰত ১০ৰ পৰা ১৫ শতাংশ ৰোগীৰে ভৰিত ঘাঁ হোৱা দেখা যায় ৷ তদুপৰি ডায়েবেটিছত আক্ৰান্ত হৈ ভৰিৰ সমস্যাত ভোগা বাবেই ৫০ শতাংশ ৰোগীয়ে সময়ত হাস্পতালত ভৰ্তি হ'বলগীয়া হয় ৷ ডায়েবেটিছত আক্রান্ত হ'লে ভৰি দুখনৰ যি সমস্যাই গা কৰি উঠে সেইবোৰৰ ভিতৰত অন্যতম হ'ল- নিউৰ’পেথী, পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ, সংক্রমণ, ইডিমা, ভৰিৰ ঘাঁ আৰু আঘাত ৷

DIABETIC FOOT CARE
ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাস (ETV Bharat Assam)

নিউৰ’পেথীৰ লক্ষণসমূহ কি কি ?

নিউৰ’পেথীত আক্রান্ত হ'লে কিছুমান বিশেষ লক্ষণ ফুটি উঠে ৷ এনে সমস্যাত আক্রান্ত হ'লে আক্রান্ত গৰাকীৰ ভৰি দুখন বিষায় ৷ ভৰিৰ তলুৱা জ্বলাপোৰা কৰাৰ দৰে অনুভৱ হয় ৷ সাধাৰণতে নিশাৰ ভাগত এনে ধৰণৰ সমস্যাই বেছিকৈ গা কৰি উঠে ৷ ভৰি দুখনত তট নোহোৱাৰ দৰে অনুভৱ হয় ৷ কেতিয়াবা অসহ্য বিষ হ'ব পাৰে ৷ তদুপৰি গোৰোহা ফাটে ৷ ভৰি দুখন শুষ্ক হয় ৷ আনহাতে, যেতিয়া ‘ছিভিয়াৰ নিউৰ’পেথী হয় তেতিয়া ৰোগীৰ ভৰিত বিষ নহয় ৷ সেইবাবে ৰোগীয়ে ভৰি দুখনত আঘাত পালেও অনুভৱ নকৰে ৷ যেতিয়া এই লক্ষণসমূহ ফুটি উঠে তেতিয়া নিশ্চিত হ'ব পাৰি যে ৰোগীজন নিউৰ’পেথীত আক্ৰান্ত হৈছে ৷

পেৰিফেৰেল ভাস্কুলাৰ ডিজিজৰ লক্ষ্যসমূহ কি কি ?

ডায়েবেটিক ফুটৰ সমস্যাৰ ভিতৰত অন্যতম হল পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ ৷ এনে সমস্যাত আক্রান্ত হ'লে কিছুমান বিশেষ লক্ষণ ফুটি উঠে ৷ প্রথমতে, ভৰি দুখনৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ৷ অর্থাৎ চিক্‌মিকনি উঠে ৷ আনহাতে, ভৰিৰ নোম সৰিবলৈ ধৰে ৷ ভৰিৰ ছালখন পাতল হয় ৷ কেতিয়াবা এনে ৰোগত আক্রান্ত লোকৰ আঙুলি ক'লা পৰে ৷ দৰাচলতে তেজ চলাচলত ব্যাঘাত জন্মাৰ বাবে আঙুলি ক'লা পৰে ৷ এনে ৰোগীৰ পেৰিফেৰেল ভাস্কুলাৰ ডিজিজৰ লগতে নিউৰ’পেথীও হ'ব পাৰে ৷ সাধাৰণতে দীৰ্ঘদিন ধৰি ডায়েবেটিছত আক্রান্ত হ’লে দুয়োবিধে একেলগে গা কৰি উঠে ৷ এনে ৰোগৰ চিকিৎসাও জটিল হয় ৷ সেইবাবে সোনকালে চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত জটিলতা বৃদ্ধি পায় ৷

ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে ভৰি দুখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কি কি কৰিব ?

  • সদায় ভৰি দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷
  • যিমান সম্ভৱ সিমান ভৰি দুখন শুকান কৰি ৰাখিব লাগে ৷
  • সদায় কপাহী মোজা পৰিধান কৰিব লাগে ৷ অৱশ্যে এনে মোজা পৰিধান কৰোতে এটা কথা লক্ষ্য কৰিব লাগে যাতে মোজাত কোনো ধৰণৰ
  • ইলাষ্টিক নাথাকে ৷ কাৰণ ইলাষ্টিক থাকিলে ভৰি দুখন চেপি ধৰিলে ৰক্ত সঞ্চালনত
  • ব্যাঘাত জন্মিব পাৰে ৷
  • পিন্ধা জোতা বা চেণ্ডেলজোৰ কোমল হ’ব লাগে ৷
  • সদায় ভৰিৰ নখ চিধাকৈ কাটিব লাগে ৷ বহুতে নখ ঘূৰণীয়াকৈ কাটে ফলত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে ৷

লগতে পঢ়ক

  1. কমকৈ শুলে কি নো হ’ব! এনেকৈ আপুনিও ভাবে নেকি ? তেন্তে হৈ যাওক সাৱধান
  2. ডায়েবেটিছ ৰোগীয়ে কিয় জানিব লাগে গ্লাইচেমিক সূচকাংক ?
  3. ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খাব লাগেনে ? কি কয় বিশেষজ্ঞই