নহৰুত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি পূৰ্বে জানিছিল নে ?
কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক-

Published : December 16, 2025 at 2:46 PM IST
আমাৰ মাজৰ বেছিভাগেই ভালদৰেই জানে যে, নহৰুত কিমান পুষ্টিকৰ উপাদান আছে লগতে ই আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী ৷ বিশেষকৈ শীতকালত ইয়াক প্ৰচুৰ পৰিমাণে খোৱা হয় ৷ বিশেষজ্ঞৰ মতে, নহৰুৱে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ছালৰ বাবেও ই সমানেই উপকাৰী হ’ব পাৰে ৷ নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা প্ৰদান কৰে । মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু । মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও নহৰুত ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ।
নহৰুত মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় । কেঁচা নহৰু খালে আৰু কি কি উপকাৰ হয় সেই বিষয়েও জানো আহক-
নহৰুৰ উপকাৰিতা
- হৃদৰোগৰ পৰা সুৰক্ষা
- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হ’ব নিদিয়ে ৷
- নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায় ৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে ৷
- উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক ৷
- তেজ পৰিষোধক হিচাপে নহৰুৱে কাম কৰে ৷
- দুফুটা নহৰু আৰু অকণমান নেমুৰ ৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷
- কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ,
- মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ ৷
- ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয় ৷
- পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে ৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয় ৷
- নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে ৷
- মাহেকীয়া হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে ৷
- ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী ৷
- হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী ৷
- চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক ৷
- লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয় ৷
নহৰু খোৱাৰ সঠিক সময় কি ?
কেঁচা নহৰু খোৱাৰ উপযুক্ত সময় হ’ল পুৱা । পুৱা সোনকালে খালী পেটত খালে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব । প্ৰতিদিনে পুৱা ২ টা নহৰু খাব পাৰে । ৰাতি শুবলৈ যোৱাৰ আগতে ২টা নহৰু পানীত তিয়াই পুৱা খালী পেটত খাব লাগে ।
জনাই দিও যে, এই উপকাৰিতাসমূহৰ মাজতো নহৰু সীমিত পৰিমাণে সেৱন কৰাটো উচিত, অন্যথা মুখৰ দুৰ্গন্ধ, এচিডিটি, বুকুৰ জ্বলা-পোৰা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ ইয়াৰ লগতে যদি আপোনাৰ কোনোধৰণৰ এলাৰ্জী আছে বা কোনো ঔষধ খাই আছে তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিছতহে কেঁচা নহৰু সেৱন কৰক ।
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC6392629/
সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।
লগতে পঢ়ক

