ভৰি ফুলিছে নেকি ? তেন্তে সাৱধান, হ'ব পাৰে এইকেইটা ৰোগৰ লক্ষণ
ভৰিত তৰল পদাৰ্থ জমা হোৱাৰ ফলত কেনে সমস্য়াৰ সৃষ্টি হ'ব পাৰে ?

Published : January 4, 2026 at 8:53 PM IST
সাধাৰণতে ভৰিত তৰল পদাৰ্থ জমা হ'লে গোৰোহা ফুলি উঠে । সচৰাচৰ ভৰি দুখন দীৰ্ঘসময় ক্ৰছ কৰি বহি থাকিলে অথবা দীঘলীয়া যাত্ৰা বা বয়স বৃদ্ধি আদি কাৰণত এনে সমস্য়াই গা কৰি উঠে । পিচে আমি সকলোৱে এইদৰে ভবা বিষয়টো চিকিৎসা বিজ্ঞানৰ অধ্যয়নত অন্য় ধৰণে ব্যাখ্য়া কৰা হৈছে ।
অধ্য়য়নত দেখা গৈছে যে কিছুক্ষেত্ৰত গোৰোহাৰ এই আপাত দৃষ্টিত নিৰাপদ ফুলাটো কেইবাটাও গুৰুতৰ অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে । হৃদযন্ত্ৰৰ বিকলতা, তেজ জমা হোৱা, যকৃতৰ ৰোগ আদিৰ লক্ষণ হিচাপে দেখা দিব পাৰে ।
যেতিয়া কলাত অতিৰিক্ত তৰল পদাৰ্থ জমা হয় তেতিয়া ফুলি উঠে । সাধাৰণতে মধ্যাকৰ্ষণ শক্তি বা তেজৰ সোঁত কমি যোৱা বাবে শৰীৰৰ তলৰ অংশত এনে সমস্য়াই গা কৰি উঠে । কেৱল গোৰোহা ফুলাৰ কাৰণ তৰল পদাৰ্থ জমা হোৱা বুলি কোৱাৰ পৰিৱৰ্তে ইয়াৰ অন্তৰ্নিহিত কাৰণ বুজাটো অতিকৈ গুৰুত্বপূৰ্ণ । গতিকে যদি ফুলাটো স্বাভাৱিকতকৈ বেছি হয় বা আন লক্ষণৰ লগত থাকে, তেন্তে ইয়াৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰিবই লাগিব ।
গোৰোহা ফুলাটোৱে কি স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে সেয়া জানো আহক…
হৃদযন্ত্ৰৰ বিকলতা
হৃদযন্ত্ৰ বিকল হ'বলৈ ধৰিলে সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে । ইয়াৰ ফলত শিৰাত তেজ জমা হোৱাৰ লগতে গোৰোহা আৰু ভৰিত তৰল পদাৰ্থ জমা হয় । এই অৱস্থাই শৰীৰৰ পৰা বৃক্কই নিমখ আৰু পানী আঁতৰোৱাৰ ক্ষমতাতো প্ৰভাৱ পেলায়, ফলত বেছিকৈ ফুলি উঠে ।
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ চাইণ্টিফিক জাৰ্ণেল(AHA) ত প্ৰকাশিত এক গৱেষণাৰ মতে, যেতিয়া হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা হ্ৰাস পায় ৷ তেতিয়া ভৰি, গোৰোহাত তৰল পদাৰ্থ জমা হ’ব পাৰে । ভৰিৰ ফুলাটো প্ৰায়ে হৃদযন্ত্ৰৰ বিকলতাৰ প্ৰাৰম্ভিক লক্ষণ । আন আন লক্ষণসমূহ হ’ল - ভাগৰুৱা, উশাহ-নিশাহৰ কষ্ট আৰু তৰল পদাৰ্থ জমা হোৱাৰ ফলত ওজন বৃদ্ধি হোৱা ।
তেজ জমা হোৱা
তেজ জমা হ'লে থ্ৰম্ব’ছিছ বুলি কয় । এনে হ'লে ভৰিৰ শিৰা বন্ধ কৰি হৃদযন্ত্ৰলৈ তেজ ঘূৰি অহাত বাধা দিব পাৰে । ডিপ ভেইন থ্ৰম্ব’ছিছ (DVT) এক গুৰুতৰ অৱস্থা । যদি ক্লটটো হাওঁফাওঁত উপনীত হয় তেন্তে ই জীৱনলৈ সংশয় কঢ়িয়াই আনিব পাৰে । ডিভিটিৰ ফলত আক্ৰান্ত ভৰিখন ফুলাৰ লগতে উষ্ণতা বৃদ্ধি আৰু বিষ হ’ব পাৰে । যেতিয়া এই সমস্য়াই জটিল ৰূপ লয়, তেতিয়াহ’লে ইয়াৰ ফলত স্থায়ী ফুলি উঠিব পাৰে । এনে হ'লে প’ষ্ট থ্ৰম্বটিক চিনড্ৰম বুলি কোৱা হয় । এই ধৰণৰ জটিলতাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰিব লাগে । তদুপৰি তেজ পাতল কৰা ঔষধ বা অন্যান্য চিকিৎসা পদ্ধতিৰে চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় ।
গৰ্ভাৱস্থা
গৰ্ভাৱস্থাত শৰীৰে অধিক তেজ আৰু তৰল পদাৰ্থ উৎপন্ন কৰি ভ্ৰুণক বৃদ্ধিত সহায় কৰে । ইয়াৰ ফলত বিশেষকৈ গৰ্ভাৱস্থাৰ শেষৰ তিনিমাহত (তৃতীয় ত্ৰিমাসিক) ভৰিৰ গোৰোহা, ভৰি, কেতিয়াবা হাত সামান্য ফুলি উঠিব পাৰে । হৰম’নৰ পৰিৱৰ্তন আৰু শ্ৰোণীৰ শিৰাৰ ওপৰত চাপ বৃদ্ধি হ'লেও ফুলিব পাৰে । বেছিভাগ ফুলা নিৰাপদ হ’লেও হঠাতে মুখ বা হাত ফুলাটো প্ৰিক্লেম্পচিয়া নামৰ গুৰুতৰ অৱস্থাৰ লক্ষণ হ’ব পাৰে । এনে অৱস্থাৰ সৃষ্টি হ'লে তৎকালীন চিকিৎসাৰ প্ৰয়োজন । ভৰি দুখন ওপৰলৈ তুলি লোৱা আৰু দীৰ্ঘদিন থিয় হৈ থকা এৰাই চলাৰ দৰে সৰল ব্যৱস্থাই অস্বস্তি হ্ৰাস কৰাত সহায় কৰিব পাৰে । আৰামদায়ক জোতা পিন্ধা, প্ৰচুৰ পৰিমাণে পানী সেৱন, ভৰিৰ লঘু ব্যায়াম কৰিলে তেজৰ সঞ্চালন উন্নত হোৱাৰ লগতে ভৰিত তৰল পদাৰ্থ জমা হোৱাত বাধা দিব পাৰে ।
দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ
বৃক্কই শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগত বৰ্জ্য় সামগ্ৰী ফিল্টাৰ কৰাৰ ক্ষমতা হেৰুৱাই আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাই পেলায় । মধ্যাকৰ্ষণৰ বাবে তলৰ অংগত তৰল পদাৰ্থ জমা হয় আৰু প্ৰায়ে প্ৰথমে গোৰোহাত ফুলা দেখা দিয়ে । এন চি বি আইৰ এক অধ্যয়ন অনুসৰি তীব্ৰ বৃক্কৰ ৰোগ বা শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগত এডিমা (ফুলা) সৃষ্টি কৰিব পাৰে ।
যকৃতৰ ৰোগ
যকৃতত এলবুমিন নামৰ প্ৰ'টিন উৎপন্ন হয় । এলবুমিনে তেজত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । চিৰ’ছিছ বা হেপাটাইটিছৰ দৰে ৰোগৰ ফলত যকৃতৰ ক্ষতিৰ ফলত এলবুমিনৰ মাত্ৰা হ্ৰাস হ’ব পাৰে । ইয়াৰ ফলত কলাবোৰত তৰল পদাৰ্থ লিক হৈ যাব পাৰে । ইয়াৰ ফলত ভৰিৰ গোৰোহা, ভৰি, পেট ফুলি উঠিব পাৰে ।
হাইপোথাইৰয়ডিজম
থাইৰয়ড গ্ৰন্থিৰ অসক্ৰিয়তাই বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে । এনে হোৱাৰ ফলত পেশী আৰু গাঁঠিত প্ৰভাৱ পৰাৰ আংশকা থাকে, ফলত জঠৰতা আৰু ফুলি উঠে । হাইপোথাইৰয়ডিজমে কলাত তৰল পদাৰ্থ জমা হোৱাও বৃদ্ধি কৰিব পাৰে আৰু এনে হ'লে ভৰিৰ গোৰোহা ফুলি উঠে । গতিকে নিমখৰ পৰিমাণ কমাই খোৱা উচিত ।
ডায়েবেটিছ
তেজত শৰ্কৰাৰ মাত্ৰা অধিক হ’লে ৰক্তবাহী নলীৰ ক্ষতি হোৱাৰ লগতে বিশেষকৈ ভৰিৰ তেজৰ সোঁতত ব্যাঘাত জন্মে । ফলত গোৰোহাত তৰল পদাৰ্থ জমা হৈ ফুলি উঠে । ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত অনিয়ন্ত্ৰিত ফুলাটোৱে শিৰাৰ ক্ষতি, সংক্ৰমণ বা আলচাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।
(সতৰ্কীকৰণ: ইয়াত দিয়া সকলো স্বাস্থ্য তথ্য আৰু পৰামৰ্শ কেৱল আপুনি বুজি পাবৰ বাবেহে উল্লেখ কৰা হৈছে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে । এই নিৰ্দেশনাসমূহ পালন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম ।)

