ETV Bharat / health

দূষণৰ আতংক ! ভাৰতত কেইবাটাও আই ড্ৰপ বিক্ৰী বন্ধ কৰিছে ছান ফাৰ্মাই

কোম্পানীটোৱে বিলিং বন্ধ কৰাৰ লগতে প্ৰডাক্ট তৎক্ষণাত ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে ।

sun pharma recalls eye drops in india after contamination scare
দূষণৰ আতংক ! ভাৰতত কেইবাটাও আই ড্ৰপ বিক্ৰী বন্ধ কৰিছে ছান ফাৰ্মাই (ANI)
author img

By ETV Bharat Assamese Team

Published : August 2, 2026 at 9:06 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লীঃ হঠাতেই ছান ফাৰ্মা ডিষ্ট্ৰিবিউটৰ্ছ লিমিটেডে কেইটামান আই ড্ৰপ বিক্ৰীত গোপনে বাধা আৰোপ কৰিছে । ইয়াৰ কাৰণ এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই যদিও যোৱা ১৭ জুলাইত ছান ফাৰ্মা ডিষ্ট্ৰিবিউটৰ্ছ লিমিটেডে ডিষ্ট্ৰিবিউটৰলৈ জাৰি কৰা গোপনীয় পত্ৰৰ প্ৰতিলিপিত এএনআইয়ে লাভ কৰিছে ।

এই গোপনীয় পত্ৰখনত আই ড্ৰপছ ৫এমএল বিকেচি ফ্ৰী ,লটেপ্ৰেড-৫এমএল আদি প্ৰত্যাহাৰ হোৱা বুলি উল্লেখ কৰা হৈছে । প্ৰত্যাহাৰ কৰা প্ৰডাক্টৰসমূহ হৈছে "ডেপোপ্ৰেড ২এমএল, ব্ৰিনোলাৰ( বিকেচি ফ্ৰী),ব্ৰীণজোটিম ড্ৰপছ ৫এমএল বিকেচি ফ্ৰী, লোটেপ্ৰেড ৫ এমএল , লোটেপ্ৰেড ১% আই ড্ৰপ এছএমএল, লোটেপ্ৰেড এলএছ ০.২ই/ডি৫এমএল, লোটেপ্ৰেড টি, নেপালেক অ'ডি আই ড্ৰপ ৩এমএল, নেপালক-জেড, টোবা-এফ আৰু নেপালক ই/ডি" ৫এমএল ।"

এই পত্ৰখনত সতৰ্ক কৰি এইদৰে উল্লেখ কৰা হৈছে, “ছান ফাৰ্মা ডিষ্ট্ৰিবিউটৰ্ছ লিমিটেডে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আপোনাৰ প্ৰণালীত উপলব্ধ ওপৰৰ সামগ্ৰীসমূহৰ বৰ্তমানৰ সকলো ষ্টক অধিক বিতৰণ বন্ধ কৰি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।”

ইপিনে, এই কোম্পানীটোৱে এইকেইটা প্ৰডাক্টটোৰ বিলিং তৎক্ষণাত বন্ধ কৰিবলৈ বিতৰকসকলক অনুৰোধ জনাইছে । লগতে এই প্ৰডাক্টসমূহ ঘূৰাই পঠিয়াবলৈও অনুৰোধ জনাই কয়, "এই সন্দৰ্ভত, আপোনাক অনুৰোধ জনোৱা হৈছে যে ওপৰত উল্লেখ কৰা প্ৰডাক্টৰ বিলিং তৎক্ষণাত বন্ধ কৰক । আপোনাৰ হাতত থকা বৰ্তমানৰ যিকোনো ষ্টকৰ সবিশেষ আমাক প্ৰদান কৰক । তদুপৰি, আপোনাৰ ওচৰত উপলব্ধ প্ৰডাক্টটোৰ যিকোনো ষ্টকৰ লগতে অগ্ৰাধিকাৰৰ ভিত্তিত যিকোনো উৎসৰ পৰা পোৱা ষ্টকসমূহ আমালৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে ।"

এই সন্দৰ্ভত ছান ফাৰ্মাৰ মুখপাত্ৰই কয়, "ৰোগীক সুৰক্ষা প্ৰদান কৰাটোৱেই হৈছে আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । আমি ৰোগীৰ স্বাৰ্থত আৰু প্ৰযোজ্য নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা অনুসৰি সকলো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছো ।" ৰোগীয়ে এই চিকিৎসাৰ বিকল্প সুবিধা যাতে লাভ কৰি থাকিব পাৰে তাৰবাবে ছান ফাৰ্মাৰ দলসমূহে এনে সামগ্ৰীসমূহৰ উপলব্ধতা ব্য়ৱস্থাৰ বাবে পৰিশ্ৰমেৰে কাম কৰি আছে বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।

এই সন্দৰ্ভত এগৰাকী শীৰ্ষ বিশেষজ্ঞই কয়, "বহুতো এই চকুৰ ড্ৰপ অস্ত্ৰোপচাৰৰ পৰা সুস্থ হোৱা বা গ্ল'ক'মা, চকুৰ সংক্ৰমণ, এলাৰ্জী আৰু চকুৰ প্ৰদাহৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাৰ পৰা উপশম ঘটাবলৈ ৰোগীক নিদান দিয়া হয়, য'ত চিকিৎসাত বাধাৰ সৃষ্টি হ'লেই উল্লেখযোগ্য পৰিণাম হ'ব পাৰে । ভাৰতৰ দৰে দেশত, য'ত লাখ লাখ লোকে নিতৌ আই ড্ৰপৰ ওপৰত নিৰ্ভৰ কৰে । সেইবাবে প্ৰস্তুত কৰাৰ সময়ত বীজাণুমুক্ত অৱস্থা বৰ্তাই ৰখাটো অতিকৈ অপৰিহাৰ্য আৰু এইক্ষেত্ৰত কোনো আপোচ কৰা নহয় ।"

বিশেষজ্ঞগৰাকীয়ে লগতে কয়, "এটা প্ৰস্তুত কেন্দ্ৰত সন্দেহযুক্ত দূষণেও ৰোগীৰ সুৰক্ষাৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে । সেইবাবে তৎক্ষণাৎ সামগ্ৰী উভতাই লোৱা বা প্ৰত্যাৱর্তন কৰাটো অতি প্রয়োজনীয় হৈ পৰে । ৰোগীসকলে প্ৰত্য়াহাৰ কৰা বা উভতাই লোৱা ঔষধ ব্যৱহাৰ কৰিব নালাগে বা নিজাববীয়াকৈ চিকিৎসাও বন্ধ কৰিব নালাগে । তেওঁলোকৰ চকু চিকিৎসকৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিব লাগে যাতে উপযুক্ত বিকল্প ঔষধ ব্যৱহাৰ কৰিব পাৰে । ফলত দৃষ্টিশক্তি সুৰক্ষিত কৰাৰ লগতে যত্নৰ ধাৰাবাহিকতা নিশ্চিত কৰা হয় ।"

লগতে পঢ়ক:বাৰিষা মানেই কেৱল ভাইৰেল জ্বৰ নহয়, আপোনাৰ হৃদযন্ত্ৰতো প্ৰভাৱ পৰিব পাৰে

আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

নিদ্ৰাহীনতাঃ শৰীৰ-মনৰ পৰা দেশৰ অৰ্থনীতিলৈ প্ৰত্য়াহ্বান