ETV Bharat / health

প্লাষ্টিক খাদ্য়ঃ বাণিজ্য়িকভাৱে উপলব্ধ শিশুৰ খাদ্যত শীতল পানীয়ৰ সমানেই থাকে শৰ্কৰা !

'আৰ্কাইভছ অৱ ডিজিজ ইন চাইল্ডহুড' নামৰ পত্ৰিকাত চাঞ্চল্য়কৰ তথ্য় ।

spouted baby food pouches same as sugary drinks
বাণিজ্য়িকভাৱে উপলব্ধ শিশুৰ খাদ্যত শীতল পানীয়ৰ সমানেই থাকে শৰ্কৰা ! (Getty Images)
author img

By ETV Bharat Assamese Team

Published : August 28, 2026 at 6:51 PM IST

6 Min Read
Choose ETV Bharat

শিশুৰ বাবে মাতৃদুগ্ধ অমৃত সমতুল্য । জন্মৰ পিচত ৬ মাহলৈকে মাতৃদুগ্ধ খুৱাবলৈকে চিকিৎসকে পৰামৰ্শ আগবঢ়ায় । এই সময়ত প্ৰয়োজনীয় পুষ্টি মাতৃদুগ্ধৰ পৰাই লাভ কৰিব পাৰে । ৬ মাহ বয়সৰ পৰা পুষ্টিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বহুতে মুখ বা নলীযুক্ত প্লাষ্টিকৰ পেকেট বা বটলত বজাৰত বাণিজ্য়িকভাৱে উপলব্ধ শিশুৰ খাদ্য খুৱাবলৈ আৰম্ভ কৰে । পিছে এনে খাদ্য় শিশুৰ বাবে কিমান উপকাৰী ?

'আৰ্কাইভছ অৱ ডিজিজ ইন চাইল্ডহুড' নামৰ অনলাইনযোগে প্ৰকাশিত পত্ৰিকাখনত এনে খাদ্য় কিমান সুৰক্ষিত আৰু উপকাৰী সেইবিষয়ে ব্য়াখ্য়া কৰা হৈছে । পত্ৰিকাখনত প্ৰকাশ কৰা অনুসৰি বাণিজ্যিক শিশুৰ খাদ্য প্ৰায়ে পুষ্টিকৰ খাদ্যতকৈ শৰ্কৰাযুক্ত পানীয় আৰু ডাঠ ফলৰ ৰসৰ দৰেই হয় । ব্ৰিটেইনৰ সামগ্ৰীৰ বিশ্লেষণত এই তথ্য় লাভ কৰিছে ।

এই বিশ্লেষণত দেখা গৈছে যে এনে খাদ্য়ত মাতৃদুগ্ধতকৈ প্ৰায়ে শৰ্কৰাৰ পৰিমাণ বেছি আৰু পুষ্টিকৰ ঘনত্ব কম থাকে । লগতে শিশুক কঠিন বা টান আহাৰ খুউৱা শিকাবলৈ প্ৰয়োজনীয় খাদ্যৰ গঠন বা ঘনত্ব নাথাকে বুলি পত্ৰিকাখনত উল্লেখ কৰা হৈছে । সাধাৰণতে এইবোৰ খাদ্য় মাতৃদুগ্ধৰ পৰিপূৰক বুলি লিখা থাকে । এই প্ৰসংগত গৱেষকসকলে প্ৰশ্ন কৰে যে এনেদৰে লেবেল লগোৱাটো উপযুক্ত নেকি ? সেইবাবে গৱেষকসকলে এই সামগ্ৰীসমূহৰ নিয়ন্ত্ৰণমূলক পৰ্যালোচনাৰ বাবে আহ্বান জনাইছে ।

কেৱল ৬ মাহলৈকে শিশুক মাতৃদুগ্ধই প্ৰয়োজনীয় সকলো মূল পুষ্টিকৰ উপাদান যোগান ধৰে । ইয়াৰ পিছত স্বাস্থ্যসন্মত খাদ্যৰ পছন্দ ক্ষেত্ৰত পৰিপূৰক আহাৰ আৰু দীৰ্ঘম্যাদী স্বাস্থ্য প্ৰতিষ্ঠা কৰাৰ লগতে শিশুক কঠিন খাদ্য খাবলৈ শিকাত সহায় কৰে । সেইবাবে পৰিপূৰক খাদ্য অতি প্ৰয়োজনীয় বুলি গৱেষকসকলে ব্যাখ্যা কৰিছে ।

তেওঁলোকে লগতে কয় যে পৰিপূৰক খাদ্যৰ ধৰণ লাহে লাহে কঠিন হ’ব লাগে । মাতৃদুগ্ধতকৈ অধিক শক্তি আৰু পুষ্টিকৰ ঘন হ’ব লাগে; কিন্তু বাণিজ্যিক শিশু খাদ্যৰ বাবে প্ৰধান পেকেজিং হৈছে যদিও ইয়াৰ বিষয়বস্তুৱে এই মাপকাঠী পূৰণ কৰে নেকি সেয়া স্পষ্ট নহয় ।

এই বিষয়ত অধিক তথ্য় লাভৰ বাবে গৱেষকসকলে ৬টা বৃহৎ হাইপাৰমাৰ্কেটত উপলব্ধ বাণিজ্যিক শিশু খাদ্যৰ পৰ্যালোচনা কৰিবলৈ ২০২৪ চনৰ অক্টোবৰ আৰু নৱেম্বৰত স্কটলেণ্ডৰ গ্লাছগোত পৰিয়ালসমূহক সেৱা আগবঢ়ায় । মুঠতে তেওঁলোকে ১৬টা প্ৰস্তুতকাৰকৰ পৰা ২৯৮টা সামগ্ৰী লাভ কৰিছিল । ইয়াৰে ১৭৮টা (৬০%) আছিল মুখ বা নলীযুক্ত প্লাষ্টিকৰ পেকেট বা বটল । চৰকাৰী পৰামৰ্শৰ বিপৰীতে এই সকলোবোৰতে ১২ মাহৰ তলৰ শিশুৰ বাবে উপযোগী বুলি লেবেল লগোৱা হৈছিল; দুই তৃতীয়াংশ ৬ মাহ বা তাতকৈ কম বয়সৰ শিশুক লক্ষ্য কৰি লোৱা হৈছিল । আন সামগ্ৰীসমূহৰ ভিতৰত ৪৬টা (৩৮%) ১২ মাহ বা তাতকৈ অধিক বয়সৰ কেঁচুৱাক লক্ষ্য কৰি লোৱা হৈছিল ।

খাদ্যসমূহক শক্তি, প্ৰ'টিন আৰু শৰ্কৰাৰ পৰিমাণৰ বাবে মাতৃদুগ্ধৰ তুলনাত শ্ৰেণীভুক্ত কৰা হৈছিল । পৰিপূৰক খাদ্যৰ বাবে উপযুক্ত বুলি সংজ্ঞায়িত কৰা হৈছিল যদিহে সেইবোৰ: পিউৰি বা কঠিন খাদ্য যিয়ে গাখীৰ এৰাব পৰাকৈ সক্ষম কৰিব; মাতৃদুগ্ধতকৈ অধিক শক্তি আৰু প্ৰ'টিন ঘন; শৰ্কৰাৰ পৰিমাণ মাতৃদুগ্ধতকৈ বেছি নাছিল । দুজন মূল্যায়কে সকলো সামগ্ৰীৰ ২৮৪ (৯৫%)ৰ বাবে ৰেটিং দিছিল । আন সামগ্ৰীৰ ৭%ৰ তুলনাত মুখ বা নলীযুক্ত প্লাষ্টিকৰ পেকেট বা বটলৰ আধা (৪৯%) তৰল পদাৰ্থ আছিল (স্ক’ৰ ১-৩, য’ত ০ পাতল আৰু ৪ অতি ডাঠ)। ১০ % মুখ বা নলীযুক্ত প্লাষ্টিকৰ পেকেট বা বটলত আছিল কোমল খাদ্য । আন সামগ্ৰীৰ তুলনাত তিনি চতুৰ্থাংশতকৈ অধিক (৭৭%)।

গৱেষকসকলে কয় যে পৰিপূৰক খাদ্যৰ গঠন আৰু খুওৱাৰ পদ্ধতি শিশুৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ । দুগ্ধপান কৰা এক জন্মগত প্ৰবৃত্তি হ’লেও, মুখৰ ভিতৰত টান বা কঠিন খাদ্য লৰচৰ কৰাৰ বাবে প্ৰয়োজনীয় অ’ৰ’মটৰ দক্ষতা অভিজ্ঞতাৰ জৰিয়তেহে শিকিব লগীয়া হয় বুলি গৱেষকসকলে মন্তব্য় কৰিছে ।

সামগ্ৰিকভাৱে উপলব্ধ শিশু খাদ্যৰ শক্তিৰ গড় পৰিমাণ আছিল ৬৬.৫ কিলোকেলৰি/১০০ গ্ৰাম । এই পৰিমাণ মাতৃদুগ্ধৰ তুলনাত মাত্ৰ ৩৫% বেছি (৬৫-৭০ কিলোকেলৰি/১০০ গ্ৰাম)। মাতৃদুগ্ধৰ পৰিসৰতকৈ মাত্ৰ আধা (৫২%) পেকেট বা বটলত প্ৰ'টিনৰ পৰিমাণ বেছি আছিল । আন বেছিভাগ শিশুৰ খাদ্যৰ সৈতে সাধাৰণভাৱে, মাত্ৰ প্ৰায় এক তৃতীয়াংশ পেকেট বা বটলত মাতৃদুগ্ধতকৈ প্ৰতি ওজনত অধিক শক্তি আছিল যদিও ৬১% স্তন্য়পানীৰ গাখীৰতকৈ শৰ্কৰাৰ পৰিমাণ বেছি আছি ল। ইয়াৰ তুলনাত আন শিশু খাদ্যৰ মাত্ৰ ৮%হে।

গৱেষকসকলে কয়, “শিশুকালত অধিক শৰ্কৰা গ্ৰহণ কৰিলে দীৰ্ঘম্যাদীভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে । বিশেষকৈ দাঁতৰ স্বাস্থ্য আৰু অতিৰিক্ত ওজনৰ ক্ষেত্ৰত প্ৰভাৱ পৰে ।” মুঠতে, পেকেট বা বটলৰ মাত্ৰ ১৪টা (৮.৫%)হে পৰিপূৰক খাদ্যৰ বাবে সম্পূৰ্ণৰূপে উপযোগী বুলি কোৱা হৈছিল । কাৰণ ই সকলো আকাংক্ষিত মাপকাঠী পূৰণ কৰিছিল । আনহাতে ৪৮ (২৯%) কোনোৱেই পোৱা নাছিল । ইয়াৰ বিপৰীতে আন ভিজা শিশুৰ খাদ্যৰ ৩৭ (৩২%) খাদ্যই সকলো আকাংক্ষিত মাপকাঠী পূৰণ কৰিছিল ।

অৱেশ্য় এই গৱেষকসকলে তেওঁলোকৰ তথ্যৰ বিভিন্ন সীমাবদ্ধতা স্বীকাৰ কৰিছে । উদাহৰণস্বৰূপে, তেওঁলোকৰ হাতত প্ৰকৃত ব্যৱহাৰৰ কোনো তথ্য নাছিল আৰু পুষ্টিকৰ উপাদানৰ মূল্যায়ন প্ৰস্তুতকাৰীসকলে দিয়া তথ্যৰ মাজতে সীমাবদ্ধ আছিল । আইৰণৰ পৰিমাণ, যিটো এটা মূল পুষ্টিকৰ উপাদান, খুব কমেইহে কোৱা হৈছিল;কিন্তু তথাপি তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে এইদৰে উপলব্ধ সামগ্ৰীসমূহে সাধাৰণতে পৰিপূৰক খাদ্যৰ আকাংক্ষিত বৈশিষ্ট্য পূৰণ কৰিব পৰা নাই ।

গৱেষকসকলে এই পত্ৰিকাখনত পুনৰ কয়,"আমাৰ গৱেষণাত পোৱা তথ্যই কয় যে কোনবোৰ খাদ্য আৰু কোনবোৰ পানীয়, তাক স্পষ্ট কৰিবলৈ নিয়ন্ত্ৰণকাৰী সংস্থাসমূহে সামগ্ৰীৰ শ্ৰেণীবিভাজন আৰু লেবেলিং (নামকৰণ) সলনি কৰাৰ প্ৰয়োজন আছে নেকি তাক বিবেচনা কৰা উচিত । ইয়াৰ উদ্দেশ্য হৈছে (এই পানীয় সামগ্ৰীৰ পেকেটবোৰৰ/পাউচবোৰৰ) ব্যৱহাৰক নিৰুৎসাহিত কৰা আৰু শিশু তথা সৰু ল’ৰা-ছোৱালীক খুউওৱাৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ পৰামৰ্শ অনুসৰি পিতৃ-মাতৃক সঠিক সিদ্ধান্ত ল’বলৈ সক্ষম কৰা ।"

লগতে পঢ়ক:এই সময়ত বৃদ্ধি পাইছে H1N1 ভাইৰাছৰ আক্ৰমণ, জীৱনৰ বাবে সংশয় নেকি ?

বিশ্ব মহ দিৱস ২০২৬ :গোলকীয় প্ৰভাৱৰ বাবে মহৰ দ্বাৰা বিয়পা ৰোগ বৃদ্ধি

ডঃ ৰুবুল মাউতৰ নামত আমেৰিকাৰ বিশ্বশ্রেষ্ঠ গৱেষণা প্ৰতিষ্ঠানত লেব স্থাপন