পেটৰ তীব্ৰ বিষ-প্ৰস্ৰাৱৰ জ্বলা-পোৰাৰ সমস্যা হৈছে নেকি ? এয়া কি ৰোগৰ লক্ষণ
আজিকালি খাদ্যাভ্যাস তথা নিজৰ স্বাস্থ্যৰ সঠিক যতন নোলোৱাৰ ফলত মহিলাসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, ইয়াৰে এটি সমস্যা হৈছে স্পাচমোডিক ডিছমেন’ৰিয়া, আজি এই বিষয়ে জানো আহক-

Published : November 28, 2025 at 3:13 PM IST
মাহেকীয়াৰ সময়ত প্ৰতিগৰাকী মহিলাৰ বিষ কম বেছি পৰিমাণে হোৱা দেখা যায় । এই বিষ কেতিয়া স্বাভাৱিকৰ পৰা বিপজ্জনকলৈ অৱস্থালৈ যাব পাৰে সেয়া নিৰ্ণয় কৰাটো কঠিন । কিন্তু যদি কোনো মহিলাই তীব্ৰ বিষ অনুভৱ কৰে তেন্তে প্ৰথমে তেওঁৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত কিছুমান পৰিৱৰ্তন কৰিব লাগে । ইয়াৰ ফলত তেওঁ মাহেকীয়াৰ বিষ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে ।
স্পাচমোডিক ডিছমেন’ৰিয়া মানে কি ?
মাহেকীয়াৰ বিষ যথেষ্ঠ বৃদ্ধি পোৱাটো ডিছমেন’ৰিয়াৰ অৱস্থাৰ কাৰণ । কিন্তু এই তীব্ৰ বিষ সাধাৰণ পিৰিয়ডৰ বিষতকৈ যথেষ্ট পৃথক । ডিচমেন’ৰিয়াৰ প্ৰকাৰ বেলেগ বেলেগ থাকে । ডিছমেন’ৰিয়া সাধাৰণতে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ কেইবছৰমানৰ পিছত আৰম্ভ হয় আৰু প্ৰায়ে ডিম্বাশয়ৰ সংকোচনৰ লগত জড়িত হৰম’ন প্ৰষ্টাগ্লেণ্ডিনৰ মাত্ৰা বৃদ্ধিৰ ফলত হয় । অনুমান কৰা হৈছে যে প্ৰায় ৫০% মহিলাই কোনো ধৰণৰ ঋতুস্ৰাৱৰ বিষ অনুভৱ কৰে । এই সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বা চিকিৎসাললৈ যোৱাটো প্ৰয়োজনীয় হৈ পৰে । প্ৰষ্টাগ্লেণ্ডিন নামৰ হৰম’নৰ উচ্চ মাত্ৰাৰ ফলত জৰায়ুৰ সংকোচন হয়, যাৰ ফলত বিষ হয় । ঋতুস্ৰাৱৰ সময়ত এই বিষ স্বাভাৱিক যদিও কিছুমান মহিলাৰ ক্ষেত্ৰত ই অতি তীব্ৰ হ’ব পাৰে । কিন্তু এই সময়ত যদি আপোনাৰ অন্য কোনো সংক্ৰমণ হয় তেন্তে ই ভয়ংকৰ ৰূপ ল’ব পাৰে ।
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু UTI ৰ সমস্যা
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু ইউটিআই একেলগে হোৱাটো সম্ভৱ । কাৰণ দুয়োটাৰে তলৰ পেটৰ বিষ হয়, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে । যদি মাহেকীয়াৰ সময়ত এই দুয়োটা ৰোগ একেলগে হয় তেন্তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে । UTI বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ, প্ৰায়ে (E. coli), প্ৰস্ৰাৱ নলীত প্ৰৱেশ কৰে । দুয়োটা অৱস্থাতে পেটৰ তলৰ অংশত বিষ হ’ব পাৰে, যাৰ ফলত এটাক আনটোৰ পৰা পৃথক কৰাটো কঠিন হৈ পৰে । ইউটিআইৰ আন লক্ষণসমূহ হ’ল সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱা, কঁকালৰ তলৰ অংশৰ বিষ । সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যোৱা, প্ৰস্ৰাৱৰ জ্বলা-পোৰা আৰু প্ৰস্ৰাৱ হালধীয়া হোৱাৰ গুৰুতৰ লক্ষণক কেতিয়াও অৱজ্ঞা নকৰিব ৷ এনে কিছুমান সাধাৰণ সমস্যাই পিছত ভয়ংকৰ ৰূপ ল’ব পাৰে ৷ এয়া UTIৰ সংক্ৰমণ হ’ব পাৰে ৷ UTI হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণ ৷ ইয়াৰ বাবে আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা আৰু বিষ অনুভৱ কৰিব পাৰে ৷ ইউ টি আয়ে কেৱল প্ৰস্ৰাৱ নলীতে নহয়, মূত্ৰাশয় আৰু বৃক্কতো প্ৰভাৱ পেলায় ৷
ইউৰ’লজিষ্ট শ্ৰীকান্তে কয় যে, হাইপাৰথাইৰয়ডিজম বুলিলে এনে অৱস্থাক বুজোৱা হয়, য’ত থাইৰয়ড গ্ৰন্থি অতি সক্ৰিয় হৈ স্বাভাৱিকতকৈ অধিক হৰম’ন উৎপাদন কৰে ৷ ইয়াৰ ফলত বৃক্কৰ কাম-কাজত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে ৷ আন আন লক্ষণসমূহ হ’ল- ওজন কমি যোৱা, হৃদযন্ত্ৰৰ ছন্দ অনিয়মিত হোৱা, অনিদ্ৰা, চুলি সৰা আৰু সঘনাই মলত্যাগ কৰা ৷
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু UTI একেলগে হ’লে কি কি হয় ?
- অত্যধিক তল পেটৰ বিষ
- পিঠিৰ বিষ
- শৰীৰটো কঁপি উঠা
- প্ৰস্ৰাৱ কৰাত সমস্যা
- ঘামি যোৱা
- চিন্তা বঢ়া
- অলপ সময়ৰ বাবে ব্ৰেইনে কাম নকৰা
- বমি হোৱা
- শৌচ অনুভৱ হোৱা
- বাৰে বাৰে প্ৰস্ৰাৱ লগা
- কেনেকৈ ঠিক কৰিব
- চিকিৎসাললৈ যাব
- এন্টিবায়টিকৰ দ্বাৰা কৰা হয় ।
- প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে, আৰু চিকিৎসকে পৰামৰ্শ দিলে ইবুপ্ৰ’ফেন বা নেপ্ৰ’ক্সেনৰ দৰে বিষনাশক ঔষধ খাব লাগে ।
- পেট বা পিঠিৰ তলৰ অংশত হিটিং পেড বা গৰম পানীৰ বটল ব্যৱহাৰ কৰক ।
- পেট আৰু কঁকালৰ তলৰ অংশত কোমল মালিচ কৰিলেও সকাহ পোৱা যায় ।
লগতে পঢ়ক

