ETV Bharat / health

দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ একে নেকি ? গৱেষণাই দিলে নতুন সংকেত

দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ অন্য প্ৰান্তত পোৱা অণুজীৱতকৈ পৃথক ।

Each South Asian community appears to follow its own microbial journey, shaped by its culture, diet, geography and lifestyle
দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ একে নেকি ? গৱেষণাই দিলে নতুন সংকেত (Getty Images)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 3:59 PM IST

6 Min Read
Choose ETV Bharat

বিগত সময়ত মানুহৰ অন্ত্ৰত থকা অণুজীৱ সংক্ৰান্তীয় বেছিভাগ বিজ্ঞান তথা গৱেষণা কেৱল কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সীমিত আছিল । গৱেষকসকলে আমাৰ অন্ত্ৰৰ ভিতৰত কি বাস কৰে, সেই অণুজীৱবোৰে খাদ্য আৰু স্বাস্থ্যৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে সেই বিষয়ত অধ্যয়ন কৰি আহিছে ।

গৱেষকসকলে মেদবহুলতা আৰু ডায়েবেটিছৰ দৰে ৰোগৰ সৈতে ইয়াৰ কেনেধৰণৰ সম্পৰ্ক থাকিব পাৰে সেই বিষয়ে অধ্যয়ন কৰি বিভিন্ন সময়ত তথ্য়ও প্ৰকাশ কৰিছে । অৱেশ্য়ে এনে ফলাফলতো সমস্যা আহিল । কাৰণ দক্ষিণ এছিয়া এই গৱেষণাৰ পৰা বহু পিছপৰি আছিল ।

দক্ষিণ এছিয়াত বিশ্ব (য’ত ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তান অন্তৰ্ভুক্ত)ৰ প্ৰায় এক চতুৰ্থাংশ জনসংখ্যাই বাস কৰে । এই অঞ্চলটোত আকৌ মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য হৃদযন্ত্ৰ তথা বিপাকীয় ক্ৰিয়াৰ সৈতে জড়িত ৰোগ দ্ৰুগতিত বৃদ্ধি হৈছে । তৎসত্ত্বেও দক্ষিণ এছিয়াৰ এই সমগ্ৰ ছবিখন আলোচনাৰ পৰা বাদ পৰি আছিল ।

দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ একে নেকি ? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আৰম্ভ কৰা গৱেষণাত লাভ কৰিছে নতুন তথ্য় । এই ধৰণৰ অন্যতম বৃহৎ আৰু ভৌগোলিকভাৱে বৈচিত্ৰময় অধ্যয়নত দেখা গৈছে যে দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ বিশ্বৰ অন্যান্য প্ৰান্তত পোৱা অণুজীৱতকৈ কিছু পৰিমানে পৃথক । সৱাটোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত আন্ত্ৰিক অণুজীৱৰ পৰিৱৰ্তন একে ধৰণে সলনি হোৱা দেখা নাযায় । বৰঞ্চ প্ৰতিটো সম্প্ৰদায়ে নিজৰ নিজৰ অণুজীৱ যাত্ৰা অনুসৰণ কৰা যেন অনুমান হয় ।

Each South Asian community appears to follow its own microbial journey, shaped by its culture, diet, geography and lifestyle
দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ একে নেকি ? গৱেষণাই দিলে নতুন সংকেত (Getty Images)

আন্ত্ৰিক অণুজীৱৰ গৱেষণাত অন্তৰ্ভুক্ত নোহোৱা

আন্ত্ৰিক অণুজীৱবোৰ মূলতঃ মানুহৰ পাচনতন্ত্ৰৰ ভিতৰত বাস কৰা অণুজীৱৰ এক বিশাল সম্প্ৰদায় । উল্লেখ্য যে এই অণুজীৱবোৰ আমি খোৱা খাদ্য, বিপাকীয় ক্ৰিয়া আৰু স্বাস্থ্যৰ কেইবাটাও দিশৰ সৈতে সংপৃক্ত । তথাপি বৰ্তমানৰ আন্ত্ৰিক অণুজীৱৰ গৱেষণাৰ বহুখিনি ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ জনসংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

সেই তথ্যসমূহ যেতিয়া আমি সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰো তেতিয়া সমস্য়াৰ সৃষ্টি কৰে । মানুহে সকলোতে একেধৰণৰ খাদ্য গ্ৰহণ নকৰে । তদুপৰি একে পৰিবেশতো নাথাকে । তেওঁলোকৰ জীৱনশৈলী, সংস্কৃতি বা নগৰায়নৰ আৰ্হিতো ভিন্নতা দেখিবলৈ পোৱা যায় ।

দক্ষিণ এছিয়াত এতিয়া দ্ৰুত নগৰায়ন হোৱাৰ লগতে একে সময়তে মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য হৃদযন্ত্ৰৰ বিপাকীয় অৱস্থা বৃদ্ধি তীব্ৰগতিত হৈছে । সেয়েহে বিজ্ঞানীসকলে বুজিবলৈ চেষ্টা কৰিছিল যে নগৰায়নে দক্ষিণ এছিয়াৰ বিভিন্ন জনসংখ্যাৰ মাজত আন্ত্ৰিক অণুজীৱে একেদৰেই সলনি কৰে নে নকৰে ? এইক্ষেত্ৰত উত্তৰটো নহয় যেন অনুমান হৈছে ।

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডিএছটি) স্বায়ত্তশাসিত প্ৰতিষ্ঠান বীৰবল সাহনী ইনষ্টিটিউট অৱ পেলিঅ’ছায়েন্সেছ (বিএছআইপি)ৰ বিজ্ঞানীসকলে চিকাগো বিশ্ববিদ্যালয় আৰু ভাৰত, শ্ৰীলংকা আৰু আমেৰিকাৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ সৈতে এই ক্ষেত্ৰত থকা পাৰ্থক্য় নিৰ্ণয় কৰিবলৈ আগবাঢ়ি আহিছে ।

গৱেষকসকলে দক্ষিণ এছিয়াৰ ১০টা সাংস্কৃতিক আৰু ভৌগোলিকভাৱে পৃথক সম্প্ৰদায়ৰ ৫৭৫ জন সুস্থ প্ৰাপ্তবয়স্কৰ পৰা মলৰ নমুনা সংগ্ৰহ কৰে; কিন্তু মলৰ নমুনা সংগ্ৰহ কৰি তাতেই ৰৈ নাথাকিল । অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু স্বাস্থ্যৰ বিষয়েও তথ্য প্ৰদান কৰে ৷ ইয়াৰ ফলত গৱেষকসকলে ভূগোল, খাদ্যাভ্যাস, নগৰায়ন আৰু বিপাকীয় স্বাস্থ্যৰ দৰে কাৰকৰ সৈতে অণুজীৱৰ পাৰ্থক্য কেনেদৰে জড়িত সেই বিষয়ে পৰীক্ষা কৰিবলৈ সক্ষম হয় ।

এই আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পটোৰ নেতৃত্বত আছিল লক্ষ্ণৌৰ বিএছআইপিৰ প্ৰাচীন ডিএনএৰ গ্ৰুপ হেড ড৹ নিৰজ ৰায় ৷ দলসমূহে সমগ্ৰ ভাৰত আৰু শ্ৰীলংকাৰ স্থানীয় সম্প্ৰদায়সমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অংশগ্ৰহণকাৰী নিযুক্তি, জৈৱিক নমুনা সংগ্ৰহ আৰু জীৱনশৈলীৰ তথ্য নথিভুক্ত কৰে ।

নতুন দক্ষিণ এছিয়ান অণুজীৱ সম্পদ

গৱেষকসকলে দক্ষিণ এছিয়াৰ মাইক্ৰ’বায়’ম এআৰ ৰে বা এছএএমবিএআৰে ব্যৱহাৰ কৰা নমুনা বিশ্লেষণ কৰে । এয়া ভাৰতত প্ৰথমবাৰৰ বাবে বিএছআইপিৰ বিজ্ঞানীসকলে মুকলি কৰিছিল । বেক্টেৰিয়াৰ ১৬এছ আৰআৰএনএ জিনৰ হাই-থ্ৰুপুট ডিএনএ ক্ৰমবিন্যাসৰ জৰিয়তে আন্ত্ৰিক অণুজীৱৰ বৈশিষ্ট্য নিৰ্ণয় কৰা হৈছিল । এইবোৰ বিন্যাস কৰাৰ পিচত উন্নত জৈৱ তথ্য বিশ্লেষণ কৰে ।

দুটা গুৰুত্বপূৰ্ণ তুলনা

এইক্ষেত্ৰত গৱেষকসকলে প্ৰতিটো সম্প্ৰদায়ৰ ভিতৰত গ্ৰাম্য আৰু চহৰীয়া লোকসকলক তুলনা কৰে । তাৰ পিছত তেওঁলোকে দক্ষিণ এছিয়াৰ আন্ত্ৰিক অণুজীৱসমূহক বিশ্বব্যাপী মাইক্ৰ’বায়’ম ডাটাছেটৰ সৈতে তুলনা কৰে ।

এইদৰে তুলনা কৰাৰ ফলত দলটোৱে জনসংখ্যাৰ মাজত থকা পাৰ্থক্যৰ লগতে সেই পাৰ্থক্যবোৰ পৰিৱৰ্তিত জীৱনশৈলীৰ সৈতে কেনেদৰে জড়িত সেইবিষয়েও অধ্য়য়ন কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয় । অধ্য়য়নত দেখিলে যে দক্ষিণ এছিয়াৰ সকলো মানুহৰ বাবে কোনো সাৰ্বজনীন আন্ত্ৰিক অণুজীৱ নাছিল । প্ৰতিটো সম্প্ৰদায়ে নিজৰ নিজৰ অনন্য মাইক্ৰ’বায়’ম ট্ৰেজেক্টৰী অনুসৰণ কৰাৰ বিষয়েহে গৱেষকসকলে তথ্য় লাভ কৰিবলৈ সক্ষম হয় ।

'গাত মাইক্ৰ’বীজ' নামৰ গৱেষণা পত্ৰিকাত প্ৰকাশিত এই অধ্যয়নটোৱে ভাৰতৰ সুস্থ লোকসকলৰ অন্ত্ৰৰ অণুজীৱৰ প্ৰথমটো মৌলিক তথ্য প্ৰদান কৰিছে । এই তথ্য়ই ভৱিষ্য়তে চিকিৎসা বিজ্ঞান আৰু মানৱ ক্ৰমবিকাশৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ।

উল্লেখ্য় যে এতিয়াই পশ্চিমীয়া জনসংখ্যাৰ তথ্য ব্যৱহাৰ কৰি বিকশিত কৰা খাদ্য বা আন্ত্ৰিক অণুজীৱ ভিত্তিক হস্তক্ষেপে দক্ষিণ এছিয়াৰ জনসংখ্যাৰ ক্ষেত্ৰত একে ফলাফল দিবই লাগিব বুলিআশা কৰিব নোৱাৰি । সেইবাবে এই অধ্যয়নত ভৱিষ্যতে আন্ত্ৰিক অণুজীৱ ভিত্তিক চিকিৎসা পদ্ধতিসমূহ আঞ্চলিক জনসংখ্যাৰ অনুকূল কৰি তোলাৰ প্ৰয়োজন হ’ব পাৰে বুলি কোৱা হৈছে ।

উত্‍স:

https://pmc.ncbi.nlm.nih.gov/articles/PMC12871693/ ৰ দ্বাৰা প্ৰকাশিত

(অস্বীকাৰ: ইয়াত দিয়া সকলো তথ্য আৰু পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ বাবেহে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন আৰু চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। এই পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।)

লগতে পঢ়ক:নিৰামিষভোজীৰ নিশা ১৪ ঘণ্টীয়া উপবাসে শৰ্কৰা নিয়ন্ত্ৰণ কৰেনে

শৰীৰৰচৰ্চাৰ বাবে পৰ্যাপ্ত টোপনি-জিৰণিৰ কিমান প্ৰয়োজন ?

বিশ্ব মহ দিৱস ২০২৬ :গোলকীয় প্ৰভাৱৰ বাবে মহৰ দ্বাৰা বিয়পা ৰোগ বৃদ্ধি