ETV Bharat / health

গ্ৰীষ্মকালত কিয় বৃদ্ধি পায় বৃক্কৰ পাথৰ ? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

ইউৰ’লজিষ্ট ডাঃ ক্ষিতীজ ৰঘুবংশীয়ে কয় যে গৰমৰ দিনত বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ পৰিশোধন কৰি বাহিৰ কৰাৰ প্ৰক্ৰিয়াত কিছু সালসলনি ঘটে ৷

Reasons for the spike in kidney stones during summer
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 11:49 PM IST

9 Min Read
Choose ETV Bharat

এতিয়া গৰমৰ দিন ৷ গৰমৰ দিনত এগিলাচ আইচড টিয়ে শৰীৰটো তৎক্ষণাতে শাঁত পেলায় ৷ আইচড টিৰ গিলাচটোত দিয়া বৰফৰ টুকুৰাৰ ঠুনুককৈ উঠা শব্দই শৰীৰ জুৰ পেলায় ৷ সেয়া গৰমৰ পৰা হাত সাৰিবলৈ আমাৰ শৰীৰটোক দিয়া এক সাময়িক সকাহ ৷

কিন্তু আমাৰ শৰীৰটোৰ ভিতৰভাগ গৰমৰ দিনত এনেদৰেই শীতল হৈ নাথাকে ৷ ইউৰ’লজিষ্টসকলৰ মতে গৰমৰ দিনত বৃক্ক একপ্ৰকাৰৰ ৰাসায়নিক প্ৰেচাৰ কুকাৰলৈ পৰিণত হয় ৷ যাৰ বাবে বৃক্কত সহজে পাথৰ সৃষ্টি হৈ জমা হ’ব পাৰে ৷ বিড়ম্বনাৰ কথাটো এয়ে যে, ই কেৱল আমি কি পানীয় সেৱন কৰোঁ তাৰ সলনি আমাৰ শৰীৰে কি কি নিঃসৰণ কৰে, তাৰ ওপৰতহে নিৰ্ভৰ কৰে ।

গ্ৰীষ্মকালত বৃক্কত পাথৰ গঠনৰ পৰিমাণ কিয় বৃদ্ধি পায়, সেই কথা জানিবলৈ এটা সৰল জৈৱিক সমীকৰণ চাওক । বৃক্ক মূলতঃ শৰীৰৰ অত্যাধুনিক পৰিশোধন যন্ত্ৰ । ইয়ে অহৰহ তেজ প্ৰক্ৰিয়াকৰণ কৰি পেলনীয়া পদাৰ্থ আৰু অতিৰিক্ত খনিজ পদাৰ্থ শৰীৰৰ পৰা আঁতৰায়, যিবোৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায় ৷ স্বাভাৱিক পৰিস্থিতিত এই প্ৰক্ৰিয়াটোৱে ক্ষীপ্ৰতাৰে কাম কৰে । কেলচিয়াম আৰু অক্সালেটৰ দৰে খনিজ পদাৰ্থ প্ৰস্ৰাৱৰ দ্বাৰা সহজে দ্ৰৱীভূত হৈ প্ৰস্ৰাৱনলীৰ মাজেৰে পাৰ হৈ যায় আৰু কোনো সমস্যা নোহোৱাকৈ শৰীৰৰ পৰা বাহিৰ হৈ যায় । কিন্তু গ্ৰীষ্মকালত এই প্ৰক্ৰিয়াৰ সালসলনি ঘটে ৷

পুনেৰ ৰুবী হল ক্লিনিকৰ জ্যেষ্ঠ ইউৰ’লজিষ্ট ডাঃ ক্ষীতিজ ৰঘুবংশীৰ মতে গৰমৰ দিনত আটাইতকৈ ডাঙৰ বিপদ হ’ল বিশেষজ্ঞসকলে ‘অভাৰচেচুৰেচন’ বুলি কোৱা কথাটো । চিকিৎসকগৰাকীয়ে কয়, ‘‘গৰমত যেতিয়া মানুহৰ বহুত ঘামচি ওলায়, তেতিয়া তেওঁলোকৰ প্ৰস্ৰাৱৰ পৰিমাণ যথেষ্ট কমি যায় । তাৰ সলনি প্ৰস্ৰাৱত কেলচিয়াম আৰু অক্সালেটৰ দৰে খনিজ পদাৰ্থৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় ।’’

Reasons for the spike in kidney stones during summer
বৃক্কৰ পাথৰৰ লক্ষণসমূহ (ETV Bharat)

ধৰি লওক আপুনি পানীত চেনি মিহলি কৰি আছে । পানী নিষ্কাশন কৰাৰ সময়ত চেনি দি থাকিলে মিশ্ৰণটো ক্ৰমান্বয়ে ডাঠ হৈ পৰে । তাৰপিছত স্ফটিক গঠন হ’বলৈ আৰম্ভ কৰে । বৃক্কয়ো একেধৰণে কাম কৰে । যেতিয়া প্ৰস্ৰাৱ অত্যধিক ঘনীভূত হয়, তেতিয়া তাত থকা খনিজ পদাৰ্থবোৰ একেলগে গোট খাবলৈ আৰম্ভ কৰে । প্ৰথমে সৰু সৰু স্ফটিক গঠন হয় । সময়ৰ লগে লগে এইবোৰ ডাঙৰ হৈ পৰে আৰু শেষত বৃক্কত পাথৰৰ গঠন কৰে ৷

যদি আপুনি কেতিয়াবা এনে কোনো ব্যক্তিৰ লগত কথা পাতিছে যাৰ বৃক্কত পাথৰ হৈছে, তেন্তে আপুনি জানে যে ই কিমান পৰিমাণৰ বেদনাদায়ক ৷ চিকিৎসকসকলে কেতিয়াবা এই বিষক প্ৰসৱৰ বিষৰ সৈতে তুলনা কৰে ।

ৰং পৰীক্ষা

শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ হ’লে পানী খোৱাৰ পৰিমাণটো নিৰ্দিষ্ট কৰিব লাগিব । যেনে - সুস্থ শৰীৰৰ বাবে দিনটোত আঠ গিলাচৰ পৰা দহ গিলাচ পানী খাওক । লাহে লাহে ই এক অভ্য়াসত পৰিণত হ’ব ৷ কিছুদিন পিছত ইয়াৰ ফলাফল মন কৰক ৷

ডাঃ ৰঘুবংশী আৰু অন্যান্য ইউৰ’লজিষ্টসকলে ‘ৰং পৰীক্ষা’ ৰ নীতি মানি চলিবলৈ পৰামৰ্শ দিয়ে । সাধাৰণতে প্ৰস্ৰাৱৰ ৰং ঈষৎ হালধীয়া বা প্ৰায় পৰিষ্কাৰ হোৱা উচিত । এই ৰঙে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ লগতে খনিজ পদাৰ্থৰ ঘনত্বৰ ভাৰসাম্য ৰক্ষা কৰাটোক সূচায় । কিন্তু যদি এই ৰং আপেলৰ ৰসৰ নিচিনা হয়, তেন্তে শৰীৰটো বিপদজনক পৰিস্থিতিৰ দিশে আগবঢ়াতো অনুমান কৰিব পাৰি । এই ৰঙৰ অৰ্থ হ’ল প্ৰস্ৰাৱ ঘনীভূত হৈ পৰিছে আৰু পাথৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে ৷

গৰমৰ দিনসমূহত দৈনিক ২.৫-৩ লিটাৰ পৰ্যন্ত পানী সেৱন কৰাটো বাঞ্ছনীয় । অৱশ্যে পানী খোৱাৰ সঠিক সময়টোও গুৰুত্বপূৰ্ণ । বৃক্কৰ পাথৰ সম্পৰ্কে এটা আচৰিত কথা এয়ে যে ই প্ৰায়ে নিশাৰ পৰাই গঠন হ’বলৈ আৰম্ভ কৰে । শুই থকাৰ সময়ত শৰীৰত প্ৰস্ৰাৱ উৎপন্ন হৈ থাকে যদিও তৰল পদাৰ্থৰ অভাৱে ইয়াত থকা খনিজ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে । ইয়াক প্ৰতিৰোধ কৰাৰ সহজ উপায় কি ? শোৱাৰ ঠিক আগতে এগিলাচ পানী খাব লাগে । ই এটা সৰু অভ্যাস, কিন্তু নিশাৰ সেই দীঘলীয়া সময়বোৰত যেতিয়া পাথৰ গঠন প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হয়, তেতিয়া ই প্ৰস্ৰাৱক যথেষ্ট পাতল কৰিব পাৰে ।

প্ৰকৃতিৰ ৰাসায়নিক প্ৰতিৰক্ষা: চাইট্ৰেট

যদি শৰীৰত পানীৰ অভাৱৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, তেন্তে চাইট্ৰেট ইয়াৰ নিৰ্মূলকৰণৰ প্ৰাথমিক উপাদান হ’ব পাৰে । ইউৰ’লজিষ্টসকলে প্ৰায়ে এনেকুৱা চিকিৎসাৰ পৰামৰ্শ দিয়ে যিটো শুনাত আচৰিত হ’লেও ই এক ফলপ্ৰসূ চিকিৎসা পদ্ধতি, সেয়া হৈছে নেমুৰ পানী সেৱন কৰা ।

Reasons for the spike in kidney stones during summer
ক’ত ক’ত হ’ব পাৰে বৃক্কৰ পাথৰ (ETV Bharat)

ছাইট্ৰাছ ফলত বিশেষকৈ নেমু আৰু চূণত চাইট্ৰেট থাকে, যাৰ ফলত প্ৰস্ৰাৱৰ ভিতৰত ৰাসায়নিক বাধাৰ সৃষ্টি হয় । চাইট্ৰেট প্ৰস্ৰাৱত কেলচিয়ামৰ লগত খাপ খাই পৰে ৷ ফলত কেলচিয়াম অক্সিলেটৰ লগত খাপ খাব নোৱাৰে আৰু বৃক্কৰ আটাইতকৈ সাধাৰণ পৰ্যায়ৰ পাথৰ কেলচিয়াম-অক্সালেট পাথৰৰ সৃষ্টি হয় ।

সহজ পৰামৰ্শ

দৈনিক এগিলাচ পানীত প্ৰায় ৩০ মিলিলিটাৰ নেমু বা চূণৰ ৰস দিব । অৱশ্যে ইয়াত চেনি মিহলি নকৰিব ৷ অত্যধিক চেনি সেৱনে পাথৰ গঠনত সহায় কৰিব পাৰে ৷ গতিকে নেমু পানীয়ে হ’ল আটাইতকৈ ফলপ্ৰসূ চিকিৎসা ৷

গ্ৰীষ্মকালীন খাদ্য তালিকা

অৱশ্যে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাটোৱেই এই সমস্যাৰ একমাত্ৰ সমাধান নহয় । বৃক্কৰ পাথৰৰ ওপৰত অধ্যয়ন কৰা খাদ্য বিশেষজ্ঞসকলে গ্ৰীষ্মকালৰ খাদ্যাভ্যাসৰ বিষয়ে এক আকৰ্ষণীয় তথ্য দাঙি ধৰিছে । গৰমে কেৱল আমি খোৱাৰ পৰিমাণ সলনি কৰাই নহয়, আমি খোৱা আৰু পান কৰা বস্তুৰ ওপৰতো প্ৰভাৱ পেলায় ।

গৰমৰ দিনকেইটাত প্ৰায়ে এনে খাদ্য গ্ৰহণ কৰা উচিত নহয়, যিয়ে পাথৰৰ গঠনত সহায় কৰে ৷ যেনে - বাৰ্বিকিউ কৰা মাংস, নিমখীয়া জলপান, প্ৰচেছড খাদ্য আৰু মিঠা শীতল পানীয় । এই খাদ্যবোৰে বৃক্কৰ পুষ্টিবিদসকলে বিপাকীয় ট্ৰিগাৰ বুলি কোৱা পৰিস্থিতিৰ সৃষ্টি কৰে, যিবোৰ শৰীৰৰ ভিতৰত পাথৰ গঠনৰ বাবে অনুকূল ।

বৃক্কৰ স্বাস্থ্যৰ সন্দৰ্ভত কেলচিয়ামৰ বিষয়ে এটা প্ৰচলিত ভুল ধাৰণা আছে ৷ বহুতে বিশ্বাস কৰে যে বৃক্কত পাথৰ হোৱাৰ আশংকা থকা ব্যক্তিসকলে কেলচিয়াম সমৃদ্ধ খাদ্য একেবাৰে পৰিহাৰ কৰা উচিত । কিন্তু আচৰিত কথাটো হ’ল যে এই বিশ্বাসে আচলতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধিহে কৰিব পাৰে, কাৰণ ই পাচনতন্ত্ৰত নিহিত হৈ আছে ।

কেলচিয়াম আৰু অক্সালেট সমৃদ্ধ খাদ্য একেলগে গ্ৰহণ কৰিলে, যেনে - দৈৰ সৈতে জাম বা কটেজ চীজৰ সৈতে কচু খালে পাচনতন্ত্ৰত সহজে খাপ খায় । এবাৰ খাপ খোৱাৰ পিছত ই বৃক্কত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে মলৰ যোগেদি শৰীৰৰ পৰা বাহিৰ হয় । কিন্তু যদি কেলচিয়াম অবিহনে অক্সালেট সমৃদ্ধ খাদ্য খোৱা হয়, তেন্তে অক্সালেট সহজে তেজত প্ৰৱেশ কৰি শেষত বৃক্ক পায়গৈ, য’ত কেলচিয়ামৰ সৈতে মিলি পাথৰ সৃষ্টি কৰিব পাৰে । অৰ্থাৎ কেলচিয়াম সদায়ে সমস্যাৰ কাৰণ নহয় ।

ছ’ডিয়াম আৰু প্ৰটিন

গ্ৰীষ্মকালৰ আন এটা সন্তৰ্পণে অহা বিপদ হ’ল ছ’ডিয়াম । বৃক্কত থকা কেলচিয়ামৰ সৈতে নিমখৰ বিশেষ সম্পৰ্ক আছে । অধিক পৰিমাণৰ ছ’ডিয়াম সেৱনৰ ফলত বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে অধিক কেলচিয়াম বাহিৰ কৰে । তাৰ পিছত এই অতিৰিক্ত কেলচিয়ামে পাথৰ গঠনত সহায় কৰে ।

দুৰ্ভাগ্যজনকভাৱে গ্ৰীষ্মকালীন খাদ্যত প্ৰায়ে ছ’ডিয়ামৰ পৰিমাণ বেছি হয়, যেনে - হট ডগ, ঠাণ্ডা মাংস, পেকেটত ভৰোৱা জলপান, বাৰ্বিকিউ মেৰিনেটেড আৰু দীঘলীয়া ঘামচি ওলোৱা দিনটোৰ পিছত গভীৰ নিশা তৎক্ষণাত প্ৰস্তুত কৰিব পৰা নুডলছজাতীয় খাদ্য গ্ৰহণ । ইয়াৰে প্ৰত্যেকেই ছ’ডিয়ামৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত নীৰৱে পাথৰ গঠনৰ সম্ভাৱনা বৃদ্ধি পায় ।

প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ কম ছ’ডিয়াম গ্ৰহণ কৰক

যিটো বহুতে নিজৰ অজ্ঞাতে অধিক পৰিমাণত গ্ৰহণ কৰে ৷ প্ৰ’টিন গ্ৰহণেও শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । খাদ্য বিশেষজ্ঞসকলে কেতিয়াবা প্ৰাণীৰ প্ৰ’টিনৰ ঠাইত উদ্ভিদভিত্তিক প্ৰ’টিন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ।

অদৃশ্য গ্ৰীষ্মকালীন মহামাৰী

বৃক্কৰ পাথৰৰ কথা খুব কমেইহে পোহৰলৈ আহে । এইক্ষেত্ৰত সংক্ৰামক ৰোগৰ ব্যাপক প্ৰভাৱ নাই আৰু ই দীৰ্ঘদিনীয়া ৰোগৰ পৰিণতিও নহয় । তথাপিও প্ৰতিবাৰে গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধিৰ লগে লগে হাস্পতালৰ জৰুৰীকালীন কক্ষবোৰ বিষত আক্ৰান্ত ৰোগীৰে ভৰি পৰে । যিখন দেশত গৰমৰ মাত্ৰা প্ৰায়ে ৪০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয়, সেইখন দেশত পানীলগাটো জনস্বাস্থ্যৰ সাধাৰণ সমস্যাত পৰিণত হয় ৷

তাপে আমাৰ শৰীৰৰ পানীৰ পৰিমাণ, খাদ্যাভ্যাস, বিপাকীয় ক্ৰিয়া আৰু শেষত আমাৰ বৃক্কৰ ভিতৰৰ ৰসায়ন সলনি কৰে । গ্ৰীষ্মকালীন সময়ত গ্ৰহণ কৰা সহজ উপায়বোৰ বিপদজনক নহয় যদিও পানীলগা, ছ’ডিয়াম সমৃদ্ধ জলপান, পানীৰ অভাৱ আদিয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।

ভাল খবৰটো এয়ে যে ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা ভবাতকৈ বহু সহজ -

  • পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক ৷
  • প্ৰস্ৰাৱৰ ৰং পৰীক্ষা কৰক ।
  • খাদ্যতালিকাত নেমু অন্তৰ্ভুক্ত কৰক ৷
  • কেলচিয়ামক অক্সালেটসমৃদ্ধ খাদ্যৰ সৈতে সংযুক্ত কৰক ।
  • ছ’ডিয়াম নিয়ন্ত্ৰণত ৰাখক ।

লগতে পঢ়ক: ইনছুলিন প্ৰতিৰোধ ক্ষমতা কেতিয়া গঢ়ি উঠে ?