ETV Bharat / health

ডায়েবেটিছ সম্পৰ্কে ইটিভি ভাৰতৰ ৰাষ্ট্ৰীয় সজাগতামূলক অভিযান

৪ সপ্তাহৰ এই অভিযানত ডায়েবেটিছৰ বিভিন্ন দিশৰ কথা আপুনি গম পাব । প্ৰচলিত ধাৰণাৰ পৰা গৱেষণা বা উদ্ভাৱনলৈ সকলো তথ্য প্ৰকাশ কৰা হ'ব ।

ETV Bharat diabetes campaign
ডায়েবেটিছ সম্পৰ্কে ইটিভি ভাৰতৰ ৰাষ্ট্ৰীয় সজাগতামূলক অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 4:06 PM IST

12 Min Read
Choose ETV Bharat

ভাৰত আজি একবিংশ শতিকাৰ এনে এটা সময়ত উপনীত হৈছে য'ত জনস্বাস্থ্যৰ বিভিন্ন ভাবুকি দেখা গৈছে । আজি ভাৰতত ১০ কোটিৰো অধিক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জীৱন নিৰ্বাহ কৰি আছে । লাখ লাখ লোকে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ গম নোপোৱাকৈয়ে আছে । যাৰ বাবে 'ডায়েবেটিছ মুক্ত ভাৰত'ৰ লক্ষ্যৰে দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী 'ইটিভি ভাৰতে' আৰম্ভ কৰিছে এক বৃহৎ সজাগতামূলক অভিযান ।

বেংগালুৰুৰ উন্নত প্ৰযুক্তি প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াৰ পৰা ওড়িশাৰ এজন সাধাৰণ কৃষকলৈ সকলো এই ৰোগৰ চিকাৰ হ'ব পাৰে । কল্পনা কৰক ই কিমান ভয়াৱহ হ'ব পাৰে ?

ই হয়তো আড়ম্বৰপূৰ্ণ জীৱনশৈলীতে নিহিত হৈ নাথাকে; দৰিদ্ৰতা, পুষ্টিহীনতা, বংশগত, মানসিক চাপ, আনকি পূৰ্বৰ প্ৰজন্মৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা এক স্বাস্থ্যজনিত সমস্যা । ডায়েবেটিছ এতিয়া কেৱল চহৰীয়া অঞ্চলৰ লোকৰ মাজতে সীমাবদ্ধ হৈ থকা নাই । সমগ্ৰ ভাৰততে যিকোনো পৰিৱেশত থকা লোকৰ ক্ষেত্ৰত দেখা দিছে ।

Indian festive food is high in sugar and carbs
ভাৰতীয় পৰম্পৰাৰ খাদ্য সম্ভাৰত প্ৰচুৰ শৰ্কৰা পোৱা যায় (Getty Images)

মুম্বাইত সচৰাচৰ চিকিৎসকসকলে আড়ম্বৰপূৰ্ণ যাতায়ত, ফাষ্ট ফুড আৰু কৰ্প'ৰেট মানসিক চাপে বছৰৰ পিছত বছৰ ধৰি শৰীৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰে । কিন্তু পঞ্জাব আৰু হাৰিয়ানাত চহকী জীৱন-যাপন, খাদ্যই (মাখন, ক্ৰীম আৰু পৰিশোধিত ঘেঁহুৰে ভৰা) স্বাস্থ্যৰ পৰিৱৰ্তন ঘটাইছে বুলি সন্দেহ কৰে । ছত্তীশগড় আৰু উত্তৰ প্ৰদেশত আকৌ কাহিনীবোৰ পৃথক । প্ৰধান খাদ্য সামগ্ৰী ধান আৰু আলু খেতিৰ ওপৰত কৃষি শ্ৰম বহু পৰিমাণে নিৰ্ভৰ কৰিছিল যদিও এতিয়া শাৰীৰিক কাৰ্যকলাপ হ্ৰাস পোৱাটোৱে উদ্বেগৰ সৃষ্টি কৰিছে । ওড়িশাৰ জনজাতীয় জিলাসমূহত এসময়ত ডায়েবেটিছ বিৰল আছিল । এতিয়া খাদ্যৰ পৰিৱৰ্তন আৰু পৰম্পৰাগত খাদ্য ব্যৱস্থাৰ হ্ৰাসৰ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । ইফালে হিমাচল প্ৰদেশৰ পাহাৰত (য'ত মানুহে দৈনিক একাধিক কিলোমিটাৰ খোজ কাঢ়ে) আপাত দৃষ্টিত সক্ৰিয় জীৱনশৈলীৰ মাজতো ডায়েবেটিছ বৃদ্ধি পোৱাত চিকিৎসকসকল বিমোৰত পৰিছে । অৰ্থাৎ বিভিন্ন পৰিস্থিতিত এই ৰোগৰ দ্বাৰা লোক চিকাৰ হ'ব পাৰে । সেয়ে অহা ৪ সপ্তাহত প্ৰতিখন ৰাজ্যত পৃথক পৃথক ঘটনা অন্বেষণ কৰিবলৈ প্ৰয়াস কৰা হ'ব ।

লক্ষ্য আৰু উদ্দেশ্য

এই অভিযানৰ লক্ষ্য হৈছে নাগৰিকসকলক বিশ্বাসযোগ্য জ্ঞান, আগতীয়া সজাগতা আৰু ডায়েবেটিছ প্ৰতিৰোধ আৰু পৰিচালনাৰ ব্যৱহাৰিক সমাধানৰ বিষয়ে অৱগত কৰা । ইয়াৰ উদ্দেশ্যও সমানেই গুৰুত্বপূৰ্ণ: এই ৰোগ সম্পৰ্কে জনসাধাৰণৰ মাজত থকা ভয় আৰু অন্ধবিশ্বাস বা ভুল তথ্যৰ পৰা আঁতৰাই অনা । এই অভিযানবোৰ বিশেষজ্ঞৰ সাক্ষাৎকাৰ, তথ্য সমৃদ্ধ প্ৰতিবেদন, শিক্ষামূলক ভিডিঅ' আৰু সমগ্ৰ দেশৰ বাস্তৱ জীৱনৰ কাহিনীৰ দ্বাৰা আগবঢ়াই নিয়া হ'ব । অৰ্থাৎ এই অভিযানে ভাৰতৰ ডায়েবেটিছ সংকটৰ ৰোডমেপ প্ৰস্তুতৰ প্ৰয়াস কৰিব ।

বিশেষজ্ঞৰ কণ্ঠ

ইটিভি ভাৰতে লক্ষ্য কৰিছে যে এই ৰাষ্ট্ৰীয় স্বাস্থ্য সংকটৰ বিষয়ে জানিবলৈ একমাত্ৰ উপায় হৈছে বছৰ বছৰ ধৰি ৰোগীৰ পিছত ৰোগী পৰ্যবেক্ষণ কৰি অহা লোকসকলৰ কথা ভালদৰে শুনা । গতিকে আমাৰ অভিযানৰ এটা আকৰ্ষণীয় অংশ হ'ল চিকিৎসকৰ কণ্ঠ । যিসকল চিকিৎসকে দশকৰ পিছত দশক ধৰি ৰোগীক চাই বা পৰীক্ষাগাৰৰ প্ৰতিবেদন আৰু সমগ্ৰ ভাৰতৰ ৰোগীসকলৰ বাস্তৱ অভিজ্ঞতা পৰ্যবেক্ষণ কৰি আহিছে ।

Find out why the number of diabetic children and young adults is increasing
বৰ্তমান সময়ত বহু শিশু ডায়েবেটিছৰ চিকাৰ হৈছে (Getty Images)

ডাঃ ভি মোহন হৈছে দেশৰ অন্যতম আগশাৰীৰ ডায়েবেট'লজিষ্ট হিচাপে পৰিচিত । দশক দশক ধৰি তেওঁ অধ্যয়ন কৰি আহিছে যে ভাৰতীয় লোকসকল কিয় জৈৱিকভাৱে আন বহু দেশৰ লোকতকৈ ডায়েবেটিছত অধিক আক্ৰান্ত হয় । তেওঁৰ কৰ্মৰাজিয়ে অভিযানৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব - ভাৰতত ডায়েবেটিছক কিয় পৃথক ধৰণে ভবা হয় ? তাৰ পিছত আছে দক্ষিণ এছিয়াত লোকসকলৰ বিপাকীয় বৈশিষ্ট্যসমূহ পৰীক্ষা কৰি বছৰ বছৰ ধৰি সময় কটোৱা চিকিৎসক ডাঃ অনুপ মিশ্ৰ । তেওঁৰ দৰ্শনে এই ৰোগৰ বিষয়ে এটা প্ৰচলিত অন্ধবিশ্বাসক প্ৰত্যাহ্বান জনাব : যে ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকহে আক্ৰান্ত হয় যিসকলৰ ওজন বেছি ।

এই অভিযানত আন এক কণ্ঠ হিচাপে দেখা যাব ফৰ্টিছৰ ডায়েবেটিছ ইণ্ডিয়া ২০২৬ৰ প্ৰগ্ৰেম চেয়াৰ ডাঃ সঞ্জয় ৰেড্ডীক । ৰেড্ডীয়ে দীৰ্ঘম্যাদী ডায়েবেটিছৰ ফলত আন আন স্বাস্থ্যজনিত জটিল সমস্যাৰ ভুগি থকা ৰোগীৰ সৈতে দৈনিক কথা পাতে । এই অভিযানত এআইজি হাস্পতালৰ ডাঃ ৰাকেশ কালাপালাৰ জৰিয়তে বিপাকীয় স্বাস্থ্য আৰু পাচনতন্ত্ৰৰ মাজৰ সংযোগৰ বিষয়েও অন্বেষণ কৰা হ'ব । কালাপালা গেষ্ট্ৰ'এণ্টেৰ'লজী আৰু বিপাকীয় ৰোগৰ মাজৰ এক কুটিল সংযোগস্থলত আন্ত্ৰিক স্বাস্থ্য, মেদবহুলতা আৰু জিইআৰডিৰ দৰে অৱস্থাই ডায়েবেটিছৰ আশংকাৰ সৈতে কেনেকৈ ভুগি থাকে সেই বিষয়ে পৰীক্ষা কৰে । ইয়াৰ ভিতৰত অন্যতম গুৰুতৰ জটিল সমস্যা হ'ল ডায়েবেটিক ৰেটিনোপেথী, যিয়ে ৰেটিনাৰ সৰু সৰু ৰক্তবাহী নলীবোৰৰ ক্ষতি কৰে আৰু চিকিৎসা নকৰিলে দৃষ্টিশক্তি হেৰুৱাব পাৰে । এই ৰোগৰ এই দিশটো চকু বিশেষজ্ঞ ডাঃ চৈত্ৰা জয়দেৱে অন্বেষণ কৰিব ।

আঞ্চলিক বিশেষজ্ঞসকলেও আন বিভিন্ন স্তৰত ইয়াৰ বিষয়ে অৱগত কৰিব । গুজৰাটত ডাঃ ভাগীৰথ চোলাংকিয়ে প্ৰায় ৩ দশকৰ ক্লিনিকেল অভিজ্ঞতাৰ সহায় লৈ ডায়েবেটিছক কেন্দ্ৰ কৰি থকা সাধাৰণ অন্ধবিশ্বাসবোৰক পোহৰলৈ আনে । ৰাজস্থানত ডায়েবেচিটি চলোৱা ডাঃ ৰাজেশ পাৰিখে ৰাজ্যত ডায়েবেটিছ ৰোগীৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰে । শিশু আৰু কিশোৰ-কিশোৰীসকলৰ টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ দুয়োটা ৰোগ ধৰা পৰিছে । ৰায়পুৰৰ ডাঃ অৰুণ কেডিয়াৰ দৰে বিশেষজ্ঞই এই পৰিৱৰ্তনৰ আঁৰৰ কাৰণসমূহ অন্বেষণ কৰে । এই বিশেষজ্ঞসকলে ভাৰতৰ ডায়েবেটিছৰ পৰিৱেশৰ বৌদ্ধিক মানচিত্ৰ প্ৰস্তুত কৰিব । প্ৰতিজন চিকিৎসকে এই ৰোগক অলপ পৃথক ধৰণে বাখ্যা কৰে: বংশগত, পুষ্টি, এণ্ডক্ৰাইন'লজী, গেষ্ট্ৰ'এণ্টেৰ'লজী বা জনস্বাস্থ্য ।

Diabetes in India does not follow a single narrative
ডায়েবেটিছৰ আখ্যান বহুত (Getty Images)

যি প্ৰশ্নৰ উত্তৰ সকলোৱে বিচাৰে

প্ৰতিটো স্বাস্থ্য সংকটৰ এক মূল জনবিশ্বাস থাকে যাৰ দ্বাৰা জনসাধাৰণে কল্পনা কৰে । ভাৰতৰ ডায়েবেটিছৰ বাবে সেই বিশ্বাস সাধাৰণ : ইয়াক পৰিৱৰ্তন কৰিব পাৰিনে ? সমগ্ৰ দেশতে ক্লিনিক, স্বাস্থ্য শিবিৰ আৰু ডিজিটেল প্লেটফৰ্মে 'ডায়েবেটিছ মুক্ত'ৰ প্ৰতিশ্ৰুতি দিয়ে । বিজ্ঞাপনৰ পৰা বুজা যায় যে সঠিক খাদ্য পৰিকল্পনা, নিয়মীয়া ব্যায়াম আদিৰ দ্বাৰা এই ৰোগ নাইকিয়া হ'ব পাৰে । কিন্তু চিকিৎসা বিজ্ঞানে অধিক সূক্ষ্মভাৱে ইয়াৰ পৰ্যালোচনা কৰে ।

টাইপ ২ ডায়েবেটিছ ৰোগীৰ কিছুমানে কিছু সময়ৰ বাবে ঔষধ নোখোৱাকৈ তেজৰ শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে । তথাপিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা আৰু নিৰাময় একে নহয় । অন্তৰ্নিহিত বিপাকীয় দুৰ্বলতা ৰৈ যায় । জীৱনশৈলী সলনি হ'লে ৰোগ পুনৰ ঘূৰি আহিব পাৰে । এই জটিল সত্যটোক উন্মোচন কৰি অভিযান আৰম্ভ হয় । আগশাৰীৰ ডায়েবেটিছ বিশেষজ্ঞ আৰু এণ্ডক্ৰাইন'লজিষ্টসকলৰ সাক্ষাৎকাৰৰ দ্বাৰা এই বিষয়ে বিস্তৃত বাখ্যা আগবঢ়োৱা হ'ব যিয়ে হয়তো পাঠকক আচৰিত কৰি তুলিব ।

সৰু সৰু কাহিনীৰে ভৰা ভাৰত

ভাৰতবৰ্ষত ডায়েবেটিছৰ অন্যতম আকৰ্ষণীয় দিশটো হ'ল ইয়াৰ এটা আখ্যান নাথাকে । বৰঞ্চ ই সৰু সৰু কাহিনীৰ দৰে । ৰাজস্থানকে লওঁক, য'ত বিশদ তথ্য বিশ্লেষণে বয়স আৰু ভৌগোলিক অৱস্থানভেদে ডায়েবেটিছ কেনেকৈ ভিন্ন হয় সেই বিষয়ে অন্বেষণ কৰিব । দিল্লী, য'ত বৃদ্ধি পোৱা ৰোগীৰ সংখ্যাই সুবিধা আৰু বিপাকীয় খৰচৰ মাজত আবদ্ধ নগৰীয়া জীৱনশৈলীৰ কাহিনী কয় । তাৰ পিছত বিজ্ঞানক আলোকিত কৰা মানৱ কাহিনীবোৰ । দক্ষিণ দিল্লীৰ 'বাজৰা ৰাণী' পল্লৱ উপাধ্যায় আছে যিয়ে ঘেঁহু আৰু চাউলৰ স্থানত বাজৰাক প্ৰাধান্য দিছিল আৰু তেওঁৰ 'HbA1c' নাটকীয়ভাৱে হ্ৰাস পোৱা দেখা পাইছিল । এজন আইটি পেছাদাৰী আছে যিয়ে এটা সাধাৰণ অভ্যাস গঢ়ি তুলিছে: গোটেই দিনটো কৰ্মস্থলীত বহি থকাৰ পৰিৱৰ্তে প্ৰতি ঘণ্টাত অলপ অলপ খোজকঢ়া ।

ব্যক্তিগত কাহিনীৰ বাহিৰেও এই অভিযানে বৰ্তমানৰ বিজ্ঞানৰ গভীৰতালৈ যায় । আগশাৰীৰ বিশেষজ্ঞসকলে (বিখ্যাত ডায়েবেটিছ বিশেষজ্ঞ, বেৰিয়াট্ৰিক চাৰ্জন আৰু গৱেষকসকলকে ধৰি) এনে প্ৰশ্নসমূহৰ সন্ধান কৰিব যিবোৰৰ ওপৰত বিজ্ঞানীসকলে নিজেই এতিয়াও গৱেষণা কৰি আছে :

  • ভাৰতীয়সকল কিয় বংশগতভাৱে ডায়েবেটিছৰ অধিক চিকাৰ হয় ?
  • শিশু আৰু যুৱ প্ৰাপ্তবয়স্কৰ দেহত কিয় এই ৰোগ ক্ৰমান্বয়ে ধৰা পৰিছে ?
  • টাইপ ২ ডায়েবেটিছত মানসিক চাপে কি ভূমিকা পালন কৰে ?
  • আন্ত্ৰিক স্বাস্থ্য বিপাকীয় ৰোগৰ সৈতে জড়িত নেকি ?
  • ক্ষীণ ব্যক্তি আৰু পৰিকল্পিতভাৱে খাদ্য গ্ৰহণ কৰা লোক কিয় ডায়েবেটিছত আক্ৰান্ত হয় ?

কিছুমান গৱেষকে এতিয়া কমকৈ পৰিচিত এটা দিশৰ বিষয়ে আলোচনা কৰি আছে, যাক কেতিয়াবা টাইপ ৫ ডায়েবেটিছ বুলিও কোৱা হয় । যি ক্ষীণ ব্যক্তিৰ পুষ্টিহীনতা আৰু বিপাকীয় পৰিৱৰ্তনৰ সৈতে জড়িত । এই ৰোগে যেন আমি এসময়ত বিশ্বাস কৰা কু-সংস্কাৰৰ কথা সোঁৱৰাই দিয়ে । ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা যেনে ফেটি লিভাৰ, উচ্চ ৰক্তচাপ, হাৰ্ট এটেকৰ মাজৰ সম্পৰ্কৰ বিষয়েও চিকিৎসকে আলোচনা কৰে ।

যদি ডায়েবেটিছ শিৰোনাম হয়, তেন্তে প্ৰিডায়েবেটিছ হৈছে অতিৰিক্ত সাৰাংশ যিয়ে সমগ্ৰ কাহিনীটো সলনি কৰিব পাৰে । ভাৰতত প্ৰায় ১৩.৬ কোটি প্ৰাপ্তবয়স্ক লোক প্ৰিডায়েবেটিছত আক্ৰান্ত হৈছে । বেছিভাগৰে কোনো লক্ষণ দেখা নাযায় । কিন্তু ইও সেই পৰ্যায় য'ত প্ৰতিৰোধ সৰ্বাধিক সম্ভৱপৰ । অভিযানৰ এক মুখ্য উদ্দেশ্য হৈছে পাঠকসকলক এই অদৃশ্য দিশটো বুজিবলৈ সহায় কৰা: ইয়াৰ অৰ্থ কি, ইয়াক আগতীয়াকৈ কেনেকৈ ধৰা পেলাব পাৰি আৰু কি সৰল জীৱনশৈলীৰ পৰিৱৰ্তনে ৰোগটো সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ আগতেই বন্ধ কৰিব পাৰে ।

খাদ্য হৈছে সাংস্কৃতিক পাৰ্থক্য

ভাৰতৰ দৰে খাদ্য আৰু স্বাস্থ্যৰ জটিলতাৰ উদাহৰণ খুব কম দেশত আছে । ইয়াত খাদ্য কেৱল পুষ্টি নহয়, পৰিচয়, ভূগোল, ধৰ্ম, ইতিহাসো । পঞ্জাবত মাখন সমৃদ্ধ ব্যঞ্জন খোৱা হয় । উত্তৰ প্ৰদেশত পেৰা আৰু জিলাপিৰ দৰে মিঠাইৰ গুৰুত্ব আছে । দক্ষিণৰ ব্যঞ্জনত প্ৰায়ে চাউলক প্ৰাধান্য দিয়া হয় । সমগ্ৰ দেশতে দৈনিক আহাৰত ঘেঁহুৰ ৰুটীৰ আধিপত্য আছে । তথাপিও পৰম্পৰাগত খাদ্যৰ সৈতে এসময়ত ডায়েবেটিছৰ হাৰ উল্লেখযোগ্যভাৱে কম আছিল । কি সলনি হ'ল ? এই অভিযানে সেই ৰূপান্তৰ পৰ্যালোচনা কৰে । মহাৰাষ্ট্ৰত বাজৰা ভিত্তিক খাদ্যৰ পুনৰ উত্থানৰ পৰা আৰম্ভ কৰি গুৰমাৰৰ দৰে ঔষধি বনৌষধিৰ সন্ধানলৈকে আমাৰ সাংবাদিকসকলে পৰম্পৰাগত খাদ্য আধুনিক বিপাকীয় বিজ্ঞানৰ সৈতে কেনেকৈ পৃথক সেয়া অন্বেষণ কৰিব । আনকি বিশেষভাৱে ডিজাইন কৰা 'ডায়েবেটিছ ৰুটী'ৰ দৰে সাধাৰণ বিষয়ৰ ওপৰতো অনুসন্ধান কৰা হ'ব । ইয়াৰ অন্তৰ্নিহিত প্ৰশ্নটো হ'ল: সাংস্কৃতিক খাদ্যৰ পৰম্পৰাক পৰিত্যাগ কৰাতকৈ খাপ খুৱাব পাৰিনে ?

শেহতীয়া বছৰবোৰত হোৱা অন্যতম পৰিঘটনা হৈছে শিশু আৰু যুৱ প্ৰাপ্তবয়স্কৰ মাজত ডায়েবেটিছৰ বৃদ্ধি । জীৱনশৈলীৰ পৰিৱৰ্তনে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু গৱেষকসকলে জৈৱিক প্ৰশ্নসমূহো অন্বেষণ কৰি আছে । পিতৃ-মাতৃৰ অভ্যাসে সন্তানৰ বিপাকীয় স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰেনে ? কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে আনকি পিতৃৰ ধঁপাত সেৱনেও এপিজেনেটিক পৰিৱৰ্তনৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । যদি সেইটো সঁচা, তেন্তে ডায়েবেটিছ এক প্ৰজন্মৰ বিষয় হৈ পৰে ।

সমাধানৰ সন্ধান

এই সমস্যাটোৰ জটিলতা সত্ত্বেও আশা ৰেঙনি দেখা যায় । সমগ্ৰ ভাৰততে চিকিৎসক, গৱেষক, যোগ সাধক, আয়ুৰ্বেদিক বিশেষজ্ঞ, জনস্বাস্থ্য কৰ্মীসকলে সমাধানৰ পৰীক্ষা-নিৰীক্ষা কৰি আছে । কিছুমানে ডায়েবেটিছ ৰোগীৰ বাবে বিশেষ ব্যায়াম ৰুটিনত স্থান দিছে । আন কিছুমানে যোগক বিপাকীয় ভাৰসাম্যৰ আহিলা হিচাপে অন্বেষণ কৰে । আন কিছুমানে বনৌষধি চিকিৎসা, আধুনিক ঔষধ আৱিষ্কাৰ বা ব্যক্তিগত শৰীৰৰ বাবে নিৰ্দিষ্ট নিখুঁত পুষ্টি পৰিকল্পনাৰ অনুসন্ধান কৰে । মধ্যপ্ৰদেশৰ এগৰাকী যুৱ বিজ্ঞানী প্ৰিয়ংশু নেমাই আনকি ডায়েবেটিছৰ নতুন চিকিৎসাৰ সন্ধানৰ বাবে কম্পিউটেচনেল ড্ৰাগ ডিচকভাৰী আৰু ট্ৰেন্সক্ৰিপ্ট'মিক্স ব্যৱহাৰ কৰিছে । চিকিৎসালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে, সামূহিক স্বাস্থ্য কেন্দ্ৰলৈকে সকলোতে পৰীক্ষা নিৰীক্ষা চলি আছে ।

ভাৰতত ডায়েবেটিছৰ কাহিনী এতিয়াও শেষ হোৱা নাই । আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়বোৰ হয়তো এতিয়াও আপোনাৰ দৰে পাঠকে পঢ়িবলৈ অপেক্ষা কৰি আছে যিয়ে আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব ।

References: