কেৱল ছোৱালীকে নহয় ল'ৰাবোৰকো দিব লাগে এইচ পি ভি ভেকচিন, কিন্তু কিয় ?
ভৱিষ্যতে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ অন্যতম সহজ উপায় এইচ পি ভি টীকাকৰণ । ল'ৰাবোৰক অন্তৰ্ভুক্ত কৰিলেহে এই অভিযানত সম্পূৰ্ণ সফলতা আহিব ।

Published : February 28, 2026 at 8:16 PM IST
ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ লক্ষ্যৰে দেশজুৰি আৰম্ভ হৈছে এইচ পি ভি টীকাকৰণ অভিযান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মহিলাসকলৰ বাবে এই টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে । অৱশ্যে আদৰ্শগতভাৱে এই কাৰ্যসূচী পুৰুষৰ বাবেও সম্প্ৰসাৰিত কৰা উচিত । ভাৰতত এইচ পি ভি টীকাকৰণক যেন জনসাধাৰণৰ মনৰ এটা সংকীৰ্ণ কোণত থোৱা হৈছে । ইয়াক মহিলাৰ ভেকচিন হিচাপেহে ভবা হয় । ইয়াক এক ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন বুলিয়ে জনা যায় । যেন ই পুৰুষৰ বাবে নহয় মহিলাৰ ক্ষেত্ৰতহে প্ৰযোজ্য । যেন লিংগ চাইহে ভাইৰাছ সংক্ৰমিত হয় আৰু পুৰুষসকল যেন জৈৱিকভাৱে বিপদৰ পৰা ৰেহাই পৰে, কিন্তু নহয় ।
এইচ পি ভি(Human Papillomavirus) হৈছে এনে এক ভাইৰাছ, যি মহিলা বা পুৰুষ, মেট্ৰ'ত থাকক বা সৰু চহৰত থাকক, সেয়া বিচাৰ নকৰে । এই ভাইৰাছে পুৰুষকো সংক্ৰমিত কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত ডিঙি, গুহ্যদ্বাৰ, পেনিয়েল কৰ্কট ৰোগকে ধৰি অন্যান্য জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে ।

ভ্ৰান্ত ধাৰণা : "এইচ পি ভি কেৱল মহিলাৰ সমস্যা"
চি এম আৰ আই কলকাতাৰ জ্যেষ্ঠ চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ পৰ্ণমিতা ভট্টাচাৰ্যই এই ধাৰণাটোৰ সৈতে নিতৌ পৰিচিত হৈ আহিছে । তেওঁ কয়, "বহু অভিভাৱকে এতিয়াও বিশ্বাস কৰে যে এইচ পি ভি টীকাকৰণ কেৱল মহিলাৰ বাবেহে প্ৰয়োজনীয়, কিন্তু ক্লিনিকেল প্ৰেকটিছৰ সময়ত আমি সন্মুখীন হোৱা অন্যতম ডাঙৰ ভ্ৰান্ত ধাৰণা এইটো ।"
এই ধাৰণাটো বঢ়াৰ কাৰণ হৈছে এইচ পি ভি সম্পৰ্কীয় কৰ্কটৰ ভিতৰত আটাইতকৈ চৰ্চিত হৈছে ছাৰ্ভাইকেল কেন্সাৰ । ভাৰতবৰ্ষত প্ৰতি বছৰে হাজাৰ হাজাৰ মহিলা এই ৰোগত আক্ৰান্ত হয় । কিন্তু ঘৰৰ আলোচনা আৰু স্কুলৰ হোৱাটছ এপ গ্ৰুপৰ পৰা প্ৰায়ে আঁতৰি থকা বিষয়টো হ'ল : এইচ পি ভি পুৰুষৰ ক্ষেত্ৰতো কেন্সাৰৰ কাৰণ হ'ব পাৰে । মুখৰ কৰ্কট, গুহ্যদ্বাৰৰ কৰ্কট, পেনিয়েল কৰ্কট ৰোগ, অৰ'ফেৰিঞ্জিয়াল কৰ্কট আদি । এই তালিকাখন দীঘলীয়া । ডাঃ ভট্টাচাৰ্যই লগতে কয় যে পুৰুষসকল কেৱল ইয়াৰ ক্ষেত্ৰত অসুৰক্ষিতই নহয় ; তেওঁলোক বাহকো হ'ব পাৰে । তেওঁ কয়, "পুৰুষো এইচ পি ভি সম্পৰ্কীয় ৰোগৰ প্ৰতি সমানেই অসুৰক্ষিত আৰু অজানিতে অতি বিপদজনক ষ্ট্ৰেইন সংক্ৰমণ কৰিব পাৰে ।" যেতিয়া কেৱল মহিলাসকলক ভেকচিন দিয়া হয়, তেতিয়া আমি নজনাকৈয়ে আন এক ভাইৰাছৰ বিৰুদ্ধে যুঁজি থাকোঁ ।"
একত্ৰিত প্ৰতিৰোধ ব্যৱস্থা
পুৰুষ-মহিলা উভয়কে টীকাকৰণ কৰিলে এইচ পি ভি সংক্ৰমণ যথেষ্ট কমি যায় । যাক চিকিৎসকসকলে একত্ৰিত প্ৰতিৰোধ ক্ষমতা(Herd Immunity) বুলি কয় । সাধাৰণ ইংৰাজীত ইয়াক ভাইৰাছটোৱে সংক্ৰমণ কৰিবলৈ কম শৰীৰ, লুকাই থাকিবলৈ কম ঠাই আৰু সংক্ৰমণৰ বাবে কম সম্ভাৱনাক বুজায় ।

ডাঃ ভট্টাচাৰ্যই কয় যে জয়পুৰৰ চি কে বিৰলা হাস্পতাল আৰু চি এম আৰ আই কলকাতাত চলি থকা ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ অভিযানৰ সময়ত বহু পৰিয়ালে পুৰুষকো টীকাকৰণ কৰা উচিত বুলি জানি আচৰিত হয় । তেওঁ কয়, "এবাৰ এই ভ্ৰান্ত ধাৰণাবোৰৰ সমাধান হ'লে অভিভাৱকসকলে নিজৰ সন্তানৰ বাবে সঠিক প্ৰতিৰোধমূলক প্ৰক্ৰিয়া বাছনি কৰিবলৈ শক্তি পাব ।"
আচলতে এইচ পি ভি কি আৰু অভিভাৱকসকল কিয় সাৱধান হোৱা উচিত ?
জয়পুৰৰ চি কে বিৰলা হাস্পতালৰ অতিৰিক্ত সঞ্চালিকা – শিশু চিকিৎসক ডাঃ ললিতা কানোজিয়াই এই সন্দৰ্ভত কৈছে, "হিউমেন পেপিলোমা ভাইৰাছ হৈছে অতি সংক্ৰামক ডি এন এ ভাইৰাছ, যিটো বেছিকৈ যৌন সংস্পৰ্শৰ জৰিয়তে বিয়পে । বেছিভাগ এইচ পি ভি সংক্ৰমণ নিজে নিজে ভাল হয় । শৰীৰে তাৰ বিৰুদ্ধে যুঁজ দিয়ে । কিন্তু কেতিয়াবা, এই ভাইৰাছ থাকি যায় ।"
যেতিয়া ই দেহত থাকি যায়, তেতিয়া ইয়াৰ ফলত গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে । এইচ পি ভিৰ সৈতে এনোজেনিটেল কেন্সাৰ, যৌনাংগ উখহি উঠা আৰু গুহ্যদ্বাৰ, পেনিছ, মহিলাৰ যৌনাংগৰ কৰ্কট আৰু অৰ'ফেৰিংছৰ কৰ্কট ৰোগৰ সম্পৰ্ক আছে । বিশেষকৈ দুটা ষ্ট্ৰেইন (এইচ পি ভি ১৬ আৰু ১৮) ভয়ংকৰ । এইচ পি ভি সম্পৰ্কীয় কৰ্কট ৰোগৰ সৰহভাগৰ বাবে এই ষ্ট্ৰেইন দায়ী । ডাঃ কানোজিয়াই এই কথাও আলোকপাত কৰে যে নাচোফেৰিঞ্জিয়েল কৰ্কট এইচ পি ভিৰ সৈতে জড়িত হৈ আছে । মুঠতে পুৰুষ কেৱল বাহকে নহয়, তেওঁলোকো সম্ভাৱ্য ৰোগী ।
"কিন্তু মোৰ ল'ৰাটো বৰ সৰু..."
সাধাৰণতে এইটোৱেই বহুতৰে আপত্তি । কিন্তু চিকিৎসা বিজ্ঞানৰ এয়াই সত্য : ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ আগতে এইচ পি ভি ভেকচিন দিলে সৰ্বোত্তম কাম কৰে । ভাৰতৰ পুৰুষৰ বাবে দিয়া পৰামৰ্শ আৰু ইতিমধ্যে কৰ্তৃত্ব প্ৰদান কৰা হৈছে :
- ৯-১৪ বছৰ বয়স : ২ টা পালি, ছমাহৰ ব্যৱধানত
- ১৫-২৬ বছৰ বয়স : ৩ টা পালি (০, ২ আৰু ৬ মাহত)
আপোনাৰ পুত্ৰক টীকাকৰণ কৰাটোৱে আগতীয়াকৈ যৌন সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত উৎসাহিত নকৰে । বিশ্বব্যাপী একাধিক অধ্যয়নে এই কথা নিশ্চিত কৰিছে । আমি এনে এখন দেশত বাস কৰোঁ য'ত পৰিয়ালে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঋণ লয় কিন্তু প্ৰতিৰোধমূলক ভেকচিনক ল'বলৈ দ্বিধাবোধ কৰে । ডাঃ ভট্টাচাৰ্যই কোৱাৰ দৰে ভৱিষ্যতে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ অন্যতম সহজ আৰু ফলপ্ৰসূ উপায় এইচ পি ভি টীকাকৰণ । ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ অৱশ্যে তেতিয়াহে উপলব্ধি কৰিব পৰা যাব যেতিয়া পুৰুষ বা ল'ৰা সন্তানকো সুৰক্ষাৰ এই কৌশলত অন্তৰ্ভুক্ত কৰা হ'ব ।
ল'ৰাবোৰক ভেকচিন দি কৰ্কটৰ পৰা সুৰক্ষা দিওঁ আহক । তেওঁলোকে নাজানে যে ভৱিষ্যতৰ সংগী আৰু সম্প্ৰদায়ৰ বাবে তেওঁলোক কিমান বিপজ্জনক ।

কল্পনা কৰক আপোনাৰ প্ৰাপ্তবয়স্ক পুত্ৰ বছৰ বছৰ ধৰি কৰ্কট ৰোগৰ চিকাৰ হৈ চিকিৎসালয়ৰ বিছনাত পৰি আছে ! কিন্তু ল'ৰাটোৰ বাবে প্ৰয়োজন নহয় বুলি অৱহেলা কৰা সেই ভেকচিনে ইয়াক প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন । কোনো অভিভাৱকে তেনে পৰিস্থিতিৰ সন্মুখীন হ'ব নিবিচাৰে । টীকাকৰণ হৈছে আপুনি আপোনাৰ শিশুটিক দিয়া এক গুৰুত্বপূৰ্ণ উপহাৰ যিটোৱে তেওঁলোকক গোটেই জীৱন উপকৃত কৰিব ।
পুৰুষ বা ল'ৰাবোৰক টীকাকৰণে সমাজত ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে আৰু তেওঁলোককো প্ৰত্যক্ষ সুৰক্ষা প্ৰদান কৰে । যেতিয়া ল'ৰা-ছোৱালী উভয়কে টীকাকৰণ কৰা হয়, তেতিয়া সামগ্ৰিকভাৱে সংক্ৰমণৰ হাৰ বহু বেছি হ্ৰাস পায় । বহু দেশে ইতিমধ্যে উভয় লিংগৰ বাবে এইচ পি ভি টীকাকৰণৰ পৰামৰ্শ দিছে কাৰণ ই জনস্বাস্থ্য সুৰক্ষা শক্তিশালী কৰে । যদিহে লক্ষ্য হৈছে এইচ পি ভি সম্পৰ্কীয় ৰোগসমূহ সঁচা অৰ্থত প্ৰতিৰোধ কৰা আৰু ভৱিষ্যতৰ প্ৰজন্মক সুৰক্ষিত কৰা তেন্তে টীকাকৰণ কাৰ্যসূচীত পুৰুষ বা ল'ৰাবোৰকো অন্তৰ্ভুক্ত কৰাটোৱে ফলপ্ৰসূ হ'ব ।
উৎস:
https://www.tandfonline.com/doi/full/10.1080/21645515.2024.2429894
https://pmc.ncbi.nlm.nih.gov/articles/PMC4301763/
লগতে পঢ়ক :দেশজুৰি এইচ পি ভি টিকাকৰণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

