ETV Bharat / health

২০২৬ত আপোনাৰ হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ লওক এই ৫টা সহজ সংকল্প

২০২৫ত হাৰ্ট এটেকৰ ফলত ১৫ লাখতকৈ অধিক লোকে নিজৰ প্ৰাণ হেৰুৱালে, সেয়ে নতুন বৰ্ষ ২০২৬ত আমি আমাৰ হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ কি কৰা উচিত জানো আহক-

New Year 2025 Resolutions for Healthy Heart
২০২৬ত আপোনাৰ হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ লওক এই ৫টা সহজ সংকল্প (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : December 16, 2025 at 12:22 PM IST

4 Min Read
Choose ETV Bharat

আৰু কেইটামান দিনৰ পিচতে আমি বিদায় দিম ২০২৫ বৰ্ষক আৰু আমি আদৰিম নৱবৰ্ষ ২০২৬ক ৷ নতুন বছৰ মানে নতুন উৎসাহ, নতুন আনন্দ আৰু নতুন সংকল্প ৷ প্ৰতি বছৰে আমি নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ বিভিন্ন সংকল্প লওঁ ৷ ক’বলৈ গ’লে ২০২৫ত হাৰ্ট এটেকৰ ফলত ১৫ লাখতকৈ অধিক লোকে নিজৰ প্ৰাণ হেৰুৱালে ৷ হৃদৰোগ হৈছে এনে এক ৰোগ যিয়ে প্ৰতি বছৰে সকলো বয়সৰ লাখ লাখ লোকক আক্ৰান্ত কৰে ৷

সেয়ে এইবাৰ ২০২৬ত আমাৰ হৃদয়খন সুস্থ কৰি ৰাখিবলৈ এটা নিৰ্দিষ্ট সংকল্প লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ যোৱা কেইবছৰমানৰ পৰা পৰিৱৰ্তিত জীৱনশৈলী, অনিয়মিত ৰুটিন আৰু বেয়া খাদ্যাভ্যাসে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰিছে ৷ সেয়ে নতুন বৰ্ষত আমি আমাৰ হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ কি কৰা উচিত জানো আহক-

১/ সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক

নতুন দিল্লীস্থিত এইমছৰ চিকিৎসক ডাঃ নম্ৰতা শৰ্মাই কয় যে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কম চৰ্বি থকা প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ এনে খাদ্যই স্বাস্থ্যসন্মত ওজন বজাই ৰখাত সহায় কৰে ৷ স্বাস্থ্যসন্মত ওজন হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় ৷ সেয়ে খাদ্যত কণী, পনীৰ, দাইল, বীন, কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, মাছ আদি অন্তৰ্ভুক্ত কৰিব লাগে ৷

২০২৬ত হৃদযন্ত্ৰ আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক ৷ সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি, গাখীৰ, বাদাম, গোটা শস্য, পনিৰ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য যেনে মাছ, আখৰোট, শণৰ গুটি আদি অন্তৰ্ভুক্ত কৰিব লাগে ৷ চেনি আৰু নিমখৰ পৰিমাণ কমোৱাটো উচিত ৷ অত্যধিক নিমখ আৰু চেনি সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷

২/ মানসিক চাপ কমোৱা

ডাঃ নম্ৰতা শৰ্মাৰ মতে, মানসিক চাপেও হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ গতিকে ২০২৬ত মানসিক চাপ কম কৰিবলৈ চেষ্টা কৰক ৷মানসিক চাপ কমাবলৈ দৈনিক ১০ৰ পৰা ১৫ মিনিট ধ্যান-ধাৰণাৰ অভ্যাস কৰক ৷ সম্ভৱ হ’লে নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই আনন্দৰ মনোভাৱ গঢ়ি তোলক ৷ মানসিক চাপ কম কৰিবলৈ সপ্তাহত এবাৰ বাগিচা কৰা, গান শুনা বা ছবি অঁকা আদি কামত লিপ্ত হওক ৷

৩/ দৈনিক ব্যায়াম কৰক

ডাঃ নম্ৰতা শৰ্মাই কয় যে, যেতিয়া হৃদযন্ত্ৰৰ উপকাৰৰ বাবে আমি অতি সহজ ব্যায়ামৰ অভ্যাস কৰা উচিত ৷ অনুলোম বিলোম প্ৰাণায়াম আৰু কপালভাটি হৈছে এনে শ্বাস-প্ৰশ্বাসৰ ব্যায়াম, যি শৰীৰৰ অভ্যন্তৰীণ অংগসমূহলৈ অক্সিজেনৰ প্ৰবাহ উন্নত কৰে আৰু লগতে আপোনাৰ মানসিক স্বাস্থ্যৰ উপকাৰ কৰে ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ যোগাসন, সাঁতোৰ, চাইকেল চলোৱা, বা দৌৰা আদি কিছুমান ব্যায়াম কৰক ৷ হৃদস্বাস্থ্য বিশেষজ্ঞৰ মতে দৈনিক ৩০ মিনিট ব্যায়াম কৰিলে শাৰীৰিক আৰু মানসিক চাপ কমি যায়, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও এটা ঠাইত বেছি সময় বহি থকাৰ পৰা বিৰত থাকিব লাগে ৷ অফিচত কাম কৰি থাকোঁতে প্ৰতি ঘণ্টাত ৫ মিনিটৰ বিৰতি নিশ্চিতভাৱে লওক ৷

৪/ মেডিকেল চেকআপ লওক

নতুন বছৰত তিনিমাহৰ মূৰে মূৰে মেডিকেল চেকআপ কৰোৱাটো খুবেই জৰুৰী ৷ চিকিৎসা পৰীক্ষাই উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিছ আদি ৰোগ ধৰা পেলোৱাত সহায় কৰে ৷ উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰধান কাৰণ ৷ নতুন বছৰত এবাৰ হৃদযন্ত্ৰ বিশেষজ্ঞৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰক আৰু তেওঁলোকৰ পৰামৰ্শসমূহ আপোনাৰ দৈনন্দিন জীৱনশৈলীত অন্তৰ্ভুক্ত কৰক ৷

৫/ প্ৰচুৰ পৰিমাণে পানী খাব লাগে

হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ দৈনিক ৩ লিটাৰ পানী সেৱন কৰিলে শৰীৰটো হাইড্ৰেট হৈ থাকে, যাৰ ফলত তেজৰ সোঁত উন্নত হোৱাত সহায় কৰে ৷

উপসংহাৰ

২০২৬ চনত এই ৫টা সহজ সংকল্প গ্ৰহণ কৰি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাই নহয়, সুখী আৰু দীৰ্ঘায়ুও হ’ব পাৰিব ৷

লগতে পঢ়ক

  1. আজিয়েই বিশেষজ্ঞৰ পৰা জানি লওক হৃদৰোগৰ পৰা নিজক কিদৰে বচাই ৰাখিব পাৰে
  2. শেহতীয়া গৱেষণাত আচৰিত তথ্য প্ৰকাশ! মুখত থকা বেক্টেৰিয়া হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ
  3. আপুনি ৰন্ধনৰ বাবে কি তেল ব্যৱহাৰ কৰে ? অজানিতে ব্যৱহাৰ কৰি আছে নেকি অস্বাস্থ্যকৰ তেল