ৰাষ্ট্ৰীয় কৃমিনাশক দিৱস ২০২৬: শিশুটিৰ ভোক নলগা, মন্থৰ বিকাশ হ'লেই সাৱধান হওক
ঘূৰণীয়া , হাকোটা কৃমিয়ে শিশুৱে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে ।

Published : August 10, 2026 at 5:39 PM IST
শিশু যদিহে পৰিস্কাৰ-পৰিচ্ছন্ন পৰিৱেশৰ মাজত নাথাকে তেতিয়া স্বাস্থ্যগত দিশৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত ৷ যদিহে শিশুটি স্বচ্ছতাৰ পৰা আঁতৰি থাকে তেতিয়া মাটিৰ পৰা হোৱা পেলু অথবা কৃমিৰ সংক্ৰমণে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে ।
কেতিয়াবা শিশুটিক শাক-পাচলি, ফল-মূল, আনকি বিস্কুট আগবঢ়ালেও খাবলৈ ইচ্ছা প্ৰকাশ নকৰে । যদি ভালদৰে লক্ষ্য় কৰে তেতিয়া দেখিব যে আপোনাৰ সন্তানটো অস্বাভাৱিকভাৱে ভাগৰুৱা যেন লাগিছে । শিশুটিৰ ওজন বৃদ্ধি হোৱা নাই বা আগৰ দৰে শক্তি নাই । কেতিয়াবা এনে সমস্য়াৰ পটভূমিত লুকাই থকা সম্ভাৱনা হৈছে অন্ত্ৰৰ কৃমিৰ সংক্ৰমণ ।

ঘূৰণীয়া কৃমি, হাকোটা কৃমি আৰু চাবুক কৃমিবোৰে কোনো লক্ষণ প্ৰকট নকৰাকৈ অন্ত্ৰত থাকিব পাৰে; কিন্তু শিশুৱে স্কুল, হোমৱৰ্ক আৰু শাক-পাচলি খাবলৈ মন নকৰা বাবে পৰজীৱীয়ে শৰীৰৰ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে। কৃমিৰ সংক্ৰমণ হ’ল মানুহৰ শৰীৰত পৰজীৱী কৃমি প্ৰৱেশ কৰাৰ ফলত হোৱা এক সাধাৰণ ৰোগ । সাধাৰণতে পেটত বা অন্ত্ৰত এই কৃমিবোৰ থাকে।
ৰাষ্ট্ৰীয় কৃমিনাশক দিৱস কি ?
ভাৰতত প্ৰতিবছৰে ১০ ফেব্ৰুৱাৰী আৰু ১০ আগষ্টত ৰাষ্ট্ৰীয় কৃমিনাশক দিৱস পালন কৰা হয় । শিশু আৰু কিশোৰ-কিশোৰীৰ অন্ত্ৰৰ কৃমিৰ সংক্ৰমণ হ্ৰাস কৰাটোৱে হৈছে এই দিৱসৰ লক্ষ্য় । এই দিনটোত কৃমিনাশক, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰজীৱী সংক্ৰমণৰ বিস্তাৰ ৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কিছুমান স্বাস্থ্যজনিত সমস্যা সদায় দেখা নাযায় বুলি অভিভাৱকসকলৰ বাবেও এক সতৰ্কবাণী ।

বেংগালুৰুৰ এইচ আৰ বি আৰ লেআউটৰ মাতৃত্ব চিকিৎসালয়ৰ পৰামৰ্শদাতা - শিশু চিকিৎসক আৰু নৱজাতক চিকিৎসক ডাঃ ধনলক্ষ্মী আৰে কয়, “ঘূৰণীয়া কৃমি আৰু চাবুক কৃমি শিশুৰ অন্ত্ৰত লক্ষ্য নকৰাকৈয়ে জীয়াই থাকিব পাৰে । শিশুৰ বিকাশত অতিৰিক্ত বোজা হ'ব পাৰে । অন্ত্ৰৰ বেৰত থাকি খাদ্যৰ পৰা পোৱা পুষ্টিকৰ উপাদান শোষণ কৰে । সেইবাবে পুষ্টিীনতাত অৰিহণা যোগাব পাৰে।”
শিশুটি ক্ৰমান্বয়ে ভাগৰুৱা হয়:
ভোক নলগা, ভাগৰ আৰু অপৰ্যাপ্ত বৃদ্ধি আদিয়ে দেখা দিব পাৰে । কৃমিবোৰে নিজেই প্ৰদাহ আৰু পেটৰ অস্বস্তিৰ সৃষ্টিও কৰিব পাৰে । ফলত শিশুৰ খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ আৰু কম হ’ব পাৰে। পেটত অস্বস্তি অনুভৱ হোৱা বাবে শিশুৱে পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ নকৰে । শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান লাভ নকৰে । পৰজীৱীয়ে নিজৰ অংশ গ্ৰহণ কৰি থাকে আৰু শিশুটি ক্ৰমান্বয়ে ভাগৰুৱা হৈ পৰে।
ভোক নলগাৰ আঁৰত কৃমি থাকিব পাৰে নে ?
বেংগালুৰুৰ ৰামধেনু শিশু চিকিৎসালয়ৰ পৰামৰ্শদাতা -শিশু ৰোগ চিকিৎসক, এলাৰ্জী আৰু হাঁপানী বিশেষজ্ঞ ডাঃ শ্ৰুতি আলংঘাটে ইটিভি ভাৰতক কয়, “যিসকল শিশুৱে খাদ্য খাবলৈ ইচ্ছা নকৰে, সহজে ভাগৰি পৰে বা আশা কৰা ধৰণে বৃদ্ধি হ’ব নোৱাৰে তেওঁলোকক প্ৰায়ে পিকী ইটাৰ বুলি কোৱা হয় । এনে শিশুক অধিক টোপনিৰ প্ৰয়োজন;কিন্তু অন্ত্ৰৰ কৃমিৰ সংক্ৰমণ এটা সম্ভাৱ্য কাৰণ। হাকোটা পেলু ,ঘূৰণীয়া পেলু আৰু পেটৰ কৃমিই অন্ত্ৰত বাস কৰে আৰু ই প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ শোষণত বাধা দিব পাৰে । ফলত শিশুটি ভাগৰুৱা, ভোক নলগা, ৰক্তহীনতা, ওজন হ্ৰাস আৰু স্বাভাৱিক বিকাশত পলম হোৱাত অৰিহণা যোগাব পাৰে ।”
হাকোটা পেলু এটা অতিৰিক্ত সমস্যাৰ সৃষ্টি কৰে । কাৰণ এনে কৃমিয়ে অন্ত্ৰৰ বেৰৰ পৰা তেজ খায়। ইয়াৰ ফলত আইৰণৰ অভাৱত ৰক্তহীনতা হ’ব পাৰে । সেইবাবে শিশু ভাগৰুৱা আৰু দুৰ্বল হৈ পৰিব পাৰে।
এইবোৰ লক্ষণলৈ মন কৰক :
- ভালদৰে ভোক নলগা
- ভাগৰ অনুভৱ হৈ থকা
- অস্বাভাৱিক খিংখিঙীয়া
- লাহে লাহে ওজন বৃদ্ধি
- পেটৰ বিষ বা পেট ফুলা
- বমি বা ডায়েৰিয়া
- মলদ্বাৰৰ চাৰিওফালে খজুৱতি
- ওজন হ্ৰাস পোৱা
- ৰক্তহীনতাৰ লক্ষণ
শিশুসকল কিয় অধিক দুৰ্বল?
শিশুৱে বহু সময় বাহিৰত কটায় । মাটিত খেলে, হয়তো স্পৰ্শ নকৰিবলগীয়া বস্তুবোৰ স্পৰ্শ কৰে । খাদ্য খোৱাৰ আগত হাত ঝুবলৈ পাহৰে । দূষিত মাটিৰ সংস্পৰ্শলৈ আহিলে কৃমিৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আচলতে হাকোটা পলুৱে ছালৰ মাজেৰে নিজেই শৰীৰত প্ৰৱেশ কৰিব পাৰে । গতিকে বাহিৰত খালী ভৰিৰে খোজ কঢ়াটো এটা বিপদজনক কাৰক হ’ব পাৰে। বাৰিষাৰ সময়ত এই আশংকা বৃদ্ধি পাব পাৰে ।
এই সন্দৰ্ভত ডাঃ ধনলক্ষ্মীয়ে কয়," শিশুৱে তেওঁলোকৰ হাড় আৰু অংগ বিকাশ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান শোষণ কৰিব লাগিব । যেতিয়া পৰজীৱীয়ে এই প্ৰক্ৰিয়াত বাধা জন্মায় তেতিয়া শাৰীৰিক বৃদ্ধিত প্ৰভাৱ পৰাৰ আশংকা থাকে । এই কাৰণেই ভোক নলগা বা মন্থৰ বিকাশক আওকাণ কৰিব নালাগে ।"
প্ৰতিৰোধ কৰিব কেনেকৈ ?
প্ৰতিৰোধৰ পৰীক্ষা তালিকাখন সহজ। ডাঃ শ্ৰুতিৰ পৰামৰ্শ:
- নিয়মিতভাৱে চাবোনেৰে হাত ধুব লাগে
- শিশুৰ নখ ভালদৰে কৰিব লাগে
- বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰক
- ফলমূল আৰু শাক-পাচলি ভালদৰে ধোৱা উচিত
- পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰক
- খেলা-ধূলাৰ সময়ত জোতা পিন্ধিবলৈ উৎসাহিত কৰিব লাগে
- শিশু চিকিৎসকৰ কৃমিনাশক কৰাৰ পৰামৰ্শ গ্ৰহণ কৰক
- ৰাষ্ট্ৰীয় কৃমিনাশক কাৰ্যসূচী অনুসৰণ কৰা উচিত
সম্পাদনা কক্ষৰ পৰা নয়ন কুমাৰ শৰ্মাৰ প্ৰতিবেদন
লগতে পঢ়ক:উপকূলীয় অঞ্চললৈ ফুৰিব গৈছে নেকি ? সাৱধান ! হ'ব পাৰে মাংস খোৱা বেক্টেৰিয়াৰ সংক্ৰমণ
কিয় কম বয়সতে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সমস্যা ? জানি লওক লক্ষণসমূহ
আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

