ETV Bharat / health

ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস :সঠিক খাদ্যাভ্যাস, সময়মতে পৰীক্ষা কৰি হাড় সুস্থ কৰি ৰাখিব কেনেকৈ ?

হাড় আৰু গাঁঠিৰ ৰোগ কিয় বৃদ্ধি পাইছে ?

national bone and joint day
ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 4, 2026 at 4:31 PM IST

4 Min Read
Choose ETV Bharat

উদয়পুৰ: আগতে আঁঠুৰ বিষ, পিঠি, ডিঙিৰ জঠৰতা আৰু গাঁঠিৰ সমস্যা আদি কেৱল বাৰ্ধক্যৰ লক্ষণ হিচাপে গণ্য় কৰা হৈছিল । এতিয়া পিছে সেই ধাৰণাৰ সলনি হৈছে । বিভিন্ন কাৰণত এনেধৰণৰ সমস্যাই গা কৰি উঠিবলৈ ধৰিছে । আধুনিক জীৱন যাপনেই এইবোৰৰ অন্য়তম কাৰক হিচাপে চিহ্নিত হৈছে ।

জীৱনশৈলীৰ পৰিৱৰ্তন, দীঘলীয়া সময় মোবাইল আৰু লেপটপ ব্যৱহাৰ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, অনিয়মিত খাদ্যাভ্যাস আৰু ভিটামিন ডি আৰু কেলচিয়ামৰ অভাৱৰ বাবে হাড় আৰু গাঁঠিৰ লগত জড়িত ৰোগে গা কৰি উঠিছে । এতিয়া আনকি যুৱক-যুৱতীসকলৰ মাজতো এনে সমস্য়া দ্ৰুতগতিত বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস (ETV Bharat)

ভাৰতত হাড় আৰু গাঁঠিৰ স্বাস্থ্যৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ আগষ্টত 'ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস' পালন কৰি অহা হৈছে । এই দিৱস ভাৰতীয় অৰ্থ'পেডিক এছ’চিয়েশ্য়নে ২০১২ চনত আৰম্ভ কৰিছিল ।

এই দিৱস দিৱস উপলক্ষে উদয়পুৰৰ মহাৰাণা ভূপাল চিকিৎসালয়ৰ অস্থিৰোগ বিশেষজ্ঞ ডাঃ বিষ্ণু প্ৰতাপ চৌহানে ইটিভি ভাৰতৰ আগত ব্য়াখ্য়া কৰিছে । ডাঃ চৌহানে কয় যে যোৱা কেইবছৰমানৰ পৰা হাড় আৰু গাঁঠিৰ সমস্যাত ভুগি থকা যুৱক-যুৱতীসকলৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । আগতে এই সমস্যাবোৰ বেছিভাগেই ৫০ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ বেছিকৈ হোৱা দেখা গৈছিল । পিছে এতিয়া ২৫ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজতো কঁকাল, ডিঙি, আঁঠুৰ বিষ, গাঁঠিৰ জঠৰতা আদি তেনেই সাধাৰণ ৰোগ হৈ পৰিছে ।

এইবোৰেই সমস্যাৰ কাৰণ:

ডাঃ চৌহানে কয় যে আধুনিক জীৱনশৈলীই ইয়াৰ অন্য়তম কাৰণ । দীৰ্ঘ সময় বহি কাম কৰা, মোবাইল আৰু কম্পিউটাৰৰ পৰ্দাৰ সন্মুখত বেছি সময় অতিবাহিত কৰা, শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস পোৱা, বাহিৰত জাংক ফুড অত্যধিক খোৱা, সূৰ্যৰ পোহৰৰ পৰা দূৰত্বই শৰীৰ দুৰ্বল কৰি তুলিছে । ইয়াৰ ফলত ভিটামিন ডি আৰু কেলচিয়ামৰ অভাৱ হয় । এই কাৰণেই হাড় দুৰ্বল হোৱাৰ লগতে গাঁঠিৰ ওপৰত চাপ বৃদ্ধি পায় ।

national bone and joint day
ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস (Getty Images)

জীৱনশৈলীৰ পৰিৱৰ্তনসমূহ কৰক:

অস্থিৰোগ বিশেষজ্ঞগৰাকীয়ে কয় যে হাড় শক্তিশালী কৰিবলৈ সুষম আহাৰ অতি প্ৰয়োজনীয় । গাখীৰ, দৈ, পনীৰ, সেউজীয়া শাক-পাচলি, দাইল, তিল, সৰিয়হ, কেলচিয়ামসমৃদ্ধ খাদ্য নিয়মিতভাৱে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । তদুপৰি পুৱা সূৰ্যৰ পোহৰে শৰীৰত ভিটামিন ডি উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যদি কোনো ব্যক্তিৰ ভিটামিন ডি বা কেলচিয়ামৰ অভাৱ হয় তেতিয়াহ'লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰক গ্ৰহণ কৰা উচিত ।

নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে :

ডাঃ চৌহানে কয় যে নিয়মীয়া ব্যায়াম কৰিলেও হাড় আৰু গাঁঠি সুস্থ কৰি ৰাখিব পাৰি । নিতৌ কমেও ৩০ মিনিট খোজ কঢ়া, লঘু জগিং, ষ্ট্ৰেচিং, যোগাসন, পেশী শক্তিশালী কৰা ব্যায়াম আদি কৰিলে সুফল পোৱা যায় । দীৰ্ঘ সময় বহি থকা কাম কৰা লোকসকলে ৩০ৰ পৰা ৪০ মিনিটৰ মূৰে মূৰে কেইমিনিটমান উঠি খোজ কাঢ়িব লাগে যাতে মেৰুদণ্ড আৰু গাঁঠিৰ ওপৰত অহৰহ চাপ কমকৈ পৰে ।

অস্থিৰোগ বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে বহু লোকে বিষ অনুভৱ কৰাৰ সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষনাশক ঔষধ গ্ৰহণ কৰে । এনে অভ্য়াস পৰৱৰ্তী সময়ত ক্ষতিকাৰক হোৱাৰ আশংকা থাকে । ক্ৰমাগতভাৱে কঁকালৰ বিষ, আঁঠু ফুলা, গাঁঠি জঠ বা খোজ কঢ়াত অসুবিধাৰ সন্মুখীন হ’লেই শীঘ্ৰে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।

ডাঃ চৌহানে কয় যে মেদবহুলতাও গাঁঠিৰ ৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে । শৰীৰৰ অতিৰিক্ত ওজনে পোনপটীয়াকৈ আঁঠু আৰু মেৰুদণ্ডৰ ওপৰত চাপ বৃদ্ধি কৰাৰ ফলত অষ্টিঅ’আৰ্থাইটিছৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি পায় । গতিকে হাড় আৰু গাঁঠিৰ সুৰক্ষাৰ বাবে সুষম ওজন বজাই ৰখাটো অতি প্ৰয়োজনীয়। অস্থিৰোগ বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় হাড় আৰু গাঁঠি দিৱস কেৱল আনুষ্ঠানিক দিন নহয়, সুস্থ জীৱনশৈলী গ্ৰহণৰ বাৰ্তা প্ৰচাৰৰ এক সুযোগ ।

লগতে পঢ়ক:আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

নিদ্ৰাহীনতাঃ শৰীৰ-মনৰ পৰা দেশৰ অৰ্থনীতিলৈ প্ৰত্য়াহ্বান

ডায়েবেটিছ ৰোগীৰ বাবে আলু আতংক কিয় ? নিতৌ কিমান খাব পাৰে