ETV Bharat / health

ডায়েবেটিছৰ কাৰণ-জটিলতা-চিকিৎসাৰ ভ্ৰান্ত ধাৰণা

আজীৱন ইনছুলিন গ্ৰহণ কৰিব লাগে নে ? কৃত্ৰিম মিঠাই ক্ষতিকাৰক হয় নে নহয় ? জানিবলৈ পঢ়ক...

DIABETES MYTHS
ডায়েবেটিছৰ কাৰণ-জটিলতা-চিকিৎসাৰ ভ্ৰান্ত ধাৰণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2026 at 12:24 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ডায়েবেটিছৰ কাৰণ, জটিলতা আৰু প্ৰতিৰোধ সন্দৰ্ভত ইতিমধ্য়ে বহুতো গৱেষণাত নতুন নতুন তথ্য় লাভ কৰিছে গৱেষকসকলে । ইয়াৰ পিচতো কিন্তু এই ৰোগবিধ সন্দৰ্ভত কিছুমান ভ্ৰান্ত ধাৰণাৰ পৰা আমি সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই । এনে ধাৰণাৰ বাবে কেতিয়াবা কেতিয়াবা বহুতে বিপদৰো সন্মুখীন হ'বলগীয়া হয় । কোনবোৰ বিষয়ক লৈ সাধাৰণতে এনে ধাৰণাই গা কৰি উঠে ?

ইনছুলিনে ডায়েবেটিছ নিৰাময় কৰে :

ইনছুলিনে ডায়েবেটিছ নিৰাময় কৰে বুলি বহুতৰে আছে ভ্ৰান্ত ধাৰণা । সকলোৱে এটা কথা মনত ৰখা উচিত যে ইনছুলিনে ডায়েবেটিছ নিয়ন্ত্ৰণহে কৰে, নিৰাময় নকৰে । এই হৰম’নে যেতিয়া তেজৰ পৰা শৰ্কৰা বা গ্লুক’জ নিৰ্গত কৰি কোষলৈ প্ৰেৰণ কৰে তেতিয়া ই এনজাইম উৎপন্ন কৰে । ফলত তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ।

আজীৱন ইনছুলিন গ্ৰহণ কৰিব লাগিব :

ডায়েবেটিছত আক্ৰান্ত হ'লেই আজীৱন ইনছুলিন গ্ৰহণ কৰিব লাগিব বুলি বহুতে ভাবে । টাইপ-১ ডায়েবেটিছ ৰোগীয়ে আজীৱন ইনছুলিন গ্ৰহণ কৰাৰ সম্ভাৱনা থাকে । কাৰণ তেওঁলোকৰ অগ্নাশয়ত ইনছুলিন সঠিকভাৱে উৎপাদন নহয়; কিন্তু উপযুক্ত খাদ্যাভ্যাস, ব্যায়াম, ঔষধৰ দ্বাৰা প্ৰয়োজন হ’লে টাইপ-২ ডায়েবেটিছ আজীৱন নিয়ন্ত্ৰণ কৰিব পৰা যায় । মূলতঃ জীৱনশৈলী সলনি কৰি ইনছুলিন অবিহনে ডায়েবেটিছ হ'লেও জীয়াই থাকিব পাৰে । সকলো ডায়েবেটিছ ৰোগীয়ে ইনছুলিন গ্ৰহণ কৰাটো প্ৰয়োজন বুলি ভৱাটো এক ভুল ধাৰণা ।

ডায়েবেটিছ ঔষধ পাৰ্শ্বক্ৰিয়ামুক্ত :

বেছিভাগ ডায়েবেটিছ ঔষধেই পাৰ্শ্বক্ৰিয়ামুক্ত এইটো এটা অতি ভুল ধাৰণা । সকলো ডায়েবেটিছ ঔষধৰ পাৰ্শ্বক্ৰিয়া আন যিকোনো ঔষধৰ দৰে । টাইপ-২ ডায়েবেটিছৰ বিৰুদ্ধে প্ৰথম প্ৰতিৰক্ষা হিচাপে ব্যৱহাৰ কৰা মেটফৰ্মিন নামৰ ঔষধে প্ৰায়ে পাচনতন্ত্ৰত প্ৰভাব পেলায় । টাইপ-২ ডায়েবেটিছৰ চিকিৎসাত ব্যৱহাৰ কৰা আন ঔষধে ওজন বৃদ্ধি কৰে।

ব্যায়ামৰে নিয়ন্ত্ৰণ কৰিব পাৰি :

ডায়েবেটিছত ঔষধ বা ব্যায়াম ফলপ্ৰসূ । ডায়েবেটিছত ঔষধ অপৰিহাৰ্য, আনকি জীৱন ৰক্ষাকাৰীও । ডায়েবেটিছৰ পৰা ৰক্ষা পাবলৈ খাদ্য আৰু ব্যায়াম দুটাই গুৰুত্বপূৰ্ণ বুলি কোৱা হয় । আনহাতে, ঔষধৰ লক্ষ্য একে দিশতে অৰ্থাৎ তেজৰ গ্লুক’জ হ্ৰাস কৰা । স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়াম কিন্তু একে সময়তে বহু কাম কৰে । শেহতীয়াকৈ টাইপ ২ ডায়েবেটিছৰ আশংকা থকা লোকৰ ডায়েবেটিছৰ সুৰক্ষাৰ ওপৰত অধ্যয়ন কৰা বিজ্ঞানীসকলে ঔষধতকৈ খাদ্য আৰু ব্যায়াম অধিক শক্তিশালী বুলি প্ৰকাশ কৰিছে ।

কৃত্ৰিম মিঠাই ক্ষতিকাৰক নহয় :

আজিকালি কৃত্ৰিম মিঠাই বজাৰত উপলব্ধ হৈছে । আনকি বহুতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে এনে চেনী খোৱা দেখা যায় । কৃত্ৰিম মিঠাই সমতুল্য পৰিমাণৰ চেনিতকৈ বহুগুণ মিঠা । গতিকে যিকোনো পৰিমাণৰ চেনিৰ পৰা পোৱাৰ দৰে মিঠা সোৱাদ পাবলৈ হ’লে কৃত্ৰিম মিঠাই বহুত কম ব্যৱহাৰ কৰিব লাগিব । ইয়াত শৰীৰত অতি কম কেলৰি থাকে। এনে মিঠাই দিনটোৰ ভিতৰত এক নিৰ্দিষ্ট অনুপাততহে খাব পাৰে। বেছি খাও বুলি খাব নোৱাৰে।

পৰিয়ালত ডায়েবেটিছ নাথাকিলে চিন্তা নাই :

পৰিয়ালত ডায়েবেটিছৰ কোনো ইতিহাস নাথাকিলেও বহু লোকৰ ডায়েবেটিছ হয় । যদিও এই ৰোগৰ লগত জিনীয় সম্পৰ্ক আছে, তথাপি অধ্যয়নত দেখা গৈছে যে এই ৰোগ একমাত্ৰ অৱস্থা নহয় । পাৰিবাৰিক ডায়েবেটিছৰ ইতিহাস থাকিলেও নিয়মিতভাৱে ব্যায়াম কৰিব লাগে আৰু খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকাৰ পৰা হাত সাৰিব লাগে।

গৰ্ভাৱস্থাৰ ডায়েবেটিছ পিচত নহয় :

গৰ্ভাৱস্থাৰ ডায়েবেটিছ ৰোগীৰ প্ৰসৱৰ পিচত উপশম লাভ কৰে বুলি ভাবে । মনত ৰখা উচিত কেতিয়া কেতিয়াবা গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ পৰা পিছলৈ টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি । গতিকে গৰ্ভাৱস্থাৰ ডায়েবেটিছকো গুৰুত্বসহকাৰে ল’ব লাগে আৰু খাদ্যৰ পৰিৱৰ্তন কৰি টাইপ-২ ডায়েবেটিছৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।

লগতে পঢ়ক:ডায়েবেটিছ বা মধুমেহ সঁচাকৈ উপশম হয় নে ?

অনিয়ন্ত্ৰিত শৰ্কৰাৰ বাবে জটিল হ'ব পাৰে দাঁতৰ ৰোগ

তেজত শৰ্কৰা বৃদ্ধিয়ে কেনে জটিলতাৰ সৃষ্টি কৰে ?

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)