ডঃ ৰুবুল মাউতৰ নামত আমেৰিকাৰ বিশ্বশ্রেষ্ঠ গৱেষণা প্ৰতিষ্ঠানত লেব স্থাপন
চিনচিন্নাতি চিল্ড্ৰেন্স হাস্পতাল মেডিকেল চেণ্টাৰত কৰ্কট ৰোগৰ গৱেষণাত ব্য়স্ত অসম সন্তান ।

Published : August 26, 2026 at 2:22 PM IST
গুৱাহাটী : কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰা অসম সন্তান ডঃ ৰুবুল মাউতৰ নামত আমেৰিকাত স্থাপন কৰা হৈছে এটি লেব । চিনচিন্নাতি চিল্ড্ৰেন্স হাস্পতাল মেডিকেল চেণ্টাৰত বিজ্ঞানী ৰুবুল মাউতৰ নামত স্থাপন কৰা হৈছে এই লেবটো ।
কৰ্কট ৰোগৰ চিকিৎসা গৱেষণাত নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হোৱা ৰুবুল মাউতৰ এই লেবটোত উন্নত প্ৰ'টিন ডিজাইন আৰু প্ৰতিৰক্ষা জীৱবিজ্ঞান ভিত্তিক গৱেষণাত গুৰুত্ব প্ৰদান কৰা হ'ব । ৰোগ প্ৰতিৰোধক ক্ষমতা (ইমিউন চিষ্টেম) বৃদ্ধি কৰিবলৈ আৰু পৰৱৰ্তী প্ৰজন্মৰ কৰ্কট ৰোগৰ প্ৰতিষেধক তথা প্ৰতিৰোধমূলক চিকিৎসাৰ বিকাশ ঘটাবলৈ মাউত লেবে নতুন প্ৰ'টিন ভিত্তিক প্ৰযুক্তি উদ্ভাৱনৰ পৰিকল্পনা কৰিছে ।
যোৱা ২৯ জুনৰ পৰা আমেৰিকাৰ এই চিকিৎসাখনত ৰুবুল মাউতে প্ৰতিৰক্ষা জীৱবিজ্ঞান (Immunobiology), কৰ্কটৰোগ বিজ্ঞান ( Oncology) আৰু কাণ্ড কোষ (Stem Cell) আৰু অৰ্গেনয়ড চিকিৎসা বিজ্ঞান বিভাগত অধ্যাপক তথা মুখ্য বিজ্ঞানী হিচাপে যোগদান কৰিছে । ইয়াৰ পিছতেই এইগৰাকী অসম সন্তানৰ নামত এই লেবটো স্থাপন কৰা হৈছে । আমেৰিকাৰ চিনচিন্নাতি চিল্ড্ৰেন্স হাস্পতাল মেডিকেল চেণ্টাৰ হৈছে প্ৰতিৰক্ষা জীৱবিজ্ঞান তথা শিশু কৰ্কট ৰোগৰ বিশ্বশ্রেষ্ঠ গৱেষণাৰ অন্য়তম প্ৰতিষ্ঠান ।
এই সম্পৰ্কে ডঃ ৰুবুল মাউতে সামাজিক মাধ্য়মত দিয়া এটা পোষ্ট অনুসৰি মাউত লেবত ইতিমধ্যে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছৰ গৱেষণাভিত্তিক পদৰ বাবে গৱেষক নিয়োগৰো সুযোগ সৃষ্টি কৰিছে । পিএইচডি ডিগ্ৰী লাভ কৰাৰ পিছত প্ৰ'টিন গঠন , প্ৰতিৰক্ষা জীৱবিজ্ঞান আৰু কৰ্কট ৰোগৰ প্ৰতিৰোধমূলক চিকিৎসা বিষয়ত গৱেষণা কৰাৰ বিশেষ পদৰ সৃষ্টি কৰা হৈছে ।
কৰ্কট ৰোগৰ নতুন চিকিৎসা আৰু প্ৰতিষেধক বিকাশৰ বাবে এই লেবটোত গ্ৰহণ কৰা প্ৰধান গৱেষণাসমূহ হৈছে পোনপটীয়াভাৱে নতুন প্ৰ'টিন প্ৰস্তুত কৰাৰ আৰু মানৱ শৰীৰৰ বাবে প্ৰ'টিন উপযোগী কৰি তোলা প্ৰক্ৰিয়া । তদুপৰি এই লেবটোত কৃত্রিমভাৱে তৈয়াৰ কৰা প্ৰ'টিন ব্যৱহাৰ কৰি টি-কোষৰ কাৰ্যক্ষমতা বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ চিকিৎসাৰে কৰ্কট আদি ৰোগ প্ৰতিহত কৰাৰ বৈজ্ঞানিক প্ৰক্ৰিয়া, বয়স বৃদ্ধিৰ লগে লগে হ্ৰাস পোৱা টি-চেলৰ বিকাশ পুনৰুজ্জীৱিত কৰা আৰু দুৰ্লভ ডেনড্ৰিটিক কোষৰ সংখ্যা বৃদ্ধি-কৰ্কট ৰোগৰ প্ৰতিষেধক বিকশিত কৰাৰ ওপৰত গৱেষণা কৰা হ'ব ।
উল্লেখ্য যে ডেনড্ৰিটিক কোষ আৱিষ্কাৰ কৰিছিল ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ৰাল্ফ ষ্টাইনমেনে । এই কোষে আমাৰ শৰীৰৰ বীজাণু বিনাশী টি-কোষক প্ৰশিক্ষণ দিয়ে-ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিক্ষা দিয়ে টি-কোষবোৰক । যদিহে এইক্ষেত্ৰত অসম সন্তানে তেওঁৰ নামত প্ৰতিষ্ঠা কৰা লেবটোত গৱেষণাৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব পাৰে তেতিয়াহ'লে কৰ্কট ৰোগৰ চিকিৎসাৰ যুগান্তকাৰী আৱিস্কাৰ হিচাপে পৰিগণিত হ'ব ।
উল্লেখ্য যে চিনচিন্নাতি চিল্ড্ৰেন্স হাস্পতাল মেডিকেল চেণ্টাৰত এশ নিযুত ডলাৰ ব্যয়েৰে নিৰ্মিত চেল এণ্ড জেন থেৰাপী চেণ্টাৰত প্ৰ’টিন থেৰাপীৰ বিশ্বমানৰ অভিলাষী প্ৰকল্পৰ মাজতেই অসম সন্তানৰ নামত স্থাপন কৰা হৈছে এই লেবটো ।
তিনিচুকীয়াৰ পৰা কেনেকৈ পালে আমেৰিকা ?
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাসপুৰৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰুবুল মাউতে দাৰিদ্ৰতাৰ মাজেৰে শৈশৱ পাৰ কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ ২০০৩ চনত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় । তেওঁ স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়ি থকা অৱস্থাতে চিএছআইআৰ-এমইটি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওতে অৰ্জন কৰে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা ৷
ইয়াৰ পিছত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেন'ৰ প্ৰ'টিন ডিজাইনৰ ইনোভেশ্যন ফেলো' হিচাপে গৱেষণা কৰে । ২০২৪ বৰ্ষত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা ডেভিদ বেকাৰ আছিল ৰুবুল মাউতৰ প'ষ্ট ডক্টৰেল মেন্টৰ আৰু অতি ঘনিষ্ঠ সহযোগী । ২০০৩ চনত ডেভিদ বেকাৰে প্ৰ’টিনত সাধাৰণতে থকা ২০ টা ভিন্ন জীৱনৰ গঠনমূলক প্ৰতিৰোধক ব্যৱহাৰ কৰি আন প্ৰ’টিনৰ পৃথক আৰু সম্পূৰ্ণ নতুন এক প্ৰ’টিন ডিজাইন কৰাত সফল হয় । এই গৱেষণা তথা উদ্ভাৱনৰ ক্ষেত্ৰত ডেভিদৰ অন্যতম সহযোগী আছিল অসমৰ সুসন্তান ডঃ ৰুবুল মাউত ৷
লগতে পঢ়ক:‘অসমীয়া মানুহ মৰি শেষ হৈ গ’লেও বচাবলৈ কোনো নাহে !’ -আক্ষেপেৰে ক’লে ড৹ ৰুবুল মাউতে
কৰ্কটৰোগৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত যুগান্তকাৰী সফলতা অসম সন্তান ৰুবুল মাউতৰ

