ETV Bharat / health

নীৰৱ ঘাতক ! মানসিক চিন্তা আৰু ডায়েবেটিছৰ আছে নে সম্পৰ্ক ?

আপুনি দিনটোৰ বেছিভাগ সময় মানসিক চাপৰ মাজত থাকে নেকি ? সাৱধান ! বৃদ্ধি পাব পাৰে শৰ্কৰা । এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই -

Diabetologist Dr Rupam Das
মানসিক চিন্তা আৰু ডায়েবেটিছৰ কেনে সম্পৰ্ক ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 10, 2026 at 10:49 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: আধুনিক মহামাৰী হিচাপে বিশ্ব স্বাস্থ্য সংস্থাই আখ্যা দিয়া ডায়েবেটিছ ৰোগৰ সৈতে আছে মানসিক চাপৰ সম্পৰ্ক । আজিকালি প্ৰায়ভাগ লোকেই কোনো নহয় কোনো কাৰণত মানসিক চাপৰ চিকাৰ হোৱা দেখা যায় । পিছে বহুতেই জ্ঞাত নহয় মানসিক চাপ কিদৰে ডায়েবেটিছ সৃষ্টিৰ ক্ষেত্ৰত প্ৰত্য়ক্ষ অথবা পৰোক্ষভাৱে সংপৃক্ত হৈ আছে ।

আধুনিক জীৱন যাপনত জীৱনশৈলীজনিত ৰোগে জটিল ৰূপ ধাৰণ কৰিছে । এই ৰোগৰ সমান্তৰালভাৱে প্ৰায়ভাগ লোকৰে মানসিক উদ্বেগো বৃদ্ধি পাইছে । মানসিক চাপ বৃদ্ধিৰ সৈতে জীৱনশৈলীজনিত ৰোগৰ আছে প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ । সাধাৰণতে এই জীৱনশৈলীজনিত ৰোগৰ ক্ষেত্ৰত আমি শাৰীৰিক কাৰকবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰো যদিও মানসিক চাপ আদি বিষয়টোত অৱহেলা কৰা দেখা যায় ।

মানসিক চাপে বৃ্দ্ধি কৰে ডায়েবেটিছ (ETV Bharat Assam)

এই মানসিক চাপে প্ৰায়ভাগ ক্ষেত্ৰতে নীৰৱ ঘাতকৰ ভূমিকা লয় । ডায়েবেটিছ ৰোগৰ সৈতেও আছে মানসিক চাপৰ সম্পৰ্ক । এই দুয়োটাৰে মাজত থকা প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক সন্দৰ্ভত ব্যাখ্যা কৰিলে ডায়েবেট’ল'জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে আৰু ডাঃ ৰূপম দাসে ।

মানসিক চিন্তা আৰু ডায়েবেটিছৰ কেনে সম্পৰ্ক ?

এই সন্দৰ্ভত ডায়েবেট’ল'জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে কয়, "ডায়েবেটিছ আৰু মানসিক চাপৰ মাজত বিশেষ সম্পৰ্ক আছে । মানসিক চাপৰ বাবে ডায়েবেটিছ কেতিয়াবা ৰোগীজনৰ দেহত বৃদ্ধি হোৱাও দেখা যায় । মানসিক চাপৰ ফলত আমাৰ শৰীৰত এবিধ হৰম'নৰ (Stress hormones) সৃষ্টি হয় । মূলতঃ কৰ্টিছল আৰু এড্ৰেনেলিনৰ সৃষ্টি কৰে । এই হৰম'নে ৰোগীৰ শৰীৰত ইনছুলিনৰ প্ৰভাৱ নষ্ট কৰে বা মাত্ৰা হ্ৰাস কৰায় । ফলত তেজত শৰ্কৰাৰ মাত্ৰা আৰু বৃদ্ধি হয় । সেয়ে ৰোগীগৰাকীয়ে যিমান পাৰে মানসিক চাপ হ্ৰাস কৰিব পাৰিলে, ডায়েবেটিছ প্ৰতিৰোধ হোৱাৰ সম্ভানা থাকে ।"

ডাঃ নাছিমুৰ ৰিয়াজে কয় যে কেতিয়াবা কিছুমান ৰোগীয়ে কোনো ৰোগৰ বাবে চিকিৎসকৰ ওচৰলৈ গ'লে শৰ্কৰা পৰীক্ষা কৰিবলৈ কোৱাৰ পিচত যেতিয়া তেজত বেছি শৰ্কৰাৰ উপস্থিতি লাভ কৰে ৷ তেতিয়া দেখা যায় যে এনে ৰোগীৰ নিয়ন্ত্ৰণহীন অৱস্থাৰ সৃষ্টি হৈছে ।

Diabetologist Dr Nasimur
ডাঃ নাছিমুৰ ৰিয়াজ (ETV Bharat Assam)

এনে ৰোগীৰ ক্ষেত্ৰত ঔষধ খাবলৈ দি প্ৰথমতে শৰ্কৰা নিয়ন্ত্ৰণ কৰা হয় বুলি উল্লেখ কৰি ডাঃ ৰিয়াজে কয়, "এনে ৰাগীৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ পিচত যেতিয়া অস্ত্ৰোপচাৰৰ বাবে উপস্থিত হয়, তেতিয়া হঠাতে শৰ্কৰা ৪০০-৫০০ পৰ্যন্ত হোৱা দেখা যায় । অস্ত্ৰোপচাৰৰ আগদিনা ১০-১২ ঘণ্টা উপবাসে থকাৰ পিচতো শৰ্কৰা ইমান বৃদ্ধি হোৱাৰ মূলতে হৈছে মানসিক চাপ । মানসিক চাপৰ ফলত আমাৰ শৰীৰত হৰম'ন বৃদ্ধি পায় । এইবোৰে ইনছুলিন ধ্বংস কৰে । ইনছুলিনৰ মাত্ৰা কমি থাকিলে ডায়েবেটিছ হয়, তাতে আকৌ ভালে থকা ইনছুলিন মানসিক চাপৰ ফলত সৃষ্টি হোৱা হৰম'ন ধ্বংস কৰিলে শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হ'ব ।"

ডাঃ ৰিয়াজে কয় যে ডায়েবেটিছত আমি যিমানেই শৰ্কৰা নিয়ন্ত্ৰনত ৰাখিবলৈ সক্ষম হও সিমানেই এই ৰোগবিধ নিয়ন্ত্ৰণত থাকিব । সেইবাবে সকলোৱে নিয়মীয়াকৈ ব্য়ায়াম কৰিব লাগে বুলি কয় চিকিৎসকগৰাকীয়ে ।

জীৱনশৈলীজনিত ৰোগ বৃদ্ধিৰ কাৰণ

এই প্ৰসংগত ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাসে কয়, "আজিকালি লাইফ ষ্টাইল ডিজিজ অৰ্থাৎ জীৱনশৈলীজনিত ৰোগ বৃদ্ধি পাবলৈ ধৰিছে । আমি সকলোৱে পুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে বিভিন্ন কাম কৰো । কিছুমানে কোনো টেনচন নোহোৱাকৈ এই কাৰ্য সম্পন্ন কৰে যদিও বহুতে প্ৰায়ভাগে কাম কৰোতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হয় । অলপ সময়ৰ ভিতৰতে হাইপৰনেছ হয় তেতিয়া । কিছুমান হৰম'নৰ সক্ৰিয়তা বৃদ্ধি পায় তেতিয়া উচ্চ ৰক্তচাপ হ'বলৈ ধৰে । কিছুমানৰ আকৌ হৃদস্পন্দন বাঢ়ে । এনে পৰিস্থিতি এদিন বা দুদিন হ'লে চিন্তাৰ কাৰণ নাথাকে ৷ কিন্তু যদি সদায় একেধৰণৰ সমস্যাই গা কৰি থাকে, তেতিয়া উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগে খোপনি পুতিবলৈ আৰম্ভ কৰে ।"

Diabetologist Dr Rupam Das
ডায়েবেট’ল'জিষ্ট ডাঃ ৰূপম দাস (ETV Bharat Assam)

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব ?

ডায়েবেট’ল'জিষ্ট ডাঃ ৰূপম দাসে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়াইছে কেইটিমান পৰামৰ্শ -

বৰ্তমান সময়ত প্ৰায়ভাগ লোকৰ মাজত মানসিক চাপৰ সমস্যাটো বহুত বৃদ্ধি পাইছে । যাৰ ফলত ডায়েবেটিছত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পোৱা আমি দেখা পাইছো । সেয়ে সদায় ডায়েবেটিছ ৰোগীয়ে মানসিক চাপৰ পৰা পৰিত্ৰাণৰ বাবে কিছু কাম কৰি দৈনিক ব্যায়াম বা শাৰীৰিক চৰ্চা কৰিব লাগে । দৈনিক শৰীৰ চৰ্চাই ব্যক্তিৰ মানসিক চাপৰ মাত্ৰ হ্ৰাস কৰে ।

জীৱনশৈলী পৰিৱৰ্তন কৰিবই লাগিব :

লগতে খোৱা খাদ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে । এনে কিছু ৰোগী আছে, যিয়ে মানসিক চাপৰ বাবে অত্যধিক খাদ্য গ্ৰহণ কৰে । ফলত আন কিছুমান সমস্যায়ো গা কৰি উঠে । যিসকল ডায়েবেটিছত আক্রান্ত তেওঁলোকৰ জীৱনশৈলী পৰিৱৰ্তন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় । অৱশ্যে এনেকুৱা নহয় যে আমি দিনটোৰ ভিতৰত কৰিবলগীয়া কামবোৰ নকৰাকৈ জীৱনশৈলী নিয়ন্ত্ৰণ কৰিব লাগিব ।

ডাঃ ৰূপম দাসে পুনৰ কয় যে আচলতে সকলো কাম কৰোতে আমি যদি ভাৰসাম্য ৰক্ষা কৰো, তেন্তে এনেধৰণৰ জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ । স্বাভাৱিক জীৱনশৈলীৰ মাজেদি আমি কাম কৰিলে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো । কেৱল যে মানসিক চাপ হ্ৰাস কৰিব লাগিব তেনে নহয়, খাদ্যৰ ওপৰতো আলোকপাত কৰিব লাগিব । আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগিব । সুষম আহাৰ বুলিলে কাৰ্ব'হাইড্ৰেট, চৰ্বী আৰু প্ৰ'টিন আদিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব ।

জটিল কাৰ্বোহাইড্ৰেট খাব লাগে :

ডাঃ ৰূপম দাসে কয়, "শাক-পাচলি আদিৰ পৰা শৰীৰে প্ৰয়োজনীয় ভিটামিন আদি লাভ কৰে । কাৰ্বোহাইড্ৰেট আমি চাউল আদিৰ পৰা লাভ কৰো, কিন্তু ইয়াৰ পৰিমাণ বেছি হ'ব নালাগিব । আমি সৰল কাৰ্বোহাইড্ৰেটৰ পৰিৱৰ্তে জটিল কাৰ্বোহাইড্ৰেট খাব লাগে । কিয়নো সৰল কাৰ্বোহাইড্ৰেট সহজে হজম হোৱা বাবে তেজত শৰ্কৰা বৃদ্ধি পায় । সেইবাবে ডায়েবেটিছত আক্ৰান্তসকলে এই বিষয়ত গুৰুত্ব আৰোপ কৰা উচিত ।"

প্ৰ'টিনৰো সমানেই প্ৰয়োজন :

‘‘আমাক প্ৰ'টিনৰো সমানেই প্ৰয়োজন । ভাৰতীয় লোকৰ মাজত প্ৰ'টিন গ্ৰহণৰ পৰিমাণ খুবেই কম । বিদেশত প্ৰয়ভাগ লোকে খাদ্য তালিকাত এইবিধ উপাদানযুক্ত আহাৰ অন্তৰ্ভুক্ত কৰা দেখা যায় । ইয়াৰ বিপৰীতে কাৰ্বোহাইড্ৰেটৰ পৰিমাণ বেছিকৈ গ্ৰহণ কৰে । এই পৰিমাণ ৬৫ শতাংশ । আমি এই পৰিমাণ ৪০-৪৫ শতাংশৰ ভিতৰত ৰাখিব পাৰিলে খুবেই ভাল । আমি খাদ্য প্ৰস্তুত কৰোতে তেল আদিৰো প্ৰয়োজন । তেল গৰম কৰিলে তাৰ ৰূপ সলনি হয় । ভজা তেলত কেতিয়াও খাদ্য ৰান্ধিব নালাগে । এয়া ট্ৰেন্সফেট হৈ পৰে বাবে পিছত এই তেল ব্যৱহাৰ কৰিলে শৰীৰৰ অপকাৰ হয়’’ - এইদৰে কয় ডাঃ ৰূপম দাসে ।

কেলৰি অৰ্জন - ব্যয়ৰ ভাৰসাম্য় ৰক্ষা কৰিব লাগিব :

আমি দিনটোৰ ভিতৰত যিমান কেলৰি অৰ্জন কৰো, সেয়া সঠিক পৰিমাণে ব্যয় কৰিব লাগিব । যদি এইবোৰ ব্যয় নকৰে, তেতিয়া শৰ্কৰা হিচাপে শৰীৰত জমা হয় । পৰৱৰ্তী সময়ত লিভাৰৰ পৰা এইবোৰ তেজলৈ শৰ্কৰাৰ ৰূপত মিলি যাব ।

নিমখৰ পৰিমাণ কমাব লাগে :

দৈনন্দিন খাদ্য তালিকাত নিমখৰ পৰিমাণ কমাব লাগে । অবেশ্যে একেবাৰে নোহোৱা কৰিব নালাগে । এনে কৰিলে আমি উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ জটিল অৱস্থাৰ পৰা হাত সাৰিবলৈ পাৰো ।

লগতে পঢ়ক:বিশ্ব স্বাস্থ্য দিৱস : গেষ্ট্ৰ’পেৰেছিছৰ ফলত হ’ব পাৰে ডায়েবেটিছ আৰু থাইৰয়ডৰ সমস্যা

কেম’থেৰাপিৰ পাৰ্শ্বক্ৰিয়া নাইকিয়া কৰক, আশাৰ বতৰা আনিছে যুৱ গৱেষিকাই