কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অমোঘ অস্ত্ৰ মানসিক শক্তি আৰু আত্মবিশ্বাস
কৰ্কট ৰোগ মানেই জীৱনৰ সমাপ্তি নহয় । বহুতৰ জীৱনৰ গতিপথ সলনি হ'লেও সোঁতৰ বিপৰীতে খোজ পেলাই প্ৰতিহত কৰিছে মৰণব্য়াধিক...

Published : May 9, 2026 at 2:03 PM IST
নয়ন কুমাৰ শৰ্মা
গুৱাহাটী : অৱহেলা কৰিলেই বিপদ । বিশেষকৈ শৰীৰত যেতিয়া কোনো ৰোগৰ লক্ষণে দেখা দিয়ে,তেতিয়া যদি কোনোবাই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰে বিপদ অৱশ্যম্ভাৱী । ইয়াৰ বিপৰীতে আত্মবিশ্বাসেৰে কৰ্কট ৰোগৰ দৰে মৰণব্যাধিৰ বিৰুদ্ধেও যুঁজ দিয়াৰ লগতে এটা স্বাভাৱিক জীৱন-যাপন কৰাটো সম্ভৱ ।
কৰ্কট ৰোগ বুলি শুনাৰ লগে লগে প্ৰায়ভাগ লোকেই উচপ খাই উঠে । কাৰণ কৰ্কট মানেই বহুতে ভাৱে মৃত্য়ুৰ দুৱাৰডলিত থিয় হোৱা । এনে চিন্তাই মনত থিতাপি লোৱাৰ লগে লগে আৰম্ভ হয় মৃত্য়ু যাত্ৰা । আচলতে কৰ্কট মানেই জানো মৃত্য়ু ? এই মৰণব্যাধিৰ বিৰুদ্ধে যুঁজ সম্ভৱ নহয় নেকি ?
কৰ্কটৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চিকিৎসাৰ ঔষধতকৈ প্ৰৱল আত্মবিশ্বাসেইহে মহৌষধৰ কাম কৰে । এই কথা বহুতো আক্ৰান্ত লোকে প্ৰমাণ কৰিছে । তদুপৰি আজিকালি এই ৰোগৰ চিকিৎসা উন্নত হোৱাত এনে এক পৰ্যায় পাইছে গৈ যে ৰোগবিধৰ সম্প্ৰসাৰণ এটা পৰ্যায়তেই প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছে । আমি এই প্ৰতিবেদনত এগৰাকী ব্য়ক্তিয়ে অৱহেলা কৰাৰ ফলত কৰ্কট ৰোগে কেনেদৰে নিশ্চুপ ঘাতকৰ দৰে আক্ৰমণ কৰিছিল আৰু তেওঁ কেনেদৰে মানসিক শক্তি আৰু আত্মবিশ্বাসেৰে যুঁজ দিবলৈ সক্ষম হৈছে সেই বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰিব খুজিছো ।

অৱহেলা কৰিলে মানুহে কেনে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় আৰু মানসিকভাৱে শক্তিশালী হ'লে ৰোগ গাত থাকিলেও যে আন দহজন সুস্থ লোকৰ দৰে জীয়াই থাকিব পাৰে, সেই কথাকে এগৰাকী ৰোগীয়ে ব্য়ক্ত কৰিলে । নাম তেওঁৰ সীতাৰাম দলে । এইগৰাকী ব্য়ক্তি আছিল পৰিবহণ বিভাগৰ বিষয়া ।
সেয়া ২০১৯ চনৰ কথা । ২০১৯ চনৰ ফেব্ৰুৱাৰী তেওঁ লখিমপুৰলৈ বদলি হৈ কামত যোগদান কৰিছিল । সেই বৰ্ষৰ জানুৱাৰীৰ পৰাই তেওঁৰ কাহ হৈছিল । ঠাণ্ডাৰ দিনত লোকজনৰ প্ৰায়ে কাহ-চৰ্দি হৈয়ে থাকে । সেইবাবে প্ৰথম অৱস্থাত সাধাৰণ কথা বুলিয়েই ভাবিছিল ।
দুৰ্বল অনুভৱ কৰিও দিয়া নাছিল গুৰুত্ব :
বছৰত কেতিয়াবা তিনিবাৰ পৰ্যন্ত এনে হয় বুলি কয় সীতাৰাম দলেই উল্লেখ কৰি কয়,"মই ঋতু পৰিৱৰ্তনত হোৱা কাহ বুলিয়েই ভাবিছিলো । নিজে ফাৰ্মাচীৰ পৰা ঔষধ কিনি আনি খালো । কি কি খাব লাগে জানোৱেই । ভাল নোপোৱা বাবে ঔষধ সলাই থাকিলো । মোৰ খোৱা-বোৱা ঠিকেই আছিল যদিও এবছৰ মান আগৰে পৰাই দুৰ্বল অনুভৱ কৰিছিলো ।"
দলেই দুৰ্বল অনুভৱ কৰিলেও অফিচ নিয়মীয়াকৈয়ে কৰি আছিল । দুৰ্বল অনুভৱ কৰা বাবে লাহে লাহে কথা ক'বলগীয়া হৈছিল । অৱশ্য়ে তেওঁ শাৰীৰিক দুৰ্বলতা হোৱাৰ কথা পৰিয়ালৰ লোকক কোৱা নাছিল । কথা প্ৰসংগত তেওঁ কয় যে ২০১৮ চন মানৰ পৰাই গাটো দুৰ্বল অনুভৱ কৰি আছিল । তথাপি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল । কামৰ ব্য়স্ততাৰ বাবেই তেওঁ নিজৰ শৰীৰৰ দুৰ্বলতা আওকান কৰিছিল বুলি দলেই কথাৰ মাজতেই উল্লেখ কৰিলে ।
দুৰ্বল অনুভৱ কৰিলেও নিদিলে গুৰুত্ব :
শৰীৰটো বেছি বেয়া হোৱা বাবে মাজতে হায়দৰাবাদলৈ গৈ ডাক্তৰক দেখুৱালে । গোটেই শৰীৰটো পৰীক্ষা-নিৰীক্ষা কৰিলে যদিও কৰ্কট ৰোগ ধৰা পৰা নাছিল । তেওঁ কয়,"কিবা কিবি ঔষধ দিলে যদিও আমাক একো কোৱা নাই ।"এনেকৈয়ে দিন বাগৰি থাকিল । মাজে মাজে শৰীৰ দুৰ্বল অনুভৱো কৰিয়ে থকা বুলি উল্লেখ কৰি তেওঁ কয়,"মানুহে কেতিয়াও নিজৰ শৰীৰটোক অৱহেলা কৰিব নালাগে । মই সেই সময়ত কৰা সামান্য় ভুলৰ পৰিনাম সময়ত ভুগিবলগীয়া হ'ল । সময়ত চিকিৎসা গ্ৰহণ নকৰা বাবে শৰীৰত কৰ্কট ৰোগে খিতাপি লোৱাৰ সুযোগ পালে । মই কিয় গুৰুত্ব প্ৰদান কৰা নাছিলো,সেই কথা ভাবিলে মনটো খেলি-মেলি লাগে ।"
চিকিৎসকৰ পৰামৰ্শকো বাৰে বাৰে আওকান :
সীতাৰাম দলেই ২০২০ চনৰ মাৰ্চত পুনৰ দুৰ্বল অনুভৱ কৰাত লখিমপুৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ গ'ল । তেওঁ কয়,"চিকিৎসকক দেখুওৱাত এক্স-ৰে কৰিব দিলে । এক্স-ৰে ৰিপ'ৰ্টত বুকুত বগা দাগ পৰা বুলি কৈ চিকিৎসকে মোক গুৱাহাটীত দেখুৱালৈ পৰামৰ্শ আগবঢ়ায়;কিন্তু মই ডাক্তৰৰ কথাত বিশেষ গুৰুত্ব নিদিলো । মাৰ্চ মাহ যাও যাও হোৱাৰ পিচতো মোৰ কাহ ভাল নোপোৱাত ইএনটি ডাক্তৰক দেখুৱাবলৈ মনতে ভাবিলো । ইএনটি ডাক্তৰেও ঔষধ দিয়াৰ লগতে মোক এবাৰ আন ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব কৈছিল । সেইবাৰো মই বিশেষ গুৰুত্ব প্ৰদান নকৰিলো ।"

তৃতীয় পৰ্যায়তে স্তব্ধ হৈছে ৰোগবিধ :
সীতাৰাম দলেই নিজৰ কথা এইদৰে বৰ্ণনা কৰি এটা হুমুনিয়াহ কাঢ়ি ক'লে, "এনেকৈ দিন গৈ থাকিল । জুন মাহ পালে । সেই সময়ত মোৰ জ্বৰ উঠিল । কাম-কাজ কৰোতে সমস্য়া হৈছিল । এইবাৰ মেডিচিন ডাক্তৰক দেখুৱালো । ডাক্তৰে মোক ঔষধ দিয়াৰ লগতে কিবা এটা সন্দেহ হোৱা বুলি কৈ বায়োপচি কৰিবলৈ পৰামৰ্শ দিয়ে । বায়োপচি কৰাত হাঁওফাঁওত কৰ্কট হোৱা বুলি নিশ্চিত হয় । তেতিয়া তৃতীয় পৰ্যায়ত পাইছিল । চিকিৎসা কৰাৰ পিচত আজিলৈকে তৃতীয় পৰ্যায় অতিক্ৰম কৰা নাই । সেই পৰ্যায়তেই কৰ্কটৰ গতি স্তব্ধ হৈ পৰিছে । আজিকালি উন্নত চিকিৎসা পদ্ধতি উপলব্ধ হৈছে । চিকিৎসাৰ লগতে মানসিকভাৱে শক্তিশালী হ'লে কৰ্কট ৰোগে বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ।"
কৰ্কট হোৱা বুলি জানিও হোৱা নাই শংকিত !
চিকিৎসকে যেতিয়া তেওঁক এই ৰোগবিধ হোৱা বুলি কৈছিল তেতিয়া অলপো ভয় বা শংকিত হোৱা নাছিল বুলি উল্লেখ কৰি কয়,"মই কিন্তু অলপো ভয় কৰা বা শংকিত হোৱা নাছিলো । চিকিৎসা কৰিলে ভাল হ'ব বুলি আত্মবিশ্বাস আছিল । সকলোৰে কিবা নহয় কিবা বেমাৰ হয়েই । চিকিৎসা কৰিলে ভালো হয় । যিদিনা ডাক্তৰে কৰ্কট হোৱা বুলি কৈছিল সিদিনা ঘৰৰ মানুহে খুব কান্দিছিল । ইয়াৰ পিচতো মই অসমৰ বাহিৰলৈ যাবলৈ ইচ্ছা নকৰিলো । আজিকালি অসমতে ভাল চিকিৎসা হয় । মোৰ এই ৰোগ হোৱাৰ সময়ত ক'ভিড আৰম্ভ হয় । বাহিৰলৈ যাব খুজিলেও কোনেও যাব নোৱৰা অৱস্থা । ইয়াতেই পাঁচটা কেমো ল'লো । তাৰ পিচত ৰেডিয়েশ্চন লোৱাৰ কথা ক'লে । ৩০টা ৰেডিয়েশ্চন ল'লো । "
তথাপি আশা বুকুত বান্ধিয়ে কৰিছে গতি.....
তেওঁ কয়,"সচৰাচৰ মানুহে কয় যে সকলো মানুহৰে এটা নহয় এটা অসুখ থাকেই । যদি তেনেকুৱাই হয়,তেন্তে সম্পূর্ণ নিৰোগী মানুহ নাই বুলিবই পাৰি । ময়ো তাৰ ব্যতিক্ৰম নহও । অৱশ্যে গাত বহুতো ব্যাধি লৈ জীয়াই থকাসকলৰ ভিতৰত ময়ো এজন । তথাপি জীয়াই আছো । ভগৱানে জীয়াই ৰখালৈকে জীয়াই থাকিব লাগিব । বিধিয়ে দিয়া বিধান আমি মানিবই লাগিব । মাত্র বিষ-বেদনা আৰু নতুন অসুখ-বিসুখ আৰু বিপদ-বিঘিনি নিদিবলৈ কৰুণাময় ভগৱানৰ ওচৰত সকাতবে প্রার্থনা জনাইছো । এনেয়েও আমাৰ জীৱন তেনেই খন্তেকীয়া। কচুপাতৰ পানীৰ দৰে, এই আছে এই নাই। কচুৰ পাত অলপ একাতি হ'লেই পানী তললৈ সৰি পৰি যায়, ঠিক তেনেকৈ যিকোনো মুহূৰ্ততে মানুহৰ জীৱনৰো পৰালি পৰিব পাৰে । বিনাশী দেহাৰ পৰা প্ৰাণবায়ু ওলাই গুচি যাব পাৰে। তাৰ পাছত আৰু থাকে কি? "
আনন্দ-স্ফূর্তিৰে থাকিব জীয়াই :
"মুঠতে মোৰ যি হ'বলগীয়া আছিল সেয়াই হৈছে আৰু আগলৈ যি হ'বলগীয়া আছে সেয়াই হ'ব । তালৈ চিন্তা কৰি নাথাকো । বেমাৰ আৰু মৰণৰ কথা ভাবি মনক দুখ নিদিওঁ যেতিয়ালৈকে জীয়াই থাকো আনন্দ-স্ফূর্তিৰে জীয়াই থাকিম । তনুৱে অনুমতি দিলে ঘৰৰ কাম-কাজ কৰাৰ উপৰি সমাজৰ কামতো যোগ দিম। দুশ্চিন্তা দূৰ কৰি জীয়াই থকা কেইদিন ৰংৰহইচেৰে স্বাভাৱিক জীৱন যাপন কৰাই আমাৰ কৰণীয়, আমাৰ ধৰ্ম আৰু সেয়াই হৈছে প্রকৃতিৰো নিয়ম ।" তেওঁ এইদৰে কয় ।
কেনে খাদ্য় গ্ৰহণ কৰে ?
তেওঁৰ ৰোগ হোৱাৰ পিছতো দৈনন্দিন খাদ্য় তালিকা আগৰ দৰেই আছে বুলি উল্লেখ কৰি কয়,"প্ৰথমতে ডায়েটিচিয়ানে এখন খাদ্য় তালিকা দিলে । কেইদিনমান তালিকা মতে খালো যদিও পিচত নিজৰ মতেই খাবলৈ ধৰিলো । খোৱা-বোৱাত কোনো সমস্য়া নাই । মাছ-মাংসৰ পৰা আদি কৰি সকলো খাদ্য়ই খাই আছো ।"
নিয়মীয়াকৈ কৰে ব্য়ায়াম :
দিনটোৰ আৰম্ভণি কেনেদৰে কৰে বুলি প্ৰশ্ন কৰোতে তেওঁ কয়,"প্ৰাতঃভ্ৰমণ নিয়মীয়াকৈ কৰো । অৱেশ্য়ে সপ্তাহত পাঁচদিন ব্য়ায়াম কৰো । দিনটো কিতাপ,বাতৰি কাকত আদি পঢ়ো,টিভি চাও । মন গ'লে লিখো ।"
সাহিত্য় চৰ্চাত আছে মন: কৰ্কট সম্পৰ্কীয় গ্ৰন্থ
সীতাৰাম দলেই অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে । তেওঁ ২০১২ চন মানৰ পৰা লিখা আৰম্ভ কৰা বুলি কয় । ধেমাজি মহাবিদ্য়ালয়ত পঢ়ি থাকোতে লিখা-মেলা কৰিছিল । দলেই কেইবছৰমান চিলাপথাৰ মহাবিদ্য়ালয়ত অধ্য়াপনাও কৰিছিল । তেওঁৰ বেমাৰ হৈ থকা সময়তে অসম সাহিত্য় সভাই আন এখন গ্ৰন্থ ৰচনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰে । কৰ্কট ৰোগ সন্দৰ্ভত তেওঁ ৰচনা কৰা গ্ৰন্থখন হৈছে 'কৰ্কট ক্ৰান্তি'।
সীতাৰাম দলেই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰো কেইবাবছৰ হ'ল । এতিয়া সময় পালেই ধেমাজিৰ নিজৰ গাঁওখনলৈ যায় অলপ মুকলি বতাহ বিচাৰি... । এটা মুক্ত মন আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে কৰা যুঁজৰ মাজতেই আৰু কিছু আশা...... ।
লগতে পঢ়ক:এচিডিটি-বদহজম বুলি অৱহেলা নকৰিব, ডিম্বাশয়ৰ কৰ্কটো হ'ব পাৰে !
শৰীৰৰ এই ছটা অংগত কেন্সাৰে পোন প্ৰথমে বাহ লয়; বিশ্ব স্বাস্থ্য় সংস্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন
কেৱল ছোৱালীকে নহয় ল'ৰাবোৰকো দিব লাগে এইচ পি ভি ভেকচিন, কিন্তু কিয় ?

