ETV Bharat / health

বাংলাদেশত মিজিলছ আৰু ৰুবেলাৰ প্ৰাদুৰ্ভাৱ: মেঘালয়ত সতৰ্কতা জাৰি

মেঘালয় চৰকাৰে বিশেষকৈ সীমান্তৱৰ্তী জিলা পশ্চিম জয়ন্তীয়া পাহাৰত স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰিছে । মিজিলছৰ গুৰুতৰ স্বাস্থ্যজনিত জটিলতা কি জানি লওক ।

Measles And Rubella Outbreak
পুষ্টিহীন শিশুৰ বাবে মিজিলছ ৰোগৰ আশংকা অধিক (Getty Images)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 2:47 PM IST

6 Min Read
Choose ETV Bharat

বৰ্তমান বাংলাদেশত মিজিলছ আৰু ৰুবেলাৰ প্ৰাদুৰ্ভাৱ সংক্ৰমিত হৈ পৰিছে । তাৰেই পৰিপ্ৰেক্ষিতত বাংলাদেশৰ চুবুৰীয়া ভাৰতীয় ৰাজ্যসমূহত উদ্বেগ বৃদ্ধি কৰিছে । মাৰ্চ মাহৰ পৰা দেশখনত মিজিলছ সম্পৰ্কীয় জটিলতাৰ বাবে শতাধিক লোকৰ মৃত্যু হৈছে । এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই মেঘালয় চৰকাৰে বিশেষকৈ সীমান্তৱৰ্তী জিলা পশ্চিম জয়ন্তীয়া পাহাৰত স্বাস্থ্য সজাগতা বৃদ্ধি কৰিছে । বাংলাদেশত ১১৮ জনতকৈ অধিক লোকৰ মৃত্যু আৰু হাজাৰ হাজাৰ লোক এই সন্দেহযুক্ত ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পাছতে কৰ্তৃপক্ষই সীমান্তৱৰ্তী অঞ্চলত নিৰীক্ষণ শক্তিশালী কৰি বাসিন্দাসকলক জ্বৰ আৰু ছালৰ ফোঁহাৰ দৰে লক্ষণসমূহ শীঘ্ৰে অৱগত কৰিবলৈ আহ্বান জনাইছে ।

চলিত বৰ্ষৰ ১৯ ​​এপ্ৰিল পৰ্যন্ত বাংলাদেশত ৩,৪৪৩ তকৈ অধিক লোক মিজিলছ আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৩,৬০০ সন্দেহযুক্ত ৰোগীৰ সংক্ৰমণ ঘটিছে । এই প্ৰাদুৰ্ভাৱৰ প্ৰতিক্ৰিয়া স্বৰূপে টীকাকৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে । ইতিমধ্যে বাংলাদেশৰ ১৯ লাখৰো অধিক শিশুক মিজিলছ-ৰুবেলাৰ ভেকচিন প্ৰদান কৰা হৈছে ।

মেঘালয়ৰ স্বাস্থ্য বিভাগে সীমান্তৰ সমীপৱৰ্তী গাঁৱতো টীকাকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । পশ্চিম জয়ন্তীয়া পাহাৰৰ জিলা প্ৰশাসনে এপ্ৰিল মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত বিশেষ নিৰীক্ষণ আৰু প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰিছে । এই বৈঠকসমূহৰ মূল লক্ষ্য আছিল বাংলাদেশত মিজিলছ আৰু ৰুবেলা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত সীমা অতিক্ৰম কৰি সংক্ৰমণৰ আশংকা ৰোধ কৰা আৰু প্ৰস্তুতি শক্তিশালী কৰা । শিশুসকলে যাতে তেওঁলোকৰ এম আৰ (মিজলছ-ৰুবেলা) ভেকচিনৰ মাত্ৰা সময়মতে লাভ কৰে তাৰবাবে স্বাস্থ্য বিষয়াসকলে অভিভাৱকসকলক আহ্বান জনাইছে । আনহাতে, সীমান্ত অঞ্চলত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে । অৱশ্যে এই পৰ্যন্ত মেঘালয়ত কোনো গুৰুতৰ ৰোগী ধৰা পৰা নাই যদিও সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

মিজিলছ ৰোগ কি ?

মিজিলছ হৈছে পেৰামাইক্সোভাইৰাছ পৰিয়ালৰ ভাইৰাছৰ দ্বাৰা হোৱা এক অতি সংক্ৰামক ভাইৰাছৰ সংক্ৰমণ । কাহ, হাঁচি, ঘনিষ্ঠ সংস্পৰ্শ বা আক্ৰান্ত ব্যক্তিৰ সৈতে খাদ্য-পানীয় ভাগ কৰিলে এই ভাইৰাছ সহজে বিয়পে । ই প্ৰধানকৈ ডিঙি আৰু নাক সংক্ৰমিত কৰে আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰ, হাওঁফাওঁ, ছাল আৰু শৰীৰৰ অন্যান্য অংশলৈ বিয়পিব পাৰে ।

গৰ্ভৱতী মহিলাৰ বাবে মিজিলছ বিশেষভাৱে বিপজ্জনক হ’ব পাৰে । কিয়নো ই গৰ্ভস্থ শিশুৰো ক্ষতি কৰিব পাৰে । পুষ্টিহীনতাত ভোগা শিশু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বাবেও এই ৰোগৰ আশংকা অধিক । বিশেষকৈ মিজিলছৰ ভেকচিন নোলোৱা শিশু আৰু গৰ্ভৱতী মহিলা সংক্ৰমণৰ বাবে বিশেষভাৱে দুৰ্বল । ১৯৬৩ চনত মিজিলছৰ ভেকচিন বহুলভাৱে উপলব্ধ হোৱাৰ পূৰ্বে সমগ্ৰ বিশ্বতে দুবছৰৰ পৰা তিনিবছৰৰ মূৰে মূৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সেই সময়ত প্ৰতিবছৰে প্ৰায় ২৬ লাখ লোকৰ মিজিলছ সম্পৰ্কীয় জটিলতাৰ ফলত মৃত্যু হৈছিল ।

মিজিলছৰ লক্ষণ

সাধাৰণতে ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ ৭-১৪ দিনৰ পিছত ইয়াৰ লক্ষণ দেখা দিয়ে । সময়মতে চিকিৎসা বা নিৰীক্ষণ নকৰিলে এই অৱস্থা গুৰুতৰ হ’ব পাৰে । 'চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ'ল এণ্ড প্ৰিভেনচন'ৰ (Centers for Disease Control and Prevention) মতে,

মিজিলছৰ সাধাৰণ লক্ষণসমূহ হ’ল :

  • প্ৰাথমিক লক্ষণ (সংক্ৰমণৰ ৭-১৪ দিনৰ পিছত)
  • তীব্ৰ জ্বৰ, কেতিয়াবা ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ (৪০ ডিগ্ৰী চেলছিয়াছ) ওপৰত
  • নিয়মিত কাহ
  • নাকৰ পানী বৈ থকা (কোৰিজা বুলিও কোৱা হয়)
  • ৰঙা আৰু পানী ওলাই থকা চকু (কনজাংটিভাইটিছ)
  • কপলিক স্পট (Koplik spots)

লক্ষণ দেখা দিয়াৰ প্ৰায় ২-৩ দিনৰ পিছত মুখৰ ভিতৰত কপলিক স্পট নামৰ সৰু সৰু বগা দাগবোৰ ওলাব পাৰে । প্ৰথম লক্ষণ দেখা দিয়াৰ প্ৰায় ৩-৫ দিনৰ পিছত চেপেটা ৰঙা ফোঁহা ওলায় । সাধাৰণতে মুখমণ্ডল আৰু ডিঙিৰ ওপৰৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে শৰীৰৰ বাকী অংশলৈ ই বিয়পি পৰে । ফোঁহাটো অলপ ওপৰলৈ উঠিব পাৰে আৰু ই বিয়পি পৰাৰ লগে লগে একেলগে মিলি যাব পাৰে । এই পৰ্যায়ত ৰোগীয়ে তীব্ৰ জ্বৰ অনুভৱ কৰি থাকিব পাৰে, কেতিয়াবা ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ ওপৰলৈ যায় ।

মিজিলছৰ সম্ভাব্য জটিলতা

মিজিলছ ৰোগত কেইবাটাও গুৰুতৰ স্বাস্থ্যজনিত জটিলতা হ’ব পাৰে । ইয়াৰ ভিতৰত আছে:

  • কাণৰ সংক্ৰমণ
  • ডায়েৰিয়া আৰু ডিহাইড্ৰেচন
  • নিউমোনিয়া আৰু ব্ৰংকাইটিছ
  • এনকেফেলাইটিছ
  • গৰ্ভাৱস্থাত হোৱা জটিলতা
  • চকুৰ সংক্ৰমণ যেনে কনজাংটিভাইটিছ
  • দৃষ্টিশক্তি হেৰুওৱা বা অন্ধতা
  • এই বিপদৰ বাবে আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু টীকাকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ ।
  • মিজিলছৰ টীকাকৰণ

ভাৰতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলৰ তথ্য অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থাই সকলো শিশুৰ বাবে দুই পালি মিজিলছ ভেকচিনৰ পৰামৰ্শ দিয়ে ।

সাধাৰণতে ভেকচিনটো এনেদৰে দিয়া হয় :

  • এম আৰ ভেকচিন (মিজলছ-ৰুবেলা)
  • এম এম আৰ ভেকচিন (মিজিলছ, মাম্পছ, ৰুবেলা)

প্ৰথম পালি শিশুৰ বয়স ৯-১২ মাহ হ’লে দিয়া হয় আৰু দ্বিতীয় পালি ১৬-২৪ মাহ বয়সৰ ভিতৰত দিয়া হয় । যদি কোনো শিশুৱে নিৰ্ধাৰিত বয়সত ভেকচিন বাদ দিয়ে, তথাপিও সুৰক্ষা নিশ্চিত কৰিবলৈ পিছত হ'লেও দিব লাগে ।

আজিও মিজিলছক বিশ্বৰ অন্যতম সংক্ৰামক ৰোগ হিচাপে গণ্য কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, নিৰাপদ আৰু সুলভ মূল্যৰ ভেকচিন উপলব্ধ হোৱাৰ পিছতো ২০১৮ চনত মিজিলছ ৰোগত আক্ৰান্ত হৈ ১ লাখ ৪০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল । ইয়াৰে অধিকাংশই পাঁচ বছৰৰ তলৰ শিশু । কিন্তু টীকাকৰণ কাৰ্যসূচীয়ে বছৰ বছৰ ধৰি মৃত্যুৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস কৰিছে । ২০২৫ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, ২০০০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বিশ্বজুৰি মিজিলছ ৰোগত মৃত্যুৰ হাৰ ৮৮% হ্ৰাস পাই প্ৰায় ৫.৯ কোটি লোকৰ জীৱন ৰক্ষা কৰা হৈছে । দুৰ্ভাগ্যজনকভাৱে কিছুমান অঞ্চলত টীকাকৰণৰ প্ৰক্ৰিয়া হ্ৰাস পোৱাৰ ফলত ২০২৪ চনত মিজিলছৰ ৰোগী পুনৰ বৃদ্ধি পাইছে ।

মেঘালয়ৰ দৰে সীমান্তৱৰ্তী অঞ্চলৰ স্বাস্থ্য কৰ্তৃপক্ষই সংক্ৰমণ ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । জনসচেতনতা সৃষ্টি, আগতীয়াকৈ লক্ষণৰ বিষয়ে অৱগত কৰা আৰু সময়মতে টীকাকৰণ কৰাটোৱেই হৈছে প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ আৰু শিশুসকলক এই বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰাৰ আটাইতকৈ ফলপ্ৰসূ আহিলা ।

লগতে পঢ়ক :কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ?
লগতে পঢ়ক :শৰীৰৰ এই ছটা অংগত কেন্সাৰে পোন প্ৰথমে বাহ লয়; বিশ্ব স্বাস্থ্য় সংস্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন