ETV Bharat / health

মহাভাৰতৰ কৰ্ণ পংকজ ধীৰ আৰু নাই! এইবিধ মাৰাত্মক ৰোগে প্ৰাণ কাঢ়িলে প্ৰবীণ অভিনেতাগৰাকীৰ

মহাভাৰত"ত কৰ্ণক স্মৰণীয় কৰি তোলা প্ৰবীণ অভিনেতা পংকজ ধীৰ আৰু আমাৰ মাজত নাই ৷ জানিব পৰা মতে, কৰ্কট ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে-

Mahabharat's Karna Actor Pankaj Dheer Passed Away After Cancer Battle: How Deadly Is This Disease ?
মহাভাৰতৰ কৰ্ণ পংকজ ধীৰ আৰু নাই! এইবিধ মাৰাত্মক ৰোগে প্ৰাণ কাঢ়িলে প্ৰবীণ অভিনেতাগৰাকীৰ (INSTAGRAM)
author img

By ETV Bharat Health Team

Published : October 15, 2025 at 3:16 PM IST

6 Min Read
Choose ETV Bharat

কৰ্ণ, মহাভাৰতৰ এক মুখ্য চৰিত্ৰ । কৰ্ণ বুলি ক’লেই আমাৰ মনলৈ কাৰ ছবি ভাঁহি আহে বাৰু ? নিশ্চয়কৈ বি আৰ চোপ্ৰাৰ নিৰ্দেশনাত নিৰ্মিত ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ মুখখন । সেই ধাৰাবাহিকৰ চৰিত্ৰবোৰ আজিও সকলোৰে মনত সজীৱ হৈ আছে । কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ নাম হৈছে পংকজ ধীৰ । বিভিন্ন ছবিত অভিনয় কৰিলেও তেওঁ পৰিচিত হয় কৰ্ণ হিচাপেহে । কিন্তু অতি দুখজনক খবৰ যে মহাভাৰতত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা সেই অভিনেতা পংকজ ধীৰ আৰু আমাৰ মাজত নাই ৷ ৬৮ বছৰ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পংকজ ধীৰে যাক আমি বিভিন্ন চিনেমা তথা ধাৰাবাহিকত দেখি আহিছো ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ৷ যদিও তেওঁ সুস্থ হৈ উঠিছিল, তথাপিও যোৱা দুই-তিনি মাহত তেওঁৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল ৷ কিন্তু কোনবিধ কৰ্কট ৰোগত আক্ৰান্ত হৈ পংকজ ধীৰৰ মৃত্যু হৈছিল, তথা কিমান বিপজ্জনক এই কৰ্কট ৰোগ ? ইয়াৰ লক্ষণসমূহ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? জানো আহক-

কোনবিধ কৰ্কট ৰোগত ভুগিছিল অভিনেতাগৰাকী ?

অভিনেতা ধীৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজখন অতিক্ৰম কৰিছিল যদিও বিগত কেইমাহমানৰ ভিতৰত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল ৷ জানিব পৰা মতে, ৰিলেপছনৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল যদিও তেতিয়াও তেওঁক ৰক্ষা কৰিব পৰা নাছিল ৷ যদিও তেওঁৰ মৃত্যু কৰ্কট ৰোগৰ ফলত হৈছে বুলি জানিব পৰা গৈছে কিন্তু সঠিক প্ৰকাৰৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷

জনাই দিও যে, বিগত কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ অভাৱৰ বাবে বহু সংখ্যক লোক এই ৰোগৰ কৱলত পৰিছে ৷

কিমান বিপজ্জনক ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে ?

আজি কৰ্কট ৰোগ বিশ্বৰ অন্যতম বিপদজনক ৰোগলৈ পৰিণত হৈছে ৷ শৰীৰৰ কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত এই ৰোগ হয়, যাৰ ফলত ক্ৰমান্বয়ে অংগৰ কাম-কাজত ব্যাঘাত জন্মে ৷ তাৎপৰ্যপূৰ্ণভাৱে কৰ্কট ৰোগ য’ত আৰম্ভ হয় তাতেই বন্ধ নহয়; ই তেজ আৰু লিম্ফৰ জৰিয়তে শৰীৰৰ আন অংশলৈ বিয়পিব পাৰে ৷ ইয়াৰ ফলত চিকিৎসা কৰাত অসুবিধা হয় আৰু মৃত্যুৰ আশংকা বৃদ্ধি পায় ৷ কৰ্কট ৰোগ এনেকুৱা এটি ৰোগ, যাৰ নামটোৱেই মানুহক শংকিত কৰি তোলে ৷ সাধাৰণতে মানুহে বিশ্বাস কৰে যে, এবাৰ কেন্সাৰ হ’লে আৰোগ্য হোৱাটো প্ৰায় অসম্ভৱ ৷ সেইবাবেই মানুহে কেন্সাৰক মৃত্যুৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰে ৷ পৰিসংখ্যাইও দেখুৱাইছে যে প্ৰতি বছৰে কেন্সাৰ ৰোগত বহু লোকৰ মৃত্যু হয় আৰু এই সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে ৷ অৱশ্যে আপুনি নিশ্চয় এইটোও শুনিছে যে যদি প্ৰাৰম্ভিক পৰ্যায়ত কেন্সাৰ ধৰা পৰে তেন্তে আৰোগ্যৰ সম্ভাৱনা বহু বেছি ৷ কিন্তু সাধাৰণতে কেন্সাৰ ধৰা পৰে শেষ পৰ্যায়তহে, যেতিয়া পৰিস্থিতি বহু পৰিমাণে বেয়ালৈ ঢাপলি মেলে ৷

WHOৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত বিশ্বজুৰি প্ৰায় এক কোটি লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ এই পৰিসংখ্যাই প্ৰমাণ কৰে যে বিশ্বজুৰি কৰ্কট ৰোগ মৃত্যুৰ এক প্ৰধান কাৰণ হৈ পৰিছে ৷ আমেৰিকাৰ নেচনেল কৰ্কট ৰোগ ইনষ্টিটিউটেও নিশ্চিত কৰিছে যে বেছিভাগ মৃত্যুৰ কাৰণ কেৱল প্ৰাৰম্ভিক টিউমাৰৰ পৰিৱৰ্তে কৰ্কট ৰোগ বা মেটাষ্টেছিছৰ বিস্তাৰ ৷ কৰ্কট ৰোগৰ এই অৱস্থাই ইয়াক আন ৰোগতকৈ অধিক বিপজ্জনক কৰি তোলে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০২২ চনতো প্ৰায় ২ কোটি নতুন কেন্সাৰ ৰোগী চিনাক্ত হয় আৰু ৯.৭ মিলিয়ন মানুহৰ মৃত্যু হয় ৷ গড়ে প্ৰতি ৫ জনৰ এজন লোক জীৱন কালত কেন্সাৰত আক্ৰান্ত হয়, প্ৰায় প্ৰতি ৯জন পুৰুষৰ ভিতৰত এজন আৰু প্ৰতি ১২গৰাকী মহিলাৰ ভিতৰত এগৰাকী এই ৰোগত মৃত্যু হয় ৷

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

যদি আমি কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে কি কৰিব পাৰি সেই বিষয়ে ক’বলৈ যাও তেন্তে প্ৰাৰম্ভিক পৰ্যায়ত ই যদি ধৰা নপৰে তেন্তে এই ৰোগ শৰীৰৰ আন অংশলৈ দ্ৰুতগতিত বিয়পিব পাৰে ৷ ইয়াক হ্ৰাস কৰিবলৈ আপুনি জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব পাৰে, যেনে ধঁপাত আৰু মদ্যপান পৰিহাৰ কৰা, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা, দৈনিক ব্যায়াম কৰা ৷ ইয়াৰ উপৰিও কিছুমান মানুহে ইয়াক প্ৰতিৰোধ কৰিবলৈ অস্ত্ৰোপচাৰ, কেমোথেৰাপি, ৰেডিয়’থেৰাপি, ইমিউন’থেৰাপিৰ আশ্ৰয় ল’ব পাৰে ৷ কিন্তু এই চিকিৎসাৰ ফলপ্ৰসূতা ৰোগী সুস্থ হোৱাৰ পিছতহে নিৰ্ণয় কৰা হয় ৷

বিশেষজ্ঞৰ মতে, ধূমপান, অতিৰিক্ত প্ৰক্ৰিয়াজাত খাদ্য, অতিৰিক্ত চেনি গ্ৰহণ, দীৰ্ঘস্থায়ী মানসিক চাপ, কীটনাশক আৰু প্লাষ্টিকৰ দৰে পৰিৱেশগত টক্সিন আৰু অজ্ঞাত সংক্ৰমণ, এইবোৰেই কেন্সাৰৰ প্ৰধান কাৰণ ৷

এই সন্দৰ্ভত কাৰ্ডিঅ’লজিষ্ট ডাঃ আলোক চোপ্ৰাই কয় যে এই সম্ভাৱনাবোৰ বহু পৰিমাণে স্বাস্থ্য়কৰ জীৱন-যাপনৰ জৰিয়তে এনে মাৰাত্নক ৰোগৰ পৰা বাচি থকাটো সম্ভৱ ৷ এই ৭টা অভ্যাস হ’ল-

  • এণ্টি-ইনফ্লেমেটৰী, সম্পূৰ্ণ খাদ্যভিত্তিক ডায়েট গ্ৰহণ কৰক - বেৰি, শাক-পাচলি, এভোকাডো, বাদাম, বীজ, সম্পূৰ্ণ শস্য ইত্যাদি খাদ্য ৰাখক তালিকাত ৷
  • শৰীৰচৰ্চা গুৰুত্বপূৰ্ণ- প্ৰতিদিনে ২০-৩০ মিনিট শৰীৰচৰ্চা কৰিলে কলেষ্টেৰল আৰু ইনচুলিন নিয়ন্ত্ৰণত থাকে ৷
  • ষ্ট্ৰেছ মেনেজ কৰক - নিয়ন্ত্ৰণহীন মানসিক চাপে হৰমনৰ ভাৰসাম্য নষ্ট কৰে, প্ৰদাহ বৃদ্ধি কৰে আৰু হৃদয় আৰু মস্তিষ্কৰ ক্ষতি কৰে ৷
  • সূৰ্যৰ পোহৰ গ্ৰহণ কৰক - ভিটামিন ডিৰ উৎস হিচাপে ই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মেজাজ উন্নত কৰে ৷
  • ভাল টোপনি গ্ৰহণ কৰক - শৰীৰৰ মেৰামতি, হৰমনৰ ভাৰসাম্য, হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ৷
  • পৰিষ্কাৰ বায়ু গ্ৰহণ কৰক - প্ৰদূষণ এৰাই চলিবলৈ বেয়া এয়াৰ কোৱালিটীৰ সময়ত মাস্ক ব্যৱহাৰ কৰক আৰু গৰৰ বায়ু পৰিষ্কাৰ কৰি ৰাখক ৷ প্ৰটেক্টিভ হাৰ্বছ গ্ৰহণ কৰক - খাদ্যাভাসত এনে কিছুমান ভেষজ যোগ কৰক, যিয়ে শৰীৰৰ সুৰক্ষাত সহায়ক হয় ৷

লগতে পঢ়ক

  1. বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি আটাইতকৈ অস্বাস্থ্যকৰ এইসমূহ খাদ্য ! আজিয়েই ত্যাগ কৰক
  2. আজিয়েই জানি লওক মাৰাত্মক তেজৰ কৰ্কট ৰোগৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়…
  3. ডিঙিত কিবা এটা লাগি থকা যেন অনুভৱ হোৱাটো কৰ্কট ৰোগৰ লক্ষণ নেকি ?