ETV Bharat / health

কুজি থেকেৰাৰ এইসমূহ গুণাগুণৰ বিষয়ে পূৰ্বে জানিছিল নে ?

কুজি থেকেৰা জেঠ-আহাৰ মাহত পুৰঠ হয় ৷ ব্যঞ্জন সোৱদ বৃদ্ধি কৰা এইবিধ ফলৰ আছে অনেক উপকাৰিতা সেয়ে আজি এই কুজি থেকেৰাৰ গুণাগুণৰ বিষয়েই জানো আহক-

Kuji Thekera: A Great Natural Medicine for Optimal Health and Wellness
কুজি থেকেৰাৰ এইসমূহ গুণাগুণৰ বিষয়ে পূৰ্বে জানিছিল নে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : December 25, 2025 at 5:20 PM IST

3 Min Read
Choose ETV Bharat

ঘৰত ককা-আইতা থকাসকলে হয়তো তেওঁলোকৰ মুখত কুজি থেকেৰাৰ নাম শুনিছে ৷ আজিকালি এলাগি হোৱা থেকেৰা আচলতে ঔষধি গুণৰ ভাণ্ডাৰ ৷ যিমানেই পুৰণা হয়, থেকেৰাৰ ঔষধি গুণ সিমানেই বৃদ্ধি হয় ৷ বৰ থেকেৰা, কুজু থেকেৰা, ৰূপহী থেকেৰা আদি কেইবাপ্ৰকাৰো থেকেৰা অসমত পোৱা যায় ৷ ইয়াৰ ভিতৰত কুজি থেকেৰাৰ ঔষধি গুণ আটাইতকৈ বেছি ৷

কুজি থেকেৰা জেঠ-আহাৰ মাহত পুৰঠ হয় ৷ এই পকা ফলবোৰ পাৰি আনি তাৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈ ওপৰৰ বাকলিবোৰ ভালকৈ ধুব লাগে ৷ অলপ সময় পানীত তিয়াই থৈ তাৰ পাছত সৰু সৰুকৈ কাটি বাঁহৰ চালনী বা খৰাহীত মেলি চোকা ৰ'দত কিছুদিন শুকুৱাব লাগে ৷ শুকালে থেকেৰাখিনি এটা গ্লাছৰ বটলত ভৰাই থৈ বহু বছৰলৈ ব্যৱহাৰ কৰিব পাৰি ৷

আজি কুজি থেকেৰাৰ গুণাগুণৰ বিষয়ে জানো আহক-

  • পেটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী

পেট কামোৰণি, ক্ৰনিক ডিচেন্টেৰী, কোষ্ঠকাঠিন্য আদি বিভিন্ন পেটৰ সমস্যাত কুজি থেকেৰা বৰ উপকাৰী ৷ ইয়াৰ বাবে দুই ফুটা থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থ’ব লাগে ৷ পুৱা ছেকনিৰে ছেকি সেই পানীখিনি খাব লাগে ৷ কিছুদিন এনেকৈ খালে পেটৰ ৰোগ দূৰ হয় ৷

  • দূৰ কৰে প্ৰস্ৰাৱজনিত সমস্যা

প্ৰস্ৰাৱ জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ হোৱা বা প্ৰস্ৰাৱৰ সংক্ৰমণজনিত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধ ৷ দুই-তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত ৰাতি তিয়াই পিছদিনা খালী পেটত সেয়া সেৱন কৰিলে প্ৰস্ৰাৱৰ যিকোনো সমস্যা সমাধান হয় ৷

  • নিয়ন্ত্ৰণত থাকে ৰক্তচাপ

উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলে কুজি থেকেৰা খোৱাটো খুব দৰকাৰী ৷ তেওঁলোকে থেকেৰাৰ চৰবত, দাইল বা অন্য আঞ্জাত দুই-এফুটা থেকেৰা দি খালে উপকৃত হ'ব ৷

  • ওজন হ্ৰাসত সহায়ক

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেন্তে কুজি থেকেৰা আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব ৷ ইয়াত থকা হাইড্ৰক্সিচাইট্ৰিক এচিডে ওজন হ্ৰাস কৰাৰ কাম কৰে ৷

  • অন্ত্ৰৰ ৰোগৰ ঔষধ

অন্ত্ৰৰ বিভিন্ন সমস্যা যেনে প্ৰদাহজনিত অন্ত্ৰ, অন্ত্ৰৰ আলচাৰতো কুজি থেকেৰাই ঔষধৰ কাম কৰে ৷ ইয়াত থকা গেষ্ট্ৰ’প্ৰটেক্টিভ আৰু এন্টি-ইনফ্লেমেটৰী গুণে অন্ত্ৰক সুস্থ কৰি ৰাখে ৷

  • প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

থেকেৰা টেঙাত থকা গাৰ্চিনল এটা ফলপ্ৰসূ এন্টিঅক্সিডেন্ট, যিয়ে বেয়া কলেষ্টেৰল অক্সিডাইজ কৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ৷ তদুপৰি, কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে আয়ুৰ্বেদিক চিকিৎসাত থেকেৰা টেঙা ব্যৱহাৰ কৰা হয় ৷

  • চৰ্দি-কাহ ৰোধ কৰাতো সহায়ক

চৰ্দি বা শ্বাসজনিত ৰোগতো থেকেৰা উপকাৰী ৷ থেকেৰাই ছালৰ সৌন্দৰ্য্য় বঢ়ায় ৷ তদুপৰি, কুজি থেকেৰাই ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷

উৎস

লগতে পঢ়ক

  1. থেকেৰা টেঙাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? - Thekera Tenga Benefits
  2. Thekera Tenga Benefits: তৰকাৰী-চৰবতৰ বাবে ব্যৱহাৰ হোৱা থেকেৰা টেঙাৰ উপকাৰিতা জানেনে ?
  3. শীতকালত কমলা খায়নে ? তেন্তে ইয়াৰ উপকাৰিতাও জানি লওক