ETV Bharat / health

আগতে বয়স্ক লোকৰ হৈছিল এই ৰোগ, এতিয়া ২০ বছৰতেই আৰম্ভ হয়

জীৱনশৈলীজনিত ৰোগৰ এইবোৰ লক্ষণলৈ আপুনি মন কৰক, নহ'লে...

Know about warning signs early arthritis young adults
আগতে বয়স্ক লোকৰ হৈছিল এই ৰোগ, এতিয়া ২০ বছৰতেই আৰম্ভ হয় (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : July 3, 2026 at 6:28 PM IST

4 Min Read
Choose ETV Bharat

আগতে বাতবিষৰ সমস্য়াত আক্ৰান্ত হৈছিল বয়স্ক লোকসকল । বয়স বৃদ্ধিৰ সমান্তৰালভাৱে এনে সমস্য়াই গা কৰি উঠিছিল । অস্থিৰোগ চিকিৎসালয়ত আচৰিত ধৰণৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে । আপুনি হয়তো কল্পনা কৰিব নোৱৰা ছবি এখন ফুটি উঠিছে ।

আজিকালি আনকি ২০ বছৰ,৩০ বছৰৰ শেষৰ ফালে আৰু ৪০ বছৰৰ আৰম্ভণিতেই বহুতৰ স্থায়ী গাঁঠিৰ বিষ, জঠৰতা আৰু গতিশীলতা হ্ৰাস পাই খোজ কাঢ়িবলৈকে সমস্য়া হৈ পৰিছে ।

এই বিষয়ে ব্য়াখ্য় কৰিছে পুনেৰ এপ’ল’ স্পেকট্ৰাৰ শল্য় চিকিৎসক ডাঃ অনুপ গাড়েকাৰে । কি কাৰণে এনে সমস্য়াই কম বয়সতেই আৰম্ভ হ'বলৈ ধৰিছে সেই বিষয়ে ব্য়াখ্য়া কৰি ডাঃ গাড়েকাৰে কয়,"ডেস্কত দীৰ্ঘ সময় একেলেঠাৰীয়ে বহি থকা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মেদবহুলতা, ক্ৰীড়াৰ আঘাত, সঠিক ভংগীমাত নবহা আৰু আনকি অনিয়ন্ত্ৰিত ডায়েবেটিছে জীৱনৰ বহু আগতেই গাঁঠিৰ ওপৰত অতিৰিক্ত চাপ পেলাইছে । সেইবাবেই কম বয়সতেই বাতবিষ আৰম্ভ হয় ।"

অটোইম্যুন অৱস্থা বা পাৰিবাৰিক ইতিহাস আদিও কম বয়সতে বাতবিষৰ সম্ভাৱনা বৃদ্ধি কৰা আন কাৰক হ'ব পাৰে বুলি কয় বিশেষজ্ঞগৰাকীয়ে । বহু যুৱ প্ৰাপ্তবয়স্কই বিষটোক কেৱল ভাগৰ বুলি উলাই কৰে বাবেই এনে সমস্য়াই জটিল ৰূপ হৈছে ।

ডাঃ গাড়েকাৰে পুনৰ কয়," প্ৰথম সতৰ্কবাণীবোৰক আওকাণ কৰা উচিত নহয় । আৰম্ভণিতে এইবোৰ সংকেত আওকাণ কৰিলে গাঁঠিৰ দীৰ্ঘদিনীয়া ক্ষতি হ’ব পাৰে আৰু দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব পাৰে । যুৱকসকলে কৰা আটাইতকৈ ডাঙৰ ভুলটো হ'ল বাতবিষ এজন বৃদ্ধৰ সমস্যা বুলি গন্য় কৰে । এতিয়া এয়া এক জীৱনশৈলীৰ ৰোগত পৰিণত হৈছে । সেইবাবে প্ৰায়ভাগ মানুহেই আশা কৰাৰ দশক দশক পূৰ্বেই আৰম্ভ হয় এই ৰোগ ।"

এইবোৰ লক্ষণলৈ আপুনি মন কৰক :

  • কেইবা সপ্তাহলৈকে আপোনাৰ গাঁঠিৰ বিষ হৈছে নেকি
  • পুৱাৰ জঠৰতা ৩০ মিনিটতকৈ অধিক সময় অব্য়াহত আছে নে নাই
  • গাঁঠিৰ চাৰিওফালে ফুলাৰ লগতে গৰম অনুভৱ বা ঠাইখিনি কোমল হৈছে নেকি
  • আপুনি বেঁকা হোৱা, খোজ কঢ়া, চিৰি বগাবলৈ বা হাত ব্যৱহাৰ কৰাত অসুবিধা হৈছে নে নাই
  • জিৰণি লোৱাৰ পিছত অথবা শাৰীৰিক পৰিশ্ৰমৰ পিছতো বিষ বেছি হোৱা
  • প্ৰদাহজনিত বাতবিষত সঘনাই ভাগৰুৱা অনুভৱ বা শক্তি কম হৈছে নেকি
  • হাত, হাতৰ গাঁঠি, ভৰি বা আঁঠুৰ সৰু সৰু গাঁঠিবোৰত বিষ এঠাইৰ পৰা আন ঠাইলৈ সলনি হৈছে নেকি

বিপদজনক কাৰক:

এই ৰোগে সকলোকে কম বয়সতে আক্ৰমণ কৰাৰ ক্ষেত্ৰত কিছুমান কাৰকক বিপদজনক হিচাপে গণ্য় কৰা হৈছে । কাৰোবাৰ যদি পাৰিবাৰিক ইতিহাস আছে, মেদবহুলতা, পূৰ্বৰ খেলা-ধূলা বা গাঁঠিৰ আঘাতত যুঁজি থকা, অটোইম্যুন ৰোগ থকা, বহি থকা জীৱনশৈলী বা অনুপযুক্ত ভংগীমা আদি থাকিলে বাতবিষৰ আশংকা বৃদ্ধি পায় । মাত্ৰ ২০ বছৰ বা ৩০ বছৰৰ আৰম্ভণিতে হ’লেও গাঁঠিৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু গাঁঠিৰ বিষ বা জঠৰতা কেইসপ্তাহতকৈ অধিক সময় থাকিলে চিকিৎসকৰ ওচৰলৈ ডাঃ গাড়েকাৰে পৰামৰ্শ আগবঢ়ায় কয়, “লক্ষণসমূহক আওকাণ নকৰিব বা বিষনাশক ঔষধ সেৱন কৰি নাথাকিব,কাৰণ এইবোৰে উপকাৰতকৈ অধিক ক্ষতি কৰিব পাৰে ।”

আৰম্ভণিতে যদি গুৰুত্ব প্ৰদান কৰে তেতিয়া বাতবিষ পৰিচালনাযোগ্য আৰু সময়মতে চিকিৎসাই আপোনাক ভৱিষ্য়তে সক্ৰিয় আৰু বিষমুক্ত হৈ থাকিবলৈ সহায় কৰিব পাৰে ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:ডালচেনিৰ আছে বহুকেইটা গুণ: জানিলে আপুনিও আচৰিত হ'ব

আন্তৰ্জাতিক যোগ দিৱস ২০২৬: স্বাস্থ্য ৰক্ষাত যোগাসন-প্রাণায়ামৰ গুৰুত্ব

বৰবিহ ! কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ?