ETV Bharat / health

চাইনাছতো হয় কৰ্কট ৰোগ ! জানক লক্ষণ-কাৰণ

সকলোৱে চাইনাচাইটিছৰ বিষয়ে কম-বেছি পৰিমানে জ্ঞাত । অৱেশ্য়ে চাইনাছ কৰ্কট এক গুৰুতৰ ৰোগ যদিও ইয়াৰ বিষয়ে খুব কমসংখ্য়ক লোকহে জ্ঞাত ।

Know about the nasal cancer
চাইনাছতো হয় কৰ্কট ৰোগ ! জানক লক্ষণ-কাৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 2:11 PM IST

4 Min Read
Choose ETV Bharat

আজিকালি হাওঁফাওঁ, স্তন, মুখগহ্বৰ, যকৃতক কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্য়া অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । এইবোৰৰ বিষয়ে প্ৰায়ভাগ লোকেই জ্ঞাত বুলি ক'ব পাৰি । আনকি এনে ৰোগৰ বিষয়ে সজাগতা অভিযানো আৰম্ভ হৈছে । পিছে আপুনি জানেনে চাইনাছতো যে কৰ্কট ৰোগ হয় ?

চাইনাছ কি ?

সকলোৱে চাইনাচাইটিছৰ বিষয়ে কম-বেছি পৰিমানে জ্ঞাত । অৱেশ্য়ে চাইনাছ কৰ্কট এক গুৰুতৰ ৰোগ যদিও ইয়াৰ বিষয়ে খুব কমসংখ্য়ক লোকহে জ্ঞাত । আমাৰ মুখমণ্ডলৰ হাড়ৰ মাজত এনে কিছুমান গহ্বৰৰ নিচিনা খালী স্থান বা বায়ুমোনা থাকে,যিবিলাক আমাৰ নাকগহ্বৰৰ সৈতে সংযোজিত ৷ সাধাৰণতে এই গহ্বৰবোৰৰ মাজত বায়ু সোমাই থাকে বাবে লাওখোলাটোৰ ওজন অনুভৱ নকৰো । এই খালী গহ্বৰ বা বায়ুমোনাকেই চাইনাছ বুলি কোৱা হয় ৷

নাক আৰু চাইনাছৰ কৰ্কট ৰোগ কি ?

নেশ্ব'নেল কেঞ্চাৰ ইনষ্টিটিউটৰ তথ্য অনুসৰি চাইনাছৰ কৰ্কট নাকৰ গহ্বৰ (নাকৰ পিছফালে থকা ঠাই য’ত ডিঙিত বায়ু পাৰ হয়) আৰু পেৰানেচেল চাইনাছত হয় । চাইনাছত প্ৰভাৱ পেলোৱা কৰ্কট ৰোগক মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ হিচাপে শ্ৰেণীভুক্ত কৰা হয় । সাধাৰণতে মাৰাত্মক (কৰ্কট) কোষ গঠন হ’লে এনে ৰোগে গা কৰি উঠে । স্ক্ৱামাছ চেল কাৰ্চিনোমা হৈছে চাইনাছ কৰ্কটৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ । সম্ভৱতঃ কাৰণ মূৰ আৰু ডিঙিৰ অঞ্চলত স্ক্ৱামাছ কোষ অধিক থাকে বাবেই বেছি হয় । অৰ্থাৎ নাক আৰু চাইনাছৰ কৰ্কট ৰোগ হ’ল এনে ৰোগ য’ত নাকৰ গহ্বৰ বা পেৰানেচেল চাইনাছৰ ভিতৰত কৰ্কটৰ কোষ উপলব্ধ হয় ।

ভাৰতত এই ৰোগীৰ সংখ্য়া :

নাক আৰু পেৰানেচেল চাইনাছৰ কৰ্কট ৰোগ বিৰল । মূৰ আৰু ডিঙিৰ সকলো কৰ্কট ৰোগৰ মাত্ৰ ১%ৰ পৰা ২%ৰ ক্ষেত্ৰতহে এই ৰেগবিধ হোৱা দেখা যায় । এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ বাবে ভাৰতত চাইনাছ কৰ্কট ৰোগীৰ সঠিক বাৰ্ষিক সংখ্যা চৰকাৰী পৰিসংখ্যাত পৃথকে পৃথকে উল্লেখ কৰা হোৱা নাই; কিন্তু বিশ্বজুৰি এই প্ৰাদুৰ্ভাৱৰ সংখ্যা প্ৰতি নিযুত লোকৰ ভিতৰত প্ৰায় ৪.২ টা । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতত প্ৰতি বছৰে মাত্ৰ কেইহাজাৰমান ৰোগীহে ধৰা পৰে ।

Know about the nasal cancer
চাইনাছতো হয় কৰ্কট ৰোগ ! জানক লক্ষণ-কাৰণ (Getty Images)

নাক-চাইনাছৰ কৰ্কটৰ লক্ষণ

ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ ৱেবছাইট অনুসৰি , ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত নাক আৰু চাইনাছৰ কৰ্কট ৰোগে সাধাৰণতে কেৱল নাকহে আক্ৰান্ত হয় । এই লক্ষণসমূহ হব পাৰে:

  • নাকৰ এফালে ব্লক হয়
  • নাকৰ পৰা তেজ ওলায়
  • গোন্ধ নোপোৱা হয়
  • তেজ ওলোৱা শ্লেষ্মা

কৰ্কটে জটিল ৰূপ ধাৰণ কৰাৰ পিছত দৃষ্টিশক্তিত প্ৰভাৱ পেলাব পাৰে

  • এটা বস্তু দুবাৰ দেখা (ডবল ভিজন)
  • এটা চকুৰ পৰা পানী ওলোৱা
  • চকু উখহি উঠা
  • দৃষ্টিশক্তি হেৰুওৱা

মূৰ আৰু ডিঙিৰ আন অংশলৈ কৰ্কট বিয়পিলে এই লক্ষণে দেখা দিয়ে

  • মুখৰ বিষ হয়
  • মুখ মেলিবলৈ অসুবিধা
  • এটা বা ততোধিক দাঁত ঢিলা হোৱা
  • কাণত বিষ বা চাপ অনুভৱ
  • ডিঙিত গ্ৰন্থি ফুলা
  • নাকৰ বিষ হয়

এই কৰ্কট ৰোগ হয় ?

নাকৰ গহ্বৰ বা চাইনাছৰ কৰ্কট ৰোগ জিন মিউটেচন বা পৰিৱেশৰ কাৰণে হ’ব পাৰে । নাক আৰু চাইনাছৰ টিউমাৰত হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ভূমিকা আৰু প্ৰভাৱ বুজিবলৈ বিশেষজ্ঞসকলে সক্ৰিয়ভাৱে গৱেষণা অব্য়াহত ৰাখিছে ।

এইচপিভিৰ লগত জড়িত নাক-চাইনাছৰ কৰ্কট ৰোগ

  • স্ক্ৱামাছ চেল কাৰ্চিনোমা
  • এইচপিভিসংক্ৰান্তীয় মাল্টিফেন’টাইপিক কাৰ্চিনোমা
  • চাইনোনেজেল আনডিফাৰেন্সিয়েটেড কাৰ্চিনোমা
  • নেচোফেৰিঞ্জিয়াল কাৰ্চিনোমা
  • ক্ষুদ্ৰ কোষৰ কাৰ্চিনোমা

এই ৰোগ কেনেকৈ ধৰা পৰে ?

হপকিন্স মেডিচিনৰ মতে, ইমেজিং কৌশল (যেনে এক্স-ৰে, এমআৰআই,

চিটি স্কেন) আৰু টিউমাৰৰ বায়’প্সি ব্যৱহাৰ কৰি নাক আৰু চাইনাছৰ কৰ্কট ৰোগ নিৰ্ণয় কৰা হয় । কেতিয়াবা ৰোগীৰ পৰীক্ষাৰ সময়ত (স্কোপিং) ক্লিনিকত বায়’প্সি কৰিব পাৰি; কিন্তু বহু ক্ষেত্ৰত অস্ত্ৰোপচাৰ কক্ষত কৰিব লাগে ।

ৰোগৰ চিকিৎসা কেনেকৈ কৰা হয় ?

নাক আৰু চাইনাছৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰ, কেমোথেৰাপি আৰু ৰেডিয়’থেৰাপিৰ সংমিশ্ৰণ হ’ব পাৰে । যদি টিউমাৰ আঁতৰাবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, তেন্তে অস্ত্ৰোপচাৰ কৰ্মীয়ে ন্য়ূনতম অস্ত্ৰোপচাৰ কৰিব পাৰে ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:গ্ৰীষ্মকালতেই দেখা দিছে শীতত হোৱা ফ্লুৰ লক্ষণ-বৃদ্ধি পাইছে চৰ্দি

আগতে বয়স্ক লোকৰ হৈছিল এই ৰোগ, এতিয়া ২০ বছৰতেই আৰম্ভ হয়

পিতৃয়ে মদ্যপান কৰিলে ভ্ৰুণৰ বিকাশ-শাৰীৰিক গঠনত হ'ব পাৰে বিসংগতি