ETV Bharat / health

নিতৌ আদা খালে শৰীৰ-স্বাস্থ্য ৰক্ষাত কেনে প্ৰভাৱ পেলায় ?

সুস্থ জীৱনশৈলীত আদা অন্তৰ্ভুক্ত কৰাটো সামগ্ৰিক স্বাস্থ্য আৰু প্ৰাকৃতিকভাৱে সুস্থ হৈ থকাত এক বৃহৎ পদক্ষেপ । জানেনে কেনেকৈ ?

know about the affects of daily ginger consume
নিতৌ আদা খালে শৰীৰ-স্বাস্থ্য ৰক্ষাত কেনে প্ৰভাৱ পেলায় ? (Getty Images)
author img

By ETV Bharat Assamese Team

Published : June 16, 2026 at 3:17 PM IST

4 Min Read
Choose ETV Bharat

ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই মানুহে ৰোগ প্ৰতিৰোধী আদা খাদ্য় প্ৰস্তুত কৰাত ব্য়ৱহাৰ কৰি আহিছে । আদা দেৱকাৰ্যতো ব্য়ৱহাৰ কৰা হয় । হাজাৰ হাজাৰ বছৰ ধৰি ৰন্ধন প্ৰণালী আৰু পৰম্পৰাগত স্বাস্থ্যসন্মত ঔষধত বিশ্বজুৰি আদা ব্যৱহাৰ কৰা হৈছে ।

আদাত থকা জৈৱ-সক্ৰিয় যৌগ বিশেষকৈ জিঞ্জৰোল প্ৰচুৰ পৰিমাণে থাকে বাবে বৈজ্ঞানিক দৃষ্টি আকৰ্ষণ কৰিছে । এই যৌগবোৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয় । যদিও আদা খালে সকলো নিৰাময় নহয় আৰু চিকিৎসাত ব্যৱহাৰ কৰা উচিত নহয়, তথাপি গৱেষণাত দেখা গৈছে যে ইয়াক উপযুক্ত পৰিমাণে সুষম খাদ্যত অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্য ৰক্ষাত বহু উপকাৰ পোৱা যায় । নিতৌ আদা খালে শৰীৰৰ বাবে বহুতো উপকাৰ পোৱা যায় আৰু সেইবোৰ ব্য়াখ্য়া কৰা হ'ল-

হজম শক্তিত সহায় কৰে:

বিশেষজ্ঞসকলে এই বুলি উল্লেখ কৰিছে যে আদাই পাচনতন্ত্ৰৰ এনজাইমৰ উৎপাদন বৃদ্ধি কৰে । খাদ্য পাচনতন্ত্ৰৰ মাজেৰে দ্ৰুতগতিত চলাচল কৰাত সহায় কৰে । ইয়াৰ ফলত বদহজম, পেট ফুলা, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা মুক্তি পোৱাটো সম্ভৱ । নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক অধ্যয়নত দেখা গৈছে যে গৰ্ভাৱস্থাত হোৱা মৰ্ণিং ছিকনেছ, ভ্ৰমণৰ সময়ত মোচন ছিকনেছ, কেমোথেৰাপিৰ পিছত বমি হোৱা ৰোগ হ্ৰাস কৰাত আদা ফলপ্ৰসূ ।

প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে:

আদাত থকা জিঞ্জাৰল হৈছে শক্তিশালী এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট গুণ থকা যৌগ । এই যৌগই শৰীৰৰ বিষ আৰু ফুলা উপশম কৰাত সহায় কৰে । বিশেষকৈ গাঁঠিৰ প্ৰদাহ আৰু বাতবিষৰ লগত জড়িত বিষ হ্ৰাস কৰে । ঋতুস্ৰাৱৰ বিষ উপশমতো ফলপ্ৰসূ বুলি কোৱা হয় ।

প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:

আদাত থকা এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । এই কাৰণেই ই চৰ্দি, কাহ, ডিঙিৰ বিষ আদি সাধাৰণ ৰোগৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে । সেইবাবে শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে। ইয়াৰ এন্টিমাইক্ৰ’বিয়েল গুণে কিছুমান বিশেষ ধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে ।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী:

ইউচিএলএ হেল্থৰ এক অধ্যয়নত দেখা গৈছে যে আদাত থকা পুষ্টিকৰ উপাদানে বেয়া ক'লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে । বিশেষজ্ঞসকলে কয় যে নিয়মীয়াকৈ আদা খালে ৰক্তচাপ কম হোৱাৰ লগতে ৰক্ত সঞ্চালন উন্নত হয় । ইয়াৰ ফলত হৃদযন্ত্ৰৰ সুস্থ তন্ত্ৰত অৰিহণা যোগায় আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে:

আদাই তেজৰ শৰ্কৰাৰ মাত্ৰা, ইনছুলিনৰ সংবেদনশীলতা আৰু লিপিড প্ৰফাইলত ইতিবাচক প্ৰভাৱ পেলায় । ই ডায়েবেটিছ ৰোগীৰ তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । তদুপৰি সামগ্ৰিকভাৱে গ্লাইচেমিক নিয়ন্ত্ৰণ উন্নত কৰে । ক্লিভলেণ্ড ক্লিনিকৰ এক অধ্যয়ন অনুসৰি জিঞ্জেৰলে তেজৰ শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰাত সহায় কৰে আৰু এয়া টাইপ ২ ডায়েবেটিছৰ দীৰ্ঘম্যাদী স্বাস্থ্যজনিত প্ৰভাৱ পৰিচালনাৰ বাবে অতি প্ৰয়োজনীয়।

মস্তিস্কৰ কাৰ্যক্ষমতা উন্নত কৰে:

কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে আদাই মস্তিস্কৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু বয়সৰ লগত জড়িত জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰাত সহায় কৰিব পাৰে । ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণে স্মৃতিশক্তি উন্নত কৰাত অৰিহণা যোগায়।

ছালখন সুস্থ কৰি ৰাখে :

আদা নিয়মীয়াকৈ খোৱাৰ ফলত যিবোৰ উপকাৰ পোৱা যায় সেইবোৰৰ ভিতৰত ছালৰ সুৰক্ষাও অন্য়তম । আদাত থকা এণ্টিঅক্সিডেণ্টে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি ৰাখে ।

ওজন হ্ৰাস কৰে :

সদায় আদা খালে চৰ্বি নিয়ন্ত্ৰণত থাকে । ইয়াত উপলব্ধ এণ্টিঅক্সিডেণ্টে চৰ্বি কম কৰাত সহায় কৰে ৷

আদা যদিও বেছিভাগ মানুহৰ বাবে নিৰাপদ বুলি কোৱা হয়,তথাপি বিশেষজ্ঞসকলে সকীয়াই দিছে যে কিছুমান ঔষধ সেৱন কৰা বা কিছুমান স্বাস্থ্যজনিত অৱস্থা থকা লোকৰ বাবে ই উপযোগী নহ’বও পাৰে । সেইবাবে এনে সমস্য়া থকা লোকসকলে সদায় পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:ব্লেক কফি নিয়মীয়াকৈ খালে প্ৰতিৰোধ হয় হৃদৰোগ !

ডায়েবেটিছত আক্ৰান্তৰ চেলুলাইটিছ কিমান বিপদজনক ?

বৰবিহ ! কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ?

বায়ু প্ৰদূষণ যেতিয়া প্ৰাণঘাতী ৰোগৰ উৎস হয়

ভিটামিন-খনিজ পদাৰ্থৰে সমৃদ্ধ আনাৰসে প্ৰতিৰোধ কৰে বহুকেইটা ৰোগ