প্ৰচণ্ড গৰমত প্ৰাকৃতিক শীতল পানীয়ৰে সুস্থ কৰি ৰাখক শৰীৰ
এই সময়ত শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম ওলায় । ফলত শৰীৰত অভাৱ হয় পানীৰ । পৰিত্ৰাণৰ উপায়...

Published : June 1, 2026 at 2:07 PM IST
গুৱাহাটী: গ্ৰীষ্মকালত প্ৰখৰ ৰ'দৰ বাবে বৃদ্ধি পায় তাপমাত্ৰা । এই সময়ত শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম ওলায় । ঘামৰ লগত খনিজ পদাৰ্থও সমানেই ওলায় । ফলত শৰীৰটো অৱশ অনুভৱ হ'বলৈ ধৰে । সেই বাবে সকলোৱে শীতল পানীয় আদিৰে শৰীৰটো সতেজ কৰি ৰাখিব খোজে । পিছে সদায় এনে শীতল পানীয় সেৱন কৰিলে হ'ব পাৰে বিপদ ।
সেই বাবে এনে পানীয়ৰ পৰিৱৰ্তে সেৱন কৰিব লাগে প্ৰাকৃতিক শীতল পানীয় । সাধাৰণতে প্ৰাকৃতিক শীতল পানীয় বুলিলে ডাৱৰ পানী, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰ্বত আদিকে বুজোৱা হয় । গ্ৰীষ্মকালত যিহেতু সুস্থ হৈ থাকিবলৈ শৰীৰত প্ৰচুৰ পৰিমাণে পানী যোগান ধৰিব লাগে, সেইবাবে দিনটোৰ ভিতৰত কমেও এবাৰ বা দুবাৰ এনে প্ৰাকৃতিক শীতল পানীয় সেৱন কৰিব লাগে । এনে পানীয়ই শৰীৰটো সতেজ কৰাৰ লগতে প্ৰয়োজনীয় খনিজ পদাৰ্থৰো যোগান ধৰে ।
শীতল পানীয় সেৱনে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ আশংকা থাকে । বিশেষকৈ ইয়াত থকা অত্য়াধিক শৰ্কৰাই বিভিন্ন ধৰণৰ সমস্য়াৰ সৃষ্টি কৰিব পাৰে । সেইবাবে ডাৱৰ পানী, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰ্ব আদি খোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত ।
নিশ্চিন্তে খাওক নেমু :
নেমু চৰ্বতে শৰীৰ শীতল কৰাই নহয়, বহু উপকাৰো লাভ কৰিব পাৰি । বিশেষকৈ শৰীৰত পানীৰ অভাৱ নোহোৱা কৰিবলৈ সকলোৱে নিয়মীয়াকৈ নেমুৰ চৰ্বত খাব লাগে । আনহাতে যিসকলে চৰ্বত খাই বেযা পায়, তেওঁলোকে ভাতৰ লগত নিয়মীয়াকৈ খালেও উপকাৰ লাভ কৰিব পাৰে ।
নেমুত চৰ্বি আৰু প্ৰ'টিনৰ পৰিমাণ অতি কম । ইয়াত কাৰ্বহাইড্ৰেট ১০% আৰু পানী ৮৮–৮৯% থাকে । নেমুত কেইবাবিধ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় । ১০০ গ্ৰামৰ কেঁচা নেমুত থকা পুষ্টিকৰ উপাদানসমূহ হ’ল-কেলৰি ২৯,পানী ৮৯%, প্ৰ'টিন ১.১ গ্ৰাম,কাৰ্বোহাইড্ৰেট ৯.৩ গ্ৰাম, শৰ্কৰা ২.৫ গ্ৰাম,আঁহ ২.৮ গ্ৰাম আৰু চৰ্বি ০.৩ গ্ৰাম ।
- গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱা বাবে শৰীৰত পানীৰ অভাৱ হয় । সেইবাবে ডিহাইড্ৰেচন প্ৰতিৰোধ কৰিবলৈ সদায় নেমু খোৱা উচিত ।
- নেমু চৰ্বত খালে শৰীৰত অত্যাৱশ্যকীয় পটাছিয়াম,ছডিয়াম আৰু খনিজ পদাৰ্থ পোৱা যায় বাবে শৰীৰক শীতল কৰি ৰাখে । সেইবাবে হিটষ্ট্ৰ’ক প্ৰতিৰোধ হয়
- নেমুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়
- কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে
- মুখৰ ৰং উজ্বল কৰে
- তদুপৰি স্নায়ুতন্ত্ৰ শক্তিশালী কৰে
- হাঁপানী ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে
- খাদ্যত থকা আইৰণ শোষণ কৰে
- কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে
- শক্তিশালী এণ্টি ভাইৰেল আৰু এণ্টি ইনফ্লেমেটৰী
- ষ্ট্ৰ'কৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে ৰক্তচাপ কমায়
- নেমুৰ ৰসে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে
ডাবৰ পানী খালে লাভ কৰিব এইকেইটা উপকাৰিতা
- ডাবৰ পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম আদি ইলেক্ট্ৰলাইট পোৱা যায় । এই খনিজ পদাৰ্থবোৰে শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে
- এই পানীত প্ৰাকৃতিক শীতল গুণ আছে আৰু সেইবোৰে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে
- ডাবৰ পানীয়ে আমাৰ শৰীৰত পানীৰ অভাৱ দৃৰ কৰে । ফলত ডিহাইড্ৰেচন ৰোধ কৰিব পাৰে । এই পানী হাইড্ৰেচনৰ প্ৰাকৃতিক উৎস আৰু ই ঘামত ওলায় যোৱা তৰল পদাৰ্থ যোগান ধৰাত সহায় কৰিব পাৰে
- শৰীৰৰ ওজন কমাবলৈ আৰু পেটৰ চৰ্বি কমোৱাত সহায় কৰে
- ডাবৰ পানী উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ বাবে উপকাৰী । কাৰণ তেজত ক'লেষ্টেৰল হ্ৰাস কৰে
- এনে পানীয়ই হৃদৰোগ প্ৰতিৰোধতো সহায় কৰে
- সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা উপাদান আছে এই পানীয়
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
লগতে পঢ়ক:এই সময়ত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কি কৰিব ?
হিটষ্ট্ৰ’কৰ এইকেইটা গুৰুতৰ লক্ষণৰ বিষয়ে জানি লওক... পৰিত্ৰাণ পাব কেনেকৈ ?
ভিটামিন-খনিজ পদাৰ্থৰে সমৃদ্ধ আনাৰসে প্ৰতিৰোধ কৰে বহুকেইটা ৰোগ

