কোনবোৰ খাদ্য় খালে প্ৰতিৰোধ কৰিব পাৰি বয়সৰ চাপ ?
যৌৱন ধৰি ৰাখিবলৈ এইকেইবিধ খাদ্য় গ্ৰহণ কৰক-

Published : May 11, 2026 at 4:23 PM IST
গুৱাহাটী: প্রতিগৰাকী ব্যক্তিয়ে চিৰতৰুণ হৈ থাকিব বিচাৰে । বাৰ্ধক্য কাৰো কাম্য নহয় । বয়সৰ চাপ নপৰিবলৈ সেইবাবে প্রায়ভাগ লোকেই ব্যৱহাৰ কৰে প্রসাধন সামগ্রী । পিছে প্রসাধন সামগ্রীৰে কোনো এগৰাকী মহিলা বা এজন পুৰুষে এক নির্দিষ্ট সময়ৰ বাবেহে বয়সৰ চাপ আনৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব পাৰে ।
প্রসাধন নকৰিলে তেওঁলোকৰ শৰীৰৰ প্ৰকৃত ৰূপ ওলাই পৰে । পিছে যদিহে কম বয়সৰ পৰাই কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয় তেতিয়াহ'লে যৌৱন ধৰি ৰখাটো সম্ভৱ বুলি গৱেষকসকলে মন্তব্য কৰিছে । সেইবাবে সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা উচিত-
- সামুদ্ৰিক মাছ নিয়মীয়াকৈ গ্রহণ কৰিলে শৰীৰত বাৰ্ধক্যৰ চাপ সোনকালে নপৰে । ৰেড মীটৰ পৰিৱৰ্তে সামুদ্ৰিক মাছ খালে শৰীৰে প্রয়োজনীয় প্র'টিন লাভ কৰে ।
* অলিভ অয়ল বা জলফাইৰ পৰা প্ৰস্তুত কৰা তেল খাদ্য প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে শৰীৰত ক'লেষ্টেৰলৰ পৰিমাণ হ্রাস বা নিয়ন্ত্রণ হয় । তদুপৰি চর্বি আদি জমা হ'বলৈ সুযোগ নাপায় । আন তেলৰ তুলনাত অলিভ অয়ল উপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে ।
- খাদ্য তালিকাত গাজৰ আৰু বিলাহী অন্তৰ্ভুক্ত কৰা উচিত । ছাল আৰু স্বাস্থ্যৰক্ষাৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ এই দুবিধ পাচলিত পোৱা যায় । দুয়োবিধ পাচলিতে ফাইটোনিউট্রিয়েণ্ট আৰু এণ্টিঅক্সিডেণ্ট থাকে । তদুপৰি বিটাকেৰোটিন আদিয়ে বার্ধক্যৰ চাপ প্রতিহত কৰে।
- ডার্ক চকলেটত বার্ধক্য প্রতিৰোধ কৰিব পৰা বহুতো উপাদান থকা বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে।
- আঙুৰত প্ৰচুৰ পৰিমাণ এণ্টিঅক্সিডেণ্ট থাকে। গতিকে নিয়মীয়াকৈ আঙুৰ খোৱাৰ ফলত শৰীৰত উৎপন্ন হোৱা ফ্রিৰেডিকেল আদিয়ে সহজে গা কৰি উঠিব নোৱাৰে।
- যিসকলে নিতৌ খাদ্য তালিকাত দৈ অন্তর্ভুক্ত কৰে তেওঁলোকৰ বার্ধক্য প্রতিৰোধ কৰাটো সম্ভৱ । ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু কেলচিয়াম থাকে বাবে শৰীৰৰ গঠন আৰু হাড় শক্তিশালী কৰে । হাড়ৰ ক্ষয় ৰোধতো সহায় কৰে । দৈ খালে চর্বি আৰু ক'লেষ্টেৰল নিয়ন্ত্রণত থাকে ।
- নহৰুত থকা এলিচিন নামৰ উপাদান বিধে শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগলৈ তেজৰ প্ৰৱাহ স্বাভাৱিক কৰি ৰাখে । সেইবাবে সোনকালে বয়সৰ চাপ নপৰে ।
- ষ্টবেৰী আৰু ব্লেকবেৰী আদিত প্ৰচুৰ পৰিমাণে ভিটামিন 'চি' থাকে বাবে যৌৱন ধৰি ৰাখিব পাৰে ।
- নিয়মীয়াকৈ পালেং শাক খালে শৰীৰত বয়সৰ চাপ সহজে নপৰে । পালেঙত প্ৰচুৰ পৰিমাণে লুটেইন নামৰ উপাদান বিধ থাকে বাবে ছালখন মসৃণ হৈ থাকে । তদুপৰি,দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰখাতো সহায় কৰে ।
- ব্রক'লীত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্রিয়েনণ্ট আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায় বাবে শৰীৰত বার্ধক্যৰ চাপ পৰাত প্ৰতিৰোধ কৰে ।
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
অমিতাৰ এইকেইটা গুণ জানিলে হ'ব আচৰিত !

