স্মাৰ্টফোনে হ্ৰাস কৰিছে জন্মৰ হাৰ ! গৱেষণাই দিছে বিপদৰ ইংগিত
উন্নত আৰু উন্নয়নশীল দেশত হ্ৰাস পাইছে জন্মৰ হাৰ ।

Published : June 12, 2026 at 8:34 PM IST
স্মাৰ্টফোনে আপোনাৰ জীৱনলৈ কিমান ভয়বহ বিপদ কঢ়িয়াই আনিব পাৰে সেয়া কেতিয়াবা ভাবি চাইছে নে ? হয়তো হাতত এই ফোনটো থকাৰ সময়ত কোনোৱে হ'ব পৰা বিপদৰ কথা কল্পনা নকৰে । শেহতীয়াভাৱে আমেৰিকাৰ নতুন অধ্যয়নে এনে ফোনৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত সতৰ্কবাণী শুনাইছে আৰু সেয়া হৈছে জন্মৰ হাৰ হ্ৰাসৰ সম্ভাৱনা ।
বিশ্বৰ বিভিন্ন দেশত হ্ৰাস পাইছে জন্মৰ হাৰ । এইদৰে জন্মৰ হাৰ হ্ৰাস পোৱা বাবে বহু চৰকাৰে ইয়াৰ সংখ্য়া বৃদ্ধিৰ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । স্মাৰ্টফোনে জন্ম নিয়ন্ত্ৰণ কৰে নেকি ? সোমবাৰে নেশ্যনেল ব্যুৰ' অৱ ইকনমিক ৰিচাৰ্চে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত এইদৰে প্ৰশ্ন কৰা হৈছে । ২০০৭ চনৰ পৰা আমেৰিকাৰ প্ৰজননৰ হাৰ কিয় ২২ শতাংশ হ্ৰাস পাইছে সেই বিষয়ে গভীৰভাৱে ব্য়াখ্য়া কৰা হৈছে ।
কিছুদিনৰ বাবে বিশেষজ্ঞসকলে এই হাৰ হ্ৰালৰ সৈতে ২০০৮ চনত বিশ্বৰ বিত্তীয় ব্যৱস্থাৰ প্ৰায় বিস্ফোৰণ ঘটা মন্দাৱস্থাৰ সম্পৰ্ক বুলি কৈছিল । লাখ লাখ লোকে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল বাবে এই হাৰ হ্ৰাস পোৱা বুলি ভাবিছিল যদিও যেতিয়া অৰ্থনীতিৰ উন্নতি হ’ল, তেতিয়াও কিন্তু জন্মৰ হাৰ বৃদ্ধি হোৱা নাই ।
এই গৱেষণাত আন বহু কাৰণো উল্লেখ কৰা হৈছে । এই কাৰণবোৰৰ ভিতৰত গৰ্ভনিৰোধৰ ব্যৱহাৰ বৃদ্ধি, মহিলাৰ শিক্ষা অধিক আৰু গৃহ বা শিশুৰ যত্নৰ খৰচ বৃদ্ধি বুলি উল্লেখ কৰা হৈছে । অৱশ্যে অধ্য়য়নৰ সময়ত কোনো স্পষ্ট কাৰণ নিৰ্ণয় কৰা হোৱা নাই ।
মিডলবেৰী কলেজৰ অৰ্থনীতিবিদ কেটলিন মায়াৰ্ছ আৰু তেওঁৰ ছাত্ৰ ইজেকিয়েল হুপাৰে এটা ধাৰণা পৰীক্ষা কৰিলে যে স্মাৰ্টফোনৰ বাবে এই সমস্য়াৰ সৃষ্টি হ'ব পাৰে । ২০০৭ চনত প্ৰথম আইফোনৰ ব্য়ৱহাক কৰা হৈছিল আৰু ইয়াৰ সৈতে কিবা সম্পৰ্ক থাকিব পাৰে বুলি কেটলিন মায়াৰ্ছে ধাৰণা কৰিছে ।
২০১১ চনলৈকে আইফোনসমূহ আমেৰিকাৰ একক চেলুলাৰ নেটৱৰ্ক এটিএণ্ড টিৰ পৰা উপলব্ধ আছিল । গতিকে তেওঁলোকে প্ৰায় ইউনিভাৰ্চেল এটি এণ্ড টি কভাৰেজ থকা আমেৰিকাৰ কাউন্টিসমূহক সেই বছৰবোৰত কম বা একেবাৰে নথকা কাউন্টিৰ সৈতে তুলনা কৰিছে । এই গৱেষকদ্বয়ে প্ৰত্য়ক্ষ্য় কৰিলে যে আইফোনৰ ব্যৱহাৰৰ সৈতে ১৫–১৯ বছৰ বয়সত জন্মৰ সংখ্যা ৪.৫–৮.০ শতাংশ আৰু ২০–২৪ বছৰ বয়সত ৩.২–৬.৬ শতাংশ হ্ৰাস পোৱাৰ সম্পৰ্ক আছে ।
বয়সস্থ মহিলাৰ মাজতো পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ যদিও কম পৰিমাণে হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল । অৱেশ্য়ে তেওঁলোকে আইফোনক একমাত্ৰ কাৰণ নহয় বুলি জোৰ দিলেও ২০০৭ চনৰ পিছত স্মাৰ্টফোনটোৰ প্ৰৱৰ্তনে আমেৰিকাত জন্মৰ সংখ্যা হ্ৰাস পোৱাত যথেষ্ট ভূমিকা পালন কৰিছিল । কাৰণ ই কম ব্যক্তিগত সংস্পৰ্শৰ সৈতে মানুহৰ আচৰণক গঢ় দিছিল ।
তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে আধুনিক স্মাৰ্টফোনসমূহ প্ৰসাৰৰ লগে লগে বন্ধু-বান্ধৱীৰ সৈতে ব্যক্তিগতভাৱে কটোৱা সময় আৰু যৌন কাৰ্যকলাপৰ লগতে পৰ্ণগ্ৰাফীৰ ব্যৱহাৰ বৃদ্ধি পাইছে । যৌন সম্পৰ্কৰ সম্ভাৱ্য বিকল্প হিচাপে এইবোৰে কাম কৰিবলৈ ধৰিলে । মে’ত চিনচিনাটি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ নাথান হাডছন আৰু হাৰ্নান মস্কোছ’ ব’ড’ই প্ৰকাশ কৰা আন এক অধ্যয়নত ২০০৭ চনৰ পৰা একেধৰণৰ ধাৰা আৰু বিশ্বব্যাপী হোৱাৰ প্ৰমাণ পোৱা গৈছে।
তেওঁলোকে ১২৮খন দেশত স্মাৰ্টফোনৰ প্ৰৱেশ আৰু কিশোৰ-কিশোৰীৰ প্ৰজননৰ হাৰ বিশ্লেষণ কৰি এই তথ্য় লাভ কৰিছে । তেওঁলোকে স্মাৰ্টফোন ব্যাপকভাৱে উপলব্ধ হোৱাৰ পিছত জন্মৰ হাৰ হ্ৰাস ত্বৰান্বিত হোৱাৰ তথ্য় লাভ কৰে । তেওঁলোকে ইয়াৰ দ্বাৰা এটা সাধাৰণ বিশ্বব্যাপী প্ৰযুক্তিৰ শ্বক'ৰ দিশটোলৈ আঙুলিয়াই দিয়া হৈছে।
একাংশ শিক্ষাবিদৰ মতে আমেৰিকাত স্মাৰ্টফোনৰ আৰম্ভণিৰ বহু আগতেই নব্বৈৰ দশকৰ আৰম্ভণিৰ পৰাই কিশোৰ-কিশোৰীৰ জন্মৰ সংখ্যা হ্ৰাস পাইছে । অৱেশ্য়ে দুয়োটা অধ্যয়নেই চৰকাৰে তেওঁলোকৰ তথ্যসমূহ কেনেদৰে ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে পৰীক্ষা কৰা নাই ।
চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে কয় যে আমেৰিকাৰ প্ৰজননৰ হাৰ সৰ্বকালৰ নিম্নতম স্তৰ । আনহাতে এছিয়াৰ আগশাৰীৰ অৰ্থনীতিসমূহে অনাগত বছৰবোৰত জনসংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনাৰ সন্মুখীন হৈছে।
চীনৰ কমিউনিষ্ট চৰকাৰে ২০১৬ চনত দশক দশক ধৰি চলি অহা এক সন্তান নীতি পৰিত্যাগ কৰাৰ বিপৰীতে জাপান আৰু দক্ষিণ কোৰিয়াই প্ৰসৱ সমৰ্থক নীতিত যথেষ্ট বিনিয়োগ কৰিছে । মনকৰিবলগীয়া কথা যে ইমানৰ পিচতো ইয়াৰ প্ৰভাৱ কম । বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশ যেনে উপ-চাহাৰা আফ্ৰিকাত প্ৰায়ে এতিয়াও জন্মৰ হাৰ বেছি যদিও ভাৰত আৰু ব্ৰাজিলৰ দৰে মধ্যম আয়ৰ দেশতো প্ৰজননৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে ।
লগতে পঢ়ক:ভিটামিন বি-ডিৰ অভাৱত হ'ব পাৰে ডিমেনচিয়া, কিদৰে হাত সাৰিব ইয়াৰ পৰা ?

