ETV Bharat / health

যোৰহাটত মেলেৰিয়া-ডেংগু-জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত: স্বাস্থ্য বিভাগৰ দাবী

যোৰহাটত জানুৱাৰীৰ পৰা মে' মাহলৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ১০-১১ গৰাকী ৰোগী, মেলেৰিয়াত ৪ গৰাকী, ডেংগুত ৬ গৰাকী আক্ৰান্ত হৈছিল ৷

Jorhat News
জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 2:03 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্যত বতৰ সেমেকা ৷ তাৰ মাজতে যোৰহাট জিলাৰ বহু লোক মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকলক চিনাক্ত কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান তেওঁলোক সুস্থ ৷ কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি শিশু মৃত্যু ঘটিছিল ।

জিলাখনৰ ভিন্ন প্ৰান্তত হোৱা মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ ৰোগৰ সন্দৰ্ভত যোৰহাট চিকিৎসালয়ৰ মেলেৰিয়া বিভাগৰ দায়িত্বত থকা চিকিৎসক ডাঃ কবিতা ভূঞাই কয়,"জানুৱাৰী মাহতেই জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন শিশুক চিনাক্ত কৰা হৈছিল ৷ শিশুটিক যোৰহাট চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰা হৈছিল যদিও শিশুটিৰ চিকিৎসালয়তে মৃত্যু হৈছিল ৷ এই বৰ্ষৰ জানুৱাৰীৰ পৰা মে' মাহলৈকে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ১০-১১ গৰাকী ৰোগী, মেলেৰিয়াত ৪জন, ডেংগুত ৬ জন আক্ৰান্ত হৈছিল ৷"

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত (ETV Bharat Assam)

চিকিৎসক ভূঞাই কয়,"তিতাবৰ আৰু বৰহোলাৰ পৰা অহা ১০-১১ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত আছিল । অৱশ্যে যোৰহাটৰ স্থানীয় লোকৰ মাজত এই ৰোগসমূহ হোৱা নাই ৷ ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আদি বহিঃৰাজ্যৰ পৰা অহা চাৰিগৰাকী ৰোগীৰ শৰীৰত মেলেৰিয়া ধৰা পৰিছিল ৷ আক্ৰান্ত লোককেইজনক চিনাক্ত কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিনামুলীয়াকৈ ঔষধ যোগান ধৰা হ'ল ।"

তেওঁ কয়,"বৰ্তমান ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৬ জন আৰু আক্ৰান্তসকলৰ ভিতৰত শিক্ষাৰ্থীও আছিল ৷ ৰোগীসকল বৰ্তমান সুস্থ, ফলত ৰোগীসকলক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়া যোৰহাট জিলাখনত বৰ্তমান নিয়ন্ত্ৰণত আছে ৷ কোনো ভয় কৰিবলগীয়া পৰিস্থিতি নাই ৷ কিন্তু সকলোৱে সজাগ হৈ থকাৰ প্ৰয়োজন ৷"

লগতে পঢ়ক:মন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে নাহৰৰ পুলি ৰোপণ নীলিমা দেৱীৰ