এইকেইটা কাৰণত গ্ৰীষ্মকালত খাব লাগে কঁঠাল?
ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰ'টিন আৰু ক'ত কিমান .....

Published : June 28, 2026 at 7:22 AM IST
গ্ৰীষ্মকালত পোৱা ফল-মূলৰ ভিতৰত অন্য়তম হৈছে কঁঠাল । এবিধ ফলত ভিটামিনৰ পৰা আৰম্ভ কৰি খনিজ পদাৰ্থ, প্ৰ'টিন , এণ্টিঅক্সিডেণ্ট আদি সকলোবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় । তদুপৰি ফলবিধত পানী বেছিকৈ পোৱা যায় বাবে শৰীৰত পানীৰ অভাৱ নহয় । বহুতে কঁঠাল খালে বেছি গৰম অনুভৱ হয় বুলি কয় যদিও দৰাচলতে তেনে কোনো কথা নাই ।
কঁঠালত থকা বিভিন্ন উপাদানৰ ভিতৰত অন্য়তম হৈছে 'বি' ভিটামিন যেনে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে মেগনেছিয়াম, পটাছিয়াম, তাম, মেংগানিজ আৰু আঁহ আদি । অৱেশ্য়ে ডায়েবেটিছত আক্ৰান্তই এইবিধ ফল খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত । কাৰণ ফলবিধ বেছিকৈ খোৱাৰ লগে লগে তেজত শৰ্কৰাৰ পৰিমাণ তৎক্ষণাত বৃদ্ধি পোৱাৰ আশংকা থাকে ।

কঁঠাল খালে যিবোৰ উপকাৰ পোৱা যায় সেইবোৰ বিষয়ে উল্লেখ কৰা হ'ল -
- কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰ'টিন আদি পোৱা যায়
- এইবিধ ফলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে । ১০০ গ্ৰাম কঁঠালত ৩০৩ মিলিগ্ৰাম পটাছিয়াম থাকে । পটাছিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । সেইবাবে হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে
- এইবিধ ফলত থকা ফাইটোনিউট্ৰিয়েণ্টে আলচাৰৰ উপৰি কৰ্কট ৰোগ, উচ্চ ৰক্তচাপ, বাৰ্ধক্য আদি প্ৰতিৰোধ কৰিব পাৰে
- কঁঠালত আঁহ থাকে বাবে হজম শক্তি স্বাভাৱিক হয়, ফলত কোষ্ঠকাঠিন্যৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি
- কেলচিয়ামৰ দৰে কঁঠালত থকা মেগনেছিয়ামেও হাড় গঠন আৰু হাড় শক্তিশালী কৰাত সহায় কৰে
- এইবিধ ফলত কেলৰি আৰু চৰ্বি কম পৰিমাণে খাকে । আনহাতে প্ৰচুৰ পৰিমাণে পুষ্টি পোৱা যায় । সেইবাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটো সম্ভৱ
- ইয়াত ভিটামিন 'এ' আৰু ভিটামিন 'চি' পোৱা যায় আৰু দুয়োবিধ ভিটামিনেই দৃষ্টিশক্তি স্বাভাৱিক কৰে
- বাৰ্ধক্য প্ৰতিৰোধী গুণৰ বাবে এইবিধ ফল খাব লাগে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে
- ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী বুলি কোৱা হয়
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)
লগতে পঢ়ক:নিতৌ আদা খালে শৰীৰ-স্বাস্থ্য ৰক্ষাত কেনে প্ৰভাৱ পেলায় ?
ব্লেক কফি নিয়মীয়াকৈ খালে প্ৰতিৰোধ হয় হৃদৰোগ !
ডায়েবেটিছত আক্ৰান্তৰ চেলুলাইটিছ কিমান বিপদজনক ?

