আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি ? ইয়াৰ কাৰণ কি জানো আহক
দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি ? ইয়াৰ কাৰণ সমূহ কি কি ? এই সন্দৰ্ভত জনালে দন্ত ৰোগ বিশেষজ্ঞ ডাঃ দিল নাছিলে ।

Published : November 23, 2025 at 10:39 PM IST
গুৱাহাটী : দাঁতৰ ৰোগত সকলোৱে কম-বেছি পৰিমাণে ভোগে যদিও অতি কম সংখ্যক লোকেহে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে । উপযুক্ত সময়ত চিকিৎসা নকৰাৰ ফলত কেতিয়াবা তেনেই সাধাৰণ অৱস্থাৰ পৰা ৰোগে জটিল ৰূপ ধাৰণ কৰে । সাধাৰণতে দেখা যায় যে কিছুমানে সৰুৰে পৰা দাঁতৰ সমস্যাত ভোগাৰ পিছতো চিকিৎসা নকৰাৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন আনুষংগিক ৰোগে দেখা দিয়ে ।
দৰাচলতে প্ৰায়ভাগ লোকে সৰুৰে পৰা দাঁতৰ অসুখত ভুগিলেও বিশেষ গুৰুত্ব দিব নোখোজে বাবে পৰৱৰ্তী সময়ত এনে ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা যায় । যিসকলে সৰুৰে পৰা সাৱধানতা অৱলম্বন কৰে তেওঁলোকে পৰৱৰ্তী সময়ত বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰে । এই বিষয়ে কোনোৱে গুৰুত্ব নিদিয়া বাবে পৰৱৰ্তী সময়ত বহুতো সমস্যাই জটিল ৰূপ ধাৰণ কৰে । সাধাৰণতে অসাৱধানতাৰ বাবে যিবোৰ সমস্যাই গা কৰি উঠে সেইবোৰৰ বিষয়ে জানো আহক ।
দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি ?
আমাৰ দৈনন্দিন জীৱনত বিভিন্ন কাৰণত দাঁতৰ আলুৰ পৰা তেজ ওলোৱা দেখা পোৱা যায় । কিছুমানে ছেফটি পিন, খৰিকা আদিৰে দাঁত খুচৰি থাকে । এনে কৰিলে দাঁতৰ আলুত আঘাত পোৱাৰ সম্ভাৱনা বেছি থাকে । দাঁতৰ আলুত আঘাত পোৱাৰ ফলত তেজ ওলোৱা আৰম্ভ কৰে । আলুৰ পৰা তেজ ওলোৱাটো এটা সাধাৰণ ৰোগ হিচাপে গণ্য কৰা লোকৰ সংখ্যাই অধিক । কিছুমানৰ সঘনাই তেজ ওলাই থকাৰ পিছতো বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰে । এনেয়ে তেজ ওলোৱা বুলি গণ্য কৰে ।

সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ ফলত লাহে লাহে সমস্যাই জটিল ৰূপ ধাৰণ কৰে । শিশুৰ পৰা আৰম্ভ কৰি বয়সীয়াল লোকলৈ সকলোৱে এনে সমস্যাত আক্ৰান্ত হয় যদিও সোনকালে চিকিৎসকৰ ওচৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ নকৰে । আমি ভাবো যে মুখৰ ভিতৰত যদিও ই দাঁতৰ ৰোগ তথাপিও আন কাৰণতো হ'ব পাৰে । সেইবাবে যিমান সোনকালে সম্ভৱ সিমান সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত । তদুপৰি দাঁতৰ জটিল ৰোগৰো আগজাননী হ'ব পাৰে ।
কি কাৰণত দাঁতৰ আলুৰ পৰা তেজ ওলায়
- যেতিয়া আলু বিভিন্ন কাৰণত ফুলি উঠে তেতিয়া ইয়াৰ পৰা কম -বেছি পৰিমাণে তেজ ওলাব পাৰে । জিনজিভাইটিছে গা কৰি উঠাৰ পিছত ইয়াৰ পৰা তেজ ওলোৱাৰ আশংকা অধিক । সেইবাবে অধিক সতৰ্ক হ'বই লাগিব । যদি তেজ ওলোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে তেতি়য়া সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ আশংকা থাকে ।
- দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাৰ আন এক কাৰণ হৈছে পায়োৰিয়া । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক 'পেৰিঅ'ডেন্টেল ডিজিজ' বুলি কয় । এই ৰোগে গা কৰি উঠাৰ পিছত প্ৰথমে দাঁতৰ আলু ফুলি উঠিবলৈ আৰম্ভ কৰে । ব্ৰাছ কৰাৰ সময়ত আলুৰ গুৰিৰ পৰা তেজ ওলাব ধৰে । এনে হোৱাৰ লগে লগে মুখৰ পৰা দুৰ্গন্ধ ওলায় । যেতিয়া এনে লক্ষনে দেখা দিয়ে তেতিয়া এই অৱস্থাটোক জিঞ্জিভাইটিছ বুলি কোৱা হয় ।
- ভিটামিনৰ অভাৱ হ'লেও দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে । সাধাৰণতে ভিটামিন 'চি' আৰু 'কে' ৰ অভাৱ হ'লে আলুৰ পৰা তেজ ওলায় । এই দুয়োবিধ ভিটামিনযুক্ত খাদ্য সকলোৱে গ্ৰহণ কৰিব লাগে । আপুনি জানেনে গৰ্ভৱস্থাত মহিলাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায় । এই সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ ঔষধ খোৱা মানেই নিজে নিজৰ বিপদ চপাই লোৱা ।
- আপুনি যদি বেছিকৈ ধূমপান কৰে তেতিয়াও দাঁতৰ পৰা তেজ ওলোৱাৰ আশংকা থাকে । এবাৰ দাঁতৰ আলুৰ পৰা তেজ ওলালে বেক্টেৰিয়াই গা কৰি উঠে ।
- মুখখন ভালদৰে পৰিষ্কাৰ নকৰিলেও এনে সমস্যাৰ সৃষ্টি হ'ব পাৰে । বহুতে সদায় ভালদৰে পৰিষ্কাৰ নকৰা বাবে লাহে লাহে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে । পুৱা আৰু নিশা শোৱাৰ আগতে দাঁত ভালদৰে পৰিষ্কাৰ কৰিব লাগে ।

- আপুনি যদি সদায় ব্যৱহাৰ কৰা ব্ৰাছডালৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ নকৰে তেন্তে বিপদ ঘনীভূত হোৱাৰ আশংকা নথকাকৈ নাথাকে । প্ৰায়ভাগ লোকে একেডাল ব্ৰাছকেই দীৰ্ঘদিন ব্যৱহাৰ কৰে । যেতিয়ালৈকে এডাল ব্ৰাছ ক্ষয় নাযায় তেতিয়ালৈকে ব্যৱহাৰ কৰে । নিয়মীয়াকৈ ব্যৱহাৰ কৰিলেও তিনি মাহতকৈ বেছি কৰিব নালাগে । কাৰণ এনে কৰিলে বেক্টেৰিয়া আদিয়ে খোপনি পুতিবলৈ বিশেষ ক্ষেত্ৰ এখন লাভ কৰে ।
লগতে পঢ়ক : হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিৰুদ্ধে ডাঙৰ অগ্ৰগতি! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে টিউমাৰক ৮০ শতাংশ সংকুচিত কৰাৰ উপায়

